সিদল ভৰ্তা হ'ল বাংলাদেশৰ উত্তৰাঞ্চলৰ গাইবান্ধা, ৰংপুৰ, কুড়িগ্ৰাম, লালমনিৰহাট, নীলফামাৰী, দিনাজপুৰ, ঠাকুৰগাঁও আৰু পঞ্চগড় জিলাত প্ৰচলিত এটা জনপ্ৰিয় মুখৰোচক খাদ্য।১ ই ভাৰতৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰো প্ৰিয় খাদ্য।২ সাধাৰণতে মোৱা, পুঠি, গৰৈ আদি সৰু মাছৰপৰা তৈয়াৰী শুটকিৰ সৈতে কচু (বিশেষকৈ মানকচু)ৰ ঠাৰি ব্যৱহাৰ কৰি সিদল প্ৰস্তুত কৰা হয়; তাৰ পাছত বিশেষ প্ৰক্ৰিয়াৰে ইয়াক ভৰ্তাৰ উপযোগী কৰা হয়।২
সিদল তৈয়াৰ কৰাৰ সময়
বছৰৰ যিকোনো সময়তে সিদল তৈয়াৰ কৰিব পাৰি, কিন্তু ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত বতাহত আৰ্দ্ৰতা কম থাকি সিদল তৈয়াৰ কৰিবলৈ অধিক উপযোগী হয়।২
উপকৰণসমূহ
সিদল তৈয়াৰ কৰাৰ পদ্ধতি
প্ৰথমে মোৱা, পুঠি, গৰৈ আদি মাছ ভালদৰে ধুই তীব্ৰ ৰ’দত শুকুৱাই ল’ব লাগে। পাছত মাছৰ শুটকিসমূহ ঢেঁকী, উৰাল, শিল-পটা অথবা ব্লেণ্ডাৰত গুড়ি কৰি লোৱা হয়। তাৰ পাছত মানকচুৰ ঠাৰি চাফা কৰি ধুই কেঁচা অৱস্থাতেই পিহি গোলাকাৰ আকৃতিত লাড়ু বনোৱা হয়। ইয়াৰ লগত প্ৰয়োজন অনুসৰি খোৱা ছ'ডা মিহলাই হালধি আৰু সৰিয়হৰ তেল লগাই ভালদৰে মাখি ৰ’দত ৮–১০ দিন শুকুৱালে সিদল সম্পূৰ্ণ হয়।২
সংৰক্ষণ পদ্ধতি
সিদল ঠাণ্ডা কৰি মুখবন্ধ পাত্ৰ বা পলিথিন বেগত ভৰাই ৰেফ্ৰিজাৰেটৰত সংৰক্ষণ কৰিব পাৰি। সময়ে সময়ে পুনৰ ৰ’দত শুকুৱালে সিদল ডেৰ-দুই বছৰলৈকে ব্যৱহাৰযোগ্য হৈ থাকে।২
সিদল ভৰ্তা প্ৰস্তুত কৰাৰ পদ্ধতি
সিদল পুৰি অথবা তাৱাত খৰখৰীয়া কৰি ভাজি লোৱা হয়। তাৰ পাছত জলকীয়া, পিঁয়াজ, নহৰু, আদা, নিমখ আৰু সৰিয়হৰ তেল লগাই পিহি ভৰ্তা প্ৰস্তুত কৰা হয়। সাধাৰণতে গৰম ভাতৰ সৈতে এই ভৰ্তা পৰিৱেশন কৰা হয়।৩৪
তথ্যসূত্ৰ
- ↑ (6 September 2020). হাৰিয়ে যাচ্ছে মুখৰোচক খাবাৰ ‘সিদল’. Jago News 24
- ↑ (2013). উত্তৰাঞ্চলেৰ সিদল. BdFISH Bangla. Bangladesh Fisheries Information System
- ↑ ৰংপুৰেৰ সিঁদল দিয়ে মাছ ভুনা. Prothom Alo
- ↑ (9 November 2025). বাংলাদেশেৰ জনপ্ৰিয় পদ সিদল শুঁটকি. Anandabazar.com. Ananda Bazar Patrika
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিদল ভৰ্তা” প্ৰবন্ধৰ সংশোধন ৫৭৬৫৩৯ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।