অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কলৰ ৰুটি

কলৰ ৰুটি পিটিকি মিহি কৰা কলৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ মিঠা ৰুটি বা কেক। ই প্ৰায়ে আৰ্দ্ৰ আৰু মিঠা দ্ৰুত ৰুটি যদিও কিছুমান ৰেচিপিত ইষ্ট সংযোগ কৰা হয়।

হালনাগাদ: ৫ এপ্ৰিল ২০২৫ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কলৰ ৰুটি পিটিকি মিহি কৰা কলৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ মিঠা ৰুটি বা কেক।১২ ই প্ৰায়ে আৰ্দ্ৰ আৰু মিঠা দ্ৰুত ৰুটি যদিও কিছুমান ৰেচিপিত ইষ্ট সংযোগ কৰা হয়।

ইতিহাস

১৮৭০ চনত আমেৰিকাত কলৰ আবিষ্কাৰ হৈছিল যদিও ডেজাৰ্টৰ উপাদান হিচাপে কলৰ ব্যৱহাৰ হ’বলৈ কিছু সময় লাগিছিল। ১৯৩০ চনত গেলামালৰ দোকানত বেকিং পাউদাৰ উপলভ্য হোৱাৰ সময়ত সমগ্ৰ উত্তৰ আমেৰিকাৰ ৰন্ধন পুস্তিকাত কলৰ ৰুটিৰ ৰেচিপি প্ৰকাশ পাইছিল। কিছুমান খাদ্য ইতিহাসবিদে কলৰ ৰুটি উভৈনদীৰ পৰা ওপজা বুলি বিশ্বাস কৰে, কাৰণ সম্বলশালী গৃহিণীসকলে অতি পকা কল পেলাব নিবিচাৰিছিল। আন কিছুমানৰ মতে কলৰ ৰুটি কৰ্পৰেট পাকঘৰত আটা আৰু বেকিং চোডাৰ সামগ্ৰীৰ প্ৰচাৰৰ বাবে বিকশিত কৰা হৈছিল।৩ ২০২০ চনত ক'ভিড-১৯ মহামাৰীৰ লকডাউনৰ সময়ত কলৰ ৰুটিৰ জনপ্ৰিয়তা পুনৰ উত্থান ঘটিছিল।৪

ফিলিপাইনছত কলৰ ৰুটিক সাধাৰণতে "কলৰ কেক" বুলি কোৱা হয়। ফিলিপাইনছৰ আমেৰিকাৰ ঔপনিৱেশিক যুগত ফিলিপাইনছ কলৰ শীৰ্ষ যোগানকাৰী দেশ হিচাপে পৰিগণিত হোৱাৰ বাবে ইয়াক প্ৰৱৰ্তন কৰা হৈছিল।৫

২৩ ফেব্ৰুৱাৰী আমেৰিকাত ৰাষ্ট্ৰীয় কলৰ ৰুটি দিৱস পালন কৰা হয়।৬

প্ৰকাৰ

কলৰ ৰুটিৰ কেইবাটাও প্ৰকাৰ আছে। যেনে, কল কিচমিচৰ ৰুটি, কল বাদামৰ ৰুটি (প্ৰায়ে কটা বাদাম, যেনে আখৰোট, পেকান বা আলমণ্ড দিয়া হয়), চকলেট চিপ কলৰ ৰুটি (চকলেট চিপছৰ বৈশিষ্ট্য)৭ কলৰ ৰুটিৰ মাফিন, কলৰ ক্ৰামবল ব্ৰেড, ভেগান কলৰ ৰুটি (কণী বা দুগ্ধজাত সামগ্ৰী নোহোৱাকৈ তৈয়াৰ কৰা), ব্লুবেৰী কলৰ ৰুটি (বা অন্যান্য ফল যেনে ৰাস্পবেৰী বা কমলা অতিৰিক্ত সোৱাদ যোগ কৰিবলৈ)

তথ্যসূত্ৰ

  1. ↑ Barrowman, John. Food Recipes-Banana Bread. BBC
  2. ↑ liza. (2023-06-12). Enhance Your Kitchen Skills with this Detailed Recipe for Cooking Banana Bread. Desher Barta
  3. ↑ Banana Bread History and Variations
  4. ↑ Smith, Jen Rose. (2020-05-02). Banana bread is having a moment. CNN
  5. ↑ (22 July 2021). Banana Bread Recipe. Panlasang Pinoy
  6. ↑ (8 September 2014). American Holidays. statesymbolsusa.org
  7. ↑ The Ultimate Banana Bread Recipe

সম্পৰ্কিত শ্ৰেণী

খাদ্যৰুটিনিৰামিষ আহাৰনাৰীবাদ আৰু লোকগাথা ২০২৫

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলৰ ৰুটি” প্ৰবন্ধৰ সংশোধন ৫০২৪৪০ (৫ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।