চিকিৎসাবিদ
১৯৩ প্ৰবন্ধ
-
কেথ্ৰিন মুয়েগে
কেথ্ৰিন মুয়েগে এগৰাকী জাৰ্মান চিকিৎসক আৰু আণৱিক জীৱবিজ্ঞানীৰূপে কৰ্মৰত, যিয়ে ভ্ৰূণৰ বিকাশৰ সময়ত আৰু টিউমাৰৰ অগ্ৰগতিৰ সময়ত ক্ৰ’মেটিন সংগঠনৰ ওপৰত গৱেষণা কৰি আছে। তেওঁ ফ্ৰেডেৰিক নেচনেল লেবৰেটৰী ফৰ কেন্সাৰ ৰিচাৰ্চৰ এগৰাকী জ্যেষ্ঠ অনুসন্ধানকাৰী বিষয়া আৰু এপিজেনেটিক্স বিভাগৰ মুৰব্বী।
-
কেৰ’লিন ডি কোষ্টা
কেৰ’লিন মে ডি কোষ্টা'এ এম (জন্ম নাম: ডাউনছ; জন্ম ১৯৪৭ চন) অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ জেমছ কুক বিশ্ববিদ্যালয়ৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞানৰ অধ্যাপিকা আছিল আৰু লগতে খিলঞ্জীয়া স্বাস্থ্য আৰু গৰ্ভপাতৰ অধিকাৰৰ সমৰ্থক আছিল। বৰ্তমান তেওঁ দ্য কেয়াৰ্নছ ইনষ্টিটিউট (টিচিআই)ৰ অধ্যাপিকা।
-
কেৰ’লিন ব্ৰেইটিংগাৰ
কেৰ’লিন ব্ৰেইটিংগাৰ (জন্ম ৪ মে’ ১৮৫১ চনত কুনজেলচাউত – মৃত্যু ৬ ছেপ্টেম্বৰ ১৯৩২ চনত এছলিংগেনত) এগৰাকী জাৰ্মান চিকিৎসক আছিল যিয়ে ৱুৰ্টেমবাৰ্গৰ প্ৰথম মহিলা চিকিৎসক হিচাপে পৰিগণিত হৈছিল।
-
ক্লাৰা উইলডেন’
ক্লাৰা উইলডেন’ (৮ অক্টোবৰ ১৮৫৬ – ৭ এপ্ৰিল ১৯৩১) এগৰাকী জাৰ্মান চিকিৎসক আছিল। চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰা প্ৰথম জাৰ্মান মহিলাসকলৰ ভিতৰত অন্যতম আছিল যদিও নিজৰ দেশত অধ্যয়নৰপৰা বঞ্চিত হোৱাৰ বাবে তেওঁ ছুইজাৰলেণ্ডত ডিগ্ৰী লাভ কৰে।
-
ক্লাৰা চৌ
ক্লাৰা চৌ এগৰাকী অষ্ট্ৰেলিয়ান হৃদৰোগ বিশেষজ্ঞ যি ছিডনীৰ ৱেষ্টমিড হাস্পতালৰ সম্প্ৰদায়ভিত্তিক হৃদৰোগ সেৱাৰ প্ৰগ্ৰেম ডাইৰেক্টৰ। ছিডনী বিশ্ববিদ্যালয়ৰ হৃদযন্ত্ৰৰ ৰোগ মহামাৰী বিজ্ঞান, প্ৰতিৰোধ, চিকিৎসা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞানৰ অধ্যাপিকা।
-
ক্লেয়াৰ ভেলুট
ক্লেয়াৰ মেৰী জিন ভেলুট (Claire Vellut; ১৯২৬–২০১৩) আছিল বেলজিয়ামত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় কুষ্ঠৰোগ বিশেষজ্ঞ, মানৱতাবাদী আৰু ডেমিয়েন ফাউণ্ডেশ্যন ইণ্ডিয়া ট্ৰাষ্ট (এক অলাভজনক বেচৰকাৰী সংস্থা প্ৰতিষ্ঠাপক)ৰ প্ৰতিষ্ঠাপক যি ভাৰতত কুষ্ঠ আৰু যক্ষ্মা ৰোগত আক্ৰান্ত লোকসকলৰ চিকিৎসা আৰু পুনৰ্বাসন সেৱা…
-
ক্ৰিষ্টিয়ান নুছলেইন-ভলহাৰ্ড
ক্ৰিষ্টিয়ান নুছলেইন-ভলহাৰ্ড (জন্ম ২০ অক্টোবৰ ১৯৪২) এগৰাকী জাৰ্মান বিকাশশীল জীৱবিজ্ঞানী আৰু ১৯৯৫ চনত শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী। জাৰ্মানীৰপৰা বিজ্ঞান শাখাত নোবেল বঁটা লাভ কৰা একমাত্ৰ মহিলা।
-
খাদিজা আলিবেয়োভা
খাদিজা আলিবেয়োভা (আজাৰবাইজানী: Xədicə Əlibəyova, ১৮৮৪ – ১৯৬১) আছিল এগৰাকী আজাৰবাইজানী শিক্ষাবিদ, জনপ্ৰচাৰক আৰু প্ৰকাশক। তেওঁ আজাৰবাইজানৰ প্ৰথম মহিলা সম্পাদক হিচাপে বিশেষভাৱে পৰিচিত। কিছুমান উৎস অনুসাৰে তেওঁ আজাৰবাইজানৰ প্ৰথম মহিলা স্ত্ৰীৰোগ বিশেষজ্ঞো আছিল।
-
গালেন
গালেন (Galenus, আনুমানিক ১২৯ – ২০০/২১৬ খ্ৰীষ্টাব্দ) আছিল এগৰাকী প্ৰাচীন ৰোমান চিকিৎসক, দাৰ্শনিক আৰু চিকিৎসা-সাহিত্যৰ অন্যতম বিশিষ্ট লেখক। তেওঁ গ্ৰীক ভাষাত হিপোক্ৰেটিচৰ চিকিৎসা মতবাদৰ ওপৰত আধাৰিত বহু গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ জন্ম হৈছিল পাৰ্গামামৰ এগৰাকী ধনী স্থপতিৰ ঘৰত।
-
গীতা ৰামজী
গীতা ৰামজী এফ আৰ চি পি ই (জন্ম পৰেখ; ৮ এপ্ৰিল ১৯৫৬ – ৩১ মাৰ্চ ২০২০) উগাণ্ডাৰ-দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানী আৰু এইচ আই ভি প্ৰতিৰোধৰ গৱেষক আছিল। ২০১৮ চনত ইউৰোপীয় আৰু উন্নয়নশীল দেশৰ ক্লিনিকেল ট্ৰায়েল পাৰ্টনাৰশ্বিপৰপৰা ‘আউটষ্টেণ্ডিং ফিমেল চাইণ্টিষ্ট’ বঁটা লাভ কৰে।
-
গুৰুবাই কৰ্মৰকাৰ
গুৰুবাই কৰ্মৰকাৰ (Gurubai Karmarkar; মৃত্যু ১৯৩২) ১৮৮৬ চনত পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা।
-
গেইল এ বিচপ
গেইল এ বিচপ আইঅ’ৱা বিশ্ববিদ্যালয়ৰ মাইক্ৰ’বায়’লজী আৰু ইমিউন’লজীৰ আমেৰিকান অধ্যাপিকা আৰু কাৰভাৰ কলেজ অৱ মেডিচিনৰ চেণ্টাৰ ফৰ ইমিউন’লজি এণ্ড ইমিউন-বেছড ডিজিজৰ পৰিচালক।
-
গেহাদ হামদি
গেহাদ হামদি (Gehad Hamdy) হৈছে লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে কাম কৰা ইজিপ্তৰ এগৰাকী দন্ত চিকিৎসক আৰু নাৰীবাদী কৰ্মী। ২০২২ চনত তেওঁ বিবিচি ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হয়। তেওঁ স্পিক আপ নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰে আৰু কানেক্টিং হিউমেনিটিৰ অন্যতম নেত্ৰী।
-
চান য়াট-চেন
চান য়াট-চেন (ইংৰাজী: Sun Yat-sen; জন্ম: ১২ নবেম্বৰ ১৮৬৬ – মৃত্যু: ১২ মাৰ্চ ১৯২৫) আছিল এজন চীনা ৰাজনীতিবিদ, বিপ্লৱী আৰু চিকিৎসক, যাক আধুনিক চীনৰ “পিতা” হিচাপে গণ্য কৰা হয়। তেওঁ চিং ৰাজবংশৰ চৰকাৰ উৎখাত কৰি চীনৰ প্ৰথম গণৰাজ্য প্ৰতিষ্ঠা কৰে।
-
চালমা ইছমাইল
তন শ্ৰী চালমা বিণ্টি ইছমাইল ( Tan Sri Salma binti Ismail; ১৯ ডিচেম্বৰ ১৯১৮ – ২০ জুলাই ২০১৪) এগৰাকী মালয়েছিয়াৰ চিকিৎসক আছিল আৰু প্ৰথমগৰাকী মালয়েছিয়ান মালয় মহিলা, যিয়ে চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰিছিল।
-
চিচেলি উইলিয়ামছ
চিচেলি ডেলফিন উইলিয়ামছ, অ'এম, চিএমজি, এফআৰচিপি (২ ডিচেম্বৰ ১৮৯৩ – ১৩ জুলাই ১৯৯২) এগৰাকী জামাইকান চিকিৎসক আছিল, তেওঁৰ আৱিষ্কাৰ আৰু গৱেষণাৰ বাবে আটাইতকৈ উল্লেখযোগ্য আছিল কোৱাছিঅ'ৰক'ৰ, উন্নত অপুষ্টিৰ অৱস্থা আৰু মানুহৰ মাতৃদুগ্ধৰ বিকল্প হিচাপে মিঠাযুক্ত ঘনীভূত গাখীৰ আৰু অন্যান্য কৃত্ৰিম শিশুৰ গাখীৰ…
-
চেনাইট ফিচেহা
চেনাইট ফিচেহা (Senait Fisseha) এগৰাকী ইথিঅ'পিয়ান-আমেৰিকীয় চিকিৎসক, অধিবক্তা আৰু প্ৰসূতি-স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁ মিচিগান বিশ্ববিদ্যালয়ত এণ্ডক্ৰাইন'লজীত বিশেষজ্ঞতা লাভ কৰে আৰু চাউদাৰ্ণ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা জুৰিছ ডাক্তৰ লাভ কৰে।
-
চেল্লাপ্পান নিৰ্মলা
চেল্লাপ্পান নিৰ্মলা (Sellappan Nirmala; জন্ম ১৯৫২ বা ১৯৫৩) এগৰাকী ভাৰতীয় চিকিৎসক যিগৰাকীয়ে ১৯৮৬ চনত ভাৰতত এইচ. আই. ভি.ৰ প্ৰথমটো ঘটনা আৱিষ্কাৰ কৰিছিল।
-
চেৰিং লেণ্ডল
চেৰিং লেণ্ডল (Tsering Landol) এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু ভাৰতৰ লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মহিলা স্বাস্থ্যৰ অন্যতম পথ প্ৰদৰ্শক। তেওঁ লেহৰ সোণম নৰ্বু মেম'ৰিয়েল চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়াইছিল আৰু অন্যান্য শিক্ষানুষ্ঠানৰ সৈতেও জড়িত।
-
ছউ ছা
ছাউ ছা এফ আৰ চি এছ/এম বি ই, ( Saw Sa; ১ আগষ্ট ১৮৮৪ – ২৮ ফেব্ৰুৱাৰী ১৯৬২) আছিল এগৰাকী বাৰ্মিজ চিকিৎসক, ধাত্ৰী, চিকিৎসালয়ৰ প্ৰশাসক, খ্ৰীষ্টান মিছনেৰী, ভোটাধিকাৰৰ হকে কওঁতা আৰু চৰকাৰী বিষয়া।
-
ছফিয়া পেট্ৰিচিয়া
ছফিয়া পেট্ৰিচিয়া বেচেৰা এগৰাকী ৰেটিনাৰ বিশেষজ্ঞ জৈৱ ৰসায়নবিদ। অন্ধতাৰ বিৰুদ্ধে যুঁজিবলৈ ঔষধৰ বিকাশৰ সম্পৰ্কত প্ৰটিনৰ গঠন আৰু কাৰ্যৰ ওপৰত তেওঁ গৱেষণা কৰে। বেচেৰা নেশ্যনেল আই ইনষ্টিটিউটৰ জ্যেষ্ঠ তদন্তকাৰী বিষয়া।
-
ছলমান আখতাৰ
ছলমান আখতাৰ ( Salman Akhtar; জন্ম: ৩১ জুলাই, ১৯৪৬) আমেৰিকা যুক্তৰাষ্ট্ৰত অনুশীলনৰত এজন ভাৰতীয়-আমেৰিকান মনোবিশ্লেষক তেওঁ ফিলাডেলফিয়া জেফাৰছন মেডিকেল কলেজৰ মনোচিকিৎসা আৰু মানৱ আচৰণৰ এগৰাকী লেখক আৰু প্ৰাধ্যাপক।
-
ছাফিয়া জৰ্জ
ছাফিয়া জৰ্জ (পূৰ্বৰ নাম: ডালমিডা) এগৰাকী আমেৰিকাৰ ভাৰ্জিন দ্বীপপুঞ্জৰ নাৰ্ছ প্ৰেকটিচনাৰ আৰু সামগ্ৰিক স্বাস্থ্য, আধ্যাত্মিকতা আৰু এইচ আই ভিৰ বিশেষজ্ঞ একাডেমিক প্ৰশাসক। ভাৰ্জিন দ্বীপপুঞ্জ বিশ্ববিদ্যালয়ৰ সভানেত্ৰী।
-
ছ’ঞ্জা এম বেষ্ট
ছ’ঞ্জা মেৰী বেষ্ট এগৰাকী অষ্ট্ৰেলিয়ান-আমেৰিকান ভাইৰ’লজিষ্ট। ৰকি মাউণ্টেন লেবৰেটৰীৰ জন্মগত প্ৰতিৰোধ ক্ষমতা আৰু ৰোগজন্ম বিভাগৰ মুৰব্বী। বেষ্টে ফ্লেভিভাইৰাছক আৰ্হি হিচাপে ব্যৱহাৰ কৰি ৰোগ সৃষ্টিকাৰী ভাইৰাছ আৰু গৃহস্থৰ প্ৰতিৰোধ সঁহাৰিৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত গৱেষণা কৰে।
-
জুলি মাকানি
জুলি মাকানি (জন্ম ১৯৭০) এগৰাকী তাঞ্জানিয়াৰ চিকিৎসা গৱেষক। ২০১৪ চনৰপৰা তেওঁ ৱেলকাম ট্ৰাষ্টৰ গৱেষক ফেলো আৰু মুহিম্বিলি ইউনিভাৰ্চিটি অৱ হেল্থ এণ্ড এলাইড ছায়েন্স (MUHAS)ৰ ৰক্তবিজ্ঞান আৰু ৰক্ত সঞ্চালন বিভাগৰ সহযোগী অধ্যাপিকা।
-
জেকলিন ৱাং-পেং
জেকলিন জিয়া-কাং ৱাং-পেং ( জন্ম ছেপ্টেম্বৰ ১৯৩২) এগৰাকী টাইৱানীজ-আমেৰিকান চিকিৎসক-বিজ্ঞানী। তেওঁ কেন্সাৰৰ চাইট'জেনেটিক্সৰ লগতে মেডিকেল জেনেটিক্স, জেনেটিক অংক'লজী আৰু জিন মেপিঙৰ বিশেষজ্ঞ। ১৯৬০ চনৰপৰা ১৯৯৩ চনলৈকে নেচনেল কেন্সাৰ ইনষ্টিটিউটৰ গৱেষক হিচাপে কাম কৰিছিল।
-
জেন এলিজাবেথ ওৱাটাৰষ্টন
জেন এলিজাবেথ ওৱাটাৰষ্টন (১৮৪৩ – ৭ ডিচেম্বৰ ১৯৩২) আছিল স্কটিছ শিক্ষয়িত্ৰী আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথম মহিলা চিকিৎসক। ডেভিদ লিভিংষ্টনৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ চিকিৎসক আৰু মিছনেৰী হ’বলৈ প্ৰশিক্ষণ লয়। পক্ষপাতিত্বৰ বাবেই তেওঁ লিভিংষ্টনৰ পদাংক এৰি দক্ষিণ আফ্ৰিকাৰ দৰিদ্ৰসকলৰ সৈতে কাম কৰিবলৈ বাধ্য হয়।
-
জেন মাৰাজো
জেন মাৰিছা মাৰাজো (ইংৰাজী: Jeanne Marisa Marrazzo) এগৰাকী আমেৰিকান চিকিৎসক-বিজ্ঞানী আৰু সংক্ৰামক ৰোগ বিশেষজ্ঞ। তেওঁ ইউনিভাৰ্চিটি অৱ আলাবামা এট বাৰ্মিংহাম স্কুল অৱ মেডিচিনৰ সংক্ৰামক ৰোগ বিভাগৰ সঞ্চালিকা আছিল আৰু জৈৱ চিকিৎসা হস্তক্ষেপ ব্যৱহাৰ কৰি এইচআইভি (HIV) সংক্ৰমণ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিছিল।
-
জেনোভেফা ফ্ৰাঞ্চিনি
জেনোভেফা ফ্ৰাঞ্চিনি এগৰাকী ইটালীয়-আমেৰিকান ৰক্ত বিশেষজ্ঞ আৰু ৰেট্ৰ’ভাইৰ’লজিষ্ট। ভেকচিন শাখাৰ জ্যেষ্ঠ অনুসন্ধানকাৰী আৰু নেশ্যনেল কেন্সাৰ ইনষ্টিটিউটৰ এনিমেল মডেল আৰু ৰেট্ৰ’ভাইৰেল ভেকচিন বিভাগৰ মুৰব্বী। ফ্ৰাঞ্চিনিয়ে অংকোজিন আৰু মানৱ ৰেট্ৰ’ভাইৰাছৰ ওপৰত গৱেষণাৰ পথ-প্ৰদৰ্শক।
-
জেমিমাহ কাৰিউকি
জেমিমাহ কাৰিউকি (Jemimah Kariuki) কেনিয়াৰ এগৰাকী চিকিৎসক যি প্ৰতিৰোধমূলক চিকিৎসা, মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ বিশেষজ্ঞ। ক’ভিড-১৯ মহামাৰীৰ সময়ত তেওঁ এম্বুলেন্স সেৱাৰ আয়োজন কৰিছিল যাৰ ফলত গৰ্ভৱতী মহিলাসকলে প্ৰসূতিৰ যত্ন ল’ব পাৰিছিল।