ছেইণ্ট চিৰিল মঠ ( St. Cyril's Monastery; অন্য নাম: কিৰিলো-বেলোজেৰস্কি মঠ১) ইউক্ৰেইনৰ ৰাজধানী কিইভত অৱস্থিত এটা মধ্যযুগীয় খ্ৰীষ্টধৰ্ম মঠ।২ এই মঠটোত বিখ্যাত চেণ্ট চিৰিল চাৰ্চ আছে, যিটো দ্বাদশ শতিকাৰ কিয়েভান ৰাছৰ স্থাপত্যৰ উল্লেখযোগ্য উদাহৰণ, য’ত ১৭ আৰু ১৯ শতিকাৰ শৈলীৰ মিশ্ৰণও প্ৰদৰ্শিত হৈছে। যদিও বাহিৰৰ অংশ মূলতঃ ইউক্ৰেইনৰ বেৰক শৈলীৰ, গীৰ্জাঘৰৰ ভিতৰৰ অংশটো ইয়াৰ মূল কিয়েভান ৰাছৰ শৈলীত আছে।
ইতিহাস
১১৪০ চনত চেৰ্নিগভৰ ৰাজকুমাৰ (ক্নিয়াজ) ভিচেভ’লড অল্গোভিচে ছেইণ্ট চিৰিল মঠ প্ৰতিষ্ঠা কৰিছিল। কিইভৰ ড'ৰ'হোজিচি জিলাত অৱস্থিত এই মঠটোৰ তেওঁৰ স্বৰ্গীয় ৰক্ষক আলেকজেণ্ড্ৰিয়াৰ চিৰিলৰ নামেৰে নামকৰণ কৰা হৈছিল।৩ দ্বাদশ শতিকাৰ শেষৰ ফালে ভিচেভ'লডৰ বিধৱা ৰাজকুমাৰী মাৰিয়াই চেণ্ট চিৰিলৰ শিলৰ গীৰ্জা নিৰ্মাণ কৰে আৰু যিটো অল্গোভিচ পৰিয়ালৰ পূৰ্বপুৰুষৰ সমাধিস্থল হৈ পৰে।৩
১৭৩৪ চনত এই মঠটোত ডাঙৰ অগ্নিকাণ্ড সংঘটিত হয় আৰু ১৭৫০–১৭৬০ চনৰ ভিতৰত ইউক্ৰেইনৰ স্থপতিবিদ ইভান হ্ৰিহ'ৰভিচ-বাৰ্স্কিয়ে ইয়াক পুনৰ নিৰ্মাণ কৰে। তেওঁৰ কামৰ ভিতৰত মঠৰ চোতালখনক আগুৰি থকা শিলৰ দেৱাল নিৰ্মাণ, এটা চিত্ৰময় চুকত থকা টাৱাৰ আৰু গেট নিৰ্মাণৰ লগতে অন্যান্য মঠৰ অট্টালিকাও সংযোজন কৰা হৈছিল।
১৭৮৭ চনত চৰকাৰে ছেইণ্ট চিৰিল মঠটো বন্ধ কৰি দিয়ে আৰু ইয়াৰ আৱাসিক অঞ্চলটোক চিকিৎসালয়লৈ (ছেইণ্ট চিৰিলছ হাস্পতাল) ৰূপান্তৰিত কৰে। পিছলৈ ইয়াক মানসিক চিকিৎসালয়লৈ ৰূপান্তৰিত কৰা হয়, যিটো ২০ শতিকাৰ মাজভাগলৈকে ছোভিয়েট ইউক্ৰেইনত চলি থাকে।৪
১৯২৯ চনৰ ৮ মে'ত ইউক্ৰেইনৰ এছ এছ আৰৰ কমিছনাৰ পৰিষদে চেণ্ট চিৰিলছ মঠক ঐতিহাসিক তাৎপৰ্য্যপূৰ্ণ স্মৃতিসৌধ হিচাপে ঘোষণা কৰে আৰু "সংৰক্ষণ জিলা" স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।৫ কিন্তু একে সময়তে মঠটোৰ গীৰ্জাঘৰটো পূজাৰ বাবে বন্ধ কৰি দিয়া হয় আৰু ইয়াক সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰাৰ বাবে সাজু কৰা হয়। মঠটোৰ ঘণ্টাঘৰত ইভান হ্ৰিহ'ৰভিচ-বাৰ্স্কিৰ নামত উৎসৰ্গিত এটা সংগ্ৰহালয় অনুষ্ঠিত হ'ব লাগিছিল।৪ইউক্ৰেইনৰ এছ এছ আৰৰ চৰকাৰী সুৰক্ষাৰ অধীনত থকা আন বহু অঞ্চলৰ দৰেই ছেইণ্ট চাইৰিল কমপ্লেক্সটোও পিপলছ কমিছনাৰিয়েট অৱ এডুকেশ্যনৰ মালিকানাধীন আছিল।
১৯৬৫ চনত গীৰ্জাটো ৰাষ্ট্ৰীয় অভয়াৰণ্য "কিইভৰ ছফিয়া"ৰ এটা শাখাত পৰিণত হয়, যাৰ ফলত বৃহৎ পুনৰুদ্ধাৰৰ লগতে ঐতিহাসিক নথিপত্ৰও আৰম্ভ হয়।৬ ১৯৯০ চনৰ শেষৰ ফালৰ পৰা ইউক্ৰেইনৰ অৰ্থডক্স গীৰ্জাক অট্টালিকাৰ ভিতৰত নিয়মীয়াকৈ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছে। ২০১১ চনৰ ১৪ জুনত এই প্যাৰিছখন ছেইণ্ট চিৰিল মঠলৈ ৰূপান্তৰিত কৰা হয়।৭
অট্টালিকা

ছেইণ্ট চিৰিলছ চাৰ্চ
ছেইণ্ট চিৰিলছ চাৰ্চ হৈছে এটা আয়তাকাৰ অট্টালিকা যাৰ পূব দিশত বাহিৰলৈ ওলাই থকা তিনিটা এপ্চ (অৰ্ধবৃত্তাকাৰ খোলা) আছে। গীৰ্জাঘৰৰ গম্বুজ আৰু ভল্টবোৰ ছটা ক্ৰছ আকৃতিৰ খুঁটাৰ ওপৰত থিয় হৈ আছে। উত্তৰ দেৱালত নিৰ্মিত এটা চিৰিৰে পশ্চিম দিশৰ গেলেৰীখনলৈ উঠি যাব পাৰি। এই ফালে এটা চেপেলও আছে—প্ৰাচীন কিয়ভান ৰাছৰ গীৰ্জাসমূহৰ এক বিৰল বৈশিষ্ট্য। ৫ মূলতঃ প্ৰতিটো ভল্টৰ চাল (চিলিং) ষ্টীলৰ শ্বীট প্লেটেৰে আবৃত আছিল।
শতিকাজুৰি শত্ৰুৰ পৰা বিধ্বংসী আক্ৰমণ আৰু ১৭৩৪ চনত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত গীৰ্জা ঘৰটো অধিক ক্ষতিগ্ৰস্ত হৈছিল। গীৰ্জা ঘৰটো কেইবাবাৰো মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰা হৈছিল, যাৰ ফলত ইয়াৰ মূল ৰূপ সলনি হৈছিল। যিহেতু চেণ্ট চিৰিলছ গীৰ্জা কিইভৰ বৰ্তমানৰ সীমান্তৰ ভিতৰত অৱস্থিত, গতিকে এই গীৰ্জাটোৱেই হৈছে একমাত্ৰ মধ্যযুগীয় গীৰ্জাৰ গঠন যিটো ২০ শতিকালৈকে কোনো ডাঙৰ সংযোজন নোহোৱাকৈ জীয়াই আছে।৪ ১৭৫০–১৭৬০ চনৰ ভিতৰত ইউক্ৰেইনৰ স্থপতিবিদ ইভান হ্ৰিহ’ৰ’ভিচ-বাৰ্স্কিয়ে কৰা পুনৰুদ্ধাৰৰ কামৰ সময়ত গীৰ্জাঘৰৰ বৰ্তমানৰ বাহিৰৰ অংশৰ আকৃতি দিয়া হৈছিল। যদিও বাহিৰৰ অংশত ইউক্ৰেইনৰ বেৰক শৈলীৰ প্ৰতিফলন ঘটিছে, ভিতৰৰ অংশটো বহুলাংশে মূল শৈলীতে আছে।
ঘণ্টাঘৰ
ইভান হ্ৰিহ'ৰ'ভিচ-বাৰ্স্কিয়ে মঠটোৰ ভিতৰত নিৰ্মাণ কৰা অট্টালিকাসমূহৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য আছিল ১৭৬০ চনত নিৰ্মিত এটা পৃথক ঘণ্টাঘৰ।৪ এই ঘণ্টাঘৰটোত এটা ওখ ঘণ্টা টাৱাৰ, মাটিৰ স্তৰত এটা গেট আৰু দ্বিতীয় মহলাত এটা চেপেল আছিল। ঘণ্টাঘৰৰ তলৰ দুটা স্তৰত ইউক্ৰেইনৰ "ত্ৰিপাক্ষিক" গীৰ্জাঘৰৰ কিছুমান বৈশিষ্ট্য আছিল, ঘণ্টা টাৱাৰটো মূল হলঘৰৰ কেন্দ্ৰীয় অংশৰ ওপৰত (নেভ) ওপৰলৈ উঠিছিল।৪
বাহ্যিক সংযোগ
- Official Facebook page
- Kyiv History Site - St. Kirill Church
- আৰ্কাইভ কপি. kiev.ua
- Zhukovsky, A. Saint Cyril's Monastery. Encyclopedia of Ukraine
- Sophia Kyivska - Information from the museum's page and a photo gallery.
- Kyiv. La Iglesia De San Cirilo. Киев. Кирилловская церковь. Київ, Мистецтво, 1968.
তথ্যসূত্ৰ
- ↑ Cone, Steven D.; Rea, Robert F. (2019-09-05). A Global Church History: The Great Tradition through Cultures, Continents and Centuries. Bloomsbury Publishing. পৃ. 101. ISBN 978-0-567-67307-7
- ↑ St Cyril’s Church and Monastery - Ukraine.com
- ↑ Malikenaite, Ruta. (2003). Guildebook: Touring Kyiv. Baltia Druk. ISBN 966-96041-3-3
- ↑ Hewryk, Titus D. (1982). The Lost Architecture of Kiev. The Ukrainian Museum (Out of print)
- ↑ Fedchenko, Alla Mikhailovna. (1977). St. Cyril's Church. Mistetstvo
- ↑ Zhukovsky A. Kirillovskaya tserkov. Sophia Kyivska
- ↑ (2014-08-14). Журнали засідання Священного Синоду Української Православної Церкви від 14 червня 2011 року · УКРАЇНСЬКА ПРАВОСЛАВНА ЦЕРКВА
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেইণ্ট চিৰিল মঠ, কিইভ” প্ৰবন্ধৰ সংশোধন ৬২৮৭৫৯ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।