অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিম পিবলছ্

ফিলিপ জেমছ্ এডৱিন পিবলছ্ (Philip James "Jim" Edwin Peebles; জন্ম-এপ্ৰিল ২৫, ১৯৩৫) হৈছে এগৰাকী কানাডিয়ান-আমেৰিকান জ্যোতিপদাৰ্থবিজ্ঞানী, জ্যোতিৰ্বিদ আৰু এজন তাত্ত্বিক ব্ৰহ্মাণ্ডতত্ত্ববিদ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৮২৪ শব্দ · ৫ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ফিলিপ জেমছ্ এডৱিন পিবলছ্ (Philip James "Jim" Edwin Peebles; জন্ম-এপ্ৰিল ২৫, ১৯৩৫) হৈছে এগৰাকী কানাডিয়ান-আমেৰিকান জ্যোতিপদাৰ্থবিজ্ঞানী, জ্যোতিৰ্বিদ আৰু এজন তাত্ত্বিক ব্ৰহ্মাণ্ডতত্ত্ববিদ। তেওঁ বৰ্তমান প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ এলবাৰ্ট আইনষ্টাইন প্ৰফেছাৰ এমিৰেটাচ পদত অধিষ্ঠিত।১২১৯৭০চনৰ পাছৰপৰা বিশ্বৰ এগৰাকী শীৰ্ষস্থানীয় তাত্ত্বিক ব্ৰহ্মাণ্ডতত্ত্ববিদ হিচাপে তেওঁ জনাজাত হৈ পৰে। তেওঁ গুৰুত্বপূৰ্ণ তাত্ত্বিক অৱদানসমূহে আদিম নিউক্লিয়চিন্থেছিছ, কৃষ্ণ পদাৰ্থ, মহাজাগতিক সূক্ষ্মতৰংগ পশ্বাদভূমি আৰু আকৃতি গঠনক সমৃদ্ধ কৰিছে।

ভৌতিক ব্ৰহ্মাণ্ডতত্ত্বলৈ আগবঢ়োৱা তাত্ত্বিক আৱিষ্কাৰৰ বাবে ২০১৯ চনত তেওঁক সন্মানীয় ন'বেল বঁটা প্ৰদান কৰা হয়। আন দুজন বিজ্ঞানী মিশ্বেল মেয়ৰ আৰু ডিডিয়াৰ কুয়েলজৰ সৈতে তেওঁ এই বঁটা ভগাই লয়। সূৰ্যসদৃশ নক্ষত্ৰৰ চাৰিওকাষে প্ৰদক্ষিণ কৰি থকা এটা বহিঃগ্ৰহৰ আৱিষ্কাৰৰ বাবে তেওঁলোকক এই বঁটা প্ৰদান কৰা হৈছে।৩৪

প্ৰাৰম্ভিক জীৱন

কানাডাস্থিত ৱিনিপেগৰ ছেইণ্ট বনিফেচত ১৯৩৫ চনৰ ২৫ এপ্ৰিলত জিম পিবলছ্‌ৰ জন্ম হয়। মেনিট'বা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ১৯৫৮ চনৰ শৰৎ কালত তেওঁ মেনিট'বা ত্যাগ কৰে আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। সেইখন বিশ্ববিদ্যালয়ত তেওঁ ডক্টৰেট শিক্ষা সম্পূৰ্ণ কৰে। তেওঁৰ তত্ত্বাবধায়ক আছিল ৰবাৰ্ট ডিকে।৫ পিবলছে সমগ্ৰ কেৰিয়াৰটো সেইখন বিশ্ববিদ্যালয়তে অতিবাহিত কৰে। ১৯৭৭-৭৮ শৈক্ষিক বৰ্ষত পিবলছ্উচ্চতৰ অধ্যয়নৰ প্ৰতিষ্ঠানৰ প্ৰাকৃতিক বিজ্ঞান বিদ্যালয়ৰ এজন সদস্য আছিল। ১৯৯০-৯১ আৰু ১৯৯৮-৯৯ চনত তেওঁ সেই শিক্ষানুষ্ঠান দৰ্শন কৰিছিল। ৬

শৈক্ষিক কেৰিয়াৰ

জিম পিবলছে মহানাদ আৰ্হিলৈ(Big Bang Model) উল্লেখনীয় বৰঙনি আগবঢ়াইছে। ইয়াৰোপৰিও মহানাদ নিউক্লিয়'ছিন্থেছিছ, কৃষ্ণ পদাৰ্থ আৰু কৃষ্ণ শক্তিলৈ তেওঁৰ বৰঙনি স্মৰণীয়। ১৯৭০ চনত মহাজাগতিক আকৃতি গঠন(Structure Formation)তত্ত্বত তেওঁক এজন পথ-প্ৰদৰ্শক হিচাপে গণ্য কৰা হৈছিল। ভৌতিক ব্ৰহ্মাণ্ডতত্ত্ব বিষয়টোক পদাৰ্থ বিজ্ঞানত বিশেষ শ্ৰেণীৰ মান্যতা দিয়াৰ পূৰ্বতেই পিবলছে এই বিষয়ে অধ্যয়ন কৰি আছিল আৰু বিষয়টোৰ গুৰুত্ব বঢ়োৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ৭

কিছুমান বিষয়ে প্ৰাথমিক ধাৰণা উদ্ভাৱন কৰাত পিবলছৰ বিশেষ খ্যাতি আছে, যিবোৰ ধাৰণা পৰৱৰ্তী পৰ্যায়তহে বিজ্ঞানীসকলে গভীৰভাৱে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। উদাহৰণস্বৰূপে, ব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক পৰ্যায়ৰ বিকাশৰ বাবে ১৯৮৭ চনত তেওঁ আদিম সমবক্ৰতা বেৰিয়ন আৰ্হিটো উত্থাপন কৰিছিল। ৮ একেধৰণে ১৯৭০ চনৰ প্ৰাৰম্ভিক সময়ত পিবলছে কৃষ্ণ পদাৰ্থ গঠনপ্ৰক্ৰিয়াৰ সমস্যালৈও অৱদান আগবঢ়াইছিল। ৯

তেওঁ লিখা তিনিখন গ্ৰন্থ হৈছে ফিজিকেল কছম'ল'জি(১৯৭১), লাৰ্জ স্কেল ষ্ট্ৰাকছাৰ অৱ দা ইউনিভাৰ্ছ(১৯৮০) আৰু প্ৰিন্সিপালছ আৱ ফিজিকেল কচম'ল'জি(১৯৯৩)। এইক্ষেত্ৰত অধ্যয়নৰ বাবে এইকেইখন কিতাপক মানসম্পন্ন প্ৰসংগপুথি হিচাপে বিবেচিত কৰা হয়। প্ৰিন্সিপালছ আৱ ফিজিকেল কচম'ল'জি১০ গ্ৰন্থখনত তেওঁ ব্ৰহ্মাণ্ডৰ যিকোনো ঠাইৰ দ্ৰুতিৰ বাবে অগ্ৰাধিকাৰৰ ভিত্তিত এক প্ৰাসংগিক কাঠামোৰ কথা উল্লেখ কৰে; যিটো সমগুণী মহাজাগতিক পশ্চাদভূমি বিকিৰণৰ ওপৰত ভিত্তি কৰা গঠন কৰা হৈছিল। আৰু পূৰ্বৰ আৰ্হিবোৰৰ লগত ইয়াৰ পাৰ্থক্য আছিল। কিন্তু পিবলছৰ মতে-সেইটো আৰ্হিয়ে আপেক্ষিকতাবাদৰ নীতি উলংঘন কৰা নাছিল। ভিক্টৰ ৱেইছকফয়েও তেওঁৰ গ্ৰন্থ দা প্ৰিভিলেজ অৱ বিংগ এ ফিজিচিষ্টত একেই মত দাঙি ধৰিছে।১১

২০১৯ চনত তেওঁক পদাৰ্থ বিজ্ঞানত ন'বেল বঁটা প্ৰদান কৰা হয়। ১২

সন্মান

পুৰস্কাৰ

  • এডিংটন পদক (১৯৮১)১৩
  • হেইনমেন বঁটা (১৯৮২)১৪
  • ৰয়েল ছ'ছাইটিৰ সদস্য (১৯৮২)১৫
  • হেনৰি ন'ৰিছ ৰাছেল অধ্যপনা পদ (১৯৯৩)১৩
  • ব্ৰুছ পদক (১৯৯৫)১৬
  • অস্কাৰ ক্লেইন পদক (১৯৯৭)১৭
  • ৰয়েল জ্যোতিৰ্বিজ্ঞান সমাজৰ সোণৰ পদক (১৯৯৮)১৮
  • ব্ৰহ্মাণ্ডতত্ত্বত গ্ৰুবাৰ বঁটা (২০০০), with Allan Sandage১৯
  • হাৰ্ভে বঁটা (২০০১)২০
  • শ্বাউ বঁটা (২০০৪)২১
  • ক্ৰেফুৰ বঁটা, জেমছ্ ই. গান আৰু মাৰ্টিন ৰিচৰ সৈতে (২০০৫)২২
  • হিচ্ছকক অধ্যাপকৰ পদ (২০০৬)২৩
  • ডিৰাক পদক (২০১৩)২৪
  • অৰ্ডাৰ অৱ মেনিট'বাৰ সদস্য (২০১৭)২৫
  • ন'বেল বঁটা(২০১৯)২৬

তেওঁৰ নামেৰে

তথ্যসূত্ৰ

  • Davis, M.; Peebles, P. J. E. (1983). A survey of galaxy redshifts. V – The two-point position and velocity correlations. Astrophys. J.. পৃ. 465
  • Dicke, R. H.; Peebles, P. J. E.; Roll, P. G. (1965). Cosmic Black-Body Radiation. Astrophys. J.. পৃ. 414
  • Fukugita, M.; Hogan, C. J.; Peebles, P. J. E. (1998). The cosmic baryon budget. Astrophys. J.. পৃ. 518
  • Groth, E. J.; Peebles, P. J. E. (1977). Statistical Analysis Of Catalogs Of Extragalactic Objects. 7. Two And Three Point Correlation Functions For The High-Resolution Shane-Wirtanen Catalog Of Galaxies. Astrophys. J.. পৃ. 385
  • Ostriker, J. P.; Peebles, P. J. E. (1973). A Numerical Study of the Stability of Flattened Galaxies: or, can Cold Galaxies Survive?. Astrophys. J.. পৃ. 467
  • Peebles, P. J. E. (1966). Primordial Helium Abundance and the Primordial Fireball. I. Phys. Rev. Lett.. পৃ. 410
  • Peebles, P. J. E. (1966). Primordial Helium Abundance and the Primordial Fireball. II. Astrophys. J.. পৃ. 542
  • Peebles, P. J. E.; Dicke, R. H. (1968). Origin of the Globular Star Clusters. Astrophys. J.. পৃ. 891
  • Peebles, P. J. E. (1969). Origin of the Angular Momentum of Galaxies. Astrophys. J.. পৃ. 393
  • Peebles, P. J. E.; Yu, J. T. (1970). Primeval adiabatic perturbation in an expanding universe. Astrophys. J.. পৃ. 815
  • Peebles, P. J. E. (1971). Physical Cosmology. Princeton University Press
  • Peebles, P. J. E. (1980). The large-scale structure of the universe. Princeton University Press
  • Peebles, P. J. E. (1982). Large-scale background temperature and mass fluctuations due to scale-invariant primeval perturbations. Astrophys. J.. পৃ. L1
  • Peebles, P. J. E. (1993). Principles of Physical Cosmology. Princeton University Press
  • Ratra, B.; Peebles, P. J. E. (1988). Cosmology with a time-variable cosmological 'constant'. Astrophys. J.. পৃ. L17
  • Ratra, B.; Peebles, P. J. E. (1988). Cosmological consequences of a rolling homogeneous scalar field. Phys. Rev. D. পৃ. 3406
  • Ratra, B.; Peebles, P. J. E. (2003). The cosmological constant and dark energy. Rev. Mod. Phys.. পৃ. 559–606

গ্ৰন্থসূচী

  • Hu, Wayne. (1994-06-28). The Nature versus Nurture of Anisotropies

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Princeton University Physics Department
  2. ↑ Princeton University News
  3. ↑ The Nobel Prize in Physics 2019. Nobel Media AB
  4. ↑ Chang, Kenneth; Specia, Megan. (8 October 2019). Nobel Prize in Physics Awarded for Cosmic Discoveries - The cosmologist James Peebles split the prize with the astrophysicists Michel Mayor and Didier Queloz, for work the Nobel judges said “transformed our ideas about the cosmos.”. The New York Times
  5. ↑ Seeing Cosmology Grow
  6. ↑ Phillip James E. Peebles. Institute for Advanced Study
  7. ↑ General Relativity’s Influence and Mysteries. Institute for Advanced Study
  8. ↑ Hu (1994-06-28)
  9. ↑ de Swart, J. G.; Bertone, G.; van Dongen, J. (2017). How dark matter came to matter. Nature Astronomy. পৃ. 0059
  10. ↑ Principles of Physical Cosmology, Princeton University Press, Princeton NJ, 1993, Page 151
  11. ↑ The Privilege of Being a Physicist, Freeman, New York, 1989. Page 143
  12. ↑ www.princeton.edu/news/2019/10/08/princetons-jam
  13. ↑ Weintraub, David A. (2011). How Old Is the Universe?. Princeton University Press. পৃ. 317. ISBN 9780691147314
  14. ↑ Dannie Heineman Prize for Astrophysics · American Astronomical Society. aas.org
  15. ↑ Phillip Peebles biography. Royal Society
  16. ↑ The Bruce Medalists. www.phys-astro.sonoma.edu
  17. ↑ Earlier Lectures - Oskar Klein Centre. www.okc.albanova.se
  18. ↑ Williams, D. A. (1 June 1999). Prof. P J E Peebles: 1998 Gold Medal. Astronomy & Geophysics. পৃ. 3.6–3.6
  19. ↑ 2000 Gruber Cosmology Prize · Gruber Foundation. gruber.yale.edu
  20. ↑ Princeton Announcements, June 2001 - Archived. www.princeton.edu
  21. ↑ The Shaw Prize - Top prizes for astronomy, life science and mathematics. www.shawprize.org
  22. ↑ The Crafoord Prize 2005. www.crafoordprize.se
  23. ↑ Charles M. and Martha Hitchcock Lectures · Series · Berkeley Graduate Lectures. gradlectures.berkeley.edu
  24. ↑ FACULTY AWARD: Peebles awarded 2013 Dirac Medal for work in theoretical physics. Princeton University
  25. ↑ (12 May 2017). 12 Manitobans to receive province's highest honour this summer. CBC.ca
  26. ↑ The Nobel Prize in Physics 2019. Nobel Media AB

সম্পৰ্কিত শ্ৰেণী

জ্যোতিৰ্বিজ্ঞানীকানাডাৰ ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিপদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ীৰয়েল ছ'ছাইটিৰ সদস্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিম পিবলছ্” প্ৰবন্ধৰ সংশোধন ৬৩২৬২৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।