দুৰু শ্বাহ (Duru Shah) মুম্বাইৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু সমাজ-কৰ্মী। তেওঁ ভাৰতৰ পিচিঅ'এছ ছ'চাইটিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আৰু ভাৰতৰ কিশোৰী-মহিলাৰ স্বাস্থ্য আৰু বন্ধ্যাত্বৰ প্ৰচাৰক।১২৩ তেওঁ শ্বাহ মেট্ৰ'পলিছ হেল্থকেয়াৰ লিমিটেডৰ প্ৰচাৰকো।৪৫৬
তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰীৰ বাবে Obs Gyn ৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গাইড।৭ তেওঁ মুম্বাইৰ মহিলা স্বাস্থ্য আৰু উৰ্বৰতা কেন্দ্ৰ Gynaecworld ৰ সঞ্চালিকা।৮ ড০ দুৰু শ্বাহে পাঁচখন গ্ৰন্থৰ ৰচনা কৰাৰ লগতে বিভিন্ন গৱেষণামূলক প্ৰবন্ধ প্ৰকাশ কৰিছে। তেওঁ দ্য অব্ষ্টেট্ৰিচিয়ান এণ্ড গাইনেক'লজিষ্ট (টি অ' জি), ক্লাইমেক্টেৰিক আৰু জাৰ্নেল অৱ হিউমেন প্ৰজনন বিজ্ঞানৰ সম্পাদকীয় মণ্ডলীৰ সদস্য।৯ ২০০০ চনত ডাঃ শ্বাহে ভাৰতত কিশোৰ-কিশোৰীৰ প্ৰজনন আৰু যৌন স্বাস্থ্য প্ৰকল্প আৰম্ভ কৰে আৰু ইয়াক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰে।১০ She is currently the Chair of the Council of Affiliated Menopause Societies (CAMS) IMS,১১ বৰ্তমান তেওঁ কাউন্সিল অৱ এফিলিয়েটেড মেনোপজ ছ'চাইটিজ (CAMS) আইএমএছৰ অধ্যক্ষ,১২ আৰু এছিয়া পেচিফিক ইনিচিয়েটিভ অন ৰিপ্ৰডাকচন (ASPIRE)ৰ উপ-সভানেত্ৰী, আৰু ভাৰতৰ চি-২০ৰ মহিলা স্বাস্থ্য ভাৰটিকেলৰ সদস্য। তেওঁ ফেডাৰেচন অৱ অব্ষ্টেট্ৰিক্স এণ্ড গাইনেক'লজিকেল ছ'চাইটিজ অৱ ইণ্ডিয়াৰ (এফ অ' জি এছ আই), ইণ্ডিয়ান ছ'চাইটি অৱ এচিষ্টেড ৰিপ্ৰডাক্টিভ (আই এছ আৰ), ইণ্ডিয়ান মেনোপ'জ ছ'চাইটি (আই এম এছ, ভাৰত) আৰু ইণ্ডিয়ান কলেজ অৱ অব্ষ্টেট্ৰিক্স এণ্ড গাইনেক'লজী (আই চি অ' জি)ৰ অধ্যক্ষ।১৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
শ্বাহে চিকিৎসা শিক্ষা (এমবিবিএছ) মুম্বাইৰ গ্ৰাণ্ট কলেজৰ পৰা[1] কৰিছিল আৰু অব্জিনত স্নাতকোত্তৰ ডিগ্ৰী আৰু ৰয়েল কলেজ অৱ অব্ছজিনৰ ফেল'শ্বিপ লাভ কৰিছে।১৪ ১৯৭২-৭৫ চনত তেওঁ ObGyn ৰ ন'ৰ'ছজী ৱাডিয়া মেটাৰ্নিটি হাস্পতালৰ আৱাসী চিকিৎসক আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ ObsGyn ৰ সন্মানীয় অধ্যাপিকা আছিল।১৪
সমাজ-সেৱা
তেওঁ প্ৰকল্প কিশোৰী - নগৰীয়া বস্তি ধৰৱীৰ বাবে ৮ বছৰীয়া কাৰ্যসূচী আৰম্ভ কৰিছিল। যিয়ে সম্প্ৰদায়ভিত্তিক কিশোৰ-কিশোৰী সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।১৫ ২০০০ চনৰ পৰা ২০১০ চনলৈকে সমগ্ৰ দেশৰ বিদ্যালয়সমূহত “গ্ৰয়িং আপ” নামৰ ১০ বছৰীয়া কাৰ্যসূচীও আৰম্ভ কৰিছিল যাতে কণমানি ছোৱালীক তেওঁলোকৰ ঋতুস্ৰাৱ আৰু যৌৱন আৰু কৈশোৰৰ বিষয়ে জ্ঞান দিয়া হয়।১৬
তেওঁ "মহিলা সৱলীকৰণ ফাউণ্ডেচন"ৰ প্ৰতিষ্ঠাপক, যিটো বৰ্তমান মেট্ৰ'পলিছ ফাউণ্ডেশ্যন নামেৰে জনাজাত।১৭ ফাউণ্ডেচনে মেট্ৰ'পলিছ হেল্থকেয়াৰ লিমিটেডৰ সৈতে "TooShyToAsk" নামৰ এটা স্বাস্থ্য শিক্ষা এপ প্ৰস্তুত কৰিছে।১৮
ব্যক্তিগত জীৱন
দুৰু শ্বাহে মেট্ৰ’পলিছ হেল্থকেয়াৰৰ অধ্যক্ষ আৰু মেট্ৰ’পলিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষ সুশীল শ্বাহৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। তেওঁৰ দুগৰাকী কন্যা অপৰ্ণা শ্বাহ, যি মিয়ামি (আমেৰিকা)ৰ মলিকুলাৰ জেনেটিচিষ্ট আৰু আমিৰা শ্বাহ, যি মেট্ৰ’পলিছ হেল্থকেয়াৰৰ এম ডি, আৰু তেওঁৰ ৩ গৰাকী নাতি-নাতিনী আছে- আলিছা, নীল আৰু কৰ্ম।১৯
তথ্যসূত্ৰ
- ↑ www.ETHealthworld.com. IVF could be much cheaper with Indian products: Dr Duru Shah - ET HealthWorld. ETHealthworld.com
- ↑ Shetty, Disha. (2015-09-22). One out of every 10 Indian women have polycystic ovary syndrome: Dr Duru Shah, Founder President, PCOS Society. DNA India
- ↑ Google Scholar. scholar.google.com
- ↑ Ramarathinam, Ashwin. (2020-06-25). Metropolis Healthcare promoter sells 6% stake for ₹422.6 crore. mint
- ↑ Best IVF Doctor in Mumbai, India, Infertility Specialist Mumbai. www.gynaecworld.com
- ↑ Dr Duru Shah. www.centreforsbcc.org
- ↑ Home - IMS - International Menopause Society. www.imsociety.org
- ↑ www.ETHealthworld.com. IVF could be much cheaper with Indian products: Dr Duru Shah - ET HealthWorld. ETHealthworld.com
- ↑ admin. Dr. Duru Shah. Aspire 2021
- ↑ Social Commitment - Gynaecologist in Mumbai, India, IVF Clinic & Surrogacy Clinic in Mumbai. drrishmapai.com
- ↑ Council of Affiliated Menopause Societies (CAMS). International Menopause Society
- ↑ Admin. Executive Board. ASPIRE
- ↑ Garg, Vaishali. जानिए डॉ दुरु शाह कैसे महिलाओं को उनके स्वास्थ्य के बारे में जागरूक करती हैं. hindi.shethepeople.tv
- ↑ Practitioner, The Indian. (2023-07-05). Dr. Duru Shah, a Revered Individual in the Field of Obstetrics and Gynaecology. The Indian Practitioner
- ↑ (2013-03-06). If you educate the girl and the mother, you are educating the family .. and an entire nation. Express Healthcare
- ↑ Dr Duru Shah. www.centreforsbcc.org
- ↑ Foundation, Metropolis. Metropolis Foundation - India. www.metropolisfoundation.org
- ↑ Too Shy To Ask - Apps on Google Play. play.google.com
- ↑ (2017-07-14). Ameera Shah · Diagnosis: a risk-taker. Mintlounge
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৰু শ্বাহ” প্ৰবন্ধৰ সংশোধন ৬০৮৮৮১ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।