লোটে শ্বেৰিং (Lotay Tshering)১, জন্ম ১০ মে' ১৯৬৯) হৈছে ভূটানৰ এগৰাকী ৰাজনীতিবিদ আৰু চিকিৎসক৷ ২ তেখেত ভূটানৰ বৰ্তমান প্ৰধান মন্ত্ৰী ৷ ৩৪ ২০১৮ চনৰ ৭ নৱেম্বৰৰ পৰা তেখেতে দায়িত্ব চম্ভালি আছে৷ ২০১৮ চনৰ ১৪ মে'ৰ পৰা তেখেত ড্ৰুক ন্যামৰূপ শোগপাৰ অধ্যক্ষৰ পদো অলংকৃত কৰি আছে৷ ৫৬
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৯ চনৰ ১০ মে'ত এটা মাৰ্জিত পৰিয়ালত শ্বেৰিঙৰ জন্ম হয়৷ ৭৮ ভূটানৰ থিম্ফুৰ অন্তৰ্গত মেয়াং গিয়গৰ ডালুখা গাঁৱত তেখেতৰ জন্ম হৈছিল৷ ৯
পুনাখা হাইস্কুলৰ পৰা লোটে শ্বেৰিঙে প্ৰাৰম্ভিক শিক্ষা লাভ কৰে আৰু শ্বেৰুবছি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ পৰৱৰ্তী সময়ত ঢাকা বিশ্ববিদ্যালয়ৰ অধীনস্থ মৈমনসিঙ চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেখেতে স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু ২০০১ চনত এমবিবিএছ ডিগ্ৰী লাভ কৰে৷ ১০ বাংলাদেশ, ঢাকাৰ বংগবন্ধু শ্বেইখ মুজিব চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেখেতে পৰৱৰ্তী সময়ত অস্ত্ৰোপচাৰত স্নাতকোত্তৰ অৰ্জন কৰে৷ ১০ ২০০৭ চনত শ্বেৰিঙে আমেৰিকাৰ উইছকনছিন মেডিকেল কলেজৰ পৰা ইউৰ'লজি অধ্যয়ন কৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা লাভ কৰা ফেলোশ্বিপৰ অধীনত তেখেতে এই অধ্যয়ন গ্ৰহণ কৰিছিল৷ ভূটানলৈ ওভতি আহি তেখেতে ইউৰ'লজিৰ নিদান প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু উক্ত দিশত চিকিৎসা সেৱা আগবঢ়োৱা তেখেতেই ভূটানৰ একমাত্ৰ চিকিৎসক হিচাপে পৰিগণিত হয়৷ ২০১০ চনত ছিংগাপুৰ জেনেৰেল হাস্পতাল আৰু জাপানৰ অকহামা বিশ্ববিদ্যালয়ৰ পৰা এণ্ডিউৰ'ল'জিত তেখেতে ফেলোশ্বিপ লাভ কৰে৷ ১১২০১৪ চনত অষ্ট্ৰেলিয়াৰ কানবেৰা বিশ্ববিদ্যালয়ৰ পৰা লোটে শ্বেৰিঙে এমবিএ ডিগ্ৰী অৰ্জন কৰে৷ ১১
ব্যক্তিগত জীৱন
লোটে শ্বেৰিঙে চিকিৎসক উগয়েন ডেমাৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৷ ১২ দম্পতীহালৰ দুগৰাকী কন্যা সন্তান আছে ৷ মংগাৰ আঞ্চলিক ৰেফাৰেল চিকিৎসালয়ত থকা কালছোৱাত লোটে শ্বেৰিঙে এজন ল’ৰা আৰু এগৰাকী ছোৱালী তুলি লয়৷ শ্বেৰিঙে জংখা, শ্বামখা, বঙালী ভাষা আৰু ইংৰাজী ভাষাকে ধৰি কেইবাটাও ভাষাত কথা ক’ব পাৰে৷
পেছাদাৰী জীৱন
শ্বেৰিঙে থিম্ফুত থকা নেশ্যনেল ৰেফাৰেল হাস্পতালত সাধাৰণ অস্ত্ৰোপচাৰ বিভাগত কনছালটেণ্ট ছাৰ্জন হিচাপে সেৱা আগবঢ়াইছে ৷ ইয়াৰোপৰি মংগাৰ আঞ্চলিক ৰেফাৰেল চিকিৎসালয়তো তেখেতে সেৱা আগবঢ়াইছে ৷ ১৩ জিগমে দৰ্জী ৱাংশ্বুক ৰাষ্ট্ৰীয় ৰেফাৰেল চিকিৎসালয়ত (JDWNRH) তেখেতে কনছালটেণ্ট ইউৰ’লজিষ্ট হিচাপে ১১ বছৰ কাম কৰিছে৷ ১১
ৰয়েল চিভিল চাৰ্ভিছ কমিছনলৈ প্ৰায় ৬২ লাখ ভূটানী ধন (গুলট্ৰাম, ngultrum) আগবঢ়োৱাৰ পাছত ২০১৩ চনত তেখেতে ৰাজনীতিত যোগদান কৰে৷
ৰাজনৈতিক জীৱন
২০১৩ চনৰ ভূটানী ৰাষ্ট্ৰীয় বিধানসভা নিৰ্বাচনত শ্বেৰিঙে অংশ লৈছিল যদিও প্ৰাৰম্ভিক ৰাউণ্ডত তেওঁলোকৰ দলটোৱে পৰাজয়বৰণ কৰে৷ ১৩
২০১৮ চনৰ ১৪ মে' তাৰিখে শ্বেৰিঙে ১,১৫৫ টা ভোট লাভ কৰি ড্ৰুক ন্যামৰূপ শগপা (DNT) দলৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়৷ তাৰ ঠিক পাঁচ মাহৰ পাছতেই ২০১৮চনৰ ভূটানী তৃতীয় ৰাষ্ট্ৰীয় বিধান সভা নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ ১৪
২০১৮ চনৰ বিধানসভা নিৰ্বাচনতে শ্বেৰিঙে দক্ষিণ থিম্ফু সমষ্টিৰ পৰা ডিএনটি দলৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ ভূটানৰ ৰাষ্ট্ৰীয় বিধানসভালৈ নিৰ্বাচিত হয়৷ ৩,৬৬২ টা ভোট লাভ কৰি তেখেতে ডিপিটি দলৰ প্ৰতিদ্বন্দ্বী কিনলেই শ্বেৰিঙক পৰাভূত কৰে৷ ১৫ ২০১৮ চনৰ ৰাষ্ট্ৰীয় বিধানসভাৰ নিৰ্বাচনত তেওঁলোকৰ দলে সৰ্বাধিকসংখ্যক ভোট লাভ কৰে আৰু শ্বেৰিঙে প্ৰিমিয়াৰশ্বিপ অৰ্জন কৰে৷ ১৬ তেখেতৰ দল ড্ৰুক ন্যামৰূপ শগপাও পোনপ্ৰথমবাৰৰ বাবে চৰকাৰৰ গাদীত বহে ৷ ১৭
প্ৰধান মন্ত্ৰী
২০১৮ চনৰ ৭ নৱেম্বৰ তাৰিখে লোটে শ্বেৰিঙে পূৰ্বৰ প্ৰধান মন্ত্ৰী শ্বেৰিং টোগবেইক শাসনচ্যুত কৰি গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত হোৱা ভূটানৰ তৃতীয়গৰাকী প্ৰধান মন্ত্ৰীৰ আসনত বহে ৷ ১৮১৯২০
২০১৮ চনৰ ২৭ ডিচেম্বৰত লোটে শ্বেৰিঙ ভাৰতলৈ তিনিদিনীয়া ভ্ৰমণসূচী লৈ উপস্থিত হয়৷ এয়া আছিল তেখেতৰ প্ৰথমটো বিদেশ ভ্ৰমণ৷ ২১২২
২০১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে লোটে শ্বেৰিঙে চৰকাৰী ভ্ৰমণসূচী লৈ বাংলাদেশ ভ্ৰমণ কৰে ৷ ২৩ ২০২১ চনৰ ২৪ মাৰ্চত ভূটানৰ মহামান্য ৰজাৰ হৈ তেখেত বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ ৰাওনা হয় ৷
বঁটা-বাহন
- ১৯৯১: শ্বেৰুবটছত শৈক্ষিক উৎকৰ্ষতাৰ বাবে তেখেতক ফাদাৰ উইলিয়াম মেকি সোণৰ পদক প্ৰদান কৰা হৈছিল১১
- ২০০৫: ১৪ তম দালাই লামাৰ দ্বাৰা সহানুভূতিৰ অখ্যাত নায়ক বঁটা প্ৰদান কৰা হৈছিল।১১
- ২০১৭: "ছাৱা-ছুম( আমাৰ ৰজা, আমাৰ দেশ আৰু আমাৰ মানুহ)ৰ প্ৰতি আগবঢ়োৱা নিঃস্বাৰ্থ আৰু নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে লোটে শ্বেৰিঙক ৰজা জিগমে খেছাৰ নামগেয়াল ৱাংছুকে অৰ্ডাৰ অৱ দ্য বিলাভেড অৱ দ্য থাণ্ডাৰ ড্ৰেগন (ড্ৰুক থুকছে) পদক আগবঢ়ায়৷ ১১
- ২০১৮: ৰজা জিগমে খেছাৰ নামগেয়াল ৱাংছুকে "প্ৰধান মন্ত্ৰীৰ হিচাপে নিযুক্তিৰ বাবে" কাবনি (Royal Orange Scarf) প্ৰদান কৰে৷ (২৪
- ২০২০: "মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰধান মন্ত্ৰী হিচাপে আগবঢ়োৱা অটল প্ৰচেষ্টা আৰু অৱদান"ৰ বাবে ৰজা জিগমে খেছাৰ নামগেয়াল ৱাংছুকে তেখেতক কাবনি (Lungmar Scarf) প্ৰদান কৰে৷ ২৫
তথ্যসূত্ৰ
- ↑ 12 Things To Know About Bhutan's New Prime Minister Dr Lotay Tshering. dailybhutan.com
- ↑ (10 May 2019). 'I like to operate': Bhutan's PM spends weekends as a surgeon
- ↑ (23 October 2018). Dr Lotay Tshering is the prime minister candidate. www.kuenselonline.com
- ↑ (19 October 2018). Narendra Modi congratulates newly elected PM of Bhutan. Hindustan Times
- ↑ (14 May 2018). DNT elects Dr. Lotay Tshering as President and Dasho Sherub Gyeltshen as Vice President - BBS. BBS
- ↑ Ready to lead DNT, says Dr Lotay Tshering – KuenselOnline. www.kuenselonline.com
- ↑ Dr Lotay Tshering. www.facebook.com
- ↑ Bhutan 2018 Elections. www.peldendrukpa.com
- ↑ DNT cannot be stronger than 2018's team
- ↑ (14 April 2019). MMCH accords reception to its ex-student Bhutanese PM. The Financial Express
- ↑ 11 Things To Know About Bhutan's New Prime Minister Dr Lotay Tshering. bhutantimes.com
- ↑ (14 April 2019). Dr. Ugyen Dema, spouse of Prime Minister of Bhutan, visited Shinepukur Ceramics. The Financial Express
- ↑ Chaudhury, Dipanjan Roy. (20 October 2018). Centre-left DNT win may strengthen India-Bhutan relations. The Economic Times
- ↑ (14 May 2018). DNT elects Dr. Lotay Tshering as President and Dasho Sherub Gyeltshen as Vice President
- ↑ (19 October 2018). North and South Thimphu ayes for DNT – KuenselOnline. Kuenselonline.com
- ↑ (23 October 2018). DNT confirms Dr Lotay Tshering as its PM nominee
- ↑ Bhutan chooses new party to form government. Times of India
- ↑ (8 November 2018). Dr Lotay Tshering sworn in as Bhutan's new prime minister. The New Indian Express
- ↑ (8 November 2018). Lotay Tshering sworn in as Bhutan's new prime minister - Xinhua | English.news.cn. Xinhuanet.com
- ↑ (8 November 2018). New PM's Cabinet inaugurated in Bhutan. English.kyodonews.net
- ↑ (27 December 2018). Maiden foreign tour: Bhutan PM Lotay Tshering arrives in India
- ↑ Bhutanese PM Lotay Tshering arrives in India on maiden foreign visit. WION
- ↑ We Are Landlocked But Our Minds Are Open: Prime Minister Dr Lotay Tshering Of Bhutan. dailybhutan.com
- ↑ (7 November 2018). His Majesty confers Dakyen to PM, appoints ministers and grants Orange Kabney to Speaker, OL - BBS
- ↑ His Majesty confers Lungmar Scarf and Red Scarves
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোটে শ্বেৰিং” প্ৰবন্ধৰ সংশোধন ৫২৩১১৭ (১০ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।