আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি
৩১৭ প্ৰবন্ধ
-
নিক'লা টেছলা
নিক'লা টেছলা (Nikola Tesla) (১০ জুলাই ১৮৫৬ – ৭ জানুৱাৰী ১৯৪৩) আছিল এজন ছাৰ্বিয়ান-আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা, যান্ত্ৰিক অভিযন্তা আৰু ভৱিষ্যৎদ্ৰষ্টা। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়।
-
ন’ৰা জ’নছ
ন’ৰা জ’নছ (জন্ম ৩০ মাৰ্চ, ১৯৭৯; জন্ম নাম: গীতালি ন’ৰা শংকৰ) এগৰাকী আমেৰিকান সংগীতজ্ঞ আৰু অভিনেত্ৰী। তেওঁৰ ইতিমধ্যে ৫০ মিলিয়নতকৈ অধিক সংগীতৰ এলবাম বিশ্বজুৰি বিক্ৰী হোৱাৰ লগতে অলেখ সন্মানৰ অধিকাৰীও হৈছে। ২০০০ ৰ দশকটোত বিলবৰ্ডে তেওঁক শীৰ্ষ জাজ শিল্পীৰ স্থান দিছিল।
-
ভেংকটৰমণ ৰামাকৃষ্ণণ
ভেংকটৰমণ "ভেংকি" ৰামাকৃষ্ণণ (Venkatraman "Venki" Ramakrishnan; জন্ম: ১৯৫২) ভাৰতীয় বংশোদ্ভূত এগৰাকী আমেৰিকান তথা ব্ৰিটিছ গাঠনিক জীৱবিজ্ঞানী। ২০১৫ বৰ্ষৰ নৱেম্বৰ মাহত ভেংকি ৰামাকৃষ্ণণ ৰয়েল ছ'ছাইটিৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। "ৰাইব'জ'মৰ গঠন আৰু কাৰ্যৰ অধ্যয়নৰ বাবে" ২০০৯ চনত থমাছ এ.
-
মাইকেল ক্ৰেমাৰ
মাইকেল ৰবাৰ্ট ক্ৰেমাৰ (Michael Robert Kremer; জন্ম ১২ নৱেম্বৰ ১৯৬৪) এগৰাকী আমেৰিকান উন্নয়ন অৰ্থনীতিবিদ। তেওঁ বৰ্তমান হাৰ্ভাড বিশ্ববিদ্যালয়ৰ ডেভলপিং ছ'চাইটিছৰ গেট আসনৰ অধ্যাপক।
-
মায়া এঞ্জেলো
মায়া এঞ্জেলো (Maya Angelou;; জন্মনাম: মাৰ্গেৰিটা এনি জনছন; জন্ম: ৪ এপ্ৰিল, ১৯২৮- মৃত্যু: ২৮ মে’, ২০১৪) এগৰাকী আমেৰিকান কবি, আত্মজীৱনীকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।
-
শ্বেৰিল ছেণ্ডবাৰ্গ
শ্বেৰিল কাৰা ছেণ্ডবাৰ্গ (Sheryl Kara Sandberg); জন্ম: ২৮ আগষ্ট, ১৯৬৯) এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী, বিলিয়নাৰ আৰু সমাজসেৱক। ছেণ্ডবাৰ্গে মেটা প্লেটফৰ্মছৰ মুখ্য পৰিচালন বিষয়া (COO) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেওঁ ২০২২ চনৰ ১ জুনত ঘোষণা কৰে যে তেওঁ ২০২২ চনৰ শেষৰফালে পদত্যাগ কৰিব।
-
সুন্দৰ পিচাই
পিচাই সুন্দৰাৰাজন (பிச்சை சுந்தரராஜன், Pichai Sundararajan) অথবা সুন্দৰ পিচাই, এজন ভাৰতীয় ব্যৱসায়ী। বৰ্তমান তেঁও গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া।
-
হাৰ্ভি জে. অল্টাৰ
হাৰ্ভি জেমছ অল্টাৰ (Harvey James Alter; জন্ম: ১২ ছেপ্টেম্বৰ ১৯৩৫) এগৰাকী আমেৰিকান চিকিৎসা গৱেষক, ভাইৰাছবিদ আৰু চিকিৎসক। তেওঁক হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ বাবে বিশেষভাবে জনা যায়।
-
হেনৰী ফৰ্ড
হেনৰী ফৰ্ড ( ৩০ জুলাই, ১৮৬৩ - ৭ এপ্ৰিল ১৯৪৭) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্যোগপতি আৰু আগশাৰীৰ ব্যৱসায়ী আছিল। যুক্তৰাষ্ট্ৰৰ মধ্যবিত্ত শ্ৰেণীৰ লোকেও ক্ৰয় কৰিব পৰাকৈ মটৰগাড়ী সমূহক নিৰ্মাণ আৰু মেৰামতি কৰা ফৰ্ডে, ফৰ্ড মটৰ কোম্পানীৰ প্ৰতিষ্ঠা কৰিছিল।
-
ৱাল্ট হুইটমেন
ৱাল্ট হুইটমেন (Walt Whiteman) এজন কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল। হুইটমেন আমেৰিকান কেননৰ আটাইতকৈ প্ৰভাবশালী কবিসকলৰ ভিতৰত অন্যতম।
-
ই চি জৰ্জ সুদৰ্শন
ই চি জৰ্জ সুদৰ্শন (E. C. George Sudarshan; ১৬ ছেপ্টেম্বৰ, ১৯৩১ – ১৩ মে', ২০১৮) আছিল এজন ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক।
-
এঞ্জেলিনা জলি
এঞ্জেলিনা জলি (Angelina Jolie) (জন্ম: ৪ জুন, ১৯৭৫; এঞ্জেলিনা জলি ভট) এগৰাকী জনপ্ৰিয় আমেৰিকান অভিনেত্ৰী। তেখেতে তিনিবাৰ গোল্ডেন গ্লোব পুৰস্কাৰ, দুবাৰ স্ক্ৰিন এক্ট্ৰেছ গিল্ড পুৰস্কাৰ আৰু এবাৰ একাডেমি পুৰস্কাৰ লাভ কৰিছে।
-
এদ্ৰিয়ান ৱেডৱিত্জ
এদ্ৰিয়ান ৱেডৱিত্জ (Adrianne Wadewitz) (জানুৱাৰী ৬, ১৯৭৭ – এপ্ৰিল ৮, ২০১৪) এজন ১৮ শতিকাৰ ব্ৰিটিছ সাহিত্যৰ আমেৰিকাৰ ফেমিনিষ্ট স্ক’লাৰ, লগতে তেওঁ ৱিকিপিডিয়াত লৈংগিক বিষয়সমূহৰ ওপৰত আলোকপাত কৰা এজন ৱিকিপিডিয়ান। ২০১৪ চনৰ এপ্ৰিল মাহত ৱেডৱিত্জে শৈলাৰোহণ কৰি থকা অৱস্থাত পৰি মূৰত আঘাত পাই মৃত্যু হয়।
-
এমিনেম
মাৰ্শ্ৱেল ব্ৰুচ মেথাৰ্চ তৃত্ৱীয় ওৰফে এমিনেম আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন প্ৰতিভাশালী তথা বিখ্যাত হিপ হ'প গায়ক। D12 দলৰ সদস্য এমিনেমক আমেৰিকান মেগাজিন ৰ'লিং ষ্ট'ন-এ ১০০ জন সৰ্বকালৰ শ্ৰেঠ কলাতকৰ ভিতৰত ৮৩ তম স্থান প্ৰদান কৰি হিপ হ'পৰ ৰজা বুলি আখ্যা দিছে।
-
এলিজাবেথ অলছেন
এলিজাবেথ চে’জ অলছেন (Elizabeth Chase Olsen; জন্ম: ১৬ ফেব্ৰুৱাৰী, ১৯৮৯)) এগৰাকী আমেৰিকান অভিনেত্ৰী। কেলিফৰ্ণিয়াৰ শ্বাৰমান অকছত জন্মগ্ৰহণ কৰা অলছেনে চাৰি বছৰ বয়সতে অভিনয় কৰিবলৈ আৰম্ভ কৰে।
-
ওমৰ মোৱানেছ য়াঘী
ওমৰ মোৱানেছ য়াঘী (Omar Mwannes Yaghi) এজন ৰসায়নবিদ। তেওঁ ৰেটিকুলাৰ ৰসায়ন বিজ্ঞানৰ লগত জড়িত এজন অগ্ৰণী বিজ্ঞানী আৰু ধাতু–জৈৱিক কাঠামো (MOF)ৰ বিকাশৰ বাবে বেছিকৈ পৰিচিত। এই কামৰ বাবে তেওঁ ৰিচাৰ্ড ৰবছন আৰু চুছুমু কিটাগাৱাৰ ২০২৫ চনৰ ৰসায়ন বিজ্ঞান ন'বেল বঁটা লাভ কৰে।
-
কাৰেণ উলেনবেক
কাৰেণ কেছকুল্লা উলেনবেক (জন্ম ২৪ আগষ্ট ১৯৪২) এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ। উলেনবেকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনত অৱস্থিত টেক্সাছ বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি অধ্যাপিকাৰ দায়িত্ব পালন কৰি ২০১৪ চনত অৱসৰ গ্ৰহণ কৰিছিল।
-
চাৰ্লছ এম. ৰাইচ
চাৰ্লছ এম. ৰাইচ (Charles Moen Rice)(জন্ম: ২৫ আগষ্ট ১৯৫২) এগৰাকী আমেৰিকান ভাইৰাছবিদ আৰু চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী বিজ্ঞানী। তেওঁৰ গৱেষণাৰ মুখ্য ক্ষেত্ৰ হৈছে হেপাটাইটিছ চি ভাইৰাছ। তেওঁ ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ ভাইৰ'লজীৰ বিষয়ৰ অধ্যাপক।
-
চিনক্লেয়াৰ লিউইছ
চিন ক্লেয়াৰ লিউইছ ( Sinclair Lewis) (ফেব্ৰুৱাৰী ৭, ১৮৮৫ – জানুৱাৰী ১০, ১৯৫১) এজন আমেৰিকান লেখক,নাট্যকাৰ আৰু এজন সাংবাদিক আছিল। ১৯৩০ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা (আৰু আমেৰিকাৰ পৰা প্ৰথম) সাহিত্যৰ নবেল বঁটা লাভ কৰা প্ৰথম লেখক হয়, যাক "তেওঁৰ বৰ্ণনাৰ শক্তিশালী আৰু গ্ৰাফিক কলা আৰু বুদ্ধি আৰু…
-
জন এম মাৰ্টিনিছ
জন মেথিউ মাৰ্টিনিছ (John Matthew Martinis, জন্ম- ১৯৫৮) এজন আমেৰিকীয় পদাৰ্থবিজ্ঞানী আৰু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, চাণ্টা বাৰ্বাৰাৰ পদাৰ্থ বিজ্ঞানৰ এমেৰিটাছ অধ্যাপক। তেওঁ গুগলত এটা ছুপাৰকণ্ডাক্টিং কোৱাণ্টাম কম্পিউটাৰ নিৰ্মাণৰ বাবে এটা দলৰ নেতৃত্ব দিছিল।
-
জন ক্লাৰ্ক
জন ক্লাৰ্ক এফ আৰ এছ (John Clarke: FRS; জন্ম: ১০ ফেব্ৰুৱাৰী, ১৯৪২) এজন ব্ৰিটিছ পদাৰ্থবিজ্ঞানী আৰু বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক এমেৰিটাছ। ১৯৮০ চনত ক্লাৰ্কে এটা গৱেষণা দলৰ নেতৃত্ব দিয়ে, য'ত জন এম মাৰ্টিনিছ আৰু মিচেল ডেভ'ৰেট আছিল।
-
জন বেনিষ্টাৰ গুডএনাফ
জন বেনিষ্টাৰ গুডএনাফ (জন্ম: ২৫ জুলাই ১৯২২) এগৰাকী আমেৰিকান অধ্যাপক আৰু কঠিন অৱস্থা পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ত যান্ত্ৰিক অভিযান্ত্ৰিক আৰু মেটেৰীয়েল চাইন্সৰ অধ্যাপনা কৰি আছে। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে বিশেষ ভাবে জনাজাত।
-
জাৰেড ডায়মণ্ড
জাৰেড মেছন ডায়মণ্ড (Jared Mason Diamond; জন্ম ১০ ছেপ্টেম্বৰ, ১৯৩৭) হৈছে এগৰাকী আমেৰিকান ভূগোলবিদ, ইতিহাসবিদ, নৃতত্ত্ববিদ, পক্ষীবিদ। দ্যা থাৰ্ড ছিম্পাঞ্জী (১৯৯১); পুলিৎজাৰ বঁটাৰে সন্মানীত গানছ্, জাৰ্মছ্ এণ্ড ষ্টিল (১৯৯৭); কলাপ্স (২০০৫), দ্য ৱৰ্ল্ড আনটিল য়েছটাৰডে (২০১২), আৰু আপহিভেল (২০১৯) হৈছে…
-
জিম পিবলছ্
ফিলিপ জেমছ্ এডৱিন পিবলছ্ (Philip James "Jim" Edwin Peebles; জন্ম-এপ্ৰিল ২৫, ১৯৩৫) হৈছে এগৰাকী কানাডিয়ান-আমেৰিকান জ্যোতিপদাৰ্থবিজ্ঞানী, জ্যোতিৰ্বিদ আৰু এজন তাত্ত্বিক ব্ৰহ্মাণ্ডতত্ত্ববিদ।
-
জিমি কাৰ্টাৰ
জেমছ আৰ্ল কাৰ্টাৰ জুনিয়ৰ (ইংৰাজী: James Earl Carter Jr.; ১ অক্টোবৰ, ১৯২৪ – ২৯ ডিচেম্বৰ, ২০২৪) আছিল এজন আমেৰিকান ৰাজনীতিবিদ আৰু মানৱতাবাদী যিয়ে ১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈকে আমেৰিকাৰ ৩৯ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।ডেম'ক্ৰেটিক পাৰ্টিৰ সদস্য কাৰ্টাৰে ৭৬ সংখ্যক গৱৰ্ণৰ হিচাপে ১৯৭১ চনৰ পৰা…
-
জেকছন পোলক
জেকছন পোলক (২৮ জানুৱাৰী, ১৯১২ – ১১ আগষ্ট, ১৯৫৬) এজন আমেৰিকান চিত্ৰশিল্পী আৰু বিমূৰ্ত অভিব্যক্তিবাদ বিপ্লৱৰ এজন অন্যতম হোতা। অদ্বিতীয় ড্ৰিপ্ পেইণ্টিং কৌশলৰ বাবে তেখেত জনাজাত আছিল। জীৱনকালত পোলকে যথেষ্ট সুখ্যাতি আৰু কুখ্যাতি আৰ্জিছিল। তেখেত সেই প্ৰজন্মৰ এজন প্ৰভাৱশালী চিত্ৰকৰ আছিল।
-
জেছি অ'ৱেন্স
জেম্ছ ক্লিভেলণ্ড ‘জেছি’ অ’ৱেন্স (James Cleveland "Jesse" Owens) (১২ ছেপ্টেম্বৰ, ১৯১৩ – ৩১ মাৰ্চ, ১৯৮০) এগৰাকী আমেৰিকান ট্ৰেক এণ্ড ফিল্ড এথলিট আৰু চাৰিটা সোণৰ পদক বিজয়ী অলিম্পিয়ান।
-
জেনিফাৰ ডাউডনা
জেনিফাৰ এনি ডাউডনা (Jennifer Anne Doudna; জন্ম ১৯ ফেব্ৰুৱাৰী, ১৯৬৪) এগৰাকী আমেৰিকান জৈৱ ৰসায়নবিদ যি 'CRISPR জিন সম্পাদনা'-ত কৰা অগ্ৰণী কামৰ বাবে প্ৰখ্যাত, আৰু ইয়াৰ বাবে তেওঁ ইমানুৱেল চাৰ্পেণ্টিয়েৰ সৈতে ৰসায়ন বিজ্ঞানত ২০২০ চনৰ ন'বেল বঁটা লাভ কৰে।
-
জেনিফাৰ ল'পেজ
জেনিফাৰ ল'পেজ (English:Jennifer Lopez) এগৰাকী আমেৰিকান অভিনেত্ৰী,প'প গায়িকা,লেখিকা আৰু ফেছন দিজাইনাৰ। তেওঁৰ জন্ম ১৯৬৯ চনৰ ২৪ জুলাইত The bronx নিউই্য়ৰ্কত হয়। তেওঁক J.Lo নামেৰেও জনা যায়।
-
জেমছ পি. এলিচন
জেমছ পি. এলিচন (James P. Allison; জন্ম: ৭ আগষ্ট ১৯৪৮) এজন আমেৰিকান ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বৰ্তমান এম. ডি. এণ্ডাৰচন কেঞ্চাৰ চেণ্টাৰৰ ৰোগ প্ৰতিৰোধ বিজ্ঞান আসনৰ অধ্যাপক আৰু ৰোগ প্ৰতিৰোধ থেৰাপি চিকিৎসাৰ সঞ্চালক। তেওঁৰ আবিষ্কাৰ সমূহে কৰ্কট ৰোগৰ নতুন চিকিৎসা পদ্ধতিৰ নতুন দিশ সূচনা কৰিছে।