স্বাতী অজয় পিৰামল শ্বাহ ( Swati Ajay Piramal Shah) এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু উদ্যোগপতি৷ তেওঁ স্বাস্থ্যসেৱাৰ সৈতে জড়িত হৈ জনস্বাস্থ্য আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে ঔষধ, বিত্তীয় সেৱা, ৰিয়েল এষ্টেট আৰু কাঁচৰ পেকেজিঙৰ প্ৰতি আগ্ৰহী ব্যৱসায়িক সংস্থা “পিৰামল গ্ৰুপ’’ৰ ’ভাইচ চেয়াৰপাৰ্চন’। তেওঁৰ জন্ম হয় ২৮ মাৰ্চ, ১৯৫৬ চনত৷১২ তেওঁৰ পিতৃৰ নাম আছিল নিৰঞ্জন শ্বাহ আৰু মাতৃৰ নাম অৰুনিকা শ্বাহ৷৩
কৃতিত্ব
বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱসায়ত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০১২ চনত তেওঁক ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰিছে।৪ স্বাতী অজয় পিৰামলে ভাৰতৰ এপেক্স চেম্বাৰ অৱ কমাৰ্চৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৫ তেওঁ হাৰ্ভাৰ্ড ব'ৰ্ড অৱ অভাৰচিয়াৰৰ সদস্য আৰু হাৰ্ভাৰ্ড বিজনেছ স্কুল আৰু জনস্বাস্থ্যৰ ডীনৰ উপদেষ্টা হিচাপেও কাম কৰে।৬ স্বাতী অজয় পিৰামলে ১৯৮০ চনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানত এম বি বি এছ ডিগ্ৰী লাভ কৰে৷ তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ Public Health Schoolৰ প্ৰাক্তন ছাত্ৰী৷ তেওঁ তাৰপৰা ১৯৯২ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ তেওঁ পিৰামল গ্ৰুপৰ “চেয়াৰমেন’’ অজয় পিৰামলক বিয়া কৰায়৷ ৭৮ পিৰামলে কম বয়সৰ পৰাই দীৰ্ঘদিনীয়া ৰোগাক্ৰান্ত লোকৰ জীৱন উন্নত কৰাৰ ইচ্ছা পুহি ৰাখিছিল আৰু সেয়ে স্কুল আৰু কলেজত সেইমতে পঢ়ি তেওঁ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী গ্ৰহণ কৰে৷৯ বিবাহ আৰু সন্তান জন্ম দিয়াৰ পিছতহে তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত জনস্বাস্থ্যৰ স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷১০
১৯৭০ চনৰ মাজভাগত পিৰামলে পলিঅ’ ৰোগত আক্ৰান্ত এগৰাকী ছোৱালীক লগ পায়৷ তাৰপিছত তেওঁ মেডিকেল স্কুলৰ সহপাঠী বন্ধুসকলৰ লগত মিলি এটা পলিঅ’ চেণ্টাৰ স্থাপন কৰে। প্ৰথম বছৰত তেওঁলোকে ২৫ হাজাৰ শিশুক চিকিৎসা প্ৰদান কৰিছিল। স্থানীয় বাসিন্দাসকলক নিজৰ সন্তানক প্ৰতিষেধক প্ৰদান কৰিবলৈ পতিয়ন নিয়াবলৈ পিৰামল আৰু তেওঁৰ বন্ধুসকলে পলিঅ’ প্ৰতিষেধকৰ উপকাৰীতাৰ বিষয়ে ৰাজপথত “বাটৰ নাট’’ প্ৰদৰ্শন কৰে। ঘৰে ঘৰে গৈ পৰিয়ালবোৰকো শিক্ষা দিছিল। তেওঁলোকে শিশুৰ চিকিৎসা কৰিছিল, বেছিভাগেই বিনামূলীয়াকৈ। দহ বছৰৰ ভিতৰত সেই অঞ্চলৰ প্ৰতিষেধক বা চিকিৎসাৰ প্ৰয়োজন হোৱা প্ৰতিজন ব্যক্তিয়ে প্ৰতিষেধক লাভ কৰিছিল। লক্ষ্যত উপনীত হোৱাৰ পিছত কেন্দ্ৰটো বন্ধ কৰি দিয়া হৈছিল।১১
ব্যক্তিগত জীৱন
স্বাতী শ্বাহ আৰু অজয় পিৰামলৰ এজন পুত্ৰ আনন্দ পিৰামল৷ তেওঁ মুকেশ আম্বানী আৰু নীতা আম্বানীৰ একমাত্ৰ কন্যা ঈশা আম্বানীক বিয়া কৰায়৷ ১২১৩ অজয় আৰু স্বাতীৰ এগৰাকী কন্যাও আছে৷ তেওঁৰ নাম নন্দিনী পিৰামল৷ তেওঁ আমেৰিকান নাগৰিক পিটাৰ ডি ইয়ঙৰ সৈতে বিয়া হয়।১৪বোৱাৰী ঈশাই বিয়াৰ পিছত উপহাৰ দিয়া মুম্বাইৰ “গুলিতা’’ নামৰ ঘৰত বৰ্তমান শ্বাহ-পিৰামল থাকে৷১৫ তেওঁ মুম্বাইৰ “গোপিকৃষ্ণ পিৰামল হাস্পতাল’’ৰ প্ৰতিষ্ঠাপক,১৬“পিৰামল ফাউণ্ডেশ্যন’’ৰ সঞ্চালিকা হিচাপে তেওঁ “এইচ এম আৰ আই’’ৰ জৰিয়তে ভাৰতৰ গ্ৰাম্য অঞ্চলত স্বাস্থ্যৰ প্ৰসাৰত সহায়ক হোৱাকৈ এটা “ভ্ৰাম্যমাণ স্বাস্থ্য সেৱা’’ ব্যৱস্থা প্ৰৱৰ্তন কৰে,১৭মহিলা সৱলীকৰণ প্ৰকল্প, আৰু যুৱ নেতা সৃষ্টি কৰাত স্থানীয় শিক্ষা ব্যৱস্থা সমৰ্থন কৰে। তদুপৰি তেওঁ বিশুদ্ধ পানীৰ আঁচনি ’সৰ্বজল ফাউণ্ডেশ্যন’ৰ পৰিচালক৷১৮ বৰ্তমান তেওঁ হাৰ্ভাৰ্ড School of Public Health আৰু "হাৰ্ভাৰ্ড বিজনেছ স্কুল'' দুয়োটাৰে ডীন এডভাইজাৰী ব’ৰ্ডত কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ আই আই টি বম্বে, আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ দৰে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক প্ৰতিষ্ঠানৰ ব'ৰ্ডত কাৰ্যনিৰ্বাহ কৰে৷১৯
তথ্যসূত্ৰ
- ↑ Stock Quote News - Stock Market Quotes, Online Stock Quotes, India. in.reuters.com
- ↑ (2020-06-26). Partnerships to Advance Public Health and the Economy in the COVID-19 Era. India Education · Latest Education News · Global Educational News · Recent Educational News
- ↑ The Piramal Family's Purposeful Philanthropy. Forbes India
- ↑ Swati Piramal - Most Powerful Women in 2012 - Fortune India. www.fortuneindia.com
- ↑ Bureau, The SME Times News. (2018-01-20). Swati Piramal- The first woman President of India's Apex Chamber of Commerce, ASSOCHAM. The SME Times
- ↑ (2012-05-28). Swati Piramal elected to Harvard board of overseers. Business Standard India. Press Trust of India
- ↑ Stock Quote News - Stock Market Quotes, Online Stock Quotes, India. in.reuters.com
- ↑ Alumni News and Features. alumni.sph.harvard.edu
- ↑ (2019-04-04). Dr. Swati A Piramal a women(sic) Business tycoon. Xpert Magazine
- ↑ (2014-06-01). Swati Piramal: What makes her special. mid-day
- ↑ (30 August 2011). The Piramal Healthcare Director runs the business with a smile. www.businesstoday.in
- ↑ (2018-12-12). Isha Ambani and Anand Piramal · Mumbai · Celebrity Weddings. WeddingSutra
- ↑ (December 12, 2018). Who is Anand Piramal, the man Mukesh Ambani's daughter Isha is marrying?. India Today
- ↑ Interesting things about Nandini Piramal you need to know - Times of India. The Times of India
- ↑ (2018-11-15). Isha Ambani and Anand Piramal to move into ₹450 cr Mumbai bungalow. Architectural Digest India
- ↑ (2 August 2010). Swati Piramal joins Nestle Board of Directors
- ↑ Piramal, Swati. (23 February 2014). Swati Piramal · The foundation for a family. Livemint.com
- ↑ Of India, Press Trust. (9 October 2009). Assocham appoints Swati Piramal as its new president. Business Standard. Press Trust of India
- ↑ Kanga, Fareeda. (1 June 2014). Swati Piramal: What makes her special. Mid-Day Infomedia Ltd
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাতী অজয় পিৰামল শ্বাহ” প্ৰবন্ধৰ সংশোধন ৬০৪৫৭৫ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।