অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জন বেনিষ্টাৰ গুডএনাফ

জন বেনিষ্টাৰ গুডএনাফ (জন্ম: ২৫ জুলাই ১৯২২) এগৰাকী আমেৰিকান অধ্যাপক আৰু কঠিন অৱস্থা পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ত যান্ত্ৰিক অভিযান্ত্ৰিক আৰু মেটেৰীয়েল চাইন্সৰ অধ্যাপনা কৰি আছে। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে বিশেষ ভাবে জনাজাত।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২১ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জন বেনিষ্টাৰ গুডএনাফ (জন্ম: ২৫ জুলাই ১৯২২) এগৰাকী আমেৰিকান অধ্যাপক আৰু কঠিন অৱস্থা পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ত যান্ত্ৰিক অভিযান্ত্ৰিক আৰু মেটেৰীয়েল চাইন্সৰ অধ্যাপনা কৰি আছে। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে বিশেষ ভাবে জনাজাত। ইয়াৰ লগতে তেওঁ পদাৰ্থৰ চুপাৰএক্সচেঞ্জ নিৰ্ণয় কৰিবলৈ গুডএনাফ-কানামৰি নীতি আৱিষ্কাৰ কৰিছিল। ২০১৪ তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে চাৰ্লছ ষ্টাৰ্ক ড্ৰেপাৰ প্ৰাইজ লাভ কৰিছিল।১ তেওঁ এম. ষ্টেনলী হুইটটিনগাম আৰু আকিৰা য়শ্বিন'ৰ সৈতে "লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে" ২০১৯ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।২ ইয়াৰ লগে-লগে তেওঁ নোবেল বঁটা লাভ কৰা আটাইতকৈ বৃদ্ধ ব্যক্তিত পৰিগণিত হয়।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Charles Stark Draper Prize News, National Academy of Engineering. Retrieved March 1, 2015
  2. ↑ Specia, Megan. (9 October 2019). Nobel Prize in Chemistry Honors Work on Lithium-Ion Batteries - John B. Goodenough, M. Stanley Whittingham and Akira Yoshino were recognized for research that has “laid the foundation of a wireless, fossil fuel-free society.”. The New York Times

সম্পৰ্কিত শ্ৰেণী

পদাৰ্থ বিজ্ঞানীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন বেনিষ্টাৰ গুডএনাফ” প্ৰবন্ধৰ সংশোধন ২৯৬৯৮৪ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।