অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মায়া এঞ্জেলো

মায়া এঞ্জেলো (Maya Angelou;; জন্মনাম: মাৰ্গেৰিটা এনি জনছন; জন্ম: ৪ এপ্ৰিল, ১৯২৮- মৃত্যু: ২৮ মে’, ২০১৪) এগৰাকী আমেৰিকান কবি, আত্মজীৱনীকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৮৯ শব্দ · ২ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

মায়া এঞ্জেলো (Maya Angelou;; ১২ জন্মনাম: মাৰ্গেৰিটা এনি জনছন; জন্ম: ৪ এপ্ৰিল, ১৯২৮- মৃত্যু: ২৮ মে’, ২০১৪) এগৰাকী আমেৰিকান কবি, আত্মজীৱনীকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী। তেওঁ সুদীৰ্ঘ ৫০ বছৰ ধৰি সাতখন আত্মজীৱনী, তিনিখন প্ৰবন্ধৰ কিতাপ, কেইবাখনো কবিতাৰ কিতাপ লিখাৰ উপৰি বহুসংখ্যক নাটক, চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ সৈতে যুক্ত হৈ আছিল। তেওঁৰ কৰ্মৰ স্বীকৃতি স্বৰূপে এঞ্জেলোৱে একাধিক বঁটা বাহনৰ সৈতে ৫০টাতকৈও অধিক সন্মানীয় ডিগ্ৰী লাভ কৰিছে। ৩ এঞ্জেলো আটাইতকৈ জনাজাত তেওঁৰ শৈশৱ আৰু প্ৰাপ্তবয়স্ক বয়সৰ প্ৰথমৰ সময়ছোৱাৰ অভিজ্ঞতাৰ আধাৰত লিখা সাতোখন আত্মজীৱনীৰ শৃংখলাটোৰ বাবে। শৃংখলাটোৰ প্ৰথমখন কিতাপ আই ন’ হোৱাই দ্য কেজড্‌ বাৰ্ড চিংছ (১৯৬৯)ত, এঞ্জেলোৱে ১৭ বছৰ বয়সলৈকে মুখামুখি হোৱা বিভিন্ন অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিছে। এই কিতাপখনে এঞ্জেলোক বিশ্ববিশ্ৰুত পৰিচিতি আৰু প্ৰশংসা প্ৰদান কৰিছে।

যুৱ অৱস্থাত ৰান্ধনী (fry cook), যৌন কৰ্মী, নাইট ক্লাবৰ নৰ্তকী, দক্ষিণ খ্ৰীষ্টান নেতৃত্ব সন্মিলন( চাউথ খ্ৰীষ্টিয়ান লিডাৰশ্বিপ কনফাৰেন্স)ৰ সমন্বয়ক তথা আফ্ৰিকা ঔপনিবেশিক শাসনৰপৰা মুক্ত হোৱাৰ সময়ত, ইজিপ্ত আৰু ঘানাত সংবাদদাতাৰ চাকৰিকে ধৰি বিভিন্ন বিচিত্ৰ চাকৰি কৰাৰ অভিজ্ঞতাৰ শেষত মায়া এঞ্জেলোৱে এগৰাকী কবি আৰু লেখক ৰূপে পৰিচিতি লভে। মায়া আছিল এগৰাকী অভিনেত্ৰী, লেখক, পৰিচালক আৰু লগতে নাটক, চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ প্ৰযোজক। ১৯৮২ চনত, তেওঁক নৰ্থ কেৰ’লিনাৰ উইনষ্টন-চালেমত অৱস্থিত, ৱেক ফৰেষ্ট বিশ্ববিদ্যালয়ৰ আমেৰিকান অধ্যয়ন বিষয়ৰ প্ৰথম ৰেনল্ডছ্‌ অধ্যাপক হিচাপে মনোনীত কৰা হয়। তেওঁ নাগৰিক অধিকাৰ আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ সৈতে কাম কৰিছিল। ১৯৯০ দশকৰ আৰম্ভণিতে, ম্যালকম এক্সে যেতিয়া এই আন্দোলন আৰম্ভ কৰে এঞ্জেলোৱে বছৰত প্ৰায় ৮০ টাকৈ বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, যিটো তেওঁ আশীৰ দশকলৈকে অব্যাহত ৰাখিছিল। ১৯৯৩ চনত বিল ক্লিণ্টনৰ প্ৰথম অভিষেক অনুষ্ঠানত এঞ্জেলোৱে তেওঁৰ কবিতা "অন দ্য পালচ্‌ অৱ মৰ্ণিং" (১৯৯৩) আবৃত্তি কৰে; ১৯৬১ চনত জন এফ কেনেডিৰ অভিষেক অনুষ্ঠানত আবৃত্তি কলা প্ৰদৰ্শন কৰা ৰবাৰ্ট ফ্ৰষ্টৰ পিছতে মায়া প্ৰথমগৰাকী কবি, যি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত উদ্বোধনী আবৃত্তি প্ৰদৰ্শন কৰিছিল।

আই ন’ হোৱাই দ্য কেজড্‌ বাৰ্ড চিংছত এঞ্জেলোৱে তেওঁৰ ব্যক্তিগত জীৱনৰ বিভিন্ন দিশ আলোচনা কৰিছে। এঞ্জেলোক কৃষ্ণাঙ্গ লোক আৰু মহিলাসকলৰ প্ৰবক্তাৰ মৰ্যাদা দিয়া হৈছে, আৰু তেওঁৰ কামসমূহ কৃষ্ণাঙ্গ সংস্কৃতিৰ ৰক্ষা কৱচ ৰূপে বিবেচিত হৈছে। যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু পুথিভঁৰালৰ পৰা এঞ্জেলোৰ কিতাপ নিষিদ্ধ কৰাৰ চেষ্টা কৰা হৈছে; তথাপি বিশ্বব্যাপী বহুতো বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এঞ্জেলোৰ কৰ্মৰ পাঠভিত্তিক অধ্যয়ন কৰা হয়। এঞ্জেলোৰ আটাইতকৈ প্ৰসিদ্ধ ৰচনাসমূহক তেওঁৰ আত্মজীৱনীমূলক কল্পকাহিনী বুলি নামাংকিত কৰা হৈছে, কিন্তু বহু সমালোচকে সেইবোৰক কেৱল আত্মজীৱনী বুলি গণ্য কৰে। সমালোচনা কৰা, পৰিৱৰ্তন আৰু প্ৰসাৰ কৰা- এই প্ৰতীতিৰে এঞ্জেলোৱে আত্মজীৱনী লিখাৰ প্ৰচলিত ধাৰণাক প্ৰত্যাহবান জনোৱাৰ এক ইচ্ছাকৃত প্ৰয়াস কৰিছিল। তেওঁৰ কিতাপসমূহ বৰ্ণবাদ, পৰিচয়, পৰিয়াল আৰু ভ্ৰমণকে ধৰি বিভিন্ন বিষয়বস্তুৰ ওপৰত কেন্দ্ৰীভুক্ত।

তথ্যসূত্ৰ

  1. ↑ (December 17, 2013). Maya Angelou. SwissEduc.com
  2. ↑ Glover, Terry. (December 2009). Dr. Maya Angelou. Ebony. পৃ. 67
  3. ↑ Stanley, Alessandra. (May 17, 1992). Whose Honor Is It, Anyway. The New York Times

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়া এঞ্জেলো” প্ৰবন্ধৰ সংশোধন ৬২৪৬৮৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।