জৈব-বৈচিত্ৰ্যত চহকী অসম নানাৰঙী স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণভূমি। তথ্য অনুসৰি, ভাৰতবৰ্ষত পোৱা চৰাইৰ প্ৰজাতিসমূহৰ প্ৰায় ৫৩%, অৰ্থাৎ ছশৰো অধিক চৰাই-চিৰিকটি অসমত দেখা পোৱা যায়।১ আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) প্ৰজাতিসমূহৰ মুঠ আৱাদী, আৱাদী হ্ৰাসৰ হাৰ, ভৌগোলিক বিতৰণ, বিতৰণৰ বিচ্ছিন্নতা তথা সংৰক্ষণৰ গুৰুত্ব অনুসৰি প্ৰস্তুত কৰা ৰঙা তালিকা (IUCN Red List of Threatened Species) ত অসমত দেখা পোৱা কিছুসংখ্যক চৰাইৰ ৰঙেও স্থান পাইছে। এই সমূহৰ ভিতৰত হাড়গিলা (Greater Adjutant), পাতি শগুন /বগা পিঠিয়া শগুণ(White-rumped Vulture),ক'লা শগুণ(Cinereous Vulture), তামূলীয়া শগুণ/ৰজা শগুন (Red-headed Vulture), উলূম’ৰা (Bengal Florican), ৱাক চৰাই (Black crown night heron)আদি উল্লেখযোগ্য। অসমত স্থানীয় চৰাইৰ পৰা আৰম্ভ কৰি সূদুৰ বিদেশৰপৰা অহা পৰিভ্ৰমী চৰাইলৈকে বিভিন্ন ধৰণৰ চৰাই দেখা পোৱা যায়। ইয়াৰে যথাসম্ভৱ চৰাইৰ তালিকা তলত দিয়া হ'ল।২
তথ্যসূত্ৰ
- অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি- সৌম্যদ্বীপ দত্ত
- The Birds of Assam- Anwaruddin Choudhury
তথ্যসূত্ৰ
- ↑ envis.nic.in
- ↑ Birds of South Asia: The Ripley Guide. Volumes 1 & 2 (9788487334672): Pamela C. Rasmussen, John C. Anderton
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমত দেখা চৰাইবোৰ” প্ৰবন্ধৰ সংশোধন ৫৮৬২৯১ (৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।