কাৰেণ কেছকুল্লা উলেনবেক (জন্ম ২৪ আগষ্ট ১৯৪২) আবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ। উলেনবেকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনত অৱস্থিত টেক্সাছ বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি অধ্যাপিকাৰ দায়িত্ব পালন কৰি ২০১৪ চনত অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ বিশ্ববিদ্যালয়খনৰ গণিত বিভাগৰ চিদ ডব্লিউ ৰিছাৰ্ডছন ফাউণ্ডেছন ৰিজেন্টছ্ আসনৰ গৰাকী আছিল।১২ তেওঁ সম্প্ৰতি "ইনষ্টিটিউট অৱ্ এডভাঞ্চড্ ষ্টাডিজ"ৰ অতিথি অধ্যাপিকা আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অতিথি গৱেষিকা (ছিনিয়ৰ ৰিচাৰ্ছ্ স্কলাৰ্)।৩
শিক্ষা আৰু কেৰিয়াৰ
উলেনবেকে ১৯৬৪ চনত মিছিগান বিশ্ববিদ্যালয়ৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰিছিল।২ তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ কুৰেন্ট ইনষ্টিটিউট অৱ্ মেথমেটিকেল চায়েন্সেছত স্নাতক শিক্ষা আৰম্ভ কৰিছিল। ১৯৬৫ চনত জৈৱপদাৰ্থবিদ অল্কে' চি. উলেনবেকৰ (পদাৰ্থবিজ্ঞানী জৰ্জ উলেনবেকৰ পুত্ৰ) সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়। স্বামীয়ে হাৰ্ভাৰ্ডলৈ যোৱাত তেৱোঁ স্বামীৰ লগত গুছি যায় আৰু ব্ৰে'ণ্ডেইছ বিশ্ববিদ্যালয়ত পুনৰ শিক্ষা আৰম্ভ কৰে। ইয়াৰ পৰাই ১৯৬৬ চনত তেওঁ এম. এ. ডিগ্ৰী আৰু ৰিচাৰ্ড পেলেইছৰ তত্ত্বাৱধানত ১৯৬৮ চনত পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে।২ তেওঁ দাখিল কৰা গৱেষণা পত্ৰখনৰ শিৰোনাম আছিল The Calculus of Variations and Global Analysis।
"মাচ্চাছুচেটছ্ ইনষ্টিটিউট অৱ্ টেকন'ল'জি" আৰু "কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলে'"ত কিছুদিন অস্থায়ীভাৱে কাম কৰাৰ পিছত উলেনবেকে স্বামীৰ লগত থাকি স্থায়ী পদ এটা পাবলৈ সমস্যাৰ সন্মুখীন হয়। সেইসময়ত প্ৰচলিত "anti-nepotism" নীতি অনুসৰি স্বামী-স্ত্ৰীয়ে একে বিশ্ববিদ্যালয়ত আনকি দুটা পৃথক বিভাগতো কাম কৰিব নোৱাৰিছিল। ১৯৭১ চনত তেওঁ উৰ্বানা-চেম্পেইনস্থিত ইলিনয়ছ বিশ্ববিদ্যালয়ত অধ্যাপিকাৰ পদ এটা লাভ কৰে।৪ কিন্তু তেওঁৰ উৰ্বানা পছন্দ নোহোৱাত স্বামীৰ সৈতে বিবাহ বিচ্ছেদ ঘটে আৰু ১৯৭৬ চনত তেওঁ চিকাগ'স্থিত ইলিনয়ছ বিশ্ববিদ্যালয়লৈ গুছি আহে। ১৯৮৩ চনত উলেনবেকৰ পুনৰবাৰ চিকাগ' বিশ্ববিদ্যালয়লৈ প্ৰত্যাৱৰ্তন ঘটে। ইয়াৰ পিছত ১৯৮৮ চনত ছিদ ডব্লিউ ৰিছাৰ্ডছন ফাউণ্ডেছন ৰিজেন্টছ্ আসনৰ অধ্যাপিকা হিচাপে অষ্টিনস্থিত টেক্সাছ বিশ্ববিদ্যালয়ত যোগদান কৰে।১২ ইয়াত তেওঁ মাৰ্ক হেছকিনছকে ধৰি কেইবাগৰাকী পি. এইছ. ডি. শিক্ষাৰ্থীৰ তত্ত্বাৱধায়ক আছিল।৫ ২০১৯ চনত উলেনবেক আবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা গণিতজ্ঞৰূপে পৰিগণিত হয়। বঁটা প্ৰদানকাৰী সমিতিয়ে এইসম্পৰ্কে কৈছিল, "বিশ্লেষণ, জ্যামিতি আৰু গাণিতিক পদাৰ্থবিজ্ঞানত তেখেতৰ কৰ্মৰাজিয়ে মৌলিক প্ৰভাৱ পেলাইছে"।৬
গৱেষণা
উলেনবেকৰ গৱেষণাই আংশিক অৱকলনীয় সমীকৰণ, গজ তত্ত্ব, সংস্থিতীয় কোৱান্টাম ক্ষেত্ৰ তত্ত্ব (topological quantum field theory), কেলকুলাছ অৱ্ ভেৰিয়েছনছ্, অনুকলনীয় প্ৰণালী (integrable systems) আদি বিভিন্ন ক্ষেত্ৰ সামৰি লৈছে।৭
বঁটা আৰু সন্মান
উলেনবেকে লাভ কৰা কেইটামান উল্লেখনীয় বঁটা আৰু সন্মান:
- মেকআৰ্থাৰ ফেল', ১৯৮৩১
- মিছিগান বিশ্ববিদ্যালয়ৰ বছৰটোৰ প্ৰাক্তন শিক্ষাৰ্থী, ১৯৮৪২
- "আমেৰিকান একাডেমী অৱ্ আৰ্টছ্ এণ্ড্ চায়েন্সেছ"ৰ সভ্য, ১৯৮৫১
- নেশ্বনেল একাডেমী অৱ্ চায়েন্সৰ সদস্য, ১৯৮৬,নেশ্বনেল একাডেমীৰ সদস্যপদ লাভ কৰা প্ৰথমগৰাকী মহিলা গণিতজ্ঞ১২
- নইথাৰ লেকচাৰাৰ, ১৯৮৮৭
- "আন্তঃৰাষ্ট্ৰীয় গণিতজ্ঞৰ সংসদ"ত প্লেনাৰি বক্তা, ১৯৯০, (এমি নইথাৰৰ পিছত এই বক্তৃতা দিয়া একমাত্ৰ মহিলা)১
- বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত চিগমা একাদশ কমন ৱেলথ্ বঁটা, ১৯৯৫২
- নেশ্বনেল মেডেল অৱ্ চায়েন্স, ২০০০১৮৯
- উৰ্বানা-কেম্পেইনস্থিত ইলিনয়ছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট সন্মান, ২০০০
- গাগেহে'ইম ফেল', ২০০১১০
- অহায়' বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী, ২০০১
- মিছিগান বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট উপাধি, ২০০৪
- আমেৰিকান মেথমেটিকেল চ'ছাইটিৰ ষ্টিল প্ৰাইজ, ২০০৭১
- হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী, ২০০৭
- "লণ্ডন মেথমেটিকেল চ'ছাইটি"ৰ সন্মানীয় সদস্য, ২০০৮
- "আমেৰিকান মেথমেটিকেল চ'ছাইটি"ৰ সভ্যপদ, ২০১২১১
- প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিগ্ৰী, ২০১২১২
- আবেল বঁটা, ২০১৯১৩১৪
নিৰ্বাচিত কিতাপ-পত্ৰ
কিতাপ
- Freed, Daniel S.; Uhlenbeck, Karen K. (1984). Instantons and Four-Manifolds. Mathematical Sciences Research Institute Publications. Springer-Verlag, New York. ISBN 0-387-96036-8.
গৱেষণা পত্ৰ
- Uhlenbeck, Karen. (1977). Regularity for a class of non-linear elliptic systems. Acta Mathematica. পৃ. 219–240.
- Sacks, Jonathan; Uhlenbeck, Karen. (1981). The existence of minimal immersions of 2-spheres. Annals of Mathematics. পৃ. 1–24.
- Uhlenbeck, Karen K. (1982). Removable singularities in Yang–Mills fields. Communications in Mathematical Physics. পৃ. 11–29. Announced in the Bulletin of the American Mathematical Society 1 (3): 579–581, .
- Uhlenbeck, Karen K. (1982). Connections with ⟨L^p⟩ bounds on curvature. Communications in Mathematical Physics. পৃ. 31–42.
- Schoen, Richard; Uhlenbeck, Karen. (1982). A regularity theory for harmonic maps. Journal of Differential Geometry. পৃ. 307–335.
- Uhlenbeck, Karen; Yau, Shing-Tung. (1986). On the existence of Hermitian-Yang-Mills connections in stable vector bundles. Communications on Pure and Applied Mathematics (Suppl.: Frontiers of the mathematical sciences, New York, 1985). পৃ. S257–S293.
- Uhlenbeck, Karen. (1989). Harmonic maps into Lie groups: classical solutions of the chiral model. Journal of Differential Geometry. পৃ. 1–50.
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Karen Uhlenbeck. Biographies of Women Mathematicians. Agnes Scott College
- ↑ Katterman, Lee. (December 6, 1999). Michigan Great Karen K. Uhlenbeck: Pioneer in mathematical analysis—and for women mathematicians. The University Record. University of Michigan
- ↑ Garrand, Danielle. (March 19, 2019). A woman just won the prize known as "math's Nobel" — for the first time ever. CBS News
- ↑ Cooke, Roger. (2005). The History of Mathematics: A Brief Course. Wiley-Interscience. পৃ. 76. ISBN 978-0-471-44459-6
- ↑ Mark Haskins – Simons Collaboration on Special Holonomy in Geometry, Analysis, and Physics
- ↑ Change, Kenneth. (March 19, 2019). Karen Uhlenbeck Is First Woman to Receive Abel Prize in Mathematics. New York Times
- ↑ Karen Uhlenbeck. Profiles of Women in Mathematics: The Emmy Noether Lectures. Association for Women in Mathematics
- ↑ The President's National Medal of Science: Recipient Details. National Science Foundation
- ↑ (November 13, 2000). UT Austin mathematics professor wins National Medal of Science. Univ. of Texas
- ↑ (April 23, 2001). Three UT Austin professors win prestigious Guggenheim Fellowships. Univ. of Texas
- ↑ List of Fellows. American Mathematical Society
- ↑ Princeton awards six honorary degrees. Princeton University
- ↑ Karen Uhlenbeck first woman to win the Abel Prize. The Norwegian Academy of Science and Letters
- ↑ Chang, Kenneth. (19 March 2019). Karen Uhlenbeck Is First Woman to Receive Abel Prize in Mathematics - Dr. Uhlenbeck helped pioneer geometric analysis, developing techniques now commonly used by many mathematicians.. The New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰেণ উলেনবেক” প্ৰবন্ধৰ সংশোধন ৬৩২২৫৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।