অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন’ৰা জ’নছ

ন’ৰা জ’নছ (জন্ম ৩০ মাৰ্চ, ১৯৭৯; জন্ম নাম: গীতালি ন’ৰা শংকৰ) এগৰাকী আমেৰিকান সংগীতজ্ঞ আৰু অভিনেত্ৰী। তেওঁৰ ইতিমধ্যে ৫০ মিলিয়নতকৈ অধিক সংগীতৰ এলবাম বিশ্বজুৰি বিক্ৰী হোৱাৰ লগতে অলেখ সন্মানৰ অধিকাৰীও হৈছে। ২০০০ ৰ দশকটোত বিলবৰ্ডে তেওঁক শীৰ্ষ জাজ শিল্পীৰ স্থান দিছিল।

হালনাগাদ: ৮ অক্টোবৰ ২০২৪ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ন’ৰা জ’নছ (জন্ম ৩০ মাৰ্চ, ১৯৭৯; জন্ম নাম: গীতালি ন’ৰা শংকৰ)১ এগৰাকী আমেৰিকান সংগীতজ্ঞ আৰু অভিনেত্ৰী। তেওঁৰ ইতিমধ্যে ৫০ মিলিয়নতকৈ অধিক সংগীতৰ এলবাম বিশ্বজুৰি বিক্ৰী হোৱাৰ লগতে অলেখ সন্মানৰ অধিকাৰীও হৈছে।২ ২০০০ ৰ দশকটোত বিলবৰ্ডে তেওঁক শীৰ্ষ জাজ শিল্পীৰ স্থান দিছিল।৩ তেওঁ ইতিমধ্যে ৯ টাকৈ গ্ৰেমী সন্মান লাভ কৰিছে। ২০০২ চনত জ’নছে তেওঁৰ সংগীতৰ কেৰিয়াৰৰ প্ৰথমটো নিজা এলবাম Come Away with Me মুক্তি দিয়ে, যিটো এলবাম ব্যৱসায়িকভাৱে সফল হোৱাৰ লগতে সমালোচকৰ প্ৰশংসা লভিবলৈ সক্ষম হৈছিল। এই এলবামটো জাজ, কাউন্ট্ৰি আৰু পপ সংগীতৰ ফিউজন আছিল।৪ প্ৰায় ২৬ মিলিয়নৰো অধিক কপি বিক্ৰী হোৱা এই এলবামটোৰ বাবে জ’নছে বৰ্ষটোৰ শ্ৰেষ্ঠ এলবাম, ৰেকৰ্ড অৱ দ্য য়েৰ আৰু শ্ৰেষ্ঠ নৱাগত শিল্পী বঁটাৰ৫ লগত পাঁচটাকৈ গ্ৰেমী বঁটা লাভ কৰিছিল।

প্ৰাক জীৱনকাল

১৯৭৯ চনত তেওঁ নিউয়ৰ্কৰ বেডফৰ্ড ষ্টাভেছাণ্ট, ব্ৰুকলিনত জন্ম লাভ কৰিছিল। জন্মৰ সময়ত নাম আছিল গীতালি শংকৰ। তেওঁৰ অভিভাৱক ক্ৰমে ছ্যু জ’নছ আৰু চেতাৰ পণ্ডিত ৰবি শংকৰ।৬৭ ১৯৮৬ চনত পিতৃ মাতৃৰ বিচ্ছেদ হোৱাৰ পাছত তেওঁ মাকৰ লগত থাকিবলৈ লয়। তেওঁ পঢ়া শিক্ষানুষ্ঠানসমূহ ক্ৰমে কলিভাইল মিডল স্কুল, গ্ৰেপেভাইন হাইস্কুল আৰু ডেলাছৰ বুকাৰ টি ৱাশ্বিংটন হাইস্কুল ফৰ দ্য পাৰ্ফৰ্মিং এণ্ড ভিজুৱেল আৰ্টছ। ষোল্ল বছৰ বয়সত তেওঁ নামটো ন’ৰা জ’নছলৈ সলনি কৰে।১৬

ব্যক্তিগত জীৱন

২০০০ চনৰ পৰা ২০০৭ চনলৈ তেওঁ লী আলেকজেণ্ডাৰৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কত আছিল।৮ ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত জ’নছে এটি পুত্ৰ সন্তান জন্ম দিয়ে।৯১০

তথ্যসূত্ৰ

  1. ↑ Dilworth, Thomas J. (July 6, 2007). What's Next for Norah Jones?. ABC News
  2. ↑ (October 12, 2012). Grammy Stars Make Beeline for Korea. The Chosun Ilbo
  3. ↑ Artists of the Decade. Billboard.com
  4. ↑ Brown, Helen. (April 27, 2012). Norah Jones, Little Broken Hearts, CD review. The Telegraph
  5. ↑ (February 28, 2003). Norah Jones sweeps Grammy Awards. CNN.com
  6. ↑ (April 29, 2003). Hard to say no to free love: Ravi Shankar. Press Trust of India. Rediff.com
  7. ↑ Norah Jones – Biography. IMDb
  8. ↑ Norah Jones and Lee Alexander Call it Quits. theinsider.com
  9. ↑ Michelle Obama Invites Military Mothers To White House For Mother's Day Event. The Huffington Post
  10. ↑ pagesix.com/2014/09/30/private-norah-jones-spott

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান কণ্ঠশিল্পীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন’ৰা জ’নছ” প্ৰবন্ধৰ সংশোধন ৪৩৬১৩০ (৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।