অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কংগো দেশৰ ৰন্ধনশৈলী

কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ ৰন্ধনশৈলীৰ পৰা এই দেশৰ আদিবাসীসকল কোনটো গোটৰ সেইটো আভাশ ল’ব পাৰি। এই দেশৰ সৰ্বসাধাৰণ আহাৰ কাচাভা, ফুফু, ভাত, প্লেনটেন (ডাঙৰ কাচকল) আৰু আলু এওঁলোকৰ প্ৰধান খাদ্য আৰু এইবিলাক অন্য পদাৰ্থৰ লগতো খোৱা হয়।

হালনাগাদ: ২৪ জানুৱাৰী ২০২৬ ৪১২ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কংগো গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ দেশৰ ৰন্ধনশৈলীৰ পৰা এই দেশৰ আদিবাসীসকল কোনটো গোটৰ সেইটো আভাশ ল’ব পাৰি। এই দেশৰ সৰ্বসাধাৰণ আহাৰ কাচাভা, ফুফু, ভাত, প্লেনটেন (ডাঙৰ কাচকল) আৰু আলু এওঁলোকৰ প্ৰধান খাদ্য আৰু এইবিলাক অন্য পদাৰ্থৰ লগতো খোৱা হয়।

কংগোবাসীসকলৰ সৰ্বসাধাৰণ আহাৰ

এই দেশৰ ২% তকৈয়ো কম অঞ্চলত খেতি-বাতি কৰা হয়। প্ৰায়বোৰ খেতি বাতি খেতিয়কসকলৰ নিজৰ। কংগো দেশত বিভিন্ন ধৰণৰ ফচল উৎপাদন হয়। এইবোৰৰ ভিতৰত গোম-ধান, ধান, শিমলু আলু, ৰঙা আলু, কাঠ আলু, কচু, কাচকল, বিলাহী, ৰঙালাও আৰু কেইবা বিধৰো মাহ আৰু বাদাম। এই সকলোবোৰ শষ্য আৰু শাক-পাচলী গোটেই দেশখনতে আহাৰ হিচাবে গ্ৰহণ কৰা হয়। কিন্তু তাৰে বিভিন্ন ৰাজ্যৰ নিজাকৈ কিছু বিভিন্ন আহাৰো আছে। ৰপ্তানী কৰা দ্ৰব্যসমূহৰ ভিতৰত কফি আৰু তাল তেল প্ৰধান। বনৰীয়া তৃণ,১ ফল, কাঠফুলা,১ মৌ-জোল আৰু অন্যান্য খাদ্যবোৰ হৈছে বনৰীয়া জীৱ-জন্তুৰ মাংস আৰু মাছ ইত্যাদি বিলাকো চিকাৰ কৰি গুতাই আহাৰ ৰান্ধোতে ব্যৱহাৰ কৰে।১ সাধাৰণতে স্থানীয় লোকসকলে বজাৰত বা পথৰ কাষত এই শষ্য বা শাক-পাচলী বিক্ৰী কৰে। চলি থকা যুদ্ধৰ আৰু পথ ব্যৱস্থাৰ দূৰ্গতিৰ বাবে ঘৰচীয়া প্ৰাণীৰ প্ৰজনন আৰু বৃহৎ পৰিমাণে কৰা কৃষিৰ ওপৰত বহুতো বাধা আহি পৰিছে।

কংগোলীজ্ আহাৰত শাক-পাছলি আৰু মাংসৰ জোলৰ লগত বহু পৰিমাণে শৰ্কৰা থাকে। শৰ্কৰা বোৰ সাধাৰণতে কাছাভা আলুৰ পিতিকা আৰু গোম-ধানৰ পৰা পায়, যাক ফুফু বা উগালি বুলি কোৱা হয়। খোৱাৰ সময়ত ফুফুৰ পিতিকাতো এটা সৰু গল্ফবলৰ সমান কৰি এবিধ জ্বলা মছলাদাৰ জোলত দুবুৱাই খোৱা হয় আৰু সেই বলটোত বুঢ়া আঙুলিটোৱে এটা সৰু ভাজ দিয়ে যাতে জোলখিনি অলপ পৰিমাণে বলটোৰ লগত উঠাই খাব পাৰি। ফাৰমেণ্টেড বা গেলোৱা কাচাভা আতাৰ পৰা বনোৱা এবিধ ৰুটি (ব্ৰেড), কোৱাংগা সমগ্ৰ দেশতে বাণিজ্যিকভাৱে উৎপাদন কৰা হয়। লিটুমা এবিধ সকলোৰে বৰ প্ৰিয় খাদ্য। ইয়াক ডাঙৰ কাচকলৰ পিতিকাৰ পৰা সৰু সৰু বল বনাই ভাপত দি ৰন্ধা হয়।

কংগোবাসী সকলৰ প্ৰধান খাদ্য সমূহ

১) মোৱাম্বা- এবিধ বাদামগুটিৰ পিঠাগুড়িৰে ৰন্ধা আঞ্জা।

২) চিকৱা বা কূৱাঙ্গা - কাচাভাৰ পিঠাগুড়ীৰ পৰা বনাই কলৰ পাতত থোৱা হয়। এইবিধ পদাৰ্থ প্ৰায়ে বগা ৰঙৰ হলেও কেতিয়াবা দেশৰ বিভিন্ন ঠাইত ক'লা ৰঙৰো দেখা যায়।

৩) ফুফু-হৈছে এবিধ লিকটীয়া কাছাভা আতাৰ পৰা ৰন্ধা পদাৰ্থ। এইবিধ কংগোবাসী সকলৰ অন্য দেশৰ ভাত আৰু আলুৰ দৰেই প্ৰধান খাদ্য।

৪) ল'ছ য়া না মাডিচু-ভাত আৰু মাহ বা ৰাজমাহ।

৫) চম্বে বা পন্দু- কাছাভা পাত উতলাই, খুন্দি ৰন্ধা এবিধ খাদ্য়।

৬) নদাকালা-সৰু শুকান মাছ।

৭) ক'ছা ক'ছা- কংগো নদীৰ মিছা মাছ।

৮) পিলি পিলি- ভুত জলকীয়াৰ দৰে এবিধ জলকীয়া পতাত বা খুন্দনা এটাত খুন্দি তেলত আচাৰৰ দৰে বহুদিনলৈ ভাল হৈ থকাকৈ থয়। এই পদাৰ্থবিধ প্ৰায়ে সকলোধৰনৰ আহাৰৰ লগত পৰিবেশন কৰা হয়। কেতিয়াবা শুকান জলকীয়াৰ গুড়ি হিছাবে ফল-মূলৰ ওপৰত দিয়ো খোৱা হয়।

৯) ল'ছ য়া বৌলাইয়ে- বিলাহী টেঙাৰ ভাত

১০) নতাম্বা- ছাগলীৰ মাংস

১১) মিপাণঝি- জন্তুৰ শৈলশিৰা

১২) কোৱাংগা-পইতা বা পুৰনা কাচাভা আতাৰ পৰা বনোৱা ব্ৰেড

তথ্যসূত্ৰ

  1. ↑ Mukenge, Tshilemalema (2002.) "Culture and customs of the Congo." Greenwood Press

সম্পৰ্কিত শ্ৰেণী

খাদ্যৰন্ধনপ্ৰণালী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কংগো দেশৰ ৰন্ধনশৈলী” প্ৰবন্ধৰ সংশোধন ৫৭১১২৩ (২৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।