ৰবি কান্নান আৰ (Ravi Kannan R) এগৰাকী ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ আৰু শল্য চিকিৎসক। তেওঁ বৰ্তমান কাছাৰ কৰ্কট ৰোগ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ সঞ্চালক।১ অসমৰ বৰাক উপত্যকাৰ কাছাৰ জিলাত অৱস্থিত এইখন চিকিৎসালয়ে বহুতো দুখীয়া কৰ্কট ৰোগীক বিনামূলীয়া আৰু কম খৰচতে চিকিৎসা সেৱা আগবঢ়ায়। ইয়াৰ আগতে তেওঁ চেন্নাইত অৱস্থিত অদ্যাৰ কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ শল্যকৰ্কটৰোগ বিভাগৰ মুৰব্বী পদত অধিষ্ঠিত আছিল। ২০২০ চনত তেওঁ চিকিৎসা সেৱাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।২
শিক্ষা
ৰবি কান্নান আৰে তামিলনাডুৰ চেন্নাইত অৱস্থিত কীলপাউক চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ নতুন দিল্লীত অৱস্থিত মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা শল্যকৰ্কটৰোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৩
কৰ্মজীৱন
তেওঁ চেন্নাইত অৱস্থিত অদ্যাৰ কৰ্কট ৰোগ প্ৰতিষ্ঠানত যোগদান কৰিছিল। পিছলৈ তেওঁ এই প্ৰতিষ্ঠানৰ শল্যকৰ্কটৰোগ বিভাগৰ মুৰব্বী পদ লাভ কৰিছিল।৪ ২০০৬ চনত তেওঁ তেওঁৰ কৰ্মসংগী এজনৰ অনুৰোধত পৰামৰ্শৰ বাবে প্ৰথমবাৰৰ বাবে কাছাৰ কৰ্কট ৰোগ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰলৈ আহিছিল। অসমৰ কাছাৰ জিলাৰ সদৰ শিলচৰৰ মেহেৰপুৰত অৱস্থিত এই চিকিৎসালয়খন কাছাৰ কৰ্কট ৰোগ চিকিৎসালয় সমাজ নামৰ বেচৰকাৰী প্ৰতিষ্ঠান এখনে পৰিচালনা কৰে। ই বৰাক উপত্যকা আৰু ইয়াৰ আশে-পাশে অৱস্থিত মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, বাংলাদেশকে আদি কৰি দেশৰ আন আন অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিকভাৱে পিছপৰা কৰ্কট ৰোগী সকলক বিনামূলীয়াকৈ বা কম খৰচী চিকিৎসা প্ৰদান কৰে। ১০০খন বিছনাযুক্ত এই চিকিৎসালয়খন এই অঞ্চলৰ একমাত্ৰ কৰ্কট চিকিৎসাৰ কেন্দ্ৰ। ডাঃ ৰবি কান্নানে ইয়াত উপস্থিত হোৱাৰ পিছত ইয়াৰ সঞ্চালকে তেওঁক প্ৰতিষ্ঠান খনৰ মুৰব্বী পদ যাচে।৩ ডাঃ কান্নানে তেওঁৰ পৰিয়ালৰ সৈতে ২০০৭ চনত চেন্নাইৰ পৰা শিলচৰলৈ কাছাৰ কৰ্কট ৰোগ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ যোগেৰে বৰাক উপত্যকাৰ ৰাইজক চিকিৎসা সেৱা আগবঢ়াবলৈ আহে। বৰ্তমান তেওঁ এই প্ৰতিষ্ঠানৰ সঞ্চালক পদত অধিষ্ঠিত হৈ আছে।৫
বঁটা আৰু সন্মান
- ২০২৩: ৰমন মেগছেছে বঁটা৬
- ২০২০: পদ্মশ্ৰী৭
- ২০১৩: চিকিৎসা শাস্ত্ৰৰ মহাবীৰ বঁটা৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2020-02-06). Dr. Ravi Kannan, Director of Cachar Cancer Hospital and Research Centre felicitated at Silchar - Sentinelassam. The Sentinel (Guwahati)
- ↑ Meet Dr. Ravi Kannan, Padma Shri 2020 awardee who treats cancer patients for free. Daily News and Analysis
- ↑ Madhavan, Anushree. (24 February 2020). This Chennai doctor who moved to Assam 13 years ago declared Padma Shri recipient for 2020. The New Indian Express
- ↑ Ramani, Hema Iyer. (2020-02-05). Dr. Ravi Kannan: Facilitating equitable and accessible healthcare. দ্য হিন্দু
- ↑ Jain, Sanya. (30 January 2020). Meet The Padma Shri Awardee Who Treats Cancer Patients Free Of Cost. NDTV
- ↑ (Septemner 1, 2023). Oncologist R. Ravi Kannan of the Cachar Cancer Hospital and Research Centre wins 2023 Ramon Magsaysay award. The Hindu
- ↑ Padma Awards List 2020. Padma Awards, Government of India
- ↑ Mahaveer award in medicine. Bhagwan Mahaveer Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবি কান্নান আৰ” প্ৰবন্ধৰ সংশোধন ৩৭৬৫১৩ (১ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।