অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আৰ্থাৰ কোনান ডয়েল

ছাৰ আৰ্থাৰ কোনান ডয়েল (Sir Arthur Conan Doyle)(1859-1930)চাৰ্লক হোমছ নামৰ অমৰ চৰিত্ৰৰ সৃষ্টিকাৰী ছাৰ আৰ্থাৰ কনান ডয়লৰ জন্ম হৈছিল ১৮৫৯ চনত স্কটলেণ্ডৰ এডিনবৰাত। এডিনবৰা বিশ্ববিদ্যালয়ত চিকিৎসাবিজ্ঞান অধ্যয়ন কৰাৰ পাছত তেওঁ লণ্ডনত বসবাস কৰিবলৈ লয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৯৭ শব্দ · ৩ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ছাৰ আৰ্থাৰ কোনান ডয়েল (Sir Arthur Conan Doyle)(1859-1930)চাৰ্লক হোমছ নামৰ অমৰ চৰিত্ৰৰ সৃষ্টিকাৰী ছাৰ আৰ্থাৰ কনান ডয়লৰ জন্ম হৈছিল ১৮৫৯ চনত স্কটলেণ্ডৰ এডিনবৰাত। ১২ এডিনবৰা বিশ্ববিদ্যালয়ত চিকিৎসাবিজ্ঞান অধ্যয়ন কৰাৰ পাছত তেওঁ লণ্ডনত বসবাস কৰিবলৈ লয়। কিন্তু ব্যৱসায় সিমান ভাল নোহোৱাত তেওঁৰ হাতত যথেষ্ট আজৰি সময় থাকি গৈছিল। সেই সময়ৰে সদ্ব্যৱহাৰ কৰি তেওঁ চাৰ্লক হোমছৰ সেই বিখ্যাত গল্পবোৰ লেখিবলৈ লয়। ১৮৮৭ চনত 'খ্ৰিষ্টমাছ এনুৱেল' আলোচনীত প্ৰকাশ পোৱা তেওঁৰ গল্প ‘এ ষ্টাডি ইন স্কাৰলেটে’ তেওঁলৈ প্ৰথম সাফল্য কঢ়িয়াই আনে। ইয়াৰ কিছুদিন পাছতে ডাক্তৰী এৰি তেওঁ লেখিবলৈয়ে আৰম্ভ কৰি দিয়ে। অন্য বহুতো ৰহস্য গল্প আৰু বুৰঞ্জীমূলক ৰোমান্স তেওঁ লেখিছিল যদিও চাৰ্লক হোমছৰ চৰিত্ৰ থকা তেওঁৰ ডিটেক্টিভ কাহিনীবোৰেহে তেওঁক জনপ্ৰিয় কৰি তোলে। এই জনপ্ৰিয়তা এনে অৱস্থালৈ যায় যে এবাৰ ডয়লে লেখি লেখি আমনি লগা বাবে চাৰ্লক হোমছক ১৮৯৩ চনত তেওঁৰ ‘হিজ লাষ্ট বাউ’ত মাৰি পেলোৱাৰ পাছত পাঠকৰ হেঁচাতে তেওঁক বৰ বুধিৰে জীয়াই তুলিব লগা হৈছিল। আৰ্থাৰ কনান ডয়লৰ জীৱন বৈচিত্ৰ্যেৰে ভৰা আছিল। তেওঁ একাধাৰে এজন বুৰঞ্জীবিদ, ঘঁৰিয়াল-চিকাৰী, খেলুৱৈ, যুদ্ধৰ সংবাদদাতা আৰু আধ্যাত্মিকতাবাদীও আছিল। নিজৰ ডিটেক্টিভ বিদ্যা প্ৰয়োগ কৰি তেওঁ বিনাদোষতে দোষী সাব্যস্ত হোৱা দুজন লোকৰ নিৰ্দোষিতা প্ৰমাণ কৰি দেখুৱাইছিল। ব’ৱাৰৰ যুদ্ধৰ সময়ত দক্ষিণ আফ্ৰিকাৰ হস্পিটেলত আগবঢ়োৱা সেৱাৰ বাবে ১৯০২ চনত ডয়লক নাইট উপাধি প্ৰদান কৰা হয়। ১৯৩০ চনত তেওঁৰ মৃত্যু হয়।

অধিক পঢ়ক

  • Martin Booth (2000). The Doctor and the Detective: A Biography of Sir Arthur Conan Doyle. Minotaur Books. .
  • John Dickson Carr (2003 edition, originally published in 1949). The Life of Sir Arthur Conan Doyle. Carroll and Graf Publishers.
  • Michael Dirda (2014). On Conan Doyle: or, The Whole Art of Storytelling. Princeton University Press. .
  • Arthur Conan Doyle, Joseph McCabe (1920). Debate on Spiritualism: Between Arthur Conan Doyle and Joseph McCabe. The Appeal's Pocket Series.
  • Bernard M. L. Ernst, Hereward Carrington (1932). Houdini and Conan Doyle: The Story of a Strange Friendship. Albert and Charles Boni, Inc.
  • Margalit Fox (2018). Conan Doyle for the Defense. Random House.
  • Kelvin Jones (1989). Conan Doyle and the Spirits: The Spiritualist Career of Sir Arthur Conan Doyle. Aquarian Press.
  • Jon Lellenberg, Daniel Stashower, Charles Foley (2007). Arthur Conan Doyle: A Life in Letters. HarperPress.
  • Andrew Lycett (2008). The Man Who Created Sherlock Holmes: The Life and Times of Sir Arthur Conan Doyle. Free Press. .
  • Mazzeno, Laurence W. (2023). The critical reception of Sir Arthur Conan Doyle: Sherlock Holmes and beyond. Boydell & Brewer
  • Russell Miller (2008). The Adventures of Arthur Conan Doyle: A Biography. Thomas Dunne Books.
  • Pierre Nordon (1967). Conan Doyle: A Biography. Holt, Rinehart and Winston.
  • Ronald Pearsall (1977). Conan Doyle: A Biographical Solution. Littlehampton Book Services Ltd.
  • Massimo Polidoro (2001). Final Séance: The Strange Friendship Between Houdini and Conan Doyle. Prometheus Books. .
  • Sandford, Christopher. (2022). The Adventures of Arthur Conan Doyle. The History Press. ISBN 978-0-7509-8456-0
  • Daniel Stashower (2000). Teller of Tales: The Life of Arthur Conan Doyle. Penguin Books. .
  • Stiegler, Bernd. (2023). Arthur Conan Doyle and Photography: Traces, Fairies, and Other Apparitions. Edinburgh UP

বাহ্যিক সংযোগ

ডিজিটেল সংগ্ৰহ

ভৌতিক সংগ্ৰহসমূহ

জীৱনীমূলক তথ্য

Other references

তথ্যসূত্ৰ

  1. ↑ Scottish Writer Best Known for His Creation of the Detective Sherlock Holmes. Encyclopædia Britannica
  2. ↑ Sir Arthur Conan Doyle Biography. sherlockholmesonline.org

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকচিকিৎসাবিদযুক্তৰাজ্যৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্থাৰ কোনান ডয়েল” প্ৰবন্ধৰ সংশোধন ৬৩১৫৬৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।