ৰেজিনা জোচেফা ভন ছিবল্ড, জন্মনাম: হেনিং (১৪ ডিচেম্বৰ ১৭৭১ – ২৮ ফেব্ৰুৱাৰী ১৮৪৯), গেইছমাৰত জন্মগ্ৰহণ কৰা এজন জাৰ্মান চিকিৎসক আৰু প্ৰসূতি বিশেষজ্ঞ আছিল।১ তেওঁ জাৰ্মানীৰ প্ৰথমগৰাকী মহিলা যিয়ে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰিছিল। ডাৰ্মষ্টাডত তেওঁক সমাধিস্থ কৰা হৈছে।২
প্ৰাথমিক জীৱন
ছিবল্ডক ডাঙৰ-দীঘল কৰিছিল তেওঁৰ সমৃদ্ধিশালী খুৰাক ৰেজিৰেংছৰাট লৰেঞ্জ হেনিঙে, যিজন হাইলিগেনষ্টাডৰ এজন চিটি কাউন্সিলমেন আছিল আৰু তেওঁৰ নিজৰ কোনো সন্তান নাছিল। মৃত্যুৰ সময়ত তেওঁ ৰেজিনাৰ বাবে সকলো এৰি থৈ গৈছিল আৰু বন্ধু জৰ্জ হাইলেণ্ড তেওঁৰ অভিভাৱক হ’ব বুলি ব্যৱস্থা কৰিছিল। ৰেজিনা জোচেফাই হাইলেণ্ডক বিয়া কৰাইছিল যদিও তেওঁৰ বয়স আছিল ২৫ বছৰ আৰু তেওঁৰ বয়স আছিল মাত্ৰ ১৫ বছৰ। একেলগে থকা ছয় বছৰত তেওঁলোকৰ চাৰিটা সন্তান জন্ম হয় আৰু ১৭৯৩ চনৰ আশে-পাশে জৰ্জৰ মৃত্যু হয় যেতিয়া জোচেফৰ বয়স মাত্ৰ ২১ বছৰ আছিল। তেওঁ আৰু তেওঁৰ মাত্ৰ দুটা জীৱিত সন্তান চাৰ্লট আৰু থেৰেছা এতিয়া নিজাববীয়াকৈ আছিল।৩
যেতিয়া তেওঁ অতি অসুস্থ হৈ পৰে, তেতিয়া ৰেজিনা জোচেফাক ডা° ডেমিয়ান ছিবল্ডৰ তত্ত্বাৱধানত ৰখা হয়। তেওঁ অধ্যাপক ৰিখটাৰৰ সহায়ক হিচাপে কাম কৰি আছিল, যাৰ ঘৰত ৰেজিনা ছাত্ৰী হৈ আছিল। ডেমিয়ান আৰু তেওঁৰ পিতৃ কাৰ্ল কেছপাৰ ভন ছিবল্ড ৱুৰ্জবাৰ্গৰ এটা সাম্ৰাজ্যিক সম্ভ্ৰান্ত পৰিয়ালৰ অংশ আছিল। ১৭৯৫ চনত ৰেজিনা জোচেফাই ডেমিয়ানক বিয়া কৰায় আৰু এই দম্পতীহালে প্ৰথমে ৱৰ্মছত আৰু তাৰ পিছত ডাৰ্মষ্টাডত বাস কৰে য'ত ডেমিয়ানে প্ৰসূতি চিকিৎসা কৰে।৩ ডেমিয়ানে মানসিক ৰোগৰ লক্ষণ দেখাবলৈ আৰম্ভ কৰাৰ আগতেই দম্পতীহালে একেলগে আৰু তিনিটা সন্তান জন্ম দিছিল। অৱশেষত তেওঁ অসুস্থ হৈ পৰে আৰু চিকিৎসা কৰিব নোৱাৰা হয়।৪
কেৰিয়াৰ
যি সময়ত প্ৰসূতি বিজ্ঞান কঠোৰভাৱে পুৰুষৰ বৃত্তি আছিল, সেই সময়ত ৰেজিনা জোচেফাই প্ৰসূতি বিজ্ঞানৰ পেছা চলাব বিচাৰিছিল। তেওঁ স্বামীক তেওঁৰ অনুশীলনত সহায় কৰিছিল আৰু শহুৰেক আৰু খুৰাকৰ প্ৰভাৱ আৰু সহায়ত ৱুৰ্জবাৰ্গ বিশ্ববিদ্যালয়ত স্ত্ৰীৰোগ বিশেষজ্ঞৰ স্নাতক পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল।৩ যদিও তেওঁক কেৱল পৰ্দাৰ আঁৰৰপৰা বক্তৃতা শুনিবলৈ দিয়া হৈছিল, ৰেজিনা জোচেফাই ৱুৰ্জবাৰ্গ বিশ্ববিদ্যালয়ত প্ৰয়োজনীয় স্ত্ৰীৰোগ বিজ্ঞানৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। স্বামীৰ সৈতে প্ৰসূতি বিজ্ঞানৰ ব্যাৱহাৰিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰিলে। হেছে-ডাৰ্মষ্টাডৰ গ্ৰেণ্ড ড্যুক লুডৱিগ চতুৰ্থক চূড়ান্ত পৰীক্ষা দিবলৈ অনুমতি দিবলৈ আবেদন জনায়। অনুমতি লৈ তেওঁ ৪ ঘণ্টীয়া পৰীক্ষাত ব্যতিক্ৰমীভাৱে ভাল ফলাফল দেখুৱাইছিল। ১৮০৭ চনৰ ২৮ নৱেম্বৰত ৰেজিনা জোচেফাক প্ৰসূতি বিজ্ঞানৰ চিকিৎসক আৰু ধাত্ৰী দুয়োটা কামৰ বাবে চৰকাৰী অনুজ্ঞাপত্ৰ আৰু লাভ কৰা হয়। ১৮১৫ চনত ফাৰ্ডিনাণ্ড ভন ৰিটগেনে১ তেওঁক গিচেন বিশ্ববিদ্যালয়ৰপৰা প্ৰসূতি বিজ্ঞানৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। জাৰ্মানীৰ প্ৰথমগৰাকী মহিলা যিয়ে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰিছিল।৩
ছিবল্ডে তেওঁৰ কন্যা চাৰ্লট হাইডেনৰাইচ ভন ছিবল্ডৰ সহায়ত এখন চিকিৎসা ক্লিনিক পৰিচালনা কৰিছিল, যিয়ে ১৮১৭ চনত জিচেন বিশ্ববিদ্যালয়ৰপৰাও প্ৰসূতি বিজ্ঞানত ডিগ্ৰী লাভ কৰিছিল। ১৮১৯ চনত চাৰ্লটে কেণ্টৰ ডাচেছৰ ওচৰত ইংলেণ্ডৰ এগৰাকী কন্যা আলেকজেণ্ড্ৰিনা ভিক্টোৰিয়া, যাক পিছলৈ ৰাণী ভিক্টোৰিয়া নামেৰে পৰিচিত হয়, জন্ম দিয়ে।৪
উত্তৰাধিকাৰ
শুক্ৰৰ ওপৰত থকা এটা গহ্বৰৰ নাম ৰেজিনা জোচেফা ভন ছিবল্ডৰ নামেৰে ৰখা হৈছে।৫
তথ্যসূত্ৰ
- ↑ Regina Josepha von Siebold. www.kaiserin.de
- ↑ Regina von Siebold. Stadtlexikon Darmstadt
- ↑ Dierks, Margarete. Sie gingen voran - Vier bedeutende Darmstädter des 19. Jahrhunderts
- ↑ Uglow, Jennifer S. (1999). The Northeastern Dictionary of Women's Biography
- ↑ Von Siebold. We Name the Stars
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেজিনা ভন ছিবল্ড” প্ৰবন্ধৰ সংশোধন ৬৩২৪০৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।