অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলিজাবেথ অলছেন

এলিজাবেথ চে’জ অলছেন (Elizabeth Chase Olsen; জন্ম: ১৬ ফেব্ৰুৱাৰী, ১৯৮৯)) এগৰাকী আমেৰিকান অভিনেত্ৰী। কেলিফৰ্ণিয়াৰ শ্বাৰমান অকছত জন্মগ্ৰহণ কৰা অলছেনে চাৰি বছৰ বয়সতে অভিনয় কৰিবলৈ আৰম্ভ কৰে।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৫ ১,০০৫ শব্দ · ৬ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

এলিজাবেথ চে’জ অলছেন (Elizabeth Chase Olsen; জন্ম: ১৬ ফেব্ৰুৱাৰী, ১৯৮৯)) এগৰাকী আমেৰিকান অভিনেত্ৰী। কেলিফৰ্ণিয়াৰ শ্বাৰমান অকছত জন্মগ্ৰহণ কৰা অলছেনে চাৰি বছৰ বয়সতে অভিনয় কৰিবলৈ আৰম্ভ কৰে। ২০১১ চনত থ্ৰিলাৰ মাৰ্থা মাৰ্চি মে মাৰ্লিনত তেওঁৰ প্ৰথম চলচ্চিত্ৰ চৰিত্ৰত অভিনয় কৰিছিল-যাৰ বাবে তেওঁ প্ৰশংসিত হৈছিল আৰু ক্ৰিটিক্স চয়ছ মুভি বঁটাৰ বাবে মনোনীত হৈছিল। তাৰ পিছত হ'ৰৰ ছবি চাইলেণ্ট হাউছত তেওঁ অভিনয় কৰিছিল। ইয়াৰ বাবে অলছেনে বাফটা ৰাইজিং ষ্টাৰ বঁটাৰ মনোনয়ন লাভ কৰে। দুবছৰৰ পিছত তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ মিডিয়া ফ্ৰেঞ্চাইজিত ৱাণ্ডা মেক্সিমফ/স্কাৰলেট উইচৰ চিত্ৰণৰ বাবে অলছেনে বিশ্বব্যাপী স্বীকৃতি লাভ কৰে। তেওঁ ছুপাৰহিৰো ছবি এভেঞ্জাৰছ: এজ অৱ আল্ট্ৰন (২০১৫), কেপ্তেইন আমেৰিকা: চিভিল ৱাৰ (২০১৬), এভেঞ্জাৰছ: ইনফিনিটি ৱাৰ (২০১৮)ত অভিনয় কৰে। ডাক্তৰ ষ্ট্ৰেঞ্জ ইন দ্য মাল্টিভাৰ্ছ অৱ মেডনেছ (২০২২), মিনিচিৰিজ ৱাণ্ডাভিজন (২০২১) গুৰুত্বপূৰ্ণ ছবি। ৱাণ্ডাভিজনৰ বাবে তেওঁ প্ৰাইমটাইম এমি বঁটা আৰু গোল্ডেন গ্ল’ব বঁটাৰ বাবে মনোনয়ন লাভ কৰে।

মাৰ্ভেলৰ সৈতে কৰা কামৰ বাহিৰেও অলছেনে দানৱ ছবি (Monster) গডজিলা (২০১৪), ৰহস্য ছবি উইণ্ড ৰিভাৰ (২০১৭), আৰু ড্ৰেমেডি ইংগ্ৰিড গ’জ ৱেষ্ট (২০১৭)ত অভিনয় কৰিছিল। তেওঁ ধাৰাবাহিক ছ’ৰী ফৰ ইউৰ লছ (২০১৮–২০১৯)ত কাৰ্যবাহী প্ৰযোজনা আৰু অভিনয় কৰিছিল| বিধৱা হিচাপে কৰা অভিনয়ৰ বাবে তেওঁ ক্ৰিটিক্স চয়ছ টেলিভিছন বঁটা''ৰ বাবে মনোনয়ন লাভ কৰিছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

এলিজাবেথ চেজ অলছেনৰ জন্ম হৈছিল ১৯৮৯ চনৰ ১৬ ফেব্ৰুৱাৰীত, কেলিফৰ্ণিয়াৰ শ্বাৰমান অকছত।১২৩ তেওঁৰ মাতৃ জাৰ্নি এগৰাকী প্ৰাক্তন নৃত্যশিল্পী, আনহাতে তেওঁৰ পিতৃ ডেভ এজন ৰিয়েল এষ্টেট এজেণ্ট।৪৫ শিশু অৱস্থাত সফল টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী হিচাপে পৰিগণিত হোৱা যমজ ফেশ্বন ডিজাইনাৰ মেৰী-কেট আৰু এছলী অলছেনৰ তেওঁ কনিষ্ঠ ভগ্নী। অলছেনৰ এজন ডাঙৰ ভাইটি, এজন সৰু আঢ়ৈ বছৰীয়া ভাতৃ আৰু এজন সৰু আঢ়ৈ বছৰীয়া ভগ্নীও আছে।৫ ১৯৯৬ চনত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয়।৬

অলছেনে চাৰি বছৰ বয়সত অভিনয় আৰম্ভ কৰে।৭ ১৯৯৪ চনৰ টেলিভিছন ছবি হাউ দ্য ৱেষ্ট ৱাজ ফান আৰু ষ্ট্ৰেইট-টু-ভিডিঅ ধাৰাবাহিক দ্য এডভেঞ্চাৰছ অৱ মেৰী-কেট এণ্ড এছলীকে ধৰি তেওঁ ভগ্নীদ্বয় মেৰী-কেট আৰু এছলীৰ প্ৰকল্পত অভিনয় কৰে।৮৯১০ সৰুতে তেওঁ অভিনয়ৰ পাঠগ্ৰহণ কৰিছিল আৰু মিউজিকেল থিয়েটাৰ শিবিৰত সময় কটাইছিল।৮ মেৰী-কেটৰ খাদ্য বদভ্যাসজনিত বিকাৰৰ প্ৰতি সংবাদ মাধ্যমৰ বৰ্ধিত মনোযোগ দেখি ২০০৪ চনত অলছেনে অভিনয় এৰি দিবলৈ ওলাইছিল।১১ তেওঁ কেলিফৰ্ণিয়াৰ ষ্টুডিঅ' চিটিৰ কেম্পবেল হল স্কুলত পঢ়িছিল।১২ অলছেনে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ (এন ৱাই ইউ) "টিচ্চ স্কুল অৱ দ্য আৰ্টছ"ত অধ্যয়ন কৰে আৰু এই সময়ছোৱাত তেওঁ আটলাণ্টিক থিয়েটাৰ কোম্পানীত শ্ৰেণী গ্ৰহণ কৰে আৰু ৰাছিয়াৰ মস্কো আৰ্ট থিয়েটাৰ স্কুলত এটা ষান্মাসিক কটায়।৫ ২০০৮ চনত অফ-ব্ৰডৱে প্ৰডাকচনত 'ডাষ্ট' নাটক আৰু ২০০৯ চনত ব্ৰডৱে প্ৰডাকচনত ইম্প্ৰেছনিজম নাটকত তেওঁ আণ্ডাৰষ্টাডিৰ ভূমিকা লাভ কৰে, যাৰ ফলত তেওঁ এজন এজেণ্ট লাভ কৰে।৫৮ ২০১৩ চনৰ জানুৱাৰী মাহত অলছেনে বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।১৩

ব্যক্তিগত জীৱন

অলছেন ১৩ বছৰ বয়সৰ পৰাই নাস্তিক। কাৰণ তেওঁৰ মতে "ধৰ্ম হ'ব লাগে সম্প্ৰদায়নিৰ্ভৰ। প্ৰাৰ্থনালৈ যাবলৈ এটুকুৰা ঠাই থাকিব লাগে। ধৰ্মৰ ভিত্তিটো নাৰীৰ স্বাধীনতা নিৰ্ধাৰণ কৰা নহয়।" তেওঁ ববি ব্ৰাউন কচমেটিকছ কোম্পানীৰ এগৰাকী ৰাষ্ট্ৰদূত।১৪ ২০১১ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ আৰু অভিনেতা বয়ড হোলব্ৰুকৰ মাজত সম্পৰ্ক আছিল। ১৫

তিনি বছৰীয়া প্ৰণয়ৰ পিছত অলছেনে ২০১৯ চনৰ জুলাই মাহত আমেৰিকান বেণ্ড মিলো গ্ৰীণৰ সংগীতজ্ঞ ৰবি আৰ্নেটৰ সৈতে বৈবাহিক জীৱন আৰম্ভ কৰে।১৬১৭ তেওঁ আৰু আৰ্নেট লছ এঞ্জেলছত থাকে।১৮অলছেনে ২০২১ চনৰ জুন মাহত প্ৰকাশ কৰিছিল যে দুয়োৰে বিবাহ হৈছে।১৯২০২১ তেওঁলোকে যৌথভাৱে শিশুৰ বাবে এখন কিতাপ লিখিছে, যাৰ নাম হৈছে হেটি হাৰমনি: ৱৰী ডিটেক্টিভ। কিতাপখন ২০২২ চনৰ জুন মাহত প্ৰকাশিত হ'ব।

কেৰিয়াৰ

প্ৰাৰম্ভিক অভিনয়-জীৱনৰ চৰিত্ৰ আৰু উত্থান (২০১১–২০১৪)

২০১৩ চনত অলছেন, ছান ডিয়েগো কমিক-কনত
২০১৩ চনত অলছেন, ছান ডিয়েগো কমিক-কনতছবি: Gage Skidmore · CC BY-SA 3.0

২০১১ চনৰ থ্ৰিলাৰ ছবি মাৰ্থা মাৰ্চি মে মাৰ্লিনত অলছেনে চলচ্চিত্ৰজগতত আত্মপ্ৰকাশ কৰে।২২ ছানডেন্স চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হোৱাৰ পিছত তেওঁৰ অভিনয়ৰ লগতে ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰে।২৩২৪ অলছেনে শিৰোনামযুক্ত মাৰ্থা নামৰ এগৰাকী যুৱতীক চিত্ৰিত কৰাৰ বাবে কেইবাটাও বঁটাৰ বাবে মনোনয়ন লাভ কৰে। চৰিত্ৰটো আছিল বিভ্ৰমগ্ৰস্ত এগৰাকী যুৱতীৰ, যি পাছলৈ ঘৰলৈ ওভতিব খোজে।২৩২৫ ছবিখনৰ বাবে তেওঁ "শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচকৰ পছন্দৰ চলচ্চিত্ৰ বঁটা"ৰ বাবেও মনোনয়ন লাভ কৰিছিল আৰু শ্ৰেষ্ঠ মহিলা শীৰ্ষ অভিনেত্ৰীৰ বাবে ইণ্ডিপেণ্ডেণ্ট স্পিৰিট বঁটা পাইছিল।২৪ তেওঁ এই চৰিত্ৰটোৰ প্ৰতি থকা আগ্ৰহৰ কাৰণ মানসিক ৰোগৰ প্ৰতি থকা মোহগ্ৰস্ততা বুলি জনায়।২২ ইয়াৰ পিছত অলছেনে হ'ৰৰ ছবি চাইলেণ্ট হাউচত অভিনয় কৰে, যিয়ে তেওঁক "ৰেভ ৰিভিউ" দিয়ে।২৬ ছবিখন মাৰ্থা মাৰ্চি মে মাৰ্লিনৰ সৈতে ছানডেন্স চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱাৰ পিছতো ২০১২ চনতহে মুক্তি পায় ২৭ ইয়াৰ লগতে তেওঁ থ্ৰিলাৰ ছবি "ৰেড লাইটছ" আৰু কমেডী ছবি "লিবাৰেল আৰ্টছ"তো অভিনয় কৰে।২৮

২০১৩ চনৰ জানুৱাৰী মাহত অলছেনে ৬৬ সংখ্যক ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটাত বাফটা ৰাইজিং ষ্টাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰে।২৯ তেওঁ "কিল ইউৰ ডাৰ্লিংছ" নামৰ জীৱনীমূলক নাটকখনত ঔপন্যাসিক জেক কেৰুৱাকৰ প্ৰথম পত্নী আৰু বিট জেনেৰেচনৰ স্মৃতিগ্ৰন্থ ইউ এল বি অকেৰ লেখিকা এডি পাৰ্কাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।৩০ ২০০৩ চনত দক্ষিণ কোৰিয়াৰ ছবি অল্ডবয়ৰ আমেৰিকান পুনৰ্নিৰ্মাণত তেওঁ অভিনয় কৰিছিল। চৰিত্ৰটি আছিল মেৰী চেবাষ্টিয়ান নামৰ এগৰাকী নাৰ্ছৰ-যিয়ে জোছ ব্ৰলিনে অভিনয় কৰা নায়কজনক তেওঁৰ কন্যাক বিচাৰি উলিওৱাত সহায় কৰে।৩১ সেই বছৰতে তেওঁ উইলিয়াম শ্বেক্সপীয়েৰৰ ৰোমিঅ' এণ্ড জুলিয়েট নাটকৰ অফ-ব্ৰডৱে প্ৰডাকচনত জুলিয়েটৰ চৰিত্ৰত অভিনয় কৰে। নিউয়ৰ্ক টাইমছৰ সমালোচক বেন ব্ৰেণ্টলিয়ে তেওঁৰ চিত্ৰণক "an open book, and a slim volume, alternating between saucy petulance and hysteria" বুলি বৰ্ণনা কৰিছে।৩২ ১৮৬৭ চনত এমিল জোলাৰ উপন্যাস থেৰেছ ৰেকুইনৰ চলচ্চিত্ৰ অভিযোজন "ইন ছিক্ৰেট"ত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত ছবিখনে মুক্তি পায়।৩৩ সেই বছৰৰ শেষৰ ফালে অলছেনে ব্ৰাইয়ান ক্ৰেনষ্টন আৰু এৰন টেইলৰ-জনছনৰ বিপৰীতে "গডজিলা" নামৰ দানৱীয় ছবিত অভিনয় কৰে, যিয়ে ইতিবাচক সমালোচনা লাভ কৰে আৰু ১৬ কোটি ডলাৰৰ প্ৰডাকচন বাজেটৰ বিপৰীতে ৫২৯ মিলিয়ন ডলাৰ উপাৰ্জন কৰে।৩৪৩৫ তেওঁ আৰু ডাকোটা ফেনিঙে সেই বছৰতে মুক্তি পোৱা "ভেৰী গুড গাৰ্লছ" নামৰ ছবিখনত ব্ৰুকলিনত কিশোৰী হিচাপে সহযোগিতা কৰিছিল- ৩৬ যাক ভেনিটি ফেয়াৰৰ জোছ ডুবফে প্ৰতিকূলভাৱে পৰ্যালোচনা কৰা বুলি প্ৰকাশ কৰে। ৩৭

মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ আৰু অবিৰত সফলতা (২০১৫–বৰ্তমান)

২০১৯ চনত মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ তাৰকাসকলৰ সৈতে
২০১৯ চনত মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ তাৰকাসকলৰ সৈতেছবি: Gage Skidmore from Peoria, AZ, United States of America · CC BY-SA 2.0

অলছেনে ২০১৫ চনৰ ছুপাৰহিৰো ছবি এভেঞ্জাৰছ: এজ অৱ আল্ট্ৰনত অভিনয় কৰিছিল, যিখন দ্য এভেঞ্জাৰছৰ ছিকুৱেল আছিল৷৩৮ ইয়াৰ জৰিয়তে এলিজাবেথে মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ মিডিয়া ফ্ৰেঞ্চাইজিত যোগদান কৰিছিল।৩৯৪০ ছবিখনত তেওঁ ৱাণ্ডা মেক্সিমফ/স্কাৰলেট উইচৰ চৰিত্ৰত অভিনয় কৰিছিল, যি আছিল কমিক বুক চৰিত্ৰটোৰ চলচ্চিত্ৰ ৰূপ৷৪১ ২০১৪ চনৰ ছবি কেপ্তেইন আমেৰিকা: দ্য ৱিণ্টাৰ চোল্ডাৰৰ এটা পোষ্ট-ক্ৰেডিট দৃশ্যত তেওঁ প্ৰথমে চৰিত্ৰ হিচাপে অভিনয় কৰিছিল৷ তেওঁৰ সতীৰ্থ আছিল এৰন টেইলৰ-জনছন৷ টেইলৰে মেক্সিমফৰ ভাতৃ পিট্ৰ'ৰ চৰিত্ৰত অভিনয় কৰিছিল।৩৯৪২ অলছেনে ছ'কোভিয়া নামৰ কাল্পনিক দেশ এখনৰ ভাষাভিত্তিক উচ্চাৰণত সংলাপ মাতিছিল, যাক তেওঁ শ্ল'ভাকিয়ান ভাষাৰ সৈতে মিল থকা বুলি বৰ্ণনা কৰিছিল।৪০ তেওঁ কেপ্তেইন আমেৰিকা: চিভিল ৱাৰ (২০১৬),৪৩এভেঞ্জাৰছ: ইনফিনিটি ৱাৰ (২০১৮),৪৪ আৰু এভেঞ্জাৰছ: এণ্ডগেম (২০১৯)ত পুনৰ অভিনয় কৰে৷৪৫ ইয়াৰে শেষৰখন ছবি সৰ্বকালৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।৪৬ এই চৰিত্ৰটোৰ জৰিয়তে অলছেনে খ্যাতি লাভ কৰে।৪৭৪৮

অলছেনে ২০১৫ চনত মাৰ্ক আব্ৰাহামৰ দ্বাৰা পৰিচালিত জীৱনীমূলক ছবি আই ছ' দ্য লাইটত টম হিডলষ্টনৰ দ্বাৰা অভিনীত গায়ক হেংক উইলিয়ামছৰ পত্নী, মেনেজাৰ আৰু ডুৱেট পাৰ্টনাৰ অড্ৰে উইলিয়ামছৰ চৰিত্ৰত অভিনয় কৰিছিল।৪৯ ২০১৭ চনত তেওঁ ৰহস্যধৰ্মী ছবি উইণ্ড ৰিভাৰত এগৰাকী নবীন এফবিআই এজেণ্ট আৰু কমেডী-ড্ৰামা ছবি ইংগ্ৰিড গ'জ ৱেষ্টত ছ'চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তি হিচাপে অভিনয় কৰে৷ দুয়োখন ছবিয়েই আগষ্ট মাহত মুক্তি লাভ কৰে আৰু সমালোচকৰ দ্বাৰা প্ৰশংসিত হয়।৫০৫১৫২

২০২১ চনৰ জানুৱাৰী মাহত ডিজনী+ত প্ৰিমিয়াৰ হোৱা ছুপাৰহিৰো মিনিচিৰিজ ৱাণ্ডাভিজনত পল বেটানিৰ সৈতে অলছেনে পুনৰ মেক্সিমফৰ চৰিত্ৰত অভিনয় কৰে৷ ৫৩ অলছেনে তেওঁৰ অভিনয়ৰ বাবে সীমিত বা এন্থলজী ছিৰিজ বা চলচ্চিত্ৰত অসাধাৰণ মুখ্য অভিনেত্ৰীৰ শিতানত প্ৰাইমটাইম এমি বঁটাৰ বাবে মনোনয়ন আৰু শ্ৰেষ্ঠ অভিনেত্ৰী – মিনিচিৰিজ বা টেলিভিছন চলচ্চিত্ৰৰ বাবে গোল্ডেন গ্ল'ব বঁটাৰ বাবে মনোনয়ন লাভ কৰে।৫৪৫৫ ২০২২ চনৰ মে’ মাহত মুক্তি পোৱা ডক্টৰ ষ্ট্ৰেঞ্জ ইন দ্য মাল্টিভাৰ্ছ অৱ মেডনেছ ছবিখনত এলিজাবেথে পুনৰ অভিনয় কৰি মিশ্ৰিত সমালোচনা লাভ কৰে। ৫৬

তথ্যসূত্ৰ

  1. ↑ Newcomb, Alyssa. (April 22, 2021). Elizabeth Olsen says she once considered dropping her famous last name. Today
  2. ↑ (February 15, 2019). Celebrity birthdays for the week of Feb. 10-16. Associated Press
  3. ↑ Patterson, John. (September 14, 2021). Elizabeth Olsen: 'I never got a job because of my sisters'. The Guardian
  4. ↑ Mathews, Jay. (February 3, 1991). Less is more. The Washington Post
  5. ↑ Rozen, Leah. (October 11, 2011). An Olsen Sister Finds a Spotlight All Her Own. The New York Times
  6. ↑ Tauber, Michelle. (May 3, 2004). Two Cool. People
  7. ↑ Lavin, Will. (January 14, 2021). Elizabeth Olsen says it was "very scary" being followed by paparazzi as a child. NME
  8. ↑ Grady, Pam. (October 23, 2011). Elizabeth Olsen, character caught between 2 worlds. San Francisco Chronicle
  9. ↑ Eckardt, Stephanie. (April 22, 2021). Elizabeth Olsen Almost Changed Her Name Because of Her Sisters. W
  10. ↑ Bierly, Mandi. (September 3, 2010). Elizabeth Olsen, younger sister of Mary-Kate and Ashley, makes name for herself. Entertainment Weekly
  11. ↑ Malkin, Marc; Malec, Brett. (October 6, 2011). Elizabeth Olsen Almost Quit Acting Because of Sisters Mary-Kate and Ashley (Thankfully, She Didn't!). E!
  12. ↑ THR Staff; Pyun, Jeanie. (August 17, 2017). The Hollywood Insider's Guide to L.A. Private Schools. The Hollywood Reporter
  13. ↑ King, Susan. (February 20, 2014). Keeping things 'In Secret,' Elizabeth Olsen gets an adrenaline rush. Los Angeles Times
  14. ↑ Ryder, Caroline. Elizabeth Olsen cover interview for Dazed&Confused
  15. ↑ Harmata, Claudia. (August 5, 2019). Elizabeth Olsen Debuts Huge Emerald Engagement Ring During Outing with Fiancé Robbie Arnett. People
  16. ↑ Lampen, Claire. (June 8, 2021). Elizabeth Olsen Maybe Lets Slip That She Got Married. The Cut
  17. ↑ Fernandez, Alexia. (July 30, 2019). Surprise! Elizabeth Olsen Is Engaged to Musician Robbie Arnett, Says Source. People
  18. ↑ Olsen, Elizabeth. (August 15, 2020). Elizabeth Olsen on How the Produce in Her Garden Reflected Her Varying Emotions During the Pandemic (Guest Column). The Hollywood Reporter
  19. ↑ West, Amy. (June 9, 2021). WandaVision's Elizabeth Olsen has married partner Robbie Arnett. Digital Spy
  20. ↑ Hirwani, Peony. (June 10, 2021). Elizabeth Olsen lets slip she's married while talking with Kaley Cuoco. The Independent
  21. ↑ Gillette, Sam. (December 16, 2021). Elizabeth Olsen and Husband Robbie Arnett Write Kids' Book About 'Self-Care'. People
  22. ↑ Hunt, Stacey Wilson. (January 21, 2011). SUNDANCE Q&A: Elizabeth Olsen Reflects on 'Martha Marcy May Marlene,' 'Silent House' and What She's Learned From Mary-Kate and Ashley. The Hollywood Reporter
  23. ↑ Greenwood, Elizabeth. (January 18, 2012). Finally, Two Troubled Film Heroines the Audience Isn't Meant to Ogle. The Atlantic
  24. ↑ Kit, Zorianna. (March 9, 2012). Elizabeth Olsen reflects on life after Martha Marcy May. Reuters
  25. ↑ Crowley, Evelyn. (January 24, 2012). Elizabeth Olsen Talks Fame, Fashion, Awards Season, and Sundance. Vogue
  26. ↑ (January 24, 2011). Elizabeth Olsen: 5 Things You Need to Know. The Hollywood Reporter
  27. ↑ Smith, Nigel M. (March 8, 2021). Elizabeth Olsen on 'Silent House' and How Life Has Changed Post-'Martha'. IndieWire
  28. ↑ Collin, Robbie. (October 4, 2012). Elizabeth Olsen: the little sister with big plans. The Daily Telegraph
  29. ↑ Tartaglione, Nancy. (January 7, 2013). BAFTA Rising Star Award Nominees Include Elizabeth Olsen, Juno Temple. Deadline Hollywood
  30. ↑ Sharkey, Betsy. (October 16, 2013). Review: Death and the Beats' birth drive 'Kill Your Darlings'. Los Angeles Times
  31. ↑ Brown, Emma. (November 25, 2013). New Girl. Interview
  32. ↑ Brantley, Ben. (October 16, 2013). 'Romeo & Juliet' With a Twist at Classic Stage Company. The New York Times
  33. ↑ Seikaly, Andrea. (February 7, 2014). Elizabeth Olsen, Jessica Lange Fete 'In Secret'. Variety
  34. ↑ Silman, Anna. (May 16, 2014). Review Roundup: One of the Scariest Things in Godzilla Is Bryan Cranston's Wig. Vulture
  35. ↑ Fleming, Mike Jr. (March 10, 2015). 'Godzilla's Profit In 2014: Legendary Dinged By Distribution Fee. Deadline Hollywood
  36. ↑ (July 20, 2014). Actress Dakota Fanning and writer-director Naomi Foner of 'Very Good Girls' interview one another. New York Daily News
  37. ↑ Duboff, Josh. (August 7, 2017). The Secret to Elizabeth Olsen's Super Low-Key, Totally Normal, Really Actually Enviable Success. Vanity Fair
  38. ↑ Lee, Ashley. (May 1, 2015). 'Avengers: Age of Ultron' Review: What the Critics Are Saying. The Hollywood Reporter
  39. ↑ Leston, Ryan. (May 11, 2022). Doctor Strange 2: Elizabeth Olsen On Being 'Frustrated' By Lost Opportunities Due To MCU. IGN
  40. ↑ Sharf, Zack. (January 19, 2021). Elizabeth Olsen Explains Scarlet Witch's Changing Accent, from 'Age of Ultron' to 'WandaVision'. IndieWire
  41. ↑ Abad-Santos, Alex. (April 28, 2015). The tragic history of Scarlet Witch, who will make her film debut in Avengers: Age of Ultron. Vox
  42. ↑ Lin, Joseph C. (April 7, 2014). Captain America: The Winter Soldier Easter Eggs, Trivia and Allusions. Time
  43. ↑ Russell, Scarlett. (April 1, 2016). Elizabeth Olsen teases Scarlet Witch and Vision relationship in Captain America: Civil War. Digital Spy
  44. ↑ Ritschel, Chelsea. (April 28, 2018). Elizabeth Olsen wishes her Avengers costume didn't show as much cleavage. The Independent
  45. ↑ Yang, Rachel. (April 24, 2019). Elizabeth Olsen Says Disney+ Series 'WandaVision' Is Set in 1950s. Variety
  46. ↑ Buczak, Lizzy. (March 14, 2021). 'Avatar' overtakes 'Avengers: Endgame' to reclaim throne of top-grossing film of all time. Audacy
  47. ↑ Simpson, Leah. (June 10, 2021). Who's the richest Olsen sister? Full House twins Mary-Kate and Ashley share a combined US$500 million fortune – but don't forget little sister, Marvel star Elizabeth. South China Morning Post
  48. ↑ Day, Nate. (April 22, 2021). Why Elizabeth Olsen considered using a different last name when she started acting. Fox News
  49. ↑ (September 14, 2015). Tom Hiddleston, Elizabeth Olsen Debate 'Avengers' Showdown of Scarlet Witch vs. Loki at TIFF 2015. The Hollywood Reporter
  50. ↑ Kaufman, Amy. (July 28, 2017). Elizabeth Olsen does double duty in 'Wind River' and 'Ingrid Goes West'. Los Angeles Times
  51. ↑ Fuster, Jeremy. (August 13, 2017). 'Ingrid Goes West' Goes Through The Roof at Indie Box Office. TheWrap
  52. ↑ Simon, Scott. (December 2, 2017). Elizabeth Olsen On A 'Wind River' Oscar Campaign Without Weinstein. NPR
  53. ↑ (January 15, 2021). WandaVision: Critics welcome 'delightful' Disney+ series. BBC News
  54. ↑ Bosselman, Haley; Shanfeld, Ethan; Zorrilla, Mónica Marie. (July 13, 2021). MJ Rodriguez, Elizabeth Olsen and More React to Emmy Nominations. Variety
  55. ↑ Lattanzio, Ryan. (December 13, 2021). Golden Globe Nominations: 'Licorice Pizza,' 'Squid Game,' 'West Side Story,' and More. IndieWire
  56. ↑ Chilton, Louis. (May 4, 2022). Doctor Strange in the Multiverse of Madness polarises critics as full reviews drop. The Independent

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিহলিউড অভিনেত্ৰীঅভিনয় শিল্পীআমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিজাবেথ অলছেন” প্ৰবন্ধৰ সংশোধন ৫৩৭২৭৭ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।