য়েলেটস্কি ডৰ্মিচন মঠ ( Yeletskyi Dormition Monastery) হৈছে ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰৰ এটা পূৰ্বৰ অৰ্থডক্স মঠ, ডেছনা নদীৰ উচ্চ সোঁপাৰত, ডাইটিনেটছ পাৰ্ক আৰু ট্ৰিনিটি মঠৰ মাজত অৱস্থিত।১২৩৪
ইতিহাস
প্ৰতিষ্ঠা আৰু প্ৰাৰম্ভিক ইতিহাস
ইউক্ৰেইনৰ অন্যতম পুৰণি মঠ হৈছে য়েলেটছ মঠ। ১০৬০ চনত কিয়েভৰ ৰাজকুমাৰ শ্বুয়াটস্লাভ দ্বিতীয়ই বোল্ডিনি হ’ৰীৰ ঢালত প্ৰতিষ্ঠা কৰিছিল। কোনো অলৌকিক পৰিঘটনাৰ প্ৰতি সঁহাৰি জনাই এই ঠাইখন বাছি লোৱা হৈছিল—কিংবদন্তি অনুসৰি তাত থকা ফাৰ গছত ঈশ্বৰৰ মাতৃৰ এখন আইকন বা পবিত্ৰ চিত্ৰ আবিৰ্ভাৱ হৈছিল। এই পৰিঘটনাৰ নামেৰে এই মঠটোৰ নামকৰণ কৰা হৈছে।৫৬
১২৩৯ চনত মংগোলীয় আক্ৰমণৰ সময়ত এই মঠটো ধ্বংস হৈছিল। ইয়াৰ ফলত চহৰখন লগতে সমগ্ৰ অঞ্চলটোৰ অৱনতিৰ সময় আৰম্ভ হৈছিল আৰু প্ৰায় ২০০ বছৰ ধৰি চলিছিল। ৰাজকুমাৰ ইভান মোঝাইস্কিৰ ৰাজত্বকালত চেৰ্নিহিভৰ মঠ আৰু অন্যান্য ধৰ্মীয় স্থানসমূহৰ পুনৰুদ্ধাৰৰ কাম আৰম্ভ হয়। সেই সময়ত ডৰ্মিচন কেথেড্ৰেল সংস্কাৰ কৰা হয়, আৰু সন্ন্যাসীৰ কোঠা সংযোজন কৰা হয়, আৰু দুটা খুঁটাত এটা ডাঙৰ ঘণ্টা স্থাপন কৰা হয়।
১৫৭৯ চনত পোলেণ্ড-লিথুৱেনিয়াৰ ঘেৰাওৰ সময়ত ইয়াক ধ্বংস কৰা হয়। ১৬১১ চনত চেমুৱেল দ্য আৰ্মাইনৰ নেতৃত্বত পোলেণ্ডৰ সেনাই চেৰ্নিহিভ দখল কৰাৰ পিছত পুনৰ পবিত্ৰ স্থানটো পৰিত্যক্ত হয়। ডৰ্মিচন কেথেড্ৰেলৰ মূল গম্বুজৰ এটা অংশ ভাঙি যায় আৰু ভাৰ্জিন মেৰীৰ প্ৰাচীন য়েলেটস্কি প্ৰতিমূৰ্তি হেৰাই যায়। ১৬২৩ চনত পোলেণ্ড–লিথুৱেনিয়ান কমনৱেলথৰ শাসনৰ সময়ত ইয়াক পুনৰুদ্ধাৰ কৰা হয় আৰু গ্ৰীক কেথলিক গীৰ্জালৈ বদলি কৰা হয়। ১৬৪৯ চনত খ্মেলনিটস্কি বিদ্ৰোহৰ পিছত ইয়াক অৰ্থডক্সসকলে দখল কৰে। ১৬৬৯চনৰ পৰা ১৬৮৮ চনত আৰ্চিমাণ্ড্ৰাইট জোয়ানিকি গালিয়াটভস্কিৰ তত্বাৱধানত ইউক্ৰেইনৰ বেৰক শৈলীত ইয়াক সম্পূৰ্ণৰূপে পুনৰ নিৰ্মাণ কৰা হয়। ১৭৮৬ চনত ৰাছিয়াৰ সম্ৰাজ্ঞী কেথেৰিন দ্য গ্ৰেটৰ আদেশত ইয়াৰ মাটি জব্দ কৰা হয়।


১৬১৮ চনৰ পৰা ১৬৪৮ চনলৈকে এই মঠটোৰ ইতিহাসত “পোলিছ” যুগ আৰম্ভ হৈছিল। মঠটো আৰু ইয়াৰ সকলো সামগ্ৰী পূব কেথলিক গীৰ্জাসমূহৰ নিয়ন্ত্ৰণলৈ গৈছিল আৰু তেওঁলোকে মঠটোৰ দেৱাল আৰু গম্বুজ পুনৰ নিৰ্মাণ কৰিছিল। ইয়াত ১৬৪৬ চনত চেৰ্নিগভৰ প্ৰথমখন কিতাপ ছপা হয়: দ্য পাৰ্ল অৱ গ্ৰেট প্ৰাইচ। ৭ ১৯২১ চনত ছোভিয়েট কৰ্তৃপক্ষই মঠটো বন্ধ কৰি দিয়ে আৰু সেই সময়ৰ পৰাই ইয়াৰ ইতিহাসৰ আটাইতকৈ কৰুণ অধ্যায়টো আৰম্ভ হয়। নতুন চৰকাৰে মঠ চৌহদটো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছিল। অৱশ্যে মঠটোক শিল্প স্মৃতিসৌধ হিচাপে সংৰক্ষণ কৰাৰ কোনো প্ৰশ্নই নাছিল।৮ ১৯৪৪ চনৰ পৰা ১৯৬৪ চনলৈকে ই চেৰ্নিহিভ আঞ্চলিক ফিলহাৰ্মনিৰ অংশ আছিল।
আধুনিক ইতিহাস
আধুনিক যুগত বিখ্যাত হৈ পৰা য়েলেটস্কি মঠৰ ডৰ্মিচন কেথেড্ৰেলত য়েলেটস্কি মাদাৰ অৱ গডৰ এটা প্ৰতিমূৰ্তি ৰখা হৈছে। মঠৰ কিতাপবোৰত ১৯ শতিকাত তেওঁ কৰা অসংখ্য অলৌকিক কাৰ্য্যৰ লিপিবদ্ধ কৰা হৈছে। এই পবিত্ৰ প্ৰতিমূৰ্তিটো ছোভিয়েট শাসন আৰু কেইবাটাও যুদ্ধৰ পৰা ৰক্ষা পৰে আৰু ১৯৯৯ চনত তেওঁক ঐতিহাসিক সংগ্ৰহালয়লৈ স্থানান্তৰ কৰা হয়। ১৯৯২ চনৰ পৰা ২০২৪ চনলৈকে ইয়াক মস্কো পেট্ৰিয়াৰ্কেটক য়েলেটস্কিৰ হলি ডৰ্মিচন কনভেণ্ট হিচাপে লিজত দিয়া হয়, যাৰ নাম ভাৰ্জিন মেৰীৰ ডৰ্মিচন (এচেন্সন)ৰ মূল গীৰ্জাৰ নামেৰে নামাকৰণ কৰা হয়। ২০২২ চনৰ বসন্ত কালত ৰাছিয়াই চেৰ্নিহিভ চহৰ আৰু কাষৰীয়া য়েলেটস্কি ডৰ্মিচন মঠত বোমা বিস্ফোৰণ ঘটায়। ইয়াৰ ফলত মঠৰ দেৱালৰ বাহিৰৰ অংশ, ১৭ শতিকাৰ গেট আৰু বেল টাৱাৰৰ লগতে একাদশ-১৭ শতিকাৰ গম্বুজ ড্ৰাম (গম্বুজৰ তলৰ অংশ)ৰ ক্ষতিগ্ৰস্ত হয়।৯
অট্টালিকা আৰু গঠন
য়েলেটস্কি ডৰ্মিচন মঠৰ স্থাপত্য সমষ্টিৰ ভিতৰত আছে:
- ডৰ্মিচন কেথেড্ৰেল – মূল মন্দিৰ (দ্বাদশ শতিকাৰ দ্বিতীয়াৰ্ধ)১০১১১২১৩
- ইয়াকোভ কিণ্ড্ৰাটভিচ লাইজোহাবৰ সমাধি গীৰ্জা, ১৬৮৯ – কৰ্ণেল ইয়াৰ পুত্ৰ ইউহিম লাইজোহাবৰ আদেশত ডৰ্মিচন কেথেড্ৰেলৰ দক্ষিণ দিশত নিৰ্মিত কে লাইজোহাব। পিছলৈ ইয়াক পুথিভঁৰাল আৰু চেক্ৰিষ্টী হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াত ২টা কোঠা আছে আৰু ইয়াক এটা ভেষ্টিবুলেৰে পৃথক কৰা হৈছে।১৪১৫১৬
- ১৬৭০–১৬৭৫ চনৰ গেট বেল টাৱাৰ – চেৰ্নিহিভৰ আটাইতকৈ পুৰণি উচ্চ অট্টালিকা, ইয়াৰ উচ্চতা ৩৬ মিটাৰ। ইয়াক পুৰণি কাঠৰ ঘণ্টা টাৱাৰৰ ঠাইত নিৰ্মাণ কৰা হৈছিল।
- য়েলেটস্কি গুহাৰ ওপৰত ১৭ শতিকাৰ পিটাৰ এণ্ড পল ৰেফেক্টৰী চাৰ্চ।১৭১৮১৯
- একে সময়ৰ কোষবোৰ – বাওঁপাৰৰ ইউক্ৰেইনৰ আটাইতকৈ পুৰণি ইটাৰ আৱাসিক ভৱনটো। ইয়াত তিনিটা অট্টালিকা আছে: ৱাৰ্ড, পূব আৰু দক্ষিণ-পশ্চিম;
- ইটাৰ বেৰ
- ১৮ শতিকাৰ মঠৰ (মঠৰ মুৰব্বী) ঘৰৰ ধ্বংসাৱশেষ।
- ১৬৮৮ চনত নিৰ্মিত উগ্লিচস্কিৰ আৰ্চিমাণ্ড্ৰাইট ফিঅ’ড’ছিৰ ঘৰ বুলি জনাজাত এটা কাঠৰ আৱাসিক ঘৰ – ইউক্ৰেইনত সংৰক্ষিত আটাইতকৈ পুৰণি কাঠৰ অট্টালিকা;
- চেৰ্নিহিভৰ থিয়ড'ছিয়াছৰ ঘৰ।২০২১
পৰিবহণ সংযোগ
চেৰ্নিহিভ–অভৰুচ ৰেলৱে আৰু চেণ্ট্ৰেল বাছ ষ্টেচনৰ পৰা ট্ৰলীবাছ নং. ৩ আৰু বাছ নং. ৮, ১১, ১২, ১৬, ৪৩ ত "স্কু'লা নং ২০" ষ্টপলৈ যাওক, তাৰ পিছত প্ৰায় ১ কিলোমিটাৰ খোজ কাঢ়িব লাগে।২২
তথ্যসূত্ৰ
- ↑ Yeletskyi Dormition Monastery. encyclopediaofukraine.com
- ↑ Єлецький монастир. chernihivregion.travel
- ↑ Чернігів: Єлецький Успенський монастир. andy-travel.com.ua
- ↑ Єлецький монастир. tamtour.com.ua
- ↑ Єлецький монастир. chernihiv.travel
- ↑ Єлецький монастир. encyclopediaofukraine.com
- ↑ Єлецький монастир — святе місце, де збуваються всі бажання. chernigiv-future.com.ua
- ↑ (5 June 2022). Єлецький монастир: десакралізація по-радянськи. suspilne.media
- ↑ Єлецький Успенський монастир. ui.org.ua
- ↑ (January 2009). Єлецький Свято-Успенський жіночий монастир УПЦ МП Петропавлівської церкви. esu.com.ua
- ↑ Єлецький Успенський монастир церкви. ui.org.ua
- ↑ УСПЕНСЬКИЙ СОБОР У ЧЕРНІГОВІ. history.org.ua
- ↑ Чернігів. Єлецький Успенський монастир. ukrainaincognita.com
- ↑ Церква Казанської ікони Божої Матері. serg-klymenko.narod.ru
- ↑ Церква Казанської ікони Божої Матері. serg-klymenko.narod.ru
- ↑ УСПЕНСЬКИЙ СОБОР У ЧЕРНІГОВІ. resource.history.org.ua
- ↑ (31 March 2016). ЄЛЕЦЬКИЙ МОНАСТИР. oldchernihiv.com
- ↑ Загальна інформація про Єлецький Успенський монастир (Чернігів). travels.in.ua
- ↑ Неймовірний Чернігів: історія Петропавлівської церкви. val.ua
- ↑ Будинок Феодосія. chernihivregion.travel
- ↑ Сегодня чествуют святителя Феодосия Черниговского церкви. val.ua
- ↑ Успенський Єлецький жіночий монастир. inok.info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়েলেটস্কি মঠ” প্ৰবন্ধৰ সংশোধন ৬২৯৬৩৮ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।