শ্বেৰিল কাৰা ছেণ্ডবাৰ্গ (Sheryl Kara Sandberg); জন্ম: ২৮ আগষ্ট, ১৯৬৯)১ এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী, বিলিয়নাৰ আৰু সমাজসেৱক। ছেণ্ডবাৰ্গে মেটা প্লেটফৰ্মছৰ মুখ্য পৰিচালন বিষয়া (COO) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেওঁ ২০২২ চনৰ ১ জুনত ঘোষণা কৰে যে তেওঁ ২০২২ চনৰ শেষৰফালে পদত্যাগ কৰিব। তেওঁ LeanIn.Org ৰ প্ৰতিষ্ঠাপকো।২ ২০০৮ চনত তেওঁক ফেইচবুকত চি অ' অ' হিচাপে নিযুক্তি দিয়া হয় আৰু কোম্পানীটোৰ দ্বিতীয় সৰ্বোচ্চ ৰেংকিঙৰ বিষয়া হিচাপে পৰিগণিত হয়।৩ ২০১২ চনৰ জুন মাহত তেওঁ ফেচবুকৰ পৰিচালনা সমিতিলৈ নিৰ্বাচিত হয়,৪ আৰু ফেচবুকৰ ব’ৰ্ডত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। কোম্পানীটোৰ বিজ্ঞাপন ব্যৱসায়ৰ মুৰব্বী হিচাপে ছেণ্ডবাৰ্গক কোম্পানীটোক লাভজনক কৰি তোলাৰ বাবে কৃতিত্ব দিয়া হৈছিল।৩ ফেচবুকৰ COO হিচাপে যোগদান কৰাৰ পূৰ্বে ছেণ্ডবাৰ্গ গুগলৰ গ্ল’বেল অনলাইন বিক্ৰী আৰু পৰিচালনাৰ উপ-সভাপতি আছিল আৰু ইয়াৰ দানশীল শাখা Google.org ৰ সৈতে জড়িত আছিল। ইয়াৰ পূৰ্বে ছেণ্ডবাৰ্গে আমেৰিকাৰ ট্ৰেজাৰীৰ সচিব লৰেন্স ছামাৰ্ছৰ মুখ্য কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০১২ চনত টাইমে যুগুত কৰা বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী লোকসকলৰ বাৰ্ষিক তালিকাত ছেণ্ডবাৰ্গৰ নাম অন্তৰ্ভুক্ত কৰা হয়।৫ ফৰ্বছ মেগাজিনৰ ২০২১ চনৰ বিলিয়নাৰ তালিকাত ছেণ্ডবাৰ্গৰ সম্পত্তিৰ পৰিমাণ ১.৭ বিলিয়ন মাৰ্কিন ডলাৰ বুলি কোৱা হৈছে, কাৰণ ফেচবুক আৰু অন্যান্য কোম্পানীত তেওঁৰ ষ্টক আছে।৬ ২০২২ চনত তেওঁ ঘোষণা কৰে যে তেওঁ মেটা চিঅ'অ' হিচাপে পদত্যাগ কৰিব কিন্তু তেওঁ ইয়াৰ ব'ৰ্ডত থাকিব।৭
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৯ চনত ৱাশ্বিংটন ডি.চি.ত এটা ইহুদী পৰিয়ালত৮৯ জন্মগ্ৰহণ কৰা ছেণ্ডবাৰ্গে এডেল (জন্ম:আইনহৰ্ণ) আৰু জোৱেল ছেণ্ডবাৰ্গৰ কন্যা আৰু তিনিটা সন্তানৰ ভিতৰত জ্যেষ্ঠ।১১০ তেওঁৰ দেউতাক এজন চকুৰ চিকিৎসক, আৰু মাক আছিল ফৰাচী ভাষাৰ কলেজীয়া শিক্ষয়িত্ৰী।৮
দুবছৰ বয়সত তেওঁৰ পৰিয়াল ফ্ল'ৰিডাৰ নৰ্থ মিয়ামি বিচলৈ গুচি যায়।৮ তেওঁ নৰ্থ মিয়ামি বিচ হাইস্কুলত পঢ়ে, য'ৰ পৰা তেওঁ ১৯৮৭ চনত তেওঁৰ শ্ৰেণীত নৱম স্থান লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰে।৮১১ তেওঁ দ্বিতীয় বৰ্ষৰ শ্ৰেণীৰ সভানেত্ৰী আছিল, নেচনেল অনাৰ ছ'চাইটিৰ সদস্য হৈছিল আৰু জ্যেষ্ঠ শ্ৰেণীৰ কাৰ্যবাহী ব'ৰ্ডত আছিল।১১ হাইস্কুলত থাকোঁতে ১৯৮০ চনত ছেণ্ডবাৰ্গে এৰোবিক্সৰ পাঠদান কৰিছিল।১২
১৯৮৭ চনত ছেণ্ডবাৰ্গে হাৰ্ভাৰ্ড কলেজত নামভৰ্তি কৰে। ১৯৯১ চনত তেওঁ অৰ্থনীতিত কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু অৰ্থনীতিৰ শীৰ্ষ স্নাতক ছাত্ৰৰ বাবে জন এইচ উইলিয়ামছ বঁটা লাভ কৰে।১৩ হাৰ্ভাৰ্ডত থাকোঁতে তেওঁ উইমেন ইন ইকনমিক্স এণ্ড গভৰ্ণমেণ্ট নামৰ এটা সংস্থাৰ সহ-প্ৰতিষ্ঠাপক আছিল।১৪ তেওঁ অধ্যাপক লৰেন্স ছামাৰ্ছকো লগ পায়, যি তেওঁৰ গুৰু আৰু গৱেষণা-পত্ৰৰ উপদেষ্টা হৈ পৰে১১১৫ ছামাৰ্ছে তেওঁক বিশ্ব বেংকত তেওঁৰ গৱেষণা সহায়ক হিচাপে নিযুক্তি দিয়ে ৮ য'ত তেওঁ ভাৰতত কুষ্ঠৰোগ, এইচ.আই.ভি/এইড্ছ আৰু অন্ধতাৰ সৈতে জড়িত স্বাস্থ্য প্ৰকল্পত প্ৰায় এবছৰ কাম কৰিছিল।১৬
১৯৯৩ চনত তেওঁ হাৰ্ভাৰ্ড বিজনেছ স্কুলত নামভৰ্তি কৰে আৰু ১৯৯৫ চনত তেওঁ সৰ্বোচ্চ সুখ্যাতিৰে এম বি এ লাভ কৰে।১৪ বিজনেছ স্কুলৰ প্ৰথম বৰ্ষত তেওঁ ফেল'শ্বিপ লাভ কৰে।১৭
তথ্যসূত্ৰ
- ↑ (April 18, 2004). Weddings/Celebrations; Sheryl Sandberg, David Goldberg. The New York Times. পৃ. Style
- ↑ Dougherty, Ariel. (August 13, 2019). Sheryl Sandberg Profile. Philanthropy Women
- ↑ Ortutay, Barbara. (June 1, 2022). Sheryl Sandberg, longtime No. 2 exec at Facebook, steps down. Associated Press
- ↑ Eldon, Eric. (June 25, 2012). Sheryl Sandberg, Facebook's Long-Time COO, Becomes First Woman On Its Board Of Directors. TechCrunch
- ↑ Kent, Muhtar. (April 18, 2012). Sheryl Sandberg - The 100 Most Influential People. Time
- ↑ Sheryl Sandberg. Forbes
- ↑ Isaac, Mike. (1 June 2022). Sheryl Sandberg Steps Down From Meta. The New York Times
- ↑ Auletta, Ken. (July 11, 2011). A Woman's Place. The New Yorker
- ↑ Harris, Paul. (March 16, 2013). The Facebook executive on a self-help mission. The Japan Times
- ↑ (October 27, 2007). Benjamin A. Einhorn - Death Notice - Classified. Miami Herald
- ↑ Dorschner, John. (February 26, 2012). Sheryl Sandberg: From North Miami Beach High to Facebook's No. 2. The Miami Herald
- ↑ (April 8, 2009). Sheryl Sandberg on Facebook's Future. BusinessWeek
- ↑ Can Sheryl Sandberg Change Silicon Valley?. The New Yorker
- ↑ Executive Bios. Facebook
- ↑ Hempel, Jessi. (April 11, 2008). Sheryl Sandberg: Facebook's new number two to Zuckerberg. Money.CNN.com
- ↑ (October 4, 2008). Sheryl Sandberg, An Inside View of Facebook. Newsweek
- ↑ Luscombe, Belinda. (March 7, 2013). Confidence Woman. Time. পৃ. 4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেৰিল ছেণ্ডবাৰ্গ” প্ৰবন্ধৰ সংশোধন ৬০৬৬৯২ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।