চাৰ্লছ এম. ৰাইচ (Charles Moen Rice)(জন্ম: ২৫ আগষ্ট ১৯৫২) এগৰাকী আমেৰিকান ভাইৰাছবিদ আৰু চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী বিজ্ঞানী। তেওঁৰ গৱেষণাৰ মুখ্য ক্ষেত্ৰ হৈছে হেপাটাইটিছ চি ভাইৰাছ। তেওঁ ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ ভাইৰ'লজীৰ বিষয়ৰ অধ্যাপক। তেওঁ আমেৰিকান এছ'চিয়েচন ফৰ দা এডভান্সমেণ্ট অফ চাইন্সৰ সদস্য, ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য আৰু ২০০২ চনৰ পৰা ২০০৩ চনলৈ তেওঁ আমেৰিকান ছ'চাইটি ফৰ ভাইৰ'লজিৰ সভাপতি আছিল। তেওঁ ২০১৬ চনত লাস্কাৰ-ডিবেকি ক্লিনিকেল চিকিৎসা গৱেষণা বঁটা ৰালফ এফ ডব্লিউ বাৰ্টেনশ্লেজাৰ আৰু মাইকেল জে. চফিয়াৰ সৈতে যুটীয়াভাৱে লাভ কৰিছিল।১২ ২০২০ চনত তেওঁক মাইকেল হাউটন আৰু হাৰ্ভি জে. অল্টাৰৰ সৈতে "হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ বাবে" চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হৈছিল।৩
শিক্ষা আৰু কৰ্মজীৱন
১৯৫২ চনৰ ২৫ আগষ্ট তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্নিয়াৰ চাৰাক্ৰামেণ্টোত চাৰ্লছ এম. ৰাইচৰ জন্ম হৈছিল। তেওঁ ১৯৭৪ চনত কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, ডেভিছৰ পৰা প্ৰাণীবিজ্ঞানত বি এছ ডিগ্ৰী লাভ কৰে। ১৯৮১ চনত তেওঁ কেলিফোৰ্নিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা জৈৱৰসায়নত পিএইচডি লাভ কৰে। ইয়াত তেওঁ জেমছ এইছ. ষ্টেৰুছ জুনিয়ৰৰ পৰীক্ষাগাৰত আৰএনএ ভাইৰাছ অধ্যয়ন কৰিছিল। তাৰপিছত তেওঁ পোষ্টডক্টৰেল গৱেষণা কৰিবলৈ চাৰি বছৰ কাল কেলটেকত থাকিছিল।৪৫ তেওঁৰ ডক্টৰেলৰ গৱেষণাৰ কামৰ পিছত ১৯৮৬ চনত সহকাৰী অধ্যাপক হিচাপে ৱাছিংটন বিশ্ববিদ্যালয় স্কুল অফ মেডিচিনত যোগদান কৰে। ২০০১ চনলৈ তেওঁ ৱাছিংটন বিশ্ববিদ্যালয় স্কুল অফ মেডিচিনত অধ্যাপক হিচাপে কৰ্মৰত আছিল। তেওঁ ২০০১ চনৰ পৰা ৰকফেলাৰ বিশ্ববিদ্যালয়ত মৰিচ আৰ আৰু কৰিন পি গ্ৰীণবাৰ্গ আসনৰ অধ্যাপক আছিল। তেওঁ ৱাছিংটন বিশ্ববিদ্যালয় স্কুল অফ মেডিচিন আৰু কৰ্ণেল বিশ্ববিদ্যালয়তো সমান্তৰালভাৱে অধ্যাপনা কৰি আছে। তেওঁ খাদ্য আৰু ঔষধ প্ৰশাসন, ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ বাবে সমিতিসমূহত সেৱা আগবঢ়াইছে।৪ তেওঁ ২০০৩ চনৰ পৰা ২০০৭ লৈ 'পৰীক্ষামূলক ঔষধৰ গৱেষণা পত্ৰ', ২০০৩ চনৰ পৰা ২০০৮ লৈ ভিৰ'লজিৰ গৱেষণা পত্ৰ আৰু ২০০৫ চনৰ পৰা বৰ্তমানলৈ পিএলঅ'এছ পেথ'জেনৰ সম্পাদক আছিল। তেওঁ ৪০০ ৰো অধিক সমীক্ষাযুক্ত প্ৰকাশনৰ লেখক।৪
গৱেষণা
কেলটেকত থাকোঁতে তেওঁ ছাইডবিছ ভাইৰাছৰ জিনমৰ ওপৰত গৱেষণা কৰা আৰু ফ্লেভিভাইৰাছৰ পৰিয়াল হিচাপে সংস্থাপন কৰাত জড়িত আছিল। এই কামৰ বাবে তেওঁ ব্যৱহাৰ কৰা হালধীয়া জ্বৰ ভাইৰাছৰ নমুনা পিছলৈ হালধীয়া জ্বৰৰ প্ৰতিষেধকৰ বিকাশৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছত তেওঁ সম্পৰ্কিয় হেপাটাইটিছ চি ভাইৰাছৰ বিষয়ে গৱেষণা কৰিবলৈ লয় আৰু ইয়াৰ বাবে বহুতো বঁটা লাভ কৰিছে।
বঁটা আৰু সন্মান
- ১৯৮৬: পিও বায়'মেডিকেল স্কলাৰ
- ২০০৪: নিৰ্বাচিত সভ্য, আমেৰিকান এছ'চিয়েচন ফৰ দা এডভান্সমেণ্ট অফ চায়েন্স
- ২০০৫: নিৰ্বাচিত সভ্য, ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী
- ২০০৫: নিৰ্বাচিত সভ্য, আমেৰিকান একাডেমী অফ মেক্ৰ'বায়োলজি
- ২০০৭: এম.ডব্লিউ. বেইজাৰিংক ভাইৰ'লজি প্ৰাইজ
- ২০১৫: ৰবাৰ্ট কচ প্ৰাইজ
- ২০১৬: আৰ্টইছ বেলে লেট্যুৰ স্বাস্থ্য পুৰস্কাৰ৬
- ২০১৬: লাস্কাৰ-ডিবেকি ক্লিনিকেল চিকিৎসা গৱেষণা বঁটা
- ২০২০: চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা৩
তথ্যসূত্ৰ
- ↑ The Rockefeller University » Scientists & Research. rockefeller.edu
- ↑ (2016). 2016 Lasker~DeBakey Clinical Medical Research Award: Hepatitis C replicon system and drug development. The Lasker Foundation
- ↑ Press release: The Nobel Prize in Physiology or Medicine 2020. Nobel Foundation
- ↑ আৰ্কাইভ কপি
- ↑ (2016-09-13). Charles M. Rice wins Lasker Award for groundbreaking work on the hepatitis C virus. The Rockefeller University
- ↑ THE BAILLET LATOUR HEALTH PRIZE - 2018 HISTORICAL BACKGROUND. FRNS
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰ্লছ এম. ৰাইচ” প্ৰবন্ধৰ সংশোধন ৩৮০৮১৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।