অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰবিন কুক

ৰবাৰ্ট ব্ৰায়ান "ৰবিন" কুক (জন্ম ৪ মে', ১৯৪০) এজন আমেৰিকান চিকিৎসক আৰু লেখক। চিকিৎসা সম্পৰ্কীয় থ্ৰিলাৰ উপন্যাসৰ বাবে তেখেত প্ৰখ্যাত। তেখেতৰ কেইবাখনো কিতাপে নিউ য়ৰ্ক টাইম্‌ছ বে'ষ্টচেলাৰ তালিকাত স্থান পাইছে। ৰিডাৰ্ছ ডাইজেষ্টতো তেখেতৰ কেইবাখনো কিতাপে স্থান পাইছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰবাৰ্ট ব্ৰায়ান "ৰবিন" কুক (জন্ম ৪ মে', ১৯৪০)১ এজন আমেৰিকান চিকিৎসক আৰু লেখক। চিকিৎসা সম্পৰ্কীয় থ্ৰিলাৰ উপন্যাসৰ বাবে তেখেত প্ৰখ্যাত। তেখেতৰ কেইবাখনো কিতাপে নিউ য়ৰ্ক টাইম্‌ছ বে'ষ্টচেলাৰ তালিকাত স্থান পাইছে। ৰিডাৰ্ছ ডাইজেষ্টতো তেখেতৰ কেইবাখনো কিতাপে স্থান পাইছে। তেখেতৰ কিতাপ বিশ্বজুৰি প্ৰায় ৪০ কোটি বিক্ৰী হৈছে।২

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

নিউ য়ৰ্ক মহানগৰৰ কুইন্‌ছত ডাঙৰ হোৱা ৰবিন কুকে আঠ বছৰ বয়সত নিউ জাৰ্ছীৰ লিঅ'নিয়ালৈ আহে।৩ তেখেতে ৱেছ্‌লিয়ান বিশ্ববিদ্যালয় আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰি হাৰ্ভাৰ্ডৰ পৰা স্নাতকোত্তৰ শিক্ষা লাভ কৰে।৪

কুকে ফ্ৰান্সত কুস্ত' চ'চাইটীৰ ব্লাড-গেছ গৱেষণাগাৰত কাম কৰিছিল। ১৯৬৯ চনত তেখেতে আমেৰিকান জলসেনাৰ SEALAB প্ৰ'গ্ৰেমত aquanaut (চাবমেৰিন চিকিৎসক) হিচাপে যোগদান কৰে।৫ তেখেতে ১৯৬৯ চনৰ পৰা ১৯৭১ চনলৈকে জলসেনাত কাম কৰি লেফ্‌টেনেণ্ট কমাণ্ডাৰৰ পদ অৰ্জন কৰে। UGM-27 Polaris চাব্‌মেৰিনত কাম কৰি থাকোঁতেই তেখেতে প্ৰথম উপন্যাস "The Year of the Intern" লিখি উলিয়ায়।১

ঔপন্যাসিক

The Year of the Intern অসফল হোৱাৰ পাছত কুকে বে'ষ্টচেলাৰবোৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ লয়।৩ পাঠকক আকৰ্ষণ কৰিব পৰা কিছুমান কৌশল শিকি তেখেতে Coma উপন্যাসত সেইবোৰ প্ৰয়োগ কৰে।৩ ১৯৭৭ চনৰ মাৰ্চত উপন্যাসখনৰ পেপাৰবেকৰ অধিকাৰ ৮০০,০০০ ডলাৰত বিক্ৰী কৰে।৩ ইয়াৰ পাছত ১৯৭৯ চনত তেখেতে ইজিপ্ট'ল'জী থ্ৰিলাৰ "Sphinx আৰু ১৯৮১ চনত আন এখন মেডিকেল থ্ৰিলাৰ ব্ৰেইন'' প্ৰকাশ কৰে।৩ তাৰ পাছত তেখেতে চিকিৎসকৰ কেৰিয়াৰতকৈ লেখক জীৱনক প্ৰাধান্য দিবলৈ সিদ্ধান্ত লয়।৩

কুকৰ উপন্যাসবোৰত চিকিৎসা বিজ্ঞানৰ তথ্যৰ লগত কল্পনাৰ সমাহাৰ দেখা যায়। তেখেতৰ মেডিকেল থ্ৰিলাৰবোৰে মানুহক আধুনিক চিকিৎসা বিজ্ঞানৰ প্ৰযুক্তিগত সম্ভাৱনা আৰু ইয়াৰ লগত জড়িত সামাজিক-নৈতিক সমস্যাৰ বিষয়ে সজাগ কৰে।১ কুকে কয় যে মানুহক চিকিৎসা বিজ্ঞানৰ নজনা কথাৰ প্ৰতি আগ্ৰহী কৰিবলৈ তেখেতে থ্ৰিলাৰ লিখে আৰু কিতাপবোৰে মানুহক কিছু কথা শিকাইছে বুলি তেখেতে বিশ্বাস কৰে।৬ এতিয়ালৈকে কুকে অংগ দান, অংগ সংস্থাপন, উৰ্বৰতা চিকিৎসা, জিনীয় অভিয়ন্ত্ৰণ, ইন্‌ ভিট্ৰ' ফাৰ্টিলাইজেচন, চিকিৎসা পৰ্যটন, চিকিৎসাৰ অন্যায় পদ্ধতি আদিৰ বিষয়ে লিখিছে।৬

প্ৰকাশিত গ্ৰন্থ

  • Year of the Intern (১৯৭২)
  • Coma (১৯৭৭)
  • Sphinx (১৯৭৯)
  • Brain (১৯৮১)
  • Fever (১৯৮২)
  • Godplayer (১৯৮৩)
  • Mindbend (১৯৮৫)
  • Outbreak (১৯৮৭)
  • Mortal Fear (১৯৮৮)
  • Mutation (১৯৮৯)
  • Harmful Intent (১৯৯০)
  • Vital Signs (১৯৯১)
  • Terminal (১৯৯৩)
  • Fatal Cure (১৯৯৩)
  • Acceptable Risk (১৯৯৫)
  • Invasion (১৯৯৭)
  • Toxin (১৯৯৮)
  • Abduction (২০০০)
  • Shock (২০০১)
  • Seizure (২০০৩)
  • Death Benefit'' (২০১১)
  • Nano (২০১৩)
  • Cell (২০১৪)
  • Host (২০১৫)

জেক ষ্টেপল্‌ট'ন আৰু ল'ৰী মণ্টগ'মাৰী চিৰিজ

  • Blindsight (১৯৯২)
  • Contagion (১৯৯৫)
  • Chromosome 6 (১৯৯৭)
  • Vector (1999)
  • Marker (2005)
  • Crisis (2006)
  • Critical (2007)
  • Foreign Body (2008)
  • Intervention (2009)
  • Cure (2010)

ব্যক্তিগত জীৱন

কুকে বষ্ট'ন আৰু ফ্ল'ৰিডাৰ নেপল্‌ছত থকা ঘৰত পত্নী জীন আৰু পুত্ৰৰ সৈতে বাস কৰে। সদ্যহতে তেখেতে মাচাচুছেট্‌ছ চকু আৰু কাণ চিকিৎসালয়ৰ পৰা ছুটী লৈছে।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Stookey, Lorena Laura (1996). Robin Cook: A Critical Companion, Westport, Connecticut, London: Greenwood Press
  2. ↑ AEI Speakers, American Entertainment International Speakers Bureau. "Robin Cook Biography". Second and fifth paragraphs. Retrieved April 8, 2012
  3. ↑ Fabrikant, Geraldine. (January 21, 1996). TALKING MONEY WITH: DR. ROBIN COOK. The New York Times
  4. ↑ Cooking Another Medical Thriller, Naple News. By Sandy Reed. "Q&A about [Robin Cook's] 31st book and much more." Sixth paragraph. March 27, 2012. Retrieved April 7, 2012
  5. ↑ Jay McDonald. Workaholic doctor-author says money never a goal
  6. ↑ Author Biography
  7. ↑ Jennes, Gail. (1981-04-06). Dr. Robin Cook Has An Rx for Success: a Brain in the Bookstores and a Beauty at Home. People

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান লেখকচিকিৎসাবিদআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবিন কুক” প্ৰবন্ধৰ সংশোধন ৩৮৩৪৩৭ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।