জাৰেড মেছন ডায়মণ্ড (Jared Mason Diamond; জন্ম ১০ ছেপ্টেম্বৰ, ১৯৩৭) হৈছে এগৰাকী আমেৰিকান ভূগোলবিদ, ইতিহাসবিদ, নৃতত্ত্ববিদ, পক্ষীবিদ। দ্যা থাৰ্ড ছিম্পাঞ্জী (১৯৯১); পুলিৎজাৰ বঁটাৰে সন্মানীত গানছ্, জাৰ্মছ্ এণ্ড ষ্টিল (১৯৯৭); কলাপ্স (২০০৫), দ্য ৱৰ্ল্ড আনটিল য়েছটাৰডে (২০১২), আৰু আপহিভেল (২০১৯) হৈছে তেখেতে লিখা জনপ্ৰিয় গ্ৰন্থৰ নাম। তেখেতৰ মূল ক্ষেত্ৰ দেহতত্ত্ববিদ্যা যদিও; জাৰেড ডায়মণ্ডক নৃতত্ত্ববিদ্যা, বাস্তব্যবিদ্যা, ভূগোল আৰু বিৱৰ্তনীয় জীৱবিজ্ঞান আদিৰ দৰে একাধিক ক্ষেত্ৰত দখল আছে। তেখেত লছ এঞ্জেলছস্থিত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ভূগোলৰ অধ্যাপক।১
২০০৫ চনত প্ৰছপেক্ট আলোচনী আৰু ফৰেইন পলিচি আলোচনীয়ে ভোটিঙ যোগে যুগুতোৱা "বিশ্বৰ শীৰ্ষস্থানীয় এশগৰাকী বুদ্ধিজীৱী"ৰ তালিকাত জাৰেড ডায়মণ্ডে নৱম স্থান অধিকাৰ কৰে।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৩৭ চনৰ ১০ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাছাছুছেটছৰ বষ্টনত জাৰেড ডায়মণ্ডৰ জন্ম হয়। তেখেতৰ পিতৃ-মাতৃ আছিল আশ্বকেঞ্জী ইহুদী পৰিয়ালৰ, যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিছিল। তেখেতৰ পিতৃ লুইছ ডায়মণ্ড এগৰাকী শল্যচিকিৎসক আছিল। আৰু মাতৃ ফ্লোৰা (কাপলান) আছিল এগৰাকী শিক্ষক, ভাষাবিদ আৰু পিয়ানোবাদক।৩ডায়মণ্ডে ছয়বছৰ বয়সৰ পৰাই পিয়ানো শিকিবলৈ লয়।৪
সাতবছৰ বয়সতে ডায়মণ্ডে পক্ষী-নিৰীক্ষণৰ প্ৰতি এটা ৰাপ গঢ়ি তোলে।৫ এই কামটো পৰৱৰ্তী সময়ত তেওঁৰ বিশেষ অনুৰাগলৈ পৰ্যবসিত হয় আৰু পক্ষীবিজ্ঞানত সম্পন্ন কৰা কিছুমান বিশেষ কৰ্মত সহায়ক হিচাপে পৰিগণিত হয়।৬.
জাৰেড ডায়মণ্ডে ৰক্সবাৰি লেটিন স্কুলত পঢ়া-শুনা কৰে। তাৰপিছত হাৰ্ভাৰ্ড কলেজৰ পৰা ১৯৫৮ চনত জৈৱৰাসায়নিক বিজ্ঞানত স্নাতক ডিগ্ৰী অৰ্জন কৰে। তাৰপিছত দেহতত্ত্ব আৰু জৈৱপদাৰ্থবিজ্ঞানত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে।১৭৮
কৰ্মজীৱন

কেমব্ৰিজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত, "কনিষ্ঠ সভ্য" হিচাপে ডায়মণ্ড হাৰ্ভাৰ্ডলৈ উভতি আহে। সেই কৰ্মত তেওঁ ১৯৬৫ চনলৈকে জড়িত হৈ থাকে। ১৯৬৮ চনত তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ "দেহতত্ত্ব"ৰ অধ্যাপক হয়। ২০-৩০ বছৰ বয়সৰ মাজতেই ডায়মণ্ডে পক্ষীবিজ্ঞান আৰু বাস্তব্যবিদ্যাতো এক সমান্তৰাল কেৰিয়াৰ আৰম্ভ কৰে। বিশেষকৈ নিউ গিনি আৰু প্ৰতিৱেশী দ্বীপসমূহত অধ্যয়নৰ যোগেদি। ১৯৬৪ চনৰ পৰা তেখেতে এই ভ্ৰমণবোৰ আৰম্ভ কৰিছিল।৯ পৰৱৰ্তী সময়ত (৫০ বছৰ অতিক্ৰম কৰাৰ পাছত), ডায়মণ্ডে "পাৰিপাৰ্শ্বিক ইতিহাস"ত তৃতীয়টো কেৰিয়াৰ আৰম্ভ কৰে আৰু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ভূগোলৰ অধ্যাপক হিচাপে কৰ্মনিৰ্বাহ কৰে।৮ ডায়মণ্ডে ৰোমস্থিত LUISS Guido Carliতো শিক্ষাদান কৰে।১০ ১৯৯৯ চনত তেখেতে বিজ্ঞানত ৰাষ্ট্ৰীয় পদক অৰ্জন কৰে।১১ ২০০৯ চনত ৱেষ্টফিল্ড ষ্টেট বিশ্ববিদ্যালয়ে তেখেতক সন্মানীয় ডক্তৰেট ডিগ্ৰী প্ৰদান কৰে।
ডায়মণ্ডৰ মূল ক্ষেত্ৰৰ বিষয় হৈছে "পিত্তস্থলীত নিমখ শোষণ।"৭১২ বাস্তব্যবিদ্যা আৰু পক্ষীবিজ্ঞানতো তেখেতে কিছুমান পাণ্ডিত্যপূৰ্ণ কাম কৰিছে।১৩ কিন্তু জনপ্ৰিয় বিজ্ঞানৰ লেখক হিচাপেহে তেখেত অধিক পৰিচিত। তেওঁ বিচৰণ কৰা বিভিন্ন ক্ষেত্ৰসমূহৰ একাধিক বিষয়েৰে সেইসমূহ গ্ৰন্থ সমৃদ্ধ। বিদ্যায়তনিক বিচিত্ৰতাৰ বাবে ডায়মণ্ডক "পলিমেথ" (polymath) বুলি জনা যায়।১৪১৫
ব্যক্তিগত জীৱন
ডায়মণ্ডৰ পত্নী হৈছে মেৰি কোহেন। তেওঁ পলেণ্ডৰ ৰাজনীতিবিদ এদৱাৰ্ড ৱাৰ্ণাৰৰ নাতিনী। ডায়মণ্ড আৰু কোহেনৰ যঁজা সন্তান আছে। ১৯৮৭ চনত তেওঁলোকৰ জন্ম হৈছিল।১৬
বঁটা আৰু সন্মান
- ১৯৭৫ বিশেষ সফলতাৰ বঁটা, আমেৰিকান গেষ্ট্ৰোএণ্টাৰোলজিকেল এছ'ছিয়েছন১৭
- ১৯৮৫ মেকআৰ্থাৰ সংস্থাৰ "জিনিয়াছ" গ্ৰাণ্ট১৮
- ১৯৮৯ আৰ্চি এফ. কাৰ পদক১৯
- ১৯৯২ টেনাৰ প্ৰবক্তা, উটাহ বিশ্ববিদ্যালয়২০
- ১৯৯২ ৰ'নে পাউলনেক বিজ্ঞান বঁটা, The Third Chimpanzee ৰ বাবে২১
- ১৯৯২ লছ এঞ্জেলছ টাইমৰ পৰা বিজ্ঞানমূলক গ্ৰন্থ বঁটা২২
- ১৯৯৩ জীৱবৈজ্ঞানিক সমাজৰ পৰা ছান ডিয়েগো সংৰক্ষণ পদক
- ১৯৯৭ ফাই বেটা কাপ্পা বঁটা, Guns, Germs and Steel ৰ বাবে
- ১৯৯৮ পুলিৎজাৰ বঁটা, Guns, Germs and Steel ৰ বাবে।১৮২৩
- ১৯৯৮ কেলিফৰ্ণিয়া গ্ৰন্থ পুৰস্কাৰ,Guns, Germs and Steel ৰ বাবে সোণৰ পদক
- ১৯৯৮ বিজ্ঞানমূলক গ্ৰন্থৰ বাবে এভেণ্টিছ বঁটা, Guns, Germs and Steel ৰ বাবে২১
- ১৯৯৮ আন্তৰাষ্ট্ৰীয় ব্ৰহ্মাণ্ড পুৰস্কাৰ৮
- ১৯৯৮ ইলিয়ট কুৱেছ বঁটা, আমেৰিকান পক্ষীবিজ্ঞানী সংঘ২৪
- ১৯৯৯ অ-কাহিনীমূলক ৰচনাৰ বাবে লানান সাহিত্যিক বঁটা
- ১৯৯৯ বিজ্ঞানৰ ৰাষ্ট্ৰীয় পদক২৫
- ২০০১ পাৰিপাৰ্শ্বিক সফলতাৰ বাবে টাইলাৰ পুৰস্কাৰ
- ২০০২ বৈজ্ঞানক লেখা-মেলাৰ বাবে লিৱিছ থমাছ পুৰস্কাৰ
- ২০০৪ শিক্ষাবিদৰ সন্মানীয় উপাধিৰ এজন বিদেশী ধাৰক২৬ ফিনলেণ্ড একাডেমীত
- ২০০৫ কেমব্ৰিজৰ ট্ৰিনিটি কলেজত নিৰ্বাচিত সন্মানীয় সভ্য,২৭
- ২০০৬ বিজ্ঞানমূলক গ্ৰন্থৰ বাবে ৰয়েল ছ'ছাইটিৰ বঁটা Collapseৰ বাবে (shortlisted)২১
- ২০০৬ বিজ্ঞানত ডিকছন বঁটা
- ২০০৮ PhD Honoris Causa, Katholieke Universiteit Leuven, বেলজিয়াম
- ২০১৩ কৃষি উল্ফ বঁটা২৮
- ২০১৬ বছৰটোৰ মানৱতাবাদী, আমেৰিকান মানৱতাবাদী সন্থা
নিৰ্বাচিত গ্ৰন্থাৱলী
- ১৯৯২: The Third Chimpanzee: The Evolution and Future of the Human Animal (-)
- ১৯৯৭: Why Is Sex Fun? (-)
- ১৯৯৭: Guns, Germs, and Steel: The Fates of Human Societies। একেখন কিতাপেই Guns, germs and steel: A short history of everybody for the last 13,000 years নামেৰেও প্ৰকাশিত হয়।
- ২০০৫: Collapse: How Societies Choose to Fail or Succeed
- ২০১০: Natural Experiments of History, জেমছ্ এ. ৰবিনছনৰ সৈতে
- ২০১২: The World Until Yesterday|The World until Yesterday: What Can We Learn from Traditional Societies?
- ২০১৫: The Third Chimpanzee for Young People: The Evolution and Future of the Human Animal
- ২০১৯: Upheaval: How Nations Cope with Crisis and Change
বাহ্যিক সংযোগ
- ব্যক্তিগত ৱেবছাইট
- কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগত ডায়মণ্ডৰ নিজা পৃষ্ঠা
- জাৰেড ডায়মণ্ড: সমাজবোৰ কেনেকৈ ভাঙে? (TED ২০০৩)
- জাৰেড ডায়মণ্ড: সমাজ এখনৰ বিকাশ ভালদৰে কেনেকৈ হ'ব পাৰে? (TED ২০১৩)
- PBSত গানছ্, জাৰ্মছ এণ্ড ষ্টিল (সম্পূৰ্ণ প্ৰতিলিপি)
- পৰম্পৰাগত সমাজৰ পৰা আমি কি শিকিব পাৰোঁ?, অক্টোবৰ ২০১৩
- ডায়মণ্ডৰ লগত সাক্ষাৎকাৰ: To Solve a Crisis, We Have to Acknowledge It First
তথ্যসূত্ৰ
- ↑ Jim Al-Khalili talks to Jared Diamond about his journey from the gall bladder to global history via a passion for the birds of Papua New Guinea.
- ↑ (October 15, 2005). Prospect/FP Top 100 Public Intellectuals Results
- ↑ McKie, Robin. (January 5, 2013). Jared Diamond: what we can learn from tribal life. The Observer
- ↑ Jared Diamond in conversation with Michael Berkeley on the BBC Radio 3 program Private Passions (broadcast 3 March 2013)
- ↑ Jared Diamond, Collapse: How Societies Choose to Fail or Survive, Penguin Books, 2005 and 2011
- ↑ Ernst Mayr, Jared Diamond, The Birds of Northern Melanesia: Speciation, Ecology, & Biogeography, Oxford University Press, 2001
- ↑ Diamond, Jared. (1961). Concentrating activity of the gallbladder. University of Cambridge
- ↑ The Prize Winner, 1998. Expo-Cosmos
- ↑ Jared Diamond, Collapse: How Societies Choose to Fail or Survive, Penguin Books, 2005 and 2011
- ↑ Geografia politica. LUISS Guido Carli
- ↑ (1999). The President's National Medal of Science: Recipient Details. National Science Foundation
- ↑ (8 September 2011). Understanding History With 'Guns, Germs, And Steel'. NPR
- ↑ Diamond, J.; Bishop, K. D.; Gilardi, J. D. (5 August 2004). Geophagy in New Guinea birds. Ibis (journal). পৃ. 181
- ↑ (2001). The Animal Attraction. Australian Broadcasting Corporation
- ↑ (October 8, 2009). Rapa Nui déjà vu. The Economist. The Economist Newspaper Limited
- ↑ Radio interview with Jim Al-Khalili, BBC Radio 4, series The Life Scientific, broadcast 4/12/2012
- ↑ Distinguished Achievement Award. gastro.org
- ↑ Jared Diamond, Geographer, Explorer-in-Residence. National Geographic
- ↑ (April 5, 1989). Carr is honored for activities. Gainesville Sun
- ↑ (March 4, 2012). Tanner lecturer will present on Tuesday. SUU News. Southern Utah University
- ↑ Prize for Science Books previous winners and shortlists. Royal Society
- ↑ Los Angeles Times Festival of Books – Book Prizes – Winners by Award (science). Los Angeles Times
- ↑ (1998). The 1998 Pulitzer Prize Winners: General Nonfiction. pulitzerprize.org
- ↑ Previous awardees. aou.org
- ↑ Schmidt, Elaine. (January 30, 2000). UCLA Physiologist Dr. Jared Diamond Wins National Medal of Science. UCLA Newsroom
- ↑ Jared Diamond is awarded by the Academy of Finland
- ↑ (2013). Honorary Fellows. Trinity College
- ↑ Shmulovich, Michal. (2 January 2013). Seven scientists and an architect to be awarded Israel's prestigious Wolf Prize. The Times of Israel
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাৰেড ডায়মণ্ড” প্ৰবন্ধৰ সংশোধন ৬৩৭১৫৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।