অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰীতা ফাৰিয়া

ৰীতা ফাৰিয়া পাৱেল (Reita Faria Powell; জন্ম ২৩ আগষ্ট ১৯৪৩) এগৰাকী ভাৰতীয় মডেল, সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী তথা চিকিৎসক। ১৯৪৩ চনৰ ২৩ আগষ্টত ব্ৰিটিছ ভাৰতৰ বোম্বেত এক গোৱান পৰিয়াত ৰীতা ফাৰিয়াৰ জন্ম হৈছিল। তেওঁ ১৯৬৬ চনত মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছিল।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰীতা ফাৰিয়া পাৱেল (Reita Faria Powell;১ জন্ম ২৩ আগষ্ট ১৯৪৩)২ এগৰাকী ভাৰতীয় মডেল, সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী তথা চিকিৎসক। ১৯৪৩ চনৰ ২৩ আগষ্টত ব্ৰিটিছ ভাৰতৰ বোম্বেত এক গোৱান পৰিয়াত ৰীতা ফাৰিয়াৰ জন্ম হৈছিল। তেওঁ ১৯৬৬ চনত মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছিল। এই খিতাপ লাভ কৰা তেওঁ প্ৰথম গৰাকী এছিয়ান তথা ভাৰতীয়। ইয়াৰ লগতে তেওঁ প্ৰথম চিকিৎসক হিচাপে মিছ ৱৰ্ল্ড খিতাপ বিজয়ী।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪৩ চনৰ ২৩ আগষ্ট তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বেৰ এক গোৱান পৰিয়াত ৰীতা ফাৰিয়াৰ জন্ম হৈছিল। প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ মুম্বাইৰ গ্ৰাণ্ট মেডিকেল কলেজ নামভৰ্তি কৰে। গ্ৰাণ্ট মেডিকেল কলেজ আৰু জে.জে. গ্ৰুপ অফ হস্পিটেলৰ পৰা তেওঁ চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াত পঢ়ি থাকোঁতেও সহপাঠী সকলৰ উৎসাহত তেওঁ মিছ বোম্বে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। পিছলৈ তেওঁ ১৯৬৬ চনত মিছ ৱৰ্ল্ডৰ খিতাপ দখল কৰে। ইয়াৰ পিছত তেওঁলৈ কেইবাটাও ছবিৰ প্ৰস্তাৱ আহিল যদিও তেওঁ সেইবোৰ গ্ৰহণ নকৰি নিজৰ পঢ়াশুনা জাৰি ৰাখে। পিছলৈ তেওঁ লণ্ডনৰ কিংছ কলেজতো চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিল।

কৰ্মজীৱন

তেওঁ মিছ বোম্বেৰ খিতাপ দখল কৰাৰ পিছত ১৯৬৬ চনত "ইভ'ছ ৱিকলী মিছ ইণ্ডিয়া"ৰ খিতাপ দখল কৰে। ইয়াৰ পিছত তেওঁ মিছ ৱৰ্ল্ড ১৯৬৬ লৈ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰে। তেওঁ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত "শ্ৰেষ্ঠ সাঁতোৰৰ সাজ" আৰু শাড়ী পিন্ধাৰ বাবে "শ্ৰেষ্ঠ আবেলিৰ সাজ"ৰ উপ-শিৰোনাম লাভ কৰিছিল। পিছলৈ তেওঁ ৫১ গৰাকী অংশগ্ৰহণকাৰীক হেৰুৱাই মিছ ৱৰ্ল্ড ১৯৬৬ৰ খিতাপ দখল কৰে।৪ ইয়াৰ লগতে তেওঁ মিছ ৱৰ্ল্ডৰ খিতাপ দখল কৰা প্ৰথম গৰাকী এছিয়ান তথা ভাৰতীয় হিচাপে পৰিগণিত হয়।

তেওঁ মিছ ৱৰ্ল্ড হিচাপে এবছৰ পাৰ কৰাৰ পিছত তেওঁলৈ কেইবাখনো চলচ্চিত্ৰত অভিনয় বাবে প্ৰস্তাৱ আহিছিল। কিন্তু ৰীতায়ে সকলো চলচ্চিত্ৰ আৰু মডেলিঙৰ সুযোগ নস্যাৎ কৰে। তাৰ পৰিৱৰ্তে তেওঁ চিকিৎসা শাস্ত্ৰৰ পঢ়াশুনাৰ প্ৰতি মনোনিবেশ কৰে। তেওঁ মুম্বাইৰ গ্ৰাণ্ট মেডিকেল কলেজ আৰু জে.জে. গ্ৰুপ অফ হস্পিটেলৰ পৰা তেওঁ চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ লণ্ডনলৈ যায়। তাত তেওঁ কিংছ কলেজত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰে। ১৯৭১ চনত তেওঁ তেওঁৰ শিক্ষক ডাঃ ডেভিড পাৱেলৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৭৩ চনত তেওঁলোকে ডাব্লিনলৈ উঠি যায় আৰু ৰীতায়ে তাত চিকিৎসাৰ অনুশীলন আৰম্ভ কৰে।৫

১৯৯৮ চনত ফেমিনা মিছ ইণ্ডিয়াত তেওঁ বিচাৰক হিচাপে যোগ দিছিল। ইয়াৰ লগতে তেওঁ কেইবাবাৰো মিছ ৱৰ্ল্ডৰ বিচাৰকক আসন শুৱনি কৰিছিল।

ব্যক্তিগত জীৱন

তেওঁ পৰিয়ালৰ সৈতে আয়াৰলেণ্ডৰ ৰাজধানী ডাব্লিনত বাস কৰে। তেওঁ ৰ স্বামী ডাঃ ডেভিড পাৱেল এগৰাকী বিখ্যাত আন্তঃস্ৰাবী গ্ৰন্থিৰ বিশেষজ্ঞ। ১৯৭১ চনত তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল।৬ তেওঁলোকৰ ডেইৰড্ৰে আৰু এন মেৰী নামৰ দুগৰাকী সন্তান আছে। ইয়াৰ লগতে পেট্ৰিক, কৰ্মেক, ডেভিড, মাৰীয়া আৰু জনী নামেৰে পাঁচগৰাকী নাতি-নাতিনী আছে।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Makers of India - Women of Fame. Indian Mirror
  2. ↑ Goa Miscellania
  3. ↑ (18 November 2018). Not Just a Pretty Face: Reita Faria, the first Asian to win Miss World. Indian Express
  4. ↑ (18 November 2018). 51 Years Before Manushi, Reita Faria Was India’s First Miss World. The Quint
  5. ↑ (3 July 2006). Lost and found: Thirty newsmakers from the pages of Indian history and where they are now: Cover Story. India Today
  6. ↑ (12 December 2006). The first Indian to win the Miss World title. Rediff News
  7. ↑ (2009). Miss World 1966 - Reita Faria - India. Miss World

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদসৌন্দৰ্য প্ৰতিযোগীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীতা ফাৰিয়া” প্ৰবন্ধৰ সংশোধন ৪৮৫১১৪ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।