আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি
৩১৭ প্ৰবন্ধ
-
ইথেল কলিন্স ডানহাম
ইথেল কলিন্স ডানহাম (Ethel Collins Dunham; জন্ম: ১৮৮৩–১৯৬৯) এগৰাকী আমেৰিকান শিশু ৰোগ বিশেষজ্ঞ আছিল। ডানহামে অকালপক্ক শিশু আৰু কেঁচুৱাৰ যত্নৰ ক্ষেত্ৰত বিশেষজ্ঞতা লাভ কৰিছিল আৰু ১৯৩৫ চনত ইউনাইটেড ষ্টেটছ চিলড্ৰেনছ ব্যুৰোৰ শিশু বিকাশ শাখাৰ মুৰব্বী হৈছিল।
-
ইন্দ্ৰা নূয়ী
ইন্দ্ৰা কৃষ্ণমূৰ্থী নূয়ী(Indra Nooyi)(তামিল: இந்திரா கிருஷ்ணமூர்த்தி நூயி) (জন্মঃ ২৮ অক্টোবৰ ১৯৫৫) বাণিজ্যৰ পৰিচালনা ক্ষেত্ৰখনৰ সৈতে জড়িত এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান মহিলা।
-
এডৱাৰ্ড স্ন'ডেন
এডৱাৰ্ড জোচেফ স্ন'ডেন(জন্ম ২১ জুন,১৯৮১) এজন আমেৰিকাৰ কম্পিউটাৰ বিশেষজ্ঞ। তেওঁ ক্ৰমে আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি আই এ(CIA) আৰু এচ এ(NSA)ৰ প্ৰাক্তন কৰ্মী আছিল।
-
এনি জোনছ ইলিয়ট
এনি জোনছ ইলিয়ট (১৪ জুলাই, ১৮৬৫ – ২২ অক্টোবৰ, ১৯০২) ভাৰ্জিনিয়াত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান দাড়ি থকা নাৰী আছিল। চাৰ্কাছৰ আকৰ্ষণ হিচাপে শ্ব’মেন পি টি বাৰ্নামৰ সৈতে ভ্ৰমণ কৰিছিল।
-
এমিলি গ্ৰীণ বালচ
এমিলি গ্ৰীণ বালচ (Emily Greene Balch; ৮ জানুৱাৰী, ১৮৬৭ – ৯ জানুৱাৰী, ১৯৬১)এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, সমাজবিজ্ঞানী আৰু শান্তিবাদী আছিল। বালচে ৱেলেছলি কলেজত শৈক্ষিক কেৰিয়াৰৰ সৈতে দৰিদ্ৰতা, শিশু শ্ৰম, আৰু অনুপ্ৰৱেশৰ দৰে সামাজিক বিষয়সমূহৰ প্ৰতি দীৰ্ঘদিনীয়া আগ্ৰহ দেখুৱাইছিল৷ ইয়াৰ লগতে দৰিদ্ৰ…
-
এলবাৰ্ট বান্দুৰা
এলবাৰ্ট বান্দুৰা (Albert Bandura, জন্ম-৪ ডিচেম্বৰ ১৯২৫) হৈছে এগৰাকী কানাডীয়-আমেৰিকান মনোবিজ্ঞানী। তেখেত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগত ডেভিড ষ্টাৰ জৰ্ডান প্ৰফেচাৰ এমিৰেটাছ। মনোবিজ্ঞান আৰু শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা একাধিক উল্লেখযোগ্য বৰঙণিৰ বাবে বান্দুৰা জনাজাত।
-
এলভিচ প্ৰেচলি
এলভিচ এৰন প্ৰেচলি (ইংৰাজী: Elvis Aaron Presley; ৮ জানুৱাৰী ১৯৩৫ – ১৬ আগষ্ট ১৯৭৭), যাক "ৰক এণ্ড ৰোলৰ ৰজা" বুলি কোৱা হয়। তেওঁক ২০ শতিকাৰ অন্যতম উল্লেখযোগ্য সাংস্কৃতিক ব্যক্তি হিচাপে গণ্য কৰা হয়।
-
এলিজাবেথ ক'লবাৰ্ট
এলিজাবেথ ক'লবাৰ্ট ( Elizabeth Kolbert; জন্ম: ৬ জুলাই, ১৯৬১) এগৰাকী আমেৰিকান সাংবাদিক, লেখিকা আৰু উইলিয়ামছ কলেজৰ অতিথি সভ্য। তেওঁৰ পুলিৎজাৰ বঁটা বিজয়ী গ্ৰন্থ দ্য ছিক্সথ এক্সটিংকচন: এণ আননেচাৰেল হিষ্ট্ৰী, আৰু দ্য নিউয়ৰ্কাৰ আলোচনীত আগবঢ়াই থকা পৰিৱেশ-সম্পৰ্কীয় পৰ্যবেক্ষণ আৰু পৰ্যালোচনাৰ বাবে অধিক…
-
এলিজাবেথ হোমছ
এলিজাবেথ এন্নে হোমছ (ইংৰাজী: Elizabeth Anne Holmes; জন্ম: ৩ ফেব্ৰুৱাৰী, ১৯৮৪) এগৰাকী আমেৰিকান জৈৱ প্ৰযুক্তি উদ্যোগী যিয়ে তেওঁৰ তেজ পৰীক্ষা কোম্পানী থেৰানোছৰ সৈতে জড়িত প্ৰৱঞ্চনাৰ গোচৰত দোষী সাব্যস্ত হৈছিল।
-
কবিতা এন ৰামদাস
কবিতা নন্দিনী ৰামদাস (জন্ম ১৯৬৩) এগৰাকী আমেৰিকান নাৰীবাদী আৰু কৰ্মী। ইয়াৰ পূৰ্বে তেওঁ মুক্ত সমাজ ফাউণ্ডেশ্যনৰ মহিলা অধিকাৰ কাৰ্যসূচীৰ পৰিচালক আৰু ফৰ্ড ফাউণ্ডেশ্যনৰ সভাপতি ডেৰেন ৱাকাৰৰ জ্যেষ্ঠ উপদেষ্টা আছিল।
-
কাটালিন কাৰিক'
কাটালিন কাৰিক (Karikó Katalin, উচ্চাৰণ-kɒrikoː kɒtɒlin; জন্ম ১৭ জানুৱাৰী ১৯৫৫) এগৰাকী হাংগেৰীয়ান-আমেৰিকান জৈৱ-ৰসায়নবিদ। তেওঁ ৰাইব'নিউক্লিক এচিড (RNA) মাধ্যমৰ প্ৰণালী বিশেষকৈ ইন্ ভিত্ৰ' পদ্ধতিৰে ট্ৰেন্সক্ৰাইব কৰা বাৰ্তাবহক আৰ এন এ (messenger RNA) যোগেৰে প্ৰ'টিন প্ৰতিস্থাপন চিকিৎসাত গৱেষণা কৰে।
-
ক্ৰাও ফাৰিনি
ক্ৰাও ফাৰিনি (১৮৭৬ – ১৬ এপ্ৰিল ১৯২৬) তেওঁ এজন আমেৰিকান চাইডশ্ব' পৰিৱেশক আছিল যি হাইপাৰট্ৰাইক'ছিছ ৰোগত আক্ৰান্ত হৈ জন্মগ্ৰহণ কৰিছিল আৰু ১৯ শতিকাৰ উত্তৰ আমেৰিকা আৰু ইউৰোপত প্ৰদৰ্শনী ভ্ৰমণত অংশগ্ৰহণ কৰিছিল।
-
চল বেলো
চল বেলো (SAUL BELLOW) হৈছে আমেৰিকাৰ এগৰাকী শ্ৰেষ্ঠ ঔপন্যাসিক।
-
চিত্ৰা বেনাৰ্জী দিৱাকাৰুণী
চিত্ৰা বেনাৰ্জী দিৱাকাৰুণী (Chitra Banerjee Divakaruni, জন্মতে: চিত্ৰলেখা বেনাৰ্জী, ২৯ জুলাই, ১৯৫৬)) হৈছে এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান লেখিকা আৰু কবি। ইয়াৰ লগতে তেখেত হৈছে হিউষ্টন বিশ্ববিদ্যালয়ৰ সৃষ্টিশীল লিখন কাৰ্যসূচীৰ 'বেটি আৰু জিন মেকডেভিদ প্ৰফেছাৰ অৱ ৰাইটিং'।
-
ছুজেন কেইন
ছুজেন হ'ৰ'ৱিটজ্ কেইন (Susan Horowitz Cain) (জন্ম ১৯৬৮) হৈছে এগৰাকী আমেৰিকান লেখিকা, প্ৰবক্তা আৰু "কোৱাইট্" (Quiet: The Power of Introverts in a World That Can't Stop Talking) নামৰ অ-কাহিনীমূলক গ্ৰন্থখনৰ লেখিকা।
-
ছেম অল্টমেন
ছেমুৱেল হেৰিছ অল্টমেন (Sam Altman; জন্ম: ২২ এপ্ৰিল, ১৯৮৫) এজন আমেৰিকান প্ৰযুক্তি-উদ্যোগী আৰু বিনিয়োগকাৰী। তেওঁ ২০১৯ চনৰ পৰা অ’পেনএআই-ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অধিক পৰিচিত। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক কম সময়ৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰি পুনৰ নিযুক্তি দিয়া হয়।
-
জাষ্টিন নেপ
জাষ্টিন এন্থনি নেপ (Justin Anthony Knapp, জন্ম ১৮ নবেম্বৰ ১৯৮২) এগৰাকী ৱিকিপিডিয়া ব্যৱহাৰকাৰী। ৱিকিপিডিয়াত ১০ লাখতকৈও অধিক সম্পাদনা কৰা তেওঁ হৈছে প্ৰথমগৰাকী ব্যক্তি। ২০২০ ৰ মাৰ্চলৈকে নেপে ২০ লাখতকৈও অধিক ইংৰাজী ৱিকিপিডিয়াত সম্পাদনা কৰিছে।
-
টাৰা ৱেষ্টঅ'ভাৰ
টাৰা ৱেষ্টঅ'ভাৰ (Tara Westover, জন্ম: ২৭ ছেপ্টেম্বৰ, ১৯৮৬)এগৰাকী আমেৰিকীয় আত্মজীৱনীকাৰ, ৰচনাকাৰ আৰু ইতিহাসবিদ। তেওঁৰ আত্মজীৱনী এডুকেটেড (২০১৮) দ্য নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰ তালিকাৰ প্ৰথম স্থানত আত্মপ্ৰকাশ কৰিছিল আৰু এল এ টাইমছ বুক প্ৰাইজ, পেন আমেৰিকাৰ জিন ষ্টেইন বুক এৱাৰ্ড, আৰু নেচনেল বুকৰ পৰা…
-
টেয়া অ’ব্ৰেট
টেয়া অ’ব্ৰেট (ইংৰাজী: Téa Obreht; জন্মগত নাম: টেয়া বাজৰাক্টায়েভিচ; ৩০ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী আমেৰিকান ঔপন্যাসিকা। তেওঁ তেওঁৰ প্ৰথম উপন্যাস দ্য টাইগাৰ্ছ ৱাইফৰ বাবে ২০১১ চনত অৰেঞ্জ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল।
-
ডেন ব্ৰাউন
ডেনিয়েল গেৰাৰ্ড "ডেন" ব্ৰাউন (Dan Brown, জন্ম:২২ জুন,১৯৬৪ চন) এজন আমেৰিকান ৰহস্য ঔপন্যাসিক। ২০০৩ চনত প্ৰকাশ পোৱা উপন্যাস দ্য ডা ভিঞ্চি কোড ৰ বাবে তেওঁ বিখ্যাত।
-
ডেনিছ চুলিভান
ডেনিছ পাৰনেল চুলিভান (Dennis Parnell Sullivan, জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪১) এগৰাকী আমেৰিকান গণিতজ্ঞ। তেওঁ বীজগণিতীয় ট'প'লজী, জ্যামিতিক ট'প'লজী আৰু গতিশীল প্ৰণালীৰ বিষয়ে গৱেষণাৰ বাবে জনাজাত।
-
ডেভিদ বেকাৰ
ডেভিড বেকাৰ (David Baker; জন্ম: ৬ অক্টোবৰ, ১৯৬২) এজন আমেৰিকীয় জৈৱ ৰসায়নবিদ আৰু গণনামূলক জীৱবিজ্ঞানী৷ তেওঁ প্ৰটিনৰ ডিজাইন আৰু ইয়াৰ ত্ৰিমাত্ৰিক গঠনৰ ভৱিষ্যদ্বাণী কৰা পদ্ধতিটোৰ পথ প্ৰদৰ্শক।
-
ড্ৰু ৱাইছ্মেন
ড্ৰু ৱাইছ্মেন (Drew Weissman; জন্ম: ৭ ছেপ্টেম্বৰ, ১৯৫৯) এজন আমেৰিকান চিকিৎসক-বিজ্ঞানী আৰু নোবেল বঁটা বিজয়ী। তেওঁ আৰএনএ (RNA) জীৱবিজ্ঞানৰ অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁৰ আৰএনএ সম্পৰ্কীয় গৱেষণায়াই mRNA প্ৰতিষেধক প্ৰস্তুত কৰাত সহায় কৰিছে।
-
বাৰ্টলী পি. গ্ৰিফিথ
বাৰ্টলী পি গ্ৰিফিথ(Bartley P. Griffith, ১৯৫৬-) এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন আমেৰিকান হৃদশল্য চিকিৎসক। তেওঁ ১৯৫৬ চনত পিটছবাৰ্গত জন্মগ্ৰহণ কৰে। ২০২২ চনৰ ৭ জানুৱাৰীত তেওঁ এজন ব্যক্তিৰ শৰীৰত আনুবংশিকভাৱে পৰিৱৰ্তিত গাহৰিৰ হৃদযন্ত্ৰৰ প্ৰথম সফল সংৰোপণ কৰিছিল। এই ৰোগী গৰাকী আছিল ৫৭ বছৰীয়া ডেভিদ বেনেট।
-
বি. এফ. স্কিনাৰ
বুৰ্হ ফ্ৰেডৰিক স্কিনাৰ (ইংৰাজী: Burrhus Frederic Skinner; ২০ মাৰ্চ, ১৯০৪ – ১৮ আগষ্ট, ১৯৯০) এজন আমেৰিকান মনোবিজ্ঞানী, আচৰণবিদ, উদ্ভাৱক আৰু সমাজ দাৰ্শনিক আছিল। ১৯৫৮ চনৰ পৰা ১৯৭৪ চনত অৱসৰ লোৱালৈকে তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ এডগাৰ পিয়ৰ্ছ অধ্যাপক (Edgar Pierce Professor) আছিল।
-
বেলা হাদিদ
ইজাবেলা খাইৰ হাদিদ (ইংৰাজী: Bella Hadid; জন্ম ৯ অক্টোবৰ, ১৯৯৬) এগৰাকী আমেৰিকান মডেল। হাদিদে আন্তঃৰাষ্ট্ৰীয় Vogue আলোচনীৰ মুঠ ৩৫টা কভাৰত উপস্থিত হৈছে। ২০২২ চনত তেওঁক ব্ৰিটিছ ফেশ্বন কাউন্সিলৰদ্বাৰা ‘‘মডেল অৱ দ্য য়েৰ’’ হিচাপে মনোনীত কৰা হয়।
-
ভিক্টৰ এম্ব্ৰ'ছ
ভিক্টৰ আৰ. এম্ব্ৰ'ছ (Victor R. Ambros, জন্ম: ১ ডিচেম্বৰ, ১৯৫৩) এগৰাকী আমেৰিকান বিকাশমূলক জীৱবিজ্ঞানী আৰু নোবেল বঁটা বিজয়ী। তেওঁ প্ৰথম জ্ঞাত মাইক্ৰ'আৰ. এন. এ. (miRNA) আৱিষ্কাৰ কৰিছিল। বৰ্তমান তেওঁ ইউনিভাৰ্চিটি অৱ মেছাচুচেটছ মেডিকেল স্কুলৰ অধ্যাপক।
-
মাইকেল ফিংক
এডৱাৰ্ড মাইকেল ফিংক( ইংৰাজী: Edward Michael Fincke; জন্ম: ১৪ মাৰ্চ, ১৯৬৭) এজন আমেৰিকান মহাকাশচাৰী। পূৰ্বতে মহাকাশত সৰ্বাধিক সময় (৩৮১.৬ দিন) থাকি তেওঁ আমেৰিকাৰ হৈ অভিলেখ গঢ়িছিল। ২০১৫ চনৰ ১৬ অক্টোবৰত স্কট কেলিয়ে তেওঁৰ অভিলেখ ভংগ কৰিছিল।
-
মাৰিঅ’ পুজ’
মাৰিঅ’ ফ্ৰান্সিছ পুজ’ (অক্টোবৰ ১৫, ১৯২০ – জুলাই ২, ১৯৯৯) এগৰাকী আমেৰিকান লেখক আৰু চিত্ৰনাট্যকাৰ আছিল। তেওঁ ইটালিয়ান-আমেৰিকান মাফিয়া আৰু ছিচিলিয়ান মাফিয়াৰ বিষয়ে অপৰাধ উপন্যাস লিখিছিল, যাৰ ভিতৰত সবাতোকৈ উল্লেখযোগ্য হৈছে দ্য গডফাদাৰ (১৯৬৯), যিটো পিছত তেওঁ ফ্ৰান্সিছ ফৰ্ড ক’প’লাৰ দ্বাৰা পৰিচালিত…
-
মিচ্ছিঅ' কাকু
মিচ্ছিঅ' কাকু (Michio Kaku; জন্ম: জানুৱাৰী ২৪, ১৯৪৭) এজন আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী, ভৱিষ্যৎদ্ৰষ্টা আৰু বিজ্ঞান জনপ্ৰিয়কৰণত অংশ লোৱা ব্যক্তি। কাকু চিটি কলেজ অৱ নিউয়ৰ্ক আৰু "কানি (CUNY- City University of New York) স্নাতক কেন্দ্ৰ"ৰ এজন তাত্ত্বিক পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক।