অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হাৰ্ভি জে. অল্টাৰ

হাৰ্ভি জেমছ অল্টাৰ (Harvey James Alter; জন্ম: ১২ ছেপ্টেম্বৰ ১৯৩৫) এগৰাকী আমেৰিকান চিকিৎসা গৱেষক, ভাইৰাছবিদ আৰু চিকিৎসক। তেওঁক হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ বাবে বিশেষভাবে জনা যায়।

হালনাগাদ: ১২ জুন ২০২৫ ৫০২ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

হাৰ্ভি জেমছ অল্টাৰ (Harvey James Alter; জন্ম: ১২ ছেপ্টেম্বৰ ১৯৩৫) এগৰাকী আমেৰিকান চিকিৎসা গৱেষক, ভাইৰাছবিদ আৰু চিকিৎসক। তেওঁক হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ বাবে বিশেষভাবে জনা যায়।১ তেওঁ বেথচাদা, মেৰিলেণ্ডত অৱস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ ৱাৰেন গ্ৰাণ্ট মেগনাছন ক্লিনিকেল চেণ্টাৰৰ পূৰ্বৰ প্ৰধান আৰু সংক্ৰামক ৰোগ অধ্যয়ন বিভাগৰ গৱেষণাৰ বাবে সহযোগী পৰিচালক আছিল। ১৯৭০ৰ মাজভাগত অল্টাৰ আৰু তেওঁৰ গৱেষণা দলে প্ৰদৰ্শন কৰিছিল যে বেছিভাগ সঞ্চাৰৰ পিছৰ হেপাটাইটিছ কেতবোৰ হেপাটাইটিছ এ বা হেপাটাইটিছ বি ভাইৰাছৰ বাবে হোৱা নাছিল। স্বতন্ত্ৰভাৱে কাম কৰি আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ বিজ্ঞানী অল্টাৰ আৰু এৱাৰ্ড টেবৰে চিমপাঞ্জীৰ দেহত সঞ্চাৰণ অধ্যয়নৰ যোগেৰে প্ৰমাণ কৰিছিল যে আৰম্ভণিতে "নন-এ, নন-বি হেপাটাইটিছ" নামৰ এক নতুন প্ৰকাৰৰ হেপাটাইটিছৰ ফলত সংক্ৰমণ হৈছিল আৰু সৃষ্টিকাৰী এজেণ্টটো সম্ভৱতঃ ভাইৰাছ আছিল। এই কামৰ ফলত অৱশেষত ১৯৮৮ চনত হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰ হয়।১ ২০২০ চনত তেওঁক চাৰ্লছ এম. ৰাইচ আৰু মাইকেল হাউটনৰ সৈতে "হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ বাবে" চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হৈছিল।

হেপাটাইটিছ চিৰ সৃষ্টি কৰা ভাইৰাছটো আৱিষ্কাৰ কৰাৰ বাবে অল্টাৰে গৱেষণাৰ বাবে স্বীকৃতি লাভ কৰে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী ৰাজহুৱা স্বাস্থ্য সেৱাত প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক বঁটা বিশেষ সেৱা পদক আৰু ২০০০ চনত ক্লিনিকেল চিকিৎসা গৱেষণাৰ বাবে এলবাৰ্ট লাস্কাৰ বঁটা লাভ কৰিছিল।২৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৩৫ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক মহানগৰৰ ইহুদী পৰিয়ালত হাৰ্ভি জেমছ অল্টাৰৰ জন্ম হৈছিল।৪৫ তেওঁ নিউয়ৰ্কৰ ৰচেষ্টাৰত অৱস্থিত ৰছচেষ্টাৰ বিশ্ববিদ্যালয়ৰ ১৯৫৬ চনত কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬০ চনত অল্টাৰে ৰচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা শাস্ত্ৰত ডিগ্ৰী লাভ কৰে।৬৭ তাৰপিছত তেওঁ ষ্ট্ৰং মেমৰিয়েলত আৱাসিক চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। অল্টাৰৰ স্নাতকোত্তৰ প্ৰশিক্ষণত ১৯৬১ চনৰ ডিচেম্বৰৰ পৰা ১৯৬৪ চনৰ জুন মাহলৈ মেৰিলেণ্ডৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানত নিদানিক সহযোগী হিচাপে কাম কৰিছিল।৩৮৯ তাৰপিছত তেওঁ ১৯৬৪ চনৰ জুলাইৰ পৰা ১৯৬৫ চনৰ জুনলৈ ৱাছিংটন বিশ্ববিদ্যালয়ৰ চিকিৎসালয় তন্ত্ৰত আৱাসিক চিকিৎসক হিচাপে কাম কৰে।১০ তেওঁ ১৯৬৫ চনৰৰ জুলাই মাহৰ পৰা পৰা ১৯৬৬ চনৰ জুন মাহলৈ ৱাছিংটন ডি.চি.ত অৱস্থিত জৰ্জটাউন বিশ্ববিদ্যালয় চিকিৎসালয় হিমাট'লজি বিভাগৰ সহযোগী হিচাপে কাম কৰে।৩

কৰ্মজীৱন

অল্টাৰৰ ওচৰত কলম্বিয়া জিলায়ে জাৰী কৰা চিকিৎসা অনুজ্ঞাপত্ৰ আছে। ইয়াৰ উপৰিও তেওঁ আমেৰিকান ব'ৰ্ড অফ পেথ'লজিৰ পৰা ৰক্ত সঞ্চাৰণৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰে। তেওঁ আমেৰিকান কলেজ অফ ফিজিচিয়ানৰ এজন সভ্য।৩ তেওঁৰ অন্যান্য নিযুক্তিসমূহ হ'ল: ১৯৬৬ চনৰ জুলাইৰ পৰা ১৯৬৯ চনৰ জুনলৈ জৰ্জটাউন বিশ্ববিদ্যালয় চিকিৎসালয়ৰ হিমাট'লজি গৱেষণাৰ সঞ্চালক, ১৯৬৯ চনৰ জুলাই মাহৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ ক্লিনিকেল চেণ্টাৰত সঞ্চাৰ ঔষধ বিভাগৰ সংক্ৰামক ৰোগ শাখাৰ জ্যেষ্ঠ অনুসন্ধানকাৰী, ১৯৭২ চনৰ ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ ক্লিনিকেল চেণ্টাৰত সঞ্চাৰ ঔষধ বিভাগৰ সংক্ৰামক ৰোগ শাখাৰ প্ৰধান আৰু ১৯৮৭ চনৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ ক্লিনিকেল চেণ্টাৰত সঞ্চাৰ ঔষধ বিভাগৰ সংক্ৰামক ৰোগ গৱেষণা শাখাৰ সহযোগী সঞ্চালক প্ৰধান।৩

তেওঁৰ শৈক্ষিক নিযুক্তি সমূহ হৈছে: জৰ্জটাউন বিশ্ববিদ্যালয় হস্পিটেলত ঔষধৰ নিদানিক সহযোগী অধ্যাপক, টেক্সাচৰ চান এণ্টেনিঅ'ৰ চাউথৱেষ্ট ফাউণ্ডেচন ফৰ বায়মেডিকেল ৰিচাৰ্ছত সহযোগী অধ্যাপক, জৰ্জটাউন বিশ্ববিদ্যালয় হস্পিটেলত ঔষধৰ নিদানিক অধ্যাপক আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ নিদানিক গৱেষণা প্ৰশিক্ষণ কাৰ্য্যসূচীত শিক্ষক।৩১১১২

চিকিৎসা গৱেষণা

১৯৬৪ চনত এজন যুৱ গৱেষণা কৰ্মী হিচাপে, অল্টাৰে বাৰাউক ব্লুমবাৰ্গৰ সৈতে অষ্ট্ৰেলিয়ান এণ্টিজেন সহ-আৱিষ্কাৰ কৰে।১৩ হেপাটাইটিছ বি ভাইৰাছ পৃথক কৰাৰ বাবে এই গৱেষণা এক মুখ্য কাৰক হিচাপে পৰিগণিত হৈছিল। পিছত অল্টাৰে সঞ্চাৰ-সম্পৰ্কিত হেপাটাইটিছৰ বিপদাশংকা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা তেজৰ নমুনা সংৰক্ষণ কৰিবলৈ এটা ক্লিনিকেল চেণ্টাৰ প্ৰকল্পৰ নেতৃত্ব দিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰয়ে তেওঁৰ কামৰ ওপৰত আধাৰিত কৰি তেজ আৰু দাতাৰ পৰীক্ষণ কাৰ্য্যসূচী আৰম্ভ কৰিছিল আৰু ইয়াৰ ফলত হেপাটাইটিছৰ অৱস্থিতি ১৯৭০ চনত ৩০ শতাংশৰ পৰা প্ৰায় ০ লৈ হ্ৰাস হৈছিল।১৪

১৯৭০ৰ মাজভাগত অল্টাৰ আৰু তেওঁৰ গৱেষণা দলে প্ৰদৰ্শন কৰিছিল যে বেছিভাগ সঞ্চাৰৰ পিছৰ হেপাটাইটিছ ৰোগ হেপাটাইটিছ এ আৰু হেপাটাইটিছ বি ভাইৰাছৰ বাবে হোৱা নাছিল। অল্টাৰে বব পাৰ্ছেলৰ সহযোগত আৰু আন এটা গৱেষণাগাৰৰ এৱাৰ্ড টাবৰ১৫ সৈতে একেলগে কাম কৰি চিমপাঞ্জীৰ দেহত সঞ্চাৰণ অধ্যয়নৰ যোগেৰে প্ৰমাণিত কৰে যে এয়া হেপাটাইটিছৰ এক নতুন প্ৰকাৰ। ইয়াক আৰম্ভণিতে "নন-এ, নন-বি হেপাটাইটিছ" বুলি কোৱা হৈছিল আৰু ই মানৱ দেহত সংক্ৰমণৰ সৃষ্টি কৰিছিল। এই গৱেষণাৰ ফলত শেষলৈ হেপাটাইটিছ চি ভাইৰাছ আৱিষ্কাৰ হৈছিল। ১৯৮৮ চনত অল্টাৰৰ গোটৰ দ্বাৰা এনএএনবিএচ নমুনাৰ সংৰক্ষিত পেনেলত ইয়াৰ উপস্থিতি নিৰূপণ কৰি নতুন হেপাটাইটিছ ভাইৰাছ নিশ্চিত কৰা হৈছিল।১৬ ১৯৮৯ চনৰ এপ্ৰিল মাহত নন-এ, নন-বি ভাইৰাছৰ নাম সলনি কৰি হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰ 'চাইন্স' আলোচনীৰ দুটা নিবন্ধত প্ৰকাশিত হৈছিল।১৭১৮১৯

বঁটা আৰু সন্মান

২০০০ চনত হাৰ্ভি জে. অল্টাৰ
২০০০ চনত হাৰ্ভি জে. অল্টাৰছবি: NIH History Office from Bethesda · Public domain

২০০০ চনত অল্টাৰ আৰু মাইকেল হাউটনক হেপাটাইটিছ চি আৱিষ্কাৰৰ বাবে আৰু ৰক্ত স্ক্ৰীণিং পদ্ধতিৰ বিকাশৰ বাবে এলবাৰ্ট লাস্কাৰ নিদানিক চিকিৎসা গৱেষণা বঁটা প্ৰদান কৰা হৈছিল।২ তেওঁৰ চিকিৎসা গৱেষণাৰ বাবে অন্যান্য সন্মানৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ জনস্বাস্থ্য সেৱাত প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক বঁটা বিশেষ সেৱা পদক।৩ তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী আৰু ঔষধ প্ৰতিষ্ঠানৰ দুয়োৰে সভ্য নিৰ্বাচিত হৈছিল।১১ ২০০২ চনত তেওঁ ইণ্টাৰনেচনেল ছ'চাইটি অফ ব্লাড ট্ৰেন্সফিউজন প্ৰেচিডেন্সীয়েল এৱাৰ্ড লাভ কৰিছিল।৩ ২০০৫ চনত তেওঁ আমেৰিকান কলেজ অফ ফিজিচিয়ান মেডিচিনৰ সৈতে সম্পৰ্কিত বিজ্ঞানত উৎকৃষ্ট কামৰ বাবে বঁটা আৰু ইনছেৰমৰ প্ৰথম আন্তৰ্জাতিক পুৰস্কাৰ লাভ কৰে।২০

২০২০ চনত তেওঁক চাৰ্লছ এম. ৰাইচ আৰু মাইকেল হাউটনৰ সৈতে "হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ বাবে" চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হৈছিল।২১

ব্যক্তিগত জীৱন

তেওঁ বাৰবাৰা বেইলীক বিয়া কৰাইছিল। তেওঁলোকৰ দুগৰাকী সন্তান আছে। বৰ্তমান তেওঁ ডিয়েন ডাউলিংৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁৰ দুই সন্তান লিডিয়া ৰোদিন আৰু এৰিন টৰেছ, আৰু ৯জন নাতি-নাতিনী আছে।৫

তথ্যসূত্ৰ

  1. ↑ McHenry Harris; Randall E. Harris. (2013). Epidemiology of Chronic Disease. Jones & Bartlett Publishers. ISBN 978-0-7637-8047-0
  2. ↑ The Lasker Foundation
  3. ↑ Harvey J. Alter Curriculum Vitae
  4. ↑ Henrichsen, Colleen. (September 21, 2000). NIH Clinical Center scientist a Lasker Award recipient. Press release. NIH
  5. ↑ Alter, Harvey J. (2014). The road not taken or how I learned to love the liver: A personal perspective on hepatitis history. Hepatology. পৃ. 4–12
  6. ↑ (October 5, 2020). Rochester graduate awarded 2020 Nobel Prize for 'landmark achievement' against hepatitis. NewsCenter
  7. ↑ Freile, Victoria E. (October 6, 2020). UR graduate Harvey Alter awarded Nobel Prize in fight against Hepatitis. Democrat and Chronicle
  8. ↑ Alter, Harvey J. (2014). The road not taken or how I learned to love the liver: A personal perspective on hepatitis history. Hepatology. পৃ. 4–12
  9. ↑ National Institutes of Health (U.S.). Clinical Center. (1958). Report of program activities: National Institutes of Health. Clinical Center. Bethesda, Md.: The Center
  10. ↑ Alter, Harvey J.; Klein, Harvey G. (2008-10-01). The hazards of blood transfusion in historical perspective. Blood. পৃ. 2617–2626
  11. ↑ Principal Investigators. NIH Intramural Research Program
  12. ↑ Jewish Physician Among Winners Of Nobel Prize For Medicine. Voz Iz Neias
  13. ↑ (June 4, 2009). The NIH Almanac. Department of Health and Human Services. National Institutes of Health
  14. ↑ 2005 NIH profile
  15. ↑ Tabor, E.; Gerety, R. J.; Drucker, J. A. (1978). Transmission of non A, non B hepatitis from man to chimpanzees. The Lancet. পৃ. 463–466
  16. ↑ Alter.pdf
  17. ↑ Abdel-Ghaffar, Tawhida Y; Sira, Mostafa M; El Naghi, Suzan. (2015-12-08). Hepatitis C genotype 4: The past, present, and future. World Journal of Hepatology. পৃ. 2792–2810
  18. ↑ Kuo, G.; Choo, Q. L.; Alter, H. J. (1989). An assay for circulating antibodies to a major etiologic virus of human non-A, non-B hepatitis. Science
  19. ↑ Choo, Q. L.; Kuo, G; Weiner, A. J. (1989). Isolation of a cDNA clone derived from a blood-borne non-A, non-B viral hepatitis genome. Science
  20. ↑ Prof. Harvey J Alter. Sheikh Hamdan Bin Rashid Al Maktoum Award for Medical Sciences
  21. ↑ Press release: The Nobel Prize in Physiology or Medicine 2020. Nobel Foundation

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিচিকিৎসাবিদচিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰ্ভি জে. অল্টাৰ” প্ৰবন্ধৰ সংশোধন ৫১৭২৪৬ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।