আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি
৩১৭ প্ৰবন্ধ
-
বব ডিলন
বব ডিলন (Bob Dylan) (জন্মগত নাম ৰবাৰ্ট এলেন জিমাৰম্যান, মে ২৪, ১৯৪১) এজন আমেৰিকান গায়ক, গীতিকাৰ, লেখক, সুৰকাৰ, কবি আৰু ডিস্ক জকি যি পাঁচ দশক ধৰি জনপ্ৰিয় ধাৰাৰ সঙ্গীতৰ অন্যতম প্ৰধান ব্যক্তি হিচাবে সুপৰ্ৰিচিত। ডিলনৰ শ্ৰেষ্ঠ গানসমূহৰ মাজত অনেকবোৰ ১৯৬০ দশকত ৰচিত হৈছে।
-
বেঞ্জামিন ফ্ৰেংকলিন
বেঞ্জামিন ফ্ৰেংকলিন (১৭০৬–১৭৯০) আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠাপকসকলৰ এজন। তেওঁ এজন লেখক, প্ৰকাশক, ৰাজনৈতিক দাৰ্শনিক, ৰাজনীতিবিদৰ লগতে বিজ্ঞানী আৰু উদ্ভাৱকো আছিল। এজন বিজ্ঞানী হিচাপে তেওঁক বিদ্যুৎ সম্পৰ্কীয় আৱিষ্কাৰ আৰু তত্ত্বৰ বাবে জনা যায়।
-
ৱিলিয়াম এছ. বাৰ’জ
ৱিলিয়াম এছ. বাৰ’জ (William Burroughs; ৫ ফেব্ৰুৱাৰী – ২ আগষ্ট ১৯৯৭) আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক। তেওঁৰ জন্ম ১৯১৪ চনৰ ৫ ফেব্ৰুৱাৰীত আৰু মৃত্যু ১৯৯৭ চনৰ ২ আগষ্টত।
-
কমলা হেৰিছ
কমলা দেৱী হেৰিছ (Kamala Devi Harris; জন্ম: ২০ অক্টোবৰ, ১৯৬৪) এগৰাকি আমেৰিকাৰ ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ ২০১৭ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত জুনিয়ৰ চিনেটৰ হিচাপে কাম কৰিছিল। তেওঁ ২০২০ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত উপ-ৰাষ্ট্ৰপতি পদত ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী ৰূপে মনোনীত হৈছে।
-
গেৰী স্নাইডাৰ
গেৰী স্নাইডাৰ (Gary Snyder; জন্ম ৮ মে', ১৯৩০) এজন আমেৰিকান কবি, প্ৰবন্ধকাৰ, বক্তা, আৰু পৰিবেশ কৰ্মী। তেওঁ "বিট্ প্ৰজন্ম" আৰু "চান ফ্ৰান্সিছক' নৱজাগৰণ" লগত জড়িত আছিল। তেওঁক Deep ecologyৰ "পয়েট ল'ৰেট" বুলিও অভিহিত কৰা হয়। স্নাইডাৰে কবিতাৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰিছিল।
-
লৰেঞ্চ ফেৰলিংঘেট্টি
লৰেঞ্চ ফেৰলিংঘেট্টি (Lawrence Ferlinghetti) আমেৰিকাত বিট আন্দোলনৰ কবি, সম্পাদক, আৰু প্ৰকাশক। তেওঁৰ জন্ম ১৯১৯ চনৰ ২৪ মাৰ্চ।
-
ষ্টিফেনি মেয়াৰ
ষ্টিফেনি মেয়াৰ (Stephenie Meyer; née Morgan;; জন্ম: ২৪ ডিচেম্বৰ, ১৯৭৩) এগৰাকী আমেৰিকান ঔপন্যাসিক তথা প্ৰযোজক। তেওঁ ঘাইকৈ ভেম্পায়াৰ ৰোমাঞ্চ শৃংখলা টোৱাইলাইটৰ বাবে জনাজাত।
-
ৰিচাৰ্ড ফাইনমেন
ৰিচাৰ্ড ফিলিপছ ফাইনমেন (১১ মে’,১৯১৮ – ১৫ ফেব্ৰুৱাৰী,১৯৮৮) এজন সুবিখ্যাত আৰু প্ৰতিভাধৰ আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী আছিল। পদাৰ্থ বিজ্ঞানৰ সমাজত তেওঁ কোৱাণ্টাম বলবিদ্যাৰ path integral formulation, অতিমাত্ৰা শীতল তৰল হিলিয়ামৰ superfluidity ৰ সম্পৰ্কিত অধ্যয়নৰ বাবে জনাজাত।
-
আলফ্ৰেড হিচকক
চাৰ আলফ্ৰেড জোচেফ হিচকক (Alfred Hitchcock; জন্ম: ১৩ আগষ্ট, ১৮৯৯ - মৃত্যু: ২৯ এপ্ৰিল, ১৯৮০) এজন ইংৰাজ চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। যুক্তৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগত তেওঁ নিৰ্বাক আৰু সবাক দুই ধৰণৰ ছবি নিৰ্মাণ কৰি তেওঁ সফলতা অৰ্জন কৰিছিল।
-
ইস্থাৰ ডাফ্লো
ইস্থাৰ ডাফ্লো, (; জন্ম ২৫ ১৯৭২) এগৰাকী ফ্ৰেন্স-আমেৰিকান অৰ্থনীতিবিদ। তেওঁ বৰ্তমান মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত দৰিদ্ৰতা নিৰ্মূল আৰু উন্নয়ন অৰ্থনীতিৰ আব্দুল লতিফ জামেল আসনৰ অধ্যাপক। তেওঁ আব্দুল লতিফ জামেল পভাৰ্টি এক্সন লেবৰ সহ প্ৰতিষ্ঠাপক আৰু সহনিৰ্দেশক।
-
উইলিয়াম জেম্ছ
ৱিলিয়াম জেইম্ছ (William James) (১১ জানুৱাৰী, ১৮৪২– ২৬ আগষ্ট, ১৯১০)এগৰাকী আমেৰিকান দাৰ্শনিক, মনোবিজ্ঞানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মনোবিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমজন শিক্ষাবিদ।
-
এডৱিন হাবল
এডৱিন পাৱেল হাবল (Edwin Powell Hubble; ২০ নৱেম্বৰ, ১৮৮৯ - ২৮ ছেপ্টেম্বৰ, ১৯৫৩) এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আছিল। বহিঃতাৰকাৰাজ্যিক জ্যোতিৰ্বিজ্ঞান আৰু নিৰীক্ষণভিত্তিক ব্ৰহ্মাণ্ডবিজ্ঞানৰ ক্ষেত্ৰ দুখন গঢ় দিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
-
জন ফ'ৰ্বছ্ নাশ্ব, কনিষ্ঠ
জন ফ'ৰ্বছ নাছ কনিষ্ঠ (জুন ১৩, ১৯২৮, মে' ২৩, ২০১৫) আমেৰিকাৰ এগৰাকী প্ৰখ্যাত গণিতজ্ঞ আছিল। খেল তত্ত্ব, ডিফাৰেন্সিয়েল জ্যামিতি আৰু আংশিক অৱকলজ সমীকৰণলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হয়।
-
ব্ৰুছ লী
ব্ৰুছ লী (Bruce Lee) লী জুন ফেন বা পেছাদাৰীগতভাৱে ব্ৰুছ লী নামেৰে পৰিচিত এগৰাকী হংকং আমেৰিকান সমৰ কলা শিল্পী, অভিনেতা, পৰিচালক, সমৰ কলা প্ৰশিক্ষক আৰু দাৰ্শনিক।
-
মাৰ্ক জুকাৰবাৰ্গ
মাৰ্ক জাকাৰবাৰ্গ (Mark Elliot Zuckerberg) এগৰাকী আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ইণ্টাৰনেট উদ্যামী। ইণ্টাৰনেটৰ জগতত তেওঁ ফেইচবুকক লৈ এক আলোৰণৰ সৃষ্টি কৰে। তেওঁৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১৪ মে’ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ৰাজ্যৰ হুৱাইট প্লেইনছত।
-
ষ্টীভ জব্ছ
ষ্টিভেন পল জব্চ (Steven Paul Jobs, জন্ম ২৪ ফেব্ৰুৱাৰী, ১৯৫৫ - মৃত্যু ৫ অক্টোবৰ, ২০১১) এগৰাকী আমেৰিকান কম্পিউটাৰ ব্যৱসায়ৰ গুৰি ধৰোঁতা আৰু আৱিষ্কাৰক। তেখেত এপল ইন্ক. (Apple Inc.)-ৰ সহ-প্ৰতিষ্ঠাতা, লগতে তেখেত অধ্যক্ষ আৰু মুখ্য কাৰ্য্যবাহী বিষয়াৰ পদতো অধিষ্ঠিত আছিল।
-
ষ্টেনলি কুবৰিক
ষ্টেনলি কুবৰিক (Stanley Kubrick; ২৬ জুলাই, ১৯২৮ – ৭ মাৰ্চ, ১৯৯৯) আছিল এজন আমেৰিকান ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। তেওঁক ছবিজগতৰ এগৰাকী প্ৰভাৱশালী নিৰ্মাতা হিচাপে বিবেচনা কৰা হয়। তেওঁৰ ছবিসমূহ মূলতঃ উপন্যাস আৰু চুটি গল্পৰ আধাৰত নিৰ্মিত।
-
ৰবাৰ্ট ফ্ৰ'ষ্ট
ৰবাৰ্ট ফ্ৰ'ষ্ট (Robert Frost; সম্পূৰ্ণ নাম: ৰবাৰ্ট লী ফ্ৰ'ষ্ট; Robert Lee Frost; জন্ম: ২৬ মাৰ্চ ১৮৭৪ – মৃত্যু: ২৯ জানুৱাৰী ১৯৬৩) এজন আমেৰিকাৰ কবি আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টে বাস্তৱিক গ্ৰাম্য জীৱন সমূহ তেওঁৰ ৰচনাৱলী সমূহত অংকন কৰিছিল আৰু তেওঁ আমেৰিকান কথিত ভাষা (American colloquial speech)-ত নৈপুণ আছিল।
-
ৰিচাৰ্ড উইলিয়াম টিম
ড॰ ৰিচাৰ্ড উইলিয়াম টিম (Richard William Timm; ২ মাৰ্চ ১৯২৩ – ১১ ছেপ্টেম্বৰ ২০২০) এগৰাকী আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী আছিল। তেওঁ নটৰ ডেম কলেজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তদুপৰি ১৯৭০ চনৰ পৰা ১৯৭১ চনলৈ কলেজৰ অধ্যক্ষৰ আসন শুৱনি কৰিছিল।
-
আৰ্থাৰ অস্কিন
আৰ্থাৰ অস্কিন (Arthur Ashkin; জন্ম: ২ ছেপ্টেম্বৰ ১৯২২) এজন আমেৰিকান পদাৰ্থ বিজ্ঞানী। তেওঁ বেল পৰীক্ষাগাৰ আৰু লুচেণ্ট টেকন'লজিছত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬০ ৰ দশকত তেওঁ সূক্ষ্মকণা সমূহৰ ওপৰত লেজাৰেৰে পৰীক্ষা কৰাৰ ফলত ১৯৮৬ চনত অপ্টিকেল টুৱিজাৰ্ছ আৱিষ্কাৰ কৰে।
-
উইলিয়াম কেলিন জুনিয়ৰ
উইলিয়াম বিল জি. কেলিন জুনিয়ৰ (জন্ম: ২৩ নৱেম্বৰ ১৯৫৭) হাৰ্ভাড বিশ্ববিদ্যালয় আৰু ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউটত মেডিচিন বিভাগৰ অধ্যাপক। তেওঁৰ পৰীক্ষাগাৰত টিউমাৰ ছাপ্ৰেছৰ প্ৰটিনৰ ওপৰত গৱেষণা কৰিছিল।
-
এণ্ড্ৰিয়া এম. ঘেজ
এণ্ড্ৰিয়া মিয়া ঘেজ (Andrea Mia Ghez; জন্ম: ১৬ জুন ১৯৬৫) এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আৰু বৰ্তমান লছ এঞ্জেলেছত অৱস্থিত কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁক আমাৰ তাৰকাৰাজ্য হাতীপটিৰ কেন্দ্ৰৰ বিষয়ে কৰা অধ্যয়নৰ বাবে জনাজাত।
-
কাৰ্ল চাগান
কাৰ্ল এডৱাৰ্ড চাগান (Carl Sagan; ৯ নৱেম্বৰ, ১৯৩৪ – ২০ ডিচেম্বৰ, ১৯৯৬) এজন প্ৰখ্যাত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী, ব্ৰহ্মাণ্ডতত্ত্ববিদ, জ্যোতিৰ্পদাৰ্থবিদ আৰু সাহিত্যিক। তদুপৰি তেওঁ এগৰাকী বিজ্ঞান প্ৰচাৰক আৰু জ্যোতিৰ্বিজ্ঞানকে ধৰি প্ৰাকৃতিক বিজ্ঞানসমূহৰ সমন্বয়সাধক আছিল।
-
ক্ৰিষ্টোফাৰ ন'লান
ছাৰ ক্ৰিষ্টোফাৰ এডৱাৰ্ড ন'লান (Sir Christopher Edward Nolan; জন্ম:-৩০ জুলাই ১৯৭০) এজন ব্ৰিটিছ আৰু আমেৰিকীয় চলচ্চিত্ৰ নিৰ্মাতা। গাঁথনিগতভাৱে জটিল কাহিনী-কথনৰে সমৃদ্ধ হলিউডৰ ব্লকবাষ্টাৰ ছবিৰ বাবে পৰিচিত ন'লানক একবিংশ শতিকাৰ আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।
-
গীতা গোপীনাথ
গীতা গোপীনাথ (জন্ম ৮ ডিচেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় আমেৰিকান অৰ্থনীতিবিদ। তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ আন্তৰাষ্ট্ৰীয় অধ্যয়ন আৰু অৰ্থনীতি বিজ্ঞানৰ জন জৱানষ্ট্ৰ আসনৰ অধ্যাপক।
-
গ্ৰেগ লিয়নাৰ্ড চেমেনজা
গ্ৰেগ লিয়নাৰ্ড চেমেনজা (জন্ম: ১২ জুলাই ১৯৫৬) জনছ হপকিন্স স্কুল অফ মেডিচিনত শিশু চিকিৎসা, ৰেডিয়েছন অংক'লজি, জীৱবৈজ্ঞানীক ৰসায়ন, কৰ্কট ৰোগৰ অধ্যাপক। তেওঁ কোষ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ভাছকুলাৰ প্ৰগ্ৰেমৰ নিৰ্দেশক হিচাপে সেৱা আগবঢ়ায়ছিল।
-
ছিলভিয়া প্লাথ
ছিলভিয়া প্লাথ (Sylvia Plath;; জন্ম: ২৭ অক্টোবৰ, ১৯৩২; মৃত্যু: ১১ ফেব্ৰুৱাৰী, ১৯৬৩) এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটি গল্প লেখক। কবিতাৰ মাধ্যমেৰে কনফেচনেল পয়েট্ৰিৰ ধাৰাটো আগবঢ়াই নিয়াৰ বাবে প্লাথক বিশেষ শ্ৰেয় প্ৰদান কৰা হয়।
-
জন মাইকেল কষ্টাৰলিটজ
জন মাইকেল কষ্টাৰলিটজ এজন ব্ৰিটিছ ঘনীভুত পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান ব্ৰাউন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ জৈৱৰসায়নবিদ হান্স কষ্টাৰলিটজৰ পুত্ৰ।
-
টনি মৰিছন
টনি মৰিছন (Toni Morrison; জন্ম নাম: ক্লই আৰ্ডেলিয়া ৱ'ফোৰ্ড; ১৮ ফেব্ৰুৱাৰী ১৯৩১ – ৫ আগষ্ট ২০১৯) এগৰাকী আমেৰিকান ঔপন্যাসিক, সাহিত্যিক, সম্পাদক, শিক্ষক আৰু অধ্যাপক। তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক আছিল। ১৯৭০ চনত তেওঁৰ প্ৰথম উপন্যাস "দা ব্লুৱেষ্ট আই" প্ৰকাশিত হৈছিল।
-
টেইলৰ ছুইফ্ট
টেইলৰ এলিছন ছুইফ্ট (Taylor Alison Swift, জন্ম: ১৩ ডিচেম্বৰ, ১৯৮৯) হৈছে এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ। কাউণ্ট্ৰী সংগীতত শিক্ষা গ্ৰহণ কৰি তেওঁ "বিগ মেচিন ৰেকৰ্ডছ" ৰ লগত চুক্তিবদ্ধ হয় আৰু চ'নি/এটিভি মিউজিক পাব্লিছিং হাউচএ নিযুক্ত কৰা সৰ্বকনিষ্ঠ গীতিকাৰ হয়।