ডেনিছ মুকেংগেৰে মুকৱেগে এজন গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ কংগো দেশৰ মানৱ অধিকাৰকৰ্মী তথা স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁ বুকাভুত পাঞ্জি চিকিৎসালয় স্থাপন কৰিছিল। তেওঁ কংগো দেশত সন্ত্ৰাসবাদীয়ে যৌন নিৰ্যাতন চলাই ধৰ্ষণ কৰা মহিলা সকলক চিকিৎসা প্ৰদান কৰিছিল।১ কংগো দ্বিতীয় যুদ্ধৰ পৰা তেওঁ হাজাৰ হাজাৰ ধৰ্ষিত মহিলাক চিকিৎসা প্ৰদান কৰি আহিছে। তেওঁ কিছুমান দিনত ১৮ ঘণ্টা কাম কৰি দিনটোত প্ৰায় ১০টাকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল।১ দা গ্লোৱেল মেলৰ মতে মুকৱেগে ধৰ্ষণৰ আঘাতৰ চিকিৎসা কৰা বিশ্বৰ এজন আগশাৰীৰ বিশেষজ্ঞ।২
তেওঁক "যৌন নিৰ্যাতনক যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বন্ধ কৰা অৱদান"ৰ প্ৰতি স্বীকৃতি জনাই নাদিয়া মুৰাদৰ সৈতে যুটীয়া বাবে ২০১৮ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।৩
তথ্যসূত্ৰ
- ↑ Doctor and Advocate: One Surgeon's Global Fight for the Rights of Rape Survivors. Pacific Standard
- ↑ Nolen, Stephanie. "Where repairing rape damage is an expertise," The Globe and Mail, October 22, 2008
- ↑ Announcement. The Nobel Peace Prize
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেনিছ মুকৱেগে” প্ৰবন্ধৰ সংশোধন ৩৮১২১২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।