অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কাটলফিছ

কাটলফিছ (Cuttlefish) এবিধ সাগৰীয় অমেৰুদণ্ডী প্ৰাণী। ইহঁতৰ আঠডাল দীঘল বাহু থকাৰ লগতে দুডাল দীঘল আকৰ্ষ থাকে। দেহৰ দুয়োকাষে থকা পাখিৰ সহায়ত ইহঁতে পানীত সাঁতুৰি ফুৰে। কাটলফিছে পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত মিলি যোৱাকৈ তাৰ গাৰ বৰণ সলনি কৰিব পাৰে আৰু সেইবাবে আত্মৰক্ষা তথা আক্ৰমণ কৰিবলৈ ইহঁতৰ বৰ সুবিধা হয়।

হালনাগাদ: ৮ আগষ্ট ২০২২ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

কাটলফিছ (Cuttlefish) এবিধ সাগৰীয় অমেৰুদণ্ডী প্ৰাণী। ইহঁতৰ আঠডাল দীঘল বাহু থকাৰ লগতে দুডাল দীঘল আকৰ্ষ থাকে। দেহৰ দুয়োকাষে থকা পাখিৰ সহায়ত ইহঁতে পানীত সাঁতুৰি ফুৰে। কাটলফিছে পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত মিলি যোৱাকৈ তাৰ গাৰ বৰণ সলনি কৰিব পাৰে আৰু সেইবাবে আত্মৰক্ষা তথা আক্ৰমণ কৰিবলৈ ইহঁতৰ বৰ সুবিধা হয়। পৃথিৱীৰ দ্ৰুত ৰং সলোৱা প্ৰাণীবোৰৰ ভিতৰত কাটলফিছ অন্যতম। গাত থকা ৰঙীণ কোষৰ মোনাৰ পৰা ইহঁতে পানীত এবিধ ক'লা ৰং এৰি দিয়ে। লগে লগে পানীৰ ৰং আন্ধাৰ যেন হৈ পৰে। সেই সুযোগতে ইহঁতে শত্ৰুৰ আগৰ পৰা পলাই সাৰে।

কাটলফিছে সৰু সৰু মিছামাছ, কেঁকোৰা, সৰু সৰু মাছ আদি খায়। সাধাৰণতে ই দীঘলে ১৫/২০ চেণ্টিমিটাৰমান হয় যদিও দুই মিটাৰ পৰ্যন্ত দীঘল কাটলফিছো পোৱা গৈছে।

কাটলফিছৰ হৃদযন্ত্ৰ তিনিটা। ইয়াৰ দুটা হৃদপিণ্ড ফুলৰ তলভাগত থাকে আৰু এই দুটাই ফুললৈ তেজ সঞ্চালন কৰে। আনটো হৃদপিণ্ড দেহৰ মাজভাগত থাকি শৰীৰৰ অন্যান্য অংশলৈ তেজ সৰবৰাহ কৰে।

সম্পৰ্কিত শ্ৰেণী

মাছজীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাটলফিছ” প্ৰবন্ধৰ সংশোধন ৩৩০১২৪ (৮ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।