মাইকেল ৰবাৰ্ট ক্ৰেমাৰ (Michael Robert Kremer; জন্ম ১২ নৱেম্বৰ ১৯৬৪)১ এগৰাকী আমেৰিকান উন্নয়ন অৰ্থনীতিবিদ। তেওঁ বৰ্তমান হাৰ্ভাড বিশ্ববিদ্যালয়ৰ ডেভলপিং ছ'চাইটিছৰ গেট আসনৰ অধ্যাপক। তেওঁক অভিজিৎ বেনাৰ্জী আৰু ইস্থাৰ ডাফ্লোৰ সৈতে "গোলকীয় দৰিদ্ৰতা নিৰ্মূলৰ বাবে তেওঁলোকৰ পৰীক্ষামূলক অভিগমন"ৰ বাবে ২০১৯ চনৰ অৰ্থনীতিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।২৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৪ চনৰ ১২ নৱেম্বৰ তাৰিখে আমেৰিকাৰ ইহুদী পৰিয়ালত মাইকেল ক্ৰেমাৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ইউজেন ক্ৰেমাৰ এজন অষ্ট্ৰিয়া-পোলেণ্ডৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ইহুদী শৰণাৰ্থী আছিল। তেওঁৰ মাতৃ ছাৰা লিলিয়াম ক্ৰেমাৰ এগৰাকী ইংৰাজী সাহিত্যৰ অধ্যাপিকা আছিল। তেওঁ আমেৰিকাৰ ইহুদী ধৰ্মালম্বী আৰু ইহুদী গণহত্যাৰ বিশেষজ্ঞ আছিল।৪
মাইকেল ক্ৰেমাৰে হাৰ্ভাড বিশ্ববিদ্যালয়ৰ পৰা সমাজ বিজ্ঞানত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পিছলৈ একে বিশ্ববিদ্যালয়ৰৰ পৰা ১৯৯২ চনত পিএইছডি ডিগ্ৰী লাভ কৰে।৫ তাৰপিছত তেওঁ ১৯৯২ চনৰ পৰা ১৯৯৩ চনলৈ মেছাছুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত পষ্ট ডক্টৰেট আছিল। তেওঁ ১৯৯৩ চনৰ বসন্তত চিকাগো বিশ্ববিদ্যালয়ৰ অতিথি সহকাৰী অধ্যাপক হিচাপে নিয়োজিত আছিল। তাৰপিছত তেওঁ ১৯৯৩চনৰ পৰা ১৯৯৯ চনলৈ মেছাছুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অধ্যাপক আছিল। ১৯৯৯ চনৰ পিছৰ পৰা বৰ্তমানলৈ হাৰ্ভাড বিশ্ববিদ্যালয় অধ্যাপক পদত অধিষ্ঠিত হৈ আছে।৬
কৰ্মজীৱন
তেওঁ দৰিদ্ৰতা নিৰ্মূলকৰণক মুখ্য বিষয় হিচাপে গৱেষণা কৰিছিল। শিক্ষা অৰ্থনীতি আৰু স্বাস্থ্য অৰ্থনীতিৰ ওপৰত কাম কৰিছিল।৭ তেওঁ অভিজিৎ বেনাৰ্জী আৰু ইস্থাৰ ডাফ্লোৰ সৈতে উন্নয়ন অৰ্থনীতিৰ বিষয়ত গৱেষণা কৰিছিল। তেওঁ যাদৃচ্ছিক নিয়ন্ত্ৰিত পৰীক্ষাৰ উপযোগিতা স্থাপন কৰি দৰিদ্ৰতা বিৰোধী ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল।৮ তেওঁৰ পৰীক্ষামূলক অন্বেষণৰ ফলত ইস্থাৰ ডাফ্লো প্ৰভাৱিত হৈছিল।৯
তেওঁ আমেৰিকান কলা আৰু বিজ্ঞান একাডেমীৰ ফেল' নিৰ্বাচিত হৈছিল আৰু ১৯৯৭ চনত মেকআৰ্থাৰ ফেলশ্বিপ লাভ কৰিছিল।১০ ইয়াৰ লগতে তেওঁ ৰাষ্ট্ৰপতিৰ অধ্যাপক ফেলশ্বিপো লাভ কৰিছিল। ৱৰ্ল্ড ইকোনোমিক ফৰামে তেওঁক ইয়ং গ্লোৱেল লিডাৰ হিচাপে অভিহিত কৰিছিল। তেওঁ ইন'ভেচনছ ফৰ পভাৰ্তি নামৰ সংস্থাৰ লগত জড়িত। এই সংস্থায়ে উন্নয়নমূলক অসুবিধা সমূহৰ সামাজিক আৰু আন্তৰ্জাতিক সমাধানৰ বাবে গৱেষণা কৰে। তেওঁ গিভিং হোৱাট ৱি কেনৰ সদস্য। ই দৰিদ্ৰতা নিৰ্মূলকৰণৰ লগত জড়িত এক আন্তঃৰাষ্ট্ৰীয় সংগঠন।১১ তেওঁ ৱৰ্ল্ডটেক নামৰ সংস্থাৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ আছিল। সেইদৰে প্ৰিচিছন এগ্ৰীকালচাৰ ফৰ ডেভেলপমেণ্ট নামৰ সংস্থাৰ সহ প্ৰতিষ্ঠাপক আছিল। এই সংস্থায়ে ক্ষুদ্ৰ খেতিয়ক সকলক বিভিন্ন পৰামৰ্শ আগবঢ়ায়।১২
তেওঁ এক মিলিয়ন বৰ্ষত অৰ্থনীতিৰ পৰিৱৰ্তন অধ্যয়ন কৰিছিল।১৩ তেওঁ অৰ্থনৈতিক বৃদ্ধি আৰু জনসংখ্যাৰ বৃদ্ধিৰ লগত বৃদ্ধি হয় বুলি প্ৰমাণ কৰিছিল।
আন্তঃৰাষ্ট্ৰীয় বৃদ্ধি কেন্দ্ৰৰ বৃদ্ধি সপ্তাহ ২০১০ ত শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ড উন্নত কৰিবলৈ এটি দলৰ নেতৃত্ব দিছিল।১৪
তেওঁ ডিএফআইডিৰ মুখ্য অৰ্থনীতিবিদ ৰাছেল গ্লেনষ্টাৰৰ স্বামী।
তথ্যসূত্ৰ
- ↑ U.S. Public Records Index Vol 1 & 2 (Provo, UT: Ancestry.com Operations, Inc.), 2010
- ↑ (October 14, 2019). The Prize in Economic Sciences 2019. Royal Swedish Academy of Sciences
- ↑ Desk, The Hindu Net. (2019-10-14). Abhijit Banerjee among three to receive Economics Nobel. The Hindu
- ↑ JEWISH NOBEL PRIZE WINNERS IN ECONOMICS
- ↑ Aggarwal-Schifellite, Manisha. (October 14, 2019). Nobel in economic sciences awarded: Michael Kremer wins Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel. The Harvard Gazette
- ↑ Curriculum Vitae (Michael Kremer). Harvard University
- ↑ Wiseman, Paul; Ljubojevic, Aleksandar; LeBlanc, Steve. (October 14, 2019). 3 economists who study poverty win Nobel Prize. apnews.com. Associated Press
- ↑ Cho, Adrian. (October 14, 2019). Economics Nobel honors trio taking an experimental approach to fighting poverty. Science
- ↑ Smialek, Jeanna. (October 14, 2019). Nobel Economics Prize Goes to Pioneers in Reducing Poverty: Three professors, Abhijit Banerjee and Esther Duflo, both of M.I.T., and Michael Kremer of Harvard, were honored.. The New York Times
- ↑ MacArthur Foundation. www.macfound.org
- ↑ Members. www.givingwhatwecan.org
- ↑ PAD. www.precisionag.org
- ↑ Kremer, Michael. (1993). Population Growth and Technological Change: One Million B.C. to 1990. The Quarterly Journal of Economics. পৃ. 681–716
- ↑ Growth Week 2010 – Summary
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইকেল ক্ৰেমাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬১১২ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।