হৰলিক্স (Horlicks) এবিধ জনপ্ৰিয় মল্টেড শক্তিবৰ্ধক উষ্ম পানীয়৷ এই শক্তিবৰ্ধক পানীয়বিধ গ্লাক্সোস্মিথক্লিন নামৰ এটি কোম্পানীয়ে যুক্তৰাষ্ট্ৰ, ভাৰত, পাকিস্তান, বাংলাদেশ, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু জামাইকাত উৎপাদন কৰে তথা ফিলিপাইন আৰু মালেয়াচিয়াত অনুজ্ঞাপ্ৰাপ্ত৷
উৎপাদন পদ্ধতি
প্ৰথমতে মল্টেড ষ্টাৰ্চ আৰু ঘেহুৰ মিশ্ৰণ প্ৰস্তুত কৰি গৰম পানীত গুলা হয়৷ ইয়াত থকা ষ্টাৰ্চখিনি শৰ্কৰালৈ পৰিণত হয়৷এই মিশ্ৰণত গাখীৰ যোগ কৰি পুনৰ গৰম কৰা হয়৷ ইয়াত থকা জলীয় বাষ্প এই পক্ৰিয়াত বাষ্পীভূত হয়৷ এই মিশ্ৰণটি ভেকুৱামত শুকুওৱা হয়৷ ই কেকৰ আকাৰ লয়৷ পিছত তাক গুৰি কৰি চূড়ান্ত হৰলিক্সৰ উৎপাদন কৰা হয়৷
বাহ্যিক সংযোগ
- Horlicks Global website
- What Do Brits Mean by "Horlicks"? by Brendan I. Koerner
- Wisconsin's Malted Milk Story
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰলিক্স” প্ৰবন্ধৰ সংশোধন ৬০৪৬০৪ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।