অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইলিয়াছ আলি

ইলিয়াছ আলি অসমৰ এগৰাকী শল্য চিকিৎসক। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগৰ অধ্যাপক আছিল। লগতে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঘাত কেন্দ্ৰ আৰু আপাতকালীন চিকিৎসা বিভাগৰ মুৰব্বী হিচাপেও কৰ্মৰত আছিল।

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ২৮৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ইলিয়াছ আলি অসমৰ এগৰাকী শল্য চিকিৎসক। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ শল্য চিকিৎসা বিভাগৰ অধ্যাপক আছিল। লগতে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঘাত কেন্দ্ৰ আৰু আপাতকালীন চিকিৎসা বিভাগৰ মুৰব্বী হিচাপেও কৰ্মৰত আছিল। তেওঁ পুৰুষৰ বন্ধ্যাকৰণ পদ্ধতি ব্যৱহাৰ কৰি জনবিস্ফোৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি সমাজলৈ অতুলনীয় বৰঙণি আগবঢ়াইছে। বিশেষকৈ চৰ-চাপৰিৰ মুছলমান সম্প্ৰদায়ৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত পুৰুষৰ বন্ধ্যাকৰণৰ ব্যৱস্থা একক অভিযানেৰে ৰূপায়ণ কৰি বিৰল দৃষ্টান্ত দাঙি ধৰিছে। জন্ম নিয়ন্ত্ৰণৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০১৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।১২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫৫ চনৰ ৮ আগষ্ট তাৰিখে দৰং জিলাৰ চেঙেলীয়াঝাৰৰ ওচৰৰ জজিয়াত জন্মগ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ চেঙেলীয়াঝাৰ হাই স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাত নামভৰ্তি কৰে। তাৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তি কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত একেখন মহাবিদ্যালয়ৰ পৰা ১৯৮৭ চনত শল্য চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কৰ্ম জীৱন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক হিচাপে ডাঃ ইলিয়াছ অলিয়ে কৰ্ম জীৱনৰ পাতনি মেলিছিল। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ শল্য চিকিৎসা বিভাগৰ অধ্যাপক আছিল। লগতে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আঘাত কেন্দ্ৰ আৰু অপাতকালীন চিকিৎসা বিভাগৰ মুৰব্বী হিচাপেও কৰ্মৰত আছিল। তেওঁ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক আছিল। ২০০৯ চনৰ পৰা তেওঁ অসম চৰকাৰৰ পুৰুষৰ বন্ধ্যাকৰনৰ নডেল বিষয়া হিচাপে কৰ্মৰত আছিল। তেওঁৰ নেতৃত্বত ২০০৯ চনৰ পৰা প্ৰায় ৫৭,০০০ ব্যক্তিৰ বন্ধ্যাকৰন কৰা হয়।৩ তেওঁ বিশেষকৈ চৰ-চাপৰিৰ মুছলমান সম্প্ৰদায়ৰ মাজত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ব্যাপক হাৰত পুৰুষৰ বন্ধ্যাকৰণৰ ব্যৱস্থা জনপ্ৰিয় কৰিছিল। ২০১৫ চনত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ বৰ্তমান গুৱাহাটীৰ গ্লোৱেল হস্পিটেলত কৰ্মৰত আৰু উত্তৰ পূৰ্বাঞ্চল জনসংখ্যা ফাউণ্ডেচনৰ অধ্যক্ষ।

ভাৰত চৰকাৰে শল্য চিকিৎসাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে ২০১৯ চনত পদ্মশ্ৰী প্ৰদান কৰে।

বঁটা আৰু সন্মান

  • পদ্মশ্ৰী, ২০১৯
  • পুনেৰ মালতীদেৱী সামাজিক ট্ৰাষ্টৰ সমাজসেৱা পদ্মশ্ৰী সন্মান, ২০১৩৪

তথ্যসূত্ৰ

  1. ↑ Assam’s ‘family planning jihadi’ Dr. Ilias Ali finally gets his dues in form of Padma Shri. The New Indian Express
  2. ↑ (2019-01-26). বিশিষ্ট চিকিৎসক ডাঃ ইলিয়াছ আলী আৰু উদ্ভাৱক উদ্ধৱ ভৰালীলৈ ‘পদ্ম’ সন্মান. NORTHEAST NOW (Assamese)
  3. ↑ (2018-11-16). Around 57,000 individuals have undergone vasectomy: Dr Ilias Ali. The Sentinel
  4. ↑ TwoCircles.net. Dr Ilias Ali of Assam honoured

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিচিকিৎসাবিদপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলিয়াছ আলি” প্ৰবন্ধৰ সংশোধন ৫৯৩৫৫৫ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।