এস্কি ডুৰ্বে ( Eski Durbe) (ক্ৰিমিয়াৰ টাটাৰৰ অৰ্থ পুৰণি সমাধি) ইউক্ৰেইনৰ ক্ৰিমিয়াৰ বাখচিছাৰাই চহৰৰ আটাইতকৈ পুৰণি সমাধিস্থল। একাংশ সূত্ৰৰ মতে খানৰ প্ৰাসাদৰ ১০০ বছৰতকৈও অধিক পূৰ্বে অৰ্থাৎ চতুৰ্দশ শতিকাত এস্কি ডুৰ্বে নিৰ্মাণ কৰা হৈছিল। ১ খানৰ ৰাজপ্ৰসাদৰ পৰা ১৮০ মিটাৰ দক্ষিণ-পূবে চুৰুক ছুভ নদীৰ বাওঁপাৰত অৱস্থিত এই সমাধিস্থলটো।
ইতিহাস
কিছুমান সূত্ৰৰ মতে গোল্ডেন হৰ্ডৰ সময়ত এস্কি ডুৰ্বে নিৰ্মাণ কৰা হৈছিল আৰু আজি ইউক্ৰেইনৰ ষ্টেট ৰেজিষ্টাৰ অৱ ইম’ভেবল মনুমেণ্টৰ মতে ইয়াক স্থাপত্য আৰু ঐতিহাসিক তাৎপৰ্যৰ কীৰ্তিচিহ্ন হিচাপে গণ্য কৰা হয়।১
ইয়াৰ ঐতিহাসিক তাৎপৰ্য্য থকাৰ পিছতো এই সমাধিৰ বিশেষ অনুসন্ধান কৰা হোৱা নাই, আৰু তাত কোন মানুহক সমাধিস্থ কৰা হৈছে সেয়াও জানিব পৰা হোৱা নাই। বাখচিছাৰাই ঐতিহাসিক-সাংস্কৃতিক আৰু স্থাপত্যৰ মুকলি আকাশ সংগ্ৰহালয়ৰ বৈজ্ঞানিক কামৰ উপ-সাধাৰণ সঞ্চালক এমিল ছেইডালিয়েভৰ মতে:
কেৱল লোককথাতহে ইয়াত সমাধিস্থ কৰা এজন "বে"ৰ কথা কোৱা হৈছে, যিজন বাখচচৰাই বসতি স্থাপন কৰাৰ আগতে উপত্যকাৰ মালিক আছিল। মানুহে তেওঁক "ডেৰে-বে" বুলি কয়, অৰ্থাৎ "উপত্যকাৰ ৰাজকুমাৰ" ("প্ৰিন্স অৱ দ্য ভেলী") কিন্তু কোনেও নাজানে তেওঁ কোন আছিল বা কিয় তেওঁ এইখনক তেওঁৰ চূড়ান্ত বিশ্ৰাম স্থান হিচাপে বাছি লৈছিল। যিকোনো ক্ষেত্ৰতে কোনো লিখিত উৎসত সেই নামেৰে কোনো ব্যক্তিৰ কথা উল্লেখ কৰা হোৱা নাই।২
এস্কি ডুৰ্বেক এসময়ত এটা কবৰস্থানেৰে আগুৰি আছিল। ১৯ শতিকাৰ অংকনৰ লগতে ২০ শতিকাৰ আৰম্ভণিতে তোলা ফটোতো সমাধিৰ শিল দেখা যায়।৩
১৯২৭ চনত তেতিয়াৰ বাখচিছাৰাই প্ৰাসাদ-সংগ্ৰহালয়ৰ পৰিচালক উচেইন বোডানিনস্কিৰ তত্বাৱধানত পুনৰুদ্ধাৰৰ কাম কৰা হয়: গম্বুজটো মেৰামতি কৰা হয়, সমাধি আৰু চোতালৰ হেৰুৱা অংশ পুনৰুদ্ধাৰ কৰা হয় আৰু লোহাৰ দুৱাৰ স্থাপন কৰা হয়।৩
১৯৬৫ চনত অধিক মেৰামতি কৰা হয়: চোতালৰ দেৱালৰ হেৰাই যোৱা অংশবোৰ পুনৰ নিৰ্মাণ কৰা হয়, আৰু গম্বুজটো চিমেণ্টেৰে বনোৱা হয়। ১৯৯০ চনৰ মাজভাগত গম্বুজটো গেলভানাইজড লোহাৰ চাদৰেৰে আবৃত কৰা হৈছিল।৩
২০১৩ চনত এমিল চেডালিয়েভৰ নেতৃত্বত এটা প্ৰত্নতাত্ত্বিক অভিযানে এই কীৰ্তিচিহ্নটোৰ বয়স নিৰ্ণয় কৰিবলৈ গৱেষণা চলাইছিল। অভিযানৰ স্তৰীয় পৰ্যবেক্ষণ অনুসৰি এই কীৰ্তিচিহ্নটোৰ নিৰ্মাণ ১৭ শতিকাৰ বুলি ক'ব পাৰি।৩
স্থাপত্য
এই সমাধিস্থলটোৰ সু-নিৰ্ধাৰিত শিলৰ কাম আৰু সহজ ৰূপৰ বাবে জনাজাত, ইয়াত সজ্জাগত উপাদান কম। আজিলৈকে থকা ১০টা সমাধিৰ ভিতৰত এস্কি ডুৰ্বেই একমাত্ৰ বগা চূণশিলৰ পৰিৱৰ্তে স্থানীয় হালধীয়া শিলৰ দ্বাৰা নিৰ্মিত।৪
সমাধিস্থলটোৰ গঠন অসমতাপূৰ্ণ আৰু ই বিভিন্ন উচ্চতাৰ দুটা অংশৰে গঠিত: সমাধিটো নিজেই আৰু ইয়াৰ দক্ষিণ দিশৰ কাষৰ চোতাল। বিশ্বাস কৰা হয় যে এই চোতালখনত এসময়ত এটা ফোয়াৰা আছিল।৫ চোতালখনলৈ কেৱল সমাধিৰ ভিতৰৰ পৰাহে যাব পাৰি,৫ যাৰ ফলত পুৰাতত্ত্ববিদসকলে এই সিদ্ধান্তত উপনীত হয় যে ইয়াক পৰিয়ালৰ কবৰস্থান৬ বা মৃতকক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহাসকলৰ বাবে ঠাই হিচাপে কল্পনা কৰা হৈছিল।৫
তথ্যসূত্ৰ
- ↑ Про впорядкування справи обліку та охорони пам'ятників архітектури на території Української РСР. Офіційний вебпортал парламенту України
- ↑ КОНОВАЛОВА, ИРИНА. (5 July 2015). Археологические загадки Бахчисарая. Первая Крымская
- ↑ Мавзолей «Эски-Дюрбе». Бахчисарайский историко-культурный и археологический музей-заповедник
- ↑ ГОРДИЕНКО, АЛЕКСЕЙ. Бахчисарай: следы исчезнувшего города. Княжество Феодоро
- ↑ Babenko, G. A.; Diulichev, V. P. (2008). Шедевры мусульманской архитектуры Крыма. ОАО "Симфероп. гор. тип.". পৃ. 204
- ↑ Krykun, Iukhym. (1998). Памятники крымскотатарской архитектуры. Крымучпедгиз. পৃ. 37
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এস্কি ডুৰ্বে” প্ৰবন্ধৰ সংশোধন ৬২৯৪৮১ (২০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।