অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তু ইউইউ

তু ইউইউ (; জন্মঃ ৩০ ডিচেম্বৰ ১৯৩০) এগৰাকী চীনা চিকিৎসা বিজ্ঞানী, চিকিৎসা ৰসায়নবিদ আৰু প্ৰশিক্ষক। তেওঁ আৰ্টেমীচিনিন( Artemisinin বা Qinghaosu) আৰু ডাইহাইড্ৰআৰ্টেমীচিনিন (Dihydroartemisinin) আৱিষ্কাৰৰ বাবে আটাইতকৈ বেছি জনপ্ৰিয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪৭২ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

তু ইউইউ (; জন্মঃ ৩০ ডিচেম্বৰ ১৯৩০) এগৰাকী চীনা চিকিৎসা বিজ্ঞানী, চিকিৎসা ৰসায়নবিদ আৰু প্ৰশিক্ষক। তেওঁ আৰ্টেমীচিনিন( Artemisinin বা Qinghaosu) আৰু ডাইহাইড্ৰআৰ্টেমীচিনিন (Dihydroartemisinin) আৱিষ্কাৰৰ বাবে আটাইতকৈ বেছি জনপ্ৰিয়। এই দুবিধ মেলেৰিয়া চিকিৎসাত ব্যৱহাৰ কৰি লাখ লাখ মানুহৰ জীৱন বচাব পৰা গৈছে। ক্ৰান্তীয় অঞ্চলৰ দক্ষিণ এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উন্নয়নশীল দেশসমূহৰ মানুহৰ স্বাস্থ্য উন্নয়নত আৰ্টেমীচিনিন আৱিষ্কাৰ আৰু মেলেৰিয়া প্ৰতিৰোধত ইয়াৰ ব্যৱহাৰ বিংশ শতিকাৰ ক্ৰান্তীয় মেডিচিনত এক যুগান্তকাৰী ঘটনা হিচাপে গণ্য কৰা হয়। তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে ২০১১ চনত তেওঁক ক্লিনিকেল মেডিচিনত এলবাৰ্ট লাস্কেৰ ক্লিনিকেল মেডিচিন ৰিচাৰ্ছ বঁটা প্ৰদান কৰা হয়। ২০১৫ চনত তু ইউইউয়ে চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে। চীনত শিক্ষা গ্ৰহণ কৰা আৰু গৱেষণা চীনা ভাষাত কৰা তু ইতিহাসৰ প্ৰথম লাস্কেৰ পুৰস্কাৰ বিজয়ী।১

জীৱনী

১৯৩০ চনৰ ৩০ ডিচেম্বৰত চীনৰ ঝেজিয়াং প্ৰদেশৰ নিংবো অঞ্চলত তু ইউইউয়ে জন্মগ্ৰহণ কৰে।২ ১৯৫১ চনত তেওঁ পেকিং বিশ্ববিদ্যালয় স্কুল অফ মেডিচিনৰ পৰা মেট্ৰিকুলেচন পাছ কৰে। ১৯৫২ চনত মেডিকেল স্কুলখন বেইজিং মেডিকেল কলেজ নামেৰে স্বায়ত্তশাসিত প্ৰতিষ্ঠানত পৰিণত হয়। ১৯৮৫ চনত ইয়াৰ নাম পৰিবৰ্তন কৰি বেইজিং মেডিকেল বিশ্ববিদ্যালয় ৰখা হয়। ২০০০ চনৰ ৩ এপ্ৰিল তাৰিখে পেকিং বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত হোৱাত ই বৰ্তমান পেকিং বিশ্ববিদ্যালয় স্বাস্থ্যবিজ্ঞান কেন্দ্ৰ নামে পৰিচিত।৩ ফাৰ্মাকিউটিকেল অনুষদত অধ্যয়ন কৰি তুয়ে ১৯৫৫ চনত স্নাতকডিগ্ৰী অৰ্জন কৰে। তাৰপাছত তেওঁ আঢ়ৈ বছৰ পৰম্পৰাগত চীনা মেডিচিনৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰে।

স্নাতকৰ পাছত তেওঁ বেইজিংৰ একাডেমী অফ চাইনিজ মেডিচিনত কাম কাজ আৰম্ভ কৰে। বৰ্তমান ইয়াৰ নাম চাইনা একাডেমী অফ চাইনিজ মেডিকেল ৰিচাৰ্ছ। চীনা অৰ্থনীতিৰ পুনৰ গঠনৰ পাছত ১৯৮০ চনত তেওঁ ইয়াত এগৰাকী গৱেষকৰ পদত উন্নীত হয়। ২০০১ চনত তেওঁ ডক্টৰেট প্ৰত্যাশীসকলৰ একাডেমীক উপদেষ্টা হিচাপে নিয়োজিত হয়। বৰ্তমান তেওঁ এই একাডেমীৰ প্ৰধান গৱেষক।৪

২০০৭ চনৰ পৰা দংচেং জিলা, বেইজিংৰ এক পুৰাতন দালানত তেওঁ অফিচৰ কাৰ্যক্ৰম পৰিচালনা কৰে।২

২০১১ চনৰ পূৰ্বে তু ইউইউ লোকচক্ষুৰ আঁতৰত আছিল। সেয়ে “মানুহে তেওঁক প্ৰায় পাহৰি পেলাইছে” বুলি কোৱা হৈছিল।৫

তেওঁ কোনো বিশিষ্ট অধ্যাপক নহয়, লগতে তেওঁৰ স্নাতকোত্তৰ ডিগ্ৰীও নাই, (সেইসময়ত চীনত স্নাতকোত্তৰ শিক্ষাৰ সুবিধা নাছিল), তেওঁৰ কোনো বিদেশত গৱেষণাৰ অভিজ্ঞতাও নাই। তেওঁ কোনো চীনা জাতীয় একাডেমীৰ যেনে চাইনিজ একাডেমী অফ চাইন্স আৰু চাইনিজ একাডেমী অফ ইঞ্জিনিয়াৰিং সদস্যও নহয়। কেৱল পৰম্পৰাগত চীনা মেডিচিনৰ জ্ঞানেৰে তেওঁ আজিৰ পৰ্যায় লাভ কৰিছে।৬ ১৯৭৯ চনৰ পূৰ্বে চীনত স্নাতকোত্তৰ শিক্ষাৰ কোনো সুযোগ নাছিল। তদুপৰি সেইসময়ত চীন বিশ্বৰ বাকী অংশৰ পৰা প্ৰায় বিছিন্ন আছিল। ১৯৪৯ চনত চীন প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ পাছত তু ইউইউয়ে প্ৰথমে চীনা চিকিৎসা পদ্ধতিত গৱেষণা কৰিছিল।৭

পৰিয়াল

তু আৰু তেওঁৰ স্বামী, লী টিংঝাও বেইজিংত বাস কৰে। লী টিংঝাও এজন ধাতুবিজ্ঞান অভিযন্তা। চিয়াওচি মিডিল স্কুলত তেওঁ আৰু তু ইউইউ একেলগে পঢ়িছিল। তেওঁলোকৰ সৰু জীয়েক বেইজিংত থাকে। তেওঁলোকৰ ডাঙৰ জীয়েক তাইৰ স্বামী আৰু জীয়েকৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰত থাকে। তুৰ মাতামহ য়েও য়ংবাই (姚咏白|姚咏白), ৰাষ্ট্ৰীয় ট্ৰেজাৰী প্ৰশাসনৰ প্ৰথম ডাইৰেক্টৰ আছিল। তেওঁৰ খুড়া য়েও কইংচান (姚庆三|姚庆三) চীনৰ এজন বিখ্যাত অৰ্থনীতিবিদ, বেংকাৰ আৰু কিনেছিয়ান।

বঁটা

  • ৰাষ্ট্ৰীয় বিজ্ঞান কংগ্ৰেছ বঁটা, চীন ১৯৭৮৮
  • ৰাষ্ট্ৰীয় উদ্ভাৱক বঁটা, চীন ১৯৭৯
  • চীনৰ শীৰ্ষ দহ বিধ বিজ্ঞান আৰু প্ৰযুক্তিৰ অৱদানৰ ভিতৰত এটা, ১৯৯২৮
  • চীনৰ শীৰ্ষ দহ বিধ ৰাজহুৱা স্বাস্থ্য অৱদানৰ ভিতৰত এটা, ১৯৯৭৮
  • জীৱবিজ্ঞানৰ সৰ্বকৃষ্ট অৱদানৰ গ্লাছ'স্মিথক্লিন বঁটা, ২০১১৯
  • লাস্কেৰ ডিবাকী ক্লিনিকেল মেডিকেল ৰিচাৰ্ছ বঁটা, ২০১১১০
  • সৰ্বকৃষ্ট অৱদান বঁটা, চাইনা একাডেমী অফ চাইনীজ মেডিকেল চাইন্স, ২০১১১১
  • শ্ৰেষ্ঠ দহ গৰাকী মহিলাৰ ভিতৰত এগৰাকী, চীন, ২০১২১২
  • ৱাৰৰেন আলপাৰ্ট ফাউণ্ডেচন বঁটা, ২০১৫১৩
  • চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা, ২০১৫১৪

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Miller, Louis H.; Su, Xinzhuan. (2011). Artemisinin: Discovery from the Chinese Herbal Garden. Cell. পৃ. 855–8
  2. ↑ (16 March 2007). Magic Drug Saved Half Billion People. Phoenix Television News, Hong Kong
  3. ↑ (27 October 2010). Introduction. Peking University Health Science Center
  4. ↑ Official Biography. China Academy of Chinese Medical Sciences
  5. ↑ 屠呦呦膺世界級醫學大獎. হংকং Wen Wei Po
  6. ↑ (13 September 2011). 屠呦呦获拉斯克奖 评论认为离诺奖只一步之遥. Sohu News
  7. ↑ (29 September 2009). 屠呦呦:新中国第一代药学家 研发青蒿素. Sohu News
  8. ↑ Tu Youyou 屠呦呦. China Vitae
  9. ↑ (22 September 2011). Chen Zhili Congratulates Lasker Award Winner Tu Youyou. Women of China
  10. ↑ (12 September 2011). Tu Youyou. Lasker Foundation
  11. ↑ (15 November 2011). Tu is awarded Outstanding Contribution Award by CACMR. Xinhua News Agency
  12. ↑ (28 February 2012). 吴菊萍屠呦呦获授三八红旗手标兵. Sina.com News
  13. ↑ (4 June 2015). Alpert Prize Recognizes Malaria Breakthroughs. Warren Alpert Foundation
  14. ↑ Nobel Prize announcement. NobelPrize.org. Nobel Assembly at Karolinska Institutet

সম্পৰ্কিত শ্ৰেণী

চীনৰ ব্যক্তিচিকিৎসাবিদৰসায়নবিদচিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তু ইউইউ” প্ৰবন্ধৰ সংশোধন ৬৩৭২৩০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।