চিকিৎসাবিদ
১৯৩ প্ৰবন্ধ
-
ৰমেশ চন্দ্ৰ ডেকা
ৰমেশ চন্দ্ৰ ডেকা(Ramesh Chandra Deka) এগৰাকী প্ৰখ্যাত চকু,নাক আৰু কাণ বিশেষজ্ঞ তথা সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লীৰ প্ৰাক্তন সঞ্চালক। ভাৰতবৰ্ষত 'cochlear implant surgery'ৰ প্ৰৱৰ্ত্তনৰ ক্ষেত্ৰত তেওঁ অন্যতম পথপ্ৰদৰ্শক।
-
ইলিয়াছ আলি
ইলিয়াছ আলি অসমৰ এগৰাকী শল্য চিকিৎসক। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগৰ অধ্যাপক আছিল। লগতে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঘাত কেন্দ্ৰ আৰু আপাতকালীন চিকিৎসা বিভাগৰ মুৰব্বী হিচাপেও কৰ্মৰত আছিল।
-
চেমুৱেল হ্যানিমেন
খ্ৰীষ্টিয়ান ফিড্ৰিখ চেমুৱেল হ্যানিমেন (; ১০ এপ্ৰিল ১৭৫৫ – ২ জুলাই ১৮৪৩) আছিল এগৰাকী জাৰ্মান চিকিৎসাবিদ তথা হোমিঅ’পেথি নামৰ বিকল্প চিকিৎসা পদ্ধতিৰ জনক।
-
জাকিৰ নাইক
জাকিৰ আব্দুল কৰিম নাইক (Zakir Naik,; জন্ম: ১৮ অক্টোবৰ ১৯৬৫, মুম্বাই, ভাৰত) হ'ল এজন ভাৰতীয় ইছলামিক চিন্তাবিদ, ধৰ্ম প্ৰচাৰক, বক্তা আৰু লেখক; যিজনে ইছলাম আৰু তুলনামূলক ধৰ্মতত্ত্ব বিষয়ে কাম কৰে।
-
ডেনিছ মুকৱেগে
ডেনিছ মুকেংগেৰে মুকৱেগে এজন গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ কংগো দেশৰ মানৱ অধিকাৰকৰ্মী তথা স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁ বুকাভুত পাঞ্জি চিকিৎসালয় স্থাপন কৰিছিল। তেওঁ কংগো দেশত সন্ত্ৰাসবাদীয়ে যৌন নিৰ্যাতন চলাই ধৰ্ষণ কৰা মহিলা সকলক চিকিৎসা প্ৰদান কৰিছিল।
-
পিটাৰ জন ৰেটক্লিফ
ছাৰ পিটাৰ জন ৰেটক্লিফ (জন্ম: ১৪ মে' ১৯৫৪) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী। বৰ্তমান তেওঁ অক্সফোৰ্ডৰ জন ৰেডক্লিফ হস্পিটেলত চিকিৎসক হিচাপে কৰ্মৰত। তেওঁ ২০০৪ চনৰ পৰা ২০১৬ চনলৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ক্লিনিকেল মেডিচিন বিভাগৰ অধ্যাপক আৰু মুৰব্বী আছিল।
-
ফাতিমা জিন্নাহ
ফাতিমা জিন্নাহ (; জন্ম: ৩১ জুলাই ১৯৮৩ - মৃত্যু: ৯ জুলাই ১৯৬৭) আছিল এগৰাকী পাকিস্তানী দন্ত চিকিৎসক, জীৱনীকাৰ আৰু পাকিস্তান গঠনত বৰঙনি আগবঢ়োৱা ব্যক্তি সকলৰ মাজত অন্যতম। তেওঁ আছিল মহম্মদ আলি জিন্নাহৰ কনিষ্ঠ ভগ্নী।
-
লুডৱিগ গুটমেন
ছাৰ লুডৱিগ গুটমেন (Ludwig Guttmann, ৩ জুলাই ১৮৯৯ – ১৮ মাৰ্চ ১৯৮০) এগৰাকী জাৰ্মান-ব্ৰিটিছ স্নায়ুৰোগ বিশেষজ্ঞ আছিল। তেওঁ ষ্টক মেণ্ডেভিল গেমছ নামৰ প্ৰতিবন্ধী লোকসকলৰ বাবে ক্ৰীড়া প্ৰতিযোগিতা প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী কালত এই ক্ৰীড়া প্ৰতিযোগিতা ইংলেণ্ডত পেৰালিম্পিক গেমছলৈ বিকশিত হয়।
-
শ্ৰীকান্ত জিচকাৰ
শ্ৰীকান্ত জিচকাৰ (Shrikant Jichkar, श्रीकांत जिचकार; ১৪ চেপ্টেম্বৰ ১৯৫৪ – ২ জুন ২০০৪) ভাৰতৰ সৰ্বাধিক ডিগ্ৰীধাৰী ব্যক্তি হিচাপে পৰিচিত আছিল। তেওঁ ৪২খন বিশ্ববিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ২০টা ডিগ্ৰী অৰ্জন কৰিছিল।
-
সৰ্বেশ্বৰ চহৰীয়া
সৰ্বেশ্বৰ চহৰীয়া হৈছে এজন বৃক্কৰ বিশেষজ্ঞ আৰু বৃক্ক তথা অগ্নাশয় প্ৰতিষ্ঠাপন চাৰ্জৰীৰ চিকিৎসক। ভাৰতৰ প্ৰথম বৃক্ক প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰ দলৰ তেওঁ এজন অন্যতম সদস্য আছিল। অসমৰ প্ৰথম দহটা বৃক্ক প্ৰতিষ্ঠাপনৰ অস্ত্ৰোপচাৰ তেওঁৰ নামত আছে।
-
ৰীতা ফাৰিয়া
ৰীতা ফাৰিয়া পাৱেল (Reita Faria Powell; জন্ম ২৩ আগষ্ট ১৯৪৩) এগৰাকী ভাৰতীয় মডেল, সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী তথা চিকিৎসক। ১৯৪৩ চনৰ ২৩ আগষ্টত ব্ৰিটিছ ভাৰতৰ বোম্বেত এক গোৱান পৰিয়াত ৰীতা ফাৰিয়াৰ জন্ম হৈছিল। তেওঁ ১৯৬৬ চনত মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছিল।
-
আৰ্থাৰ কোনান ডয়েল
ছাৰ আৰ্থাৰ কোনান ডয়েল (Sir Arthur Conan Doyle)(1859-1930)চাৰ্লক হোমছ নামৰ অমৰ চৰিত্ৰৰ সৃষ্টিকাৰী ছাৰ আৰ্থাৰ কনান ডয়লৰ জন্ম হৈছিল ১৮৫৯ চনত স্কটলেণ্ডৰ এডিনবৰাত। এডিনবৰা বিশ্ববিদ্যালয়ত চিকিৎসাবিজ্ঞান অধ্যয়ন কৰাৰ পাছত তেওঁ লণ্ডনত বসবাস কৰিবলৈ লয়।
-
আৰ্থাৰ গাইটন
আৰ্থাৰ ক্লিফ্টন গাইটন (৮ ছেপ্টেম্বৰ, ১৯১৯ – ৩ এপ্ৰিল, ২০০৩) এজন আমেৰিকান শৰীৰতত্ববিদ। তেখেত পাছলৈ মিচিচিপি বিশ্ববিদ্যালয়ৰ চিকিৎসা স্কুলৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। Textbook of Medical Physiologyৰ লেখক হিচাপে তেখেতে সুখ্যাতি অৰ্জন কৰিছিল।
-
ইবন চিনা
ইবন চিনা (ابن سينا; সম্পূৰ্ণ নাম: আবু আলী আল-হুছেইন ইবন আব্দুল্লাহ ইবন চিনা) আছিল এখন মধ্যযুগীয় ইছলামিক জ্ঞানৰ দীপ্তিমান পুৰুষ। তেওঁক সাধাৰণতে আৱিছেনা (Avicenna) নামেৰে পশ্চিমীয়া দেশসমূহত জনা যায়। তেওঁৰ জন্ম খ্ৰীষ্টীয় ৯৮০ চনত বৰ্তমান উজবেকিস্তানৰ আফ্শানা নামৰ ঠাইত হৈছিল।
-
এ ডি লোগানাথন
মেজৰ জেনেৰেল আৰ্কট ড’ৰাইস্বামী লোগানাদন (কিছুমান ঐতিহাসিক উল্লেখত 'লোগানাথন' বুলিও বানান কৰা হয়) (১২ এপ্ৰিল ১৮৮৮ – ৯ মাৰ্চ ১৯৪৯) ভাৰতীয় জাতীয় সেনাবাহিনীৰ এজন বিষয়া আছিল (যি সেনাবাহিনী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ ভাৰতৰ বিৰুদ্ধে জাপানী সাম্ৰাজ্যৰ সৈতে মিত্ৰতা কৰিছিল), আৰু আজাদ হিন্দ চৰকাৰৰ…
-
এম. সাৰদা মেনন
মামবালিকালাথিল সাৰদা মেনন, চমুকৈ এম. সাৰদা মেনন, (M. Sarada Menon, জন্ম: ৫ এপ্ৰিল ১৯২৩) এগৰাকী ভাৰতীয় মনোৰোগ বিশেষজ্ঞ, সামাজিক কৰ্মী আৰু চিজোফ্ৰেনিয়া গৱেষণা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা।
-
চেলমা ডিবেকি
চেলমা ডিবেকি (৩ ডিচেম্বৰ ১৯১৫ – ৬ মাৰ্চ ২০১৩) বেইলৰ কলেজ অৱ মেডিচিনৰ বৈজ্ঞানিক যোগাযোগৰ এজন আমেৰিকান অধ্যাপক আছিল যিয়ে চিকিৎসকসকলক তেওঁলোকৰ শৈক্ষিক লেখা উন্নত কৰাত সহায় কৰিবলৈ আৰু ৰোগীক স্পষ্ট আৰু সংক্ষিপ্ত চিকিৎসা তথ্য প্ৰদান কৰিবলৈ পাঠ্যক্ৰমৰ ডিজাইন আৰু পাঠদান কৰি চিকিৎসা লেখা আৰু সম্পাদনাৰ…
-
টালিমেৰণ আও
টালিমেৰণ আও (Talimeren Ao; ২৮ জানুৱাৰী ১৯১৮ – ১৩ ছেপ্তেম্বৰ ১৯৯৮) হৈছে এজন ভাৰতীয় ফুটবল খেলুৱৈ আৰু চিকিৎসক। অসমৰ নগা পাহাৰ জিলাৰ চাংকি নামৰ এখন গাঁৱত ১৯১৮ চনৰ ২৮ জানুৱাৰীত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম ছুবংৱতী নিংডাংৰি আও আৰু মাতৃ মাংচাংলা চাংকিলাৰি। তেওঁ ১১জন সন্তানৰ ভিতৰত চতুৰ্থ আছিল।
-
তু ইউইউ
তু ইউইউ (; জন্মঃ ৩০ ডিচেম্বৰ ১৯৩০) এগৰাকী চীনা চিকিৎসা বিজ্ঞানী, চিকিৎসা ৰসায়নবিদ আৰু প্ৰশিক্ষক। তেওঁ আৰ্টেমীচিনিন( Artemisinin বা Qinghaosu) আৰু ডাইহাইড্ৰআৰ্টেমীচিনিন (Dihydroartemisinin) আৱিষ্কাৰৰ বাবে আটাইতকৈ বেছি জনপ্ৰিয়।
-
দুৰু শ্বাহ
দুৰু শ্বাহ (Duru Shah) মুম্বাইৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু সমাজ-কৰ্মী। তেওঁ ভাৰতৰ পিচিঅ'এছ ছ'চাইটিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আৰু ভাৰতৰ কিশোৰী-মহিলাৰ স্বাস্থ্য আৰু বন্ধ্যাত্বৰ প্ৰচাৰক। তেওঁ শ্বাহ মেট্ৰ'পলিছ হেল্থকেয়াৰ লিমিটেডৰ প্ৰচাৰকো।
-
বাৰ্টলী পি. গ্ৰিফিথ
বাৰ্টলী পি গ্ৰিফিথ(Bartley P. Griffith, ১৯৫৬-) এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন আমেৰিকান হৃদশল্য চিকিৎসক। তেওঁ ১৯৫৬ চনত পিটছবাৰ্গত জন্মগ্ৰহণ কৰে। ২০২২ চনৰ ৭ জানুৱাৰীত তেওঁ এজন ব্যক্তিৰ শৰীৰত আনুবংশিকভাৱে পৰিৱৰ্তিত গাহৰিৰ হৃদযন্ত্ৰৰ প্ৰথম সফল সংৰোপণ কৰিছিল। এই ৰোগী গৰাকী আছিল ৫৭ বছৰীয়া ডেভিদ বেনেট।
-
মেৰিয়ান থিয়ডৰ চাৰ্লট
মেৰিয়ান থিয়ডৰ চাৰ্লট হাইডেনৰাইচ ভন ছিবল্ড (১২ ছেপ্টেম্বৰ ১৭৮৮, হাইলিগেনষ্টাড – ৮ জুলাই ১৮৫৯, ডাৰ্মষ্টাড) এজন জাৰ্মান চিকিৎসক আছিল। জাৰ্মানীৰ প্ৰথমগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে গণ্য কৰা হয়। ডেমিয়ান আৰু ৰেজিনা ভন ছিবল্ড নামৰ চিকিৎসকৰ কন্যা আৰু পিতৃ-মাতৃৰ প্ৰাৰম্ভিক সহায়িকা আছিল।
-
লয়ছ ডিবেকি
লয়ছ ডিবেকি (৬ জুলাই ১৯২০ – ১৫ জুন ২০১৬) বেইলৰ কলেজ অৱ মেডিচিন আৰু টুলেন ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনৰ বৈজ্ঞানিক যোগাযোগৰ আমেৰিকান অধ্যাপক আছিল আৰু তেওঁৰ ভগ্নী চেলমাৰ সৈতে প্ৰথম চিকিৎসা বিদ্যালয়ৰ যোগাযোগ পাঠ্যক্ৰম সৃষ্টি কৰে যিবোৰ পাঠ্যক্ৰমৰ অনুমোদিত আছিল।
-
লোটে শ্বেৰিং
লোটে শ্বেৰিং (Lotay Tshering), জন্ম ১০ মে' ১৯৬৯) হৈছে ভূটানৰ এগৰাকী ৰাজনীতিবিদ আৰু চিকিৎসক৷ তেখেত ভূটানৰ বৰ্তমান প্ৰধান মন্ত্ৰী ৷ ২০১৮ চনৰ ৭ নৱেম্বৰৰ পৰা তেখেতে দায়িত্ব চম্ভালি আছে৷ ২০১৮ চনৰ ১৪ মে'ৰ পৰা তেখেত ড্ৰুক ন্যামৰূপ শোগপাৰ অধ্যক্ষৰ পদো অলংকৃত কৰি আছে৷
-
স্বাতী অজয় পিৰামল শ্বাহ
স্বাতী অজয় পিৰামল শ্বাহ ( Swati Ajay Piramal Shah) এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু উদ্যোগপতি৷ তেওঁ স্বাস্থ্যসেৱাৰ সৈতে জড়িত হৈ জনস্বাস্থ্য আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
হাৰ্বাট ক্লেবাৰ
হাৰ্বাট ডেভিদ ক্লেবাৰ (১৯ জুন ১৯৩৪ – ৫ অক্টোবৰ ২০১৮) এগৰাকী আমেৰিকান মনোৰোগ বিশেষজ্ঞ আৰু মাদক দ্ৰৱ্য আসক্তিৰ গৱেষক।
-
ৰজনীপ্ৰভা শইকীয়া
ৰজনীপ্ৰভা শইকীয়াRajaniprabha Saikia ওৰফে ৰজনীপ্ৰভা দাস চিকিৎসা বিজ্ঞানৰ স্নাতক উপাধি লাভ কৰা প্ৰথম অসমীয়া মহিলা। তেওঁ এছিয়া মহাদেশৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় 'কলিকতা চিকিৎসা মহাবিদ্যালয়'ৰ পৰা এম.বি.বি.এছ ডিগ্ৰী লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ এগৰাকী, আনগৰাকী আছিল তিলোত্তমা ৰায়চৌধুৰী।
-
ৰবি কান্নান আৰ
ৰবি কান্নান আৰ (Ravi Kannan R) এগৰাকী ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ আৰু শল্য চিকিৎসক। তেওঁ বৰ্তমান কাছাৰ কৰ্কট ৰোগ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ সঞ্চালক। অসমৰ বৰাক উপত্যকাৰ কাছাৰ জিলাত অৱস্থিত এইখন চিকিৎসালয়ে বহুতো দুখীয়া কৰ্কট ৰোগীক বিনামূলীয়া আৰু কম খৰচতে চিকিৎসা সেৱা আগবঢ়ায়।
-
ৰবিন কুক
ৰবাৰ্ট ব্ৰায়ান "ৰবিন" কুক (জন্ম ৪ মে', ১৯৪০) এজন আমেৰিকান চিকিৎসক আৰু লেখক। চিকিৎসা সম্পৰ্কীয় থ্ৰিলাৰ উপন্যাসৰ বাবে তেখেত প্ৰখ্যাত। তেখেতৰ কেইবাখনো কিতাপে নিউ য়ৰ্ক টাইম্ছ বে'ষ্টচেলাৰ তালিকাত স্থান পাইছে। ৰিডাৰ্ছ ডাইজেষ্টতো তেখেতৰ কেইবাখনো কিতাপে স্থান পাইছে।
-
ৰেজিনা ভন ছিবল্ড
ৰেজিনা জোচেফা ভন ছিবল্ড, জন্মনাম: হেনিং (১৪ ডিচেম্বৰ ১৭৭১ – ২৮ ফেব্ৰুৱাৰী ১৮৪৯), গেইছমাৰত জন্মগ্ৰহণ কৰা এজন জাৰ্মান চিকিৎসক আৰু প্ৰসূতি বিশেষজ্ঞ আছিল। তেওঁ জাৰ্মানীৰ প্ৰথমগৰাকী মহিলা যিয়ে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰিছিল। ডাৰ্মষ্টাডত তেওঁক সমাধিস্থ কৰা হৈছে।