অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰ্থাৰ গাইটন

আৰ্থাৰ ক্লিফ্‌টন গাইটন (৮ ছেপ্টেম্বৰ, ১৯১৯ – ৩ এপ্ৰিল, ২০০৩) এজন আমেৰিকান শৰীৰতত্ববিদ। তেখেত পাছলৈ মিচিচিপি বিশ্ববিদ্যালয়ৰ চিকিৎসা স্কুলৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। Textbook of Medical Physiologyৰ লেখক হিচাপে তেখেতে সুখ্যাতি অৰ্জন কৰিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩১৬ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

আৰ্থাৰ ক্লিফ্‌টন গাইটন (৮ ছেপ্টেম্বৰ, ১৯১৯ – ৩ এপ্ৰিল, ২০০৩) এজন আমেৰিকান শৰীৰতত্ববিদ। তেখেত পাছলৈ মিচিচিপি বিশ্ববিদ্যালয়ৰ চিকিৎসা স্কুলৰ ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। Textbook of Medical Physiologyৰ লেখক হিচাপে তেখেতে সুখ্যাতি অৰ্জন কৰিছিল। বহু চিকিৎসা মহাবিদ্যালয়ত এই কিতাপখন শৰীৰতত্ত্বৰ মান্য গ্ৰন্থ ৰূপে স্বীকৃতি দিয়া হৈছিল। ১৯৫৬ চনত ইয়াৰ প্ৰথম সংস্কৰণ আৰু ২০০০ চনত দশম সংস্কৰণ প্ৰকাশ পায় (গাইটনৰ মৃত্যুৰ পূৰ্বে শেষখন)। বৰ্তমান ইয়াৰ ত্ৰয়োদশ সংস্কৰণ উপলব্ধ। এইখন বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা চিকিৎসা শৰীৰতত্বৰ কিতাপ আৰু প্ৰায় ১৩টা ভাষালৈ ইয়াক অনুবাদ কৰা হৈছে।১২

চমু জীৱনী

আৰ্থাৰ গাইটনে ১৯১৯ চনত অক্সফ'ৰ্ড, মিচিচিপিত জন্মলাভ কৰিছিল। তেখেতৰ দেউতাক আছিল ই এন টি বিশেষজ্ঞ ড° বিলী এছ গাইটন আৰু মাক অংক আৰু পদাৰ্থ বিজ্ঞানৰ শিক্ষয়িত্ৰী কে'ট স্মলউড গাইটন।১২

গাইটনে চিকিৎসা বিজ্ঞান পঢ়ি থকা কালত এজন হৃদ শল্য চিকিৎসক হ'বলৈ বিচাৰিছিল কিন্তু ১৯৪৬ চনত প'লিঅ'মায়েলাইটিছ ৰোগত ভুগি তেখেত আংশিকভাৱে পংগু হৈ পৰে। সোঁ ভৰি, বাওঁ হাত আৰু দুয়োটা কান্ধৰ দুৰ্বলতাত ভুগি তেখেতে জৰ্জিয়াত নমাহ সময় কটায়। এই সময়ছোৱাত তেখেতে "জয় ষ্টিক"ৰ সহায়ত নিয়ন্ত্ৰণ কৰা মটৰ লগোৱা হুইলচেয়াৰ, ৰোগীক দাঙিবলৈ মটৰ লগোৱা যন্ত্ৰ, বিশেষ ভৰিৰ বন্ধনী (leg brace) আৰু পংগুসকল সহায় কৰা অন্যান্য যন্ত্ৰ উদ্ভাৱন কৰে। এইসমূহৰ বাবে তেখেতে ৰাষ্ট্ৰপতিৰ প্ৰশংসাপত্ৰ লাভ কৰিছিল।২১ ইয়াৰ পাছত অক্সফ'ৰ্ডলৈ ঘূৰি গৈ তেখেতে শৰীৰতত্বৰ গৱেষণা আৰু শিক্ষণত মনোনিৱেশ কৰে। ১৯৪৮ চনৰ পৰা ১৯৮৯ চনলৈকে তেখেত বিভাগীয় মূৰব্বীৰূপে কাৰ্যনিৰ্বাহ কৰে আৰু অৱসৰ পাছতো ২০০৩ চনলৈকে এমিৰেটাছ প্ৰফেচৰ হিচাপে কাম কৰে।

২০০৩ চনৰ ৩ এপ্ৰিলত মিচিচিপিৰ জেকচনত এক মটৰ দুৰ্ঘটনাত ৮৩ বছৰীয়া আৰ্থাৰ গাইটনৰ মৃত্যু হয়। একে দুৰ্ঘটনাতে আঘাটপ্ৰাপ্ত তেখেতৰ পত্নী ৰুথৰো কেইদিনমান পাছত মৃত্যু হয়।

তেখেতৰ ১৪ গৰাকী সন্তানেই চিকিৎসক। ইয়াৰে আঠগৰাকীয়ে হাৰ্ৱাৰ্ড মেডিকেল স্কুলত পঢ়িছিল।২১

টেক্স্‌টবুক অৱ মেডিকেল ফীজিঅ'ল'জী

Textbook of Medical Physiology বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা শৰীৰতত্ব বিষয়ক গ্ৰন্থ আৰু অন্ততঃ ১৩টা ভাষালৈ অনুদিত হৈছে (ছপা পাঠ্যৰ মতে ১৩,২ কিন্তু অনলাইন পাঠ্যৰ মতে অন্ততঃ ১৫।১)

নৱম সংস্কৰণৰ পৰা জন ই হলে (John E. Hall) কিতাপখন লিখা কামত সহযোগ কৰে। ইয়াৰ আগতে ১৯৯১ চনত প্ৰকাশ পোৱা অষ্টম সংস্কৰণলৈকে গাইটনে অকলেই লিখিছিল।৩ পাছৰ সংস্কৰণবোৰ সেইবাবে Guyton and Hall Textbook of Medical Physiology বুলি নামকৰণ কৰা হয়।৪

শৰীৰতত্বৰ গৱেষণা

পঞ্চাছৰ দশকত কাৰ্ডিয়েক আউটপুট (হৃদযন্ত্ৰৰ নিলয়ে মিনিটত পাম্প কৰা তেজৰ পৰিমাণ) আৰু প্ৰান্তীয় সংবহনৰ (peripheral circulation) লগত ইয়াৰ সম্পৰ্ক স্থাপনৰ বিষয়ে কৰা পৰীক্ষাৰ বাবে গাইটন জনাজাত হৈ পৰে (গাইটন ১৯৭৬ৰ ২৩তম পাঠ,৫ বা গাইটন ১৯৯১ আৰু৩গাইটন-হলৰ ২০তম পাঠ চাওক২৪। ইয়াৰ আগতে ধাৰণা আছিল যে হৃদপিণ্ডই নিজেহে কাৰ্ডিয়েক আউটপুট নিয়ন্ত্ৰণ কৰে। কিন্তু গাইটনে প্ৰমাণ কৰিলে যে দেহৰ কলাৰ অম্লজানৰ প্ৰয়োজনীয়তাহে কাৰ্ডিয়েক আউটপুটৰ প্ৰধান নিয়ন্ত্ৰক। সোঁ অলিন্দ আৰু কাৰ্ডিয়েক আউটপুটৰ সম্পৰ্ক দেখুওৱা "গাইটন কাৰ্ভ্‌ছ"সমূহে সংবহনৰ তত্ব বুজাত সকলোকে সহায় কৰিছে।

১৯৬৬ চনত কম্পিউটাৰ মডেলৰ সহায়ত তেখেতে প্ৰমাণ কৰে যে বৃক্কইহে ৰক্তচাপৰ দীৰ্ঘম্যাদী নিয়ন্ত্ৰণ কৰে আৰু আন কাৰকবোৰে হস্ৰম্যাদী নিয়ন্ত্ৰণ কৰে।

তথ্যসূত্ৰ

  • Reference to Guyton's biographical details in the above text comes primarily from the obituary published in Physiologist magazine, and John E. Hall's memoriam and preface to the 11th edition of Textbook of Medical Physiology both of which contain overlapping statements, sometimes verbatim, sometimes almost verbatim.

অতিৰিক্ত পঠন

তথ্যসূত্ৰ

  1. ↑ Hall, John E.; Cowley, Allen W. Jr.; Bishop, Vernon S. (June 2003). Obituary as published in. The Physiologist. পৃ. 122 124
  2. ↑ Guyton, Arthur C.; Hall, John E. (2006). Guyton and Hall Textbook of Medical Physiology with Student Consult Online Access. Elsevier Saunders. ISBN 0-7216-0240-1
  3. ↑ Guyton, Arthur C. (1991). Textbook of Medical Physiology. W.B. Saunders. ISBN 0-7216-3994-1
  4. ↑ Hall, John E. (2011). Guyton and Hall Textbook of Medical Physiology with Student Consult Online Access. Elsevier Saunders. ISBN 978-1-4160-4574-8 see Table of Contents link
  5. ↑ Guyton, Arthur C. (1976). Textbook of Medical Physiology. W.B. Saunders. ISBN 0-7216-4393-0

সম্পৰ্কিত শ্ৰেণী

বিজ্ঞানীচিকিৎসাবিদআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্থাৰ গাইটন” প্ৰবন্ধৰ সংশোধন ৬৩১৫৮৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।