ছাৰ পিটাৰ জন ৰেটক্লিফ (জন্ম: ১৪ মে' ১৯৫৪১) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী। বৰ্তমান তেওঁ অক্সফোৰ্ডৰ জন ৰেডক্লিফ হস্পিটেলত চিকিৎসক হিচাপে কৰ্মৰত। তেওঁ ২০০৪ চনৰ পৰা ২০১৬ চনলৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ক্লিনিকেল মেডিচিন বিভাগৰ অধ্যাপক আৰু মুৰব্বী আছিল। ২০১৬ চনত তেওঁ ফ্ৰান্সিছ ক্ৰিক ইনষ্টিটিউটৰ ক্লিনিকেল গৱেষণা নিৰ্দেশক হিচাপে নিযুক্ত হয়।২ ইয়াৰ লগতে তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ লোডৱিগ ইনষ্টিটিউট অফ কেঞ্চাৰ ৰিচাৰ্ছৰ সদস্য টাৰ্গেট ডিস্ক'ভাৰী ইনষ্টিটিউটৰ নিৰ্দেশক আছিল।৩
তেওঁ হাইপ'ক্সিয়া বা অক্সিজেনৰ অভাৱত কোষত ঘটা বিক্ৰিয়া সমূহৰ অধ্যয়নৰ বাবে বিখ্যাত। ইয়াৰ বাবে তেওঁ উইলিয়াম কেলিন জুনিয়ৰ আৰু গ্ৰেগ লিয়নাৰ্ড চেমেনজাৰ সৈতে "অক্সিজেনৰ উপলব্ধতাৰ ওপৰত কোষ সমূহে কেনেকৈ সংবেদন লাভ কৰে আৰু নিজকে সেই পৰিৱেশৰ উপযোগী কৰি লয় আৱিষ্কাৰ"ৰ বাবে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৪
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫৪ চনৰ ১৪ মে' তাৰিখে যুক্তৰাজ্যৰ মৰেকেম্বে, লেন্সশ্বাযাৰত পিটাৰ জন ৰেটক্লিফৰ জন্ম হৈছিল। তাৰপিছত তেওঁ ল'ৰাৰ লেনচেষ্টাৰ ৰয়েল গ্লোৱেল গ্ৰামাৰ স্কুলত শিক্ষা গ্ৰহণ কৰে। তেওঁ ১৯৭২ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত গনেভিল এণ্ড কেইউছ কলেজ, কেম্ব্ৰিজত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ জলপানি লাভ কৰে। তাৰপিছত তেওঁ লণ্ডনৰ চেইণ্ট বাৰ্থ'ল'মিউ হস্পিটেলত শিক্ষা সম্পূৰ্ণ কৰে।৫ ১৯৭৮ চনত তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰত বৃক্ক চিকিৎসাত প্ৰশিক্ষিত হয় আৰু পিচলৈ ৰেনেল অক্সিজিনেচনক মূল বিষয় লৈ গৱেষণা আৰম্ভ কৰে।
১৯৮৯ চনত তেওঁ ৱেলকাম ট্ৰাষ্টৰ চিনিয়ৰ ফেল'শ্বিপ লাভ কৰি নিজৰ ক্ষেত্ৰ সলনি কৰি এক ননতুন পৰীক্ষাগাৰ স্থাপন কৰে। ইয়াত তেওঁ কোষৰ অক্সিজেন সংবেদনশীলতাৰ পথৰ ওপৰত গৱেষণা আৰম্ভ কৰে।৫
কৰ্মজীৱন
১৯৮০ৰ দশকত গৱেষক সকলে হাইপ'ক্সিয়া হ'লে কোষীয় মৌলিক পৰিঘটনা সমূহৰ বিষয়ে অজ্ঞাত আছিল। ১৯৮৯ চনত এই ধাৰণা সলনি হ'ল। সেইসময়ত ডাঃ ৰেটক্লিফে লোহিত ৰক্ত কণিকাৰ উৎপাদন নিয়ন্ত্ৰণ কৰা ইৰিথ্ৰ'প্ৰটিন নামৰ হৰমনৰ ওপৰত গৱেষণা কৰিবলৈ পৰীক্ষাগাৰ স্থাপন কৰিছিল। ইয়াৰ লগতে এই হৰমনে অক্সিজেনৰ অনুপস্থিতিত বৃক্কৰ কোষক উত্তেজিত কৰে।
ৰেটক্লিফৰ গোটে আৱিষ্কাৰ কৰিলে যে বৃক্কৰ কোষবিলাকৰ বাহিৰেও আন আন কোষ সমূহেও হাইপ'ক্সিয়াৰ সময়ত বিশেষ আচৰণ কৰে। বহুতো মানুহ আৰু আন জীৱৰ বহুতো কোষৰ ধৰণে অক্সিজেনৰ অভাৱত ইৰিথ্ৰ'প্ৰটিন তো অন্যান্য জিনক সক্ৰিয় কৰে। ইয়াৰ ফলত ডাঃ ৰেটক্লিফ আৰু তেওঁৰ দলে অক্সিজেনৰ প্ৰতি সংবেদনশীল কোষৰ আণৱিক প্ৰক্ৰিয়াৰ শাৰীক চিনাক্ত কৰে। এই একেই বিক্ৰিয়াৰ পথে নতুন তেজৰ নলিকা সৃষ্টি কৰি কেঞ্চাৰৰ টিউমাৰক বৃদ্ধিত সহায় কৰে।
বঁটা আৰু সন্মান
ৰেটক্লিফে তেওঁৰ গৱেষণাৰ বাবে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হল
- দা মিলনে-মিউৰেক ফাউণ্ডেচন বঁটা, ১৯৯১
- গ্ৰাহাম বুল বঁটা, ১৯৯৮
- দা ইণ্টাৰনেচেনেল ছ'চাইটি ফৰ ব্লাড পিউৰিফিকেচন বঁটা, ২০০২
- একাডেমী অফ মেডিকেল চাইন্সছৰ ফেল',
২০০২
- ৰয়েল ছ'চাইটিৰ ফেল' (২০০৬)
- এন ই.এম.বি.অ' ফেল'শ্বিপ, ২০০৬
- আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সৰ সন্মানীয় বিদেশী সদস্যপদ, ২০০৭
- লুইছ জিনটেট প্ৰাইজ ফৰ মেডিচিন, ২০০৯৬৭
- কানাডা গ্ৰেইডনাৰ ইণ্টাৰনেছনেল বঁটা, ২০১০৫
- ২৪তম বাৰ্ষিক হৃদযন্ত্ৰৰ ওপৰত গৱেষণাৰ ৰবাৰ্ট জে. এণ্ড ক্লেৰী পাছাৰৌ ফাউণ্ডেচন বঁটা,
২০১১
- বেলি মেডেল, ৰয়েল কলেজ অফ ফিজিছিয়ান, ২০১১
- বাৰ্ষিক ৰিভিউ বঁটা, ফিজিঅ'লজিকেল ছ'চাইটি, ২০১৩
- ৱিলি প্ৰাইজ, ২০১৪
- চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা, ২০১৬
- মাছৰী প্ৰাইজ, ২০১৮৮
- চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা, ২০১৯
২০১৪ চনত ক্লিনিকেল মেডিচিনত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে নাইট উপাধি প্ৰদান কৰা হৈছিল।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Ratcliffe, Sir Peter (John) · WHO'S WHO & WHO WAS WHO
- ↑ Peter Ratcliffe · The Francis Crick Institute. The Francis Crick Institute
- ↑ Crick Website
- ↑ The Nobel Prize in Physiology or Medicine 2019. NobelPrize.org
- ↑ Peter J. Ratcliffe. Gairdner
- ↑ (2009-03-26). Wellcome Trust | Wellcome Trust. Wellcome.ac.uk
- ↑ Nuffield Department of Medicine - Prof Peter J Ratcliffe FRS. Ndm.ox.ac.uk
- ↑ Massry Prize 2018 – Keck School of Medicine of USC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিটাৰ জন ৰেটক্লিফ” প্ৰবন্ধৰ সংশোধন ৬৩৬০৬৮ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।