অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেমছ পি. এলিচন

জেমছ পি. এলিচন (James P. Allison; জন্ম: ৭ আগষ্ট ১৯৪৮) এজন আমেৰিকান ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বৰ্তমান এম. ডি. এণ্ডাৰচন কেঞ্চাৰ চেণ্টাৰৰ ৰোগ প্ৰতিৰোধ বিজ্ঞান আসনৰ অধ্যাপক আৰু ৰোগ প্ৰতিৰোধ থেৰাপি চিকিৎসাৰ সঞ্চালক। তেওঁৰ আবিষ্কাৰ সমূহে কৰ্কট ৰোগৰ নতুন চিকিৎসা পদ্ধতিৰ নতুন দিশ সূচনা কৰিছে।

হালনাগাদ: ১১ জুন ২০২৫ ৩১৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জেমছ পি. এলিচন (James P. Allison; জন্ম: ৭ আগষ্ট ১৯৪৮) এজন আমেৰিকান ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বৰ্তমান এম. ডি. এণ্ডাৰচন কেঞ্চাৰ চেণ্টাৰৰ ৰোগ প্ৰতিৰোধ বিজ্ঞান আসনৰ অধ্যাপক আৰু ৰোগ প্ৰতিৰোধ থেৰাপি চিকিৎসাৰ সঞ্চালক। তেওঁৰ আবিষ্কাৰ সমূহে কৰ্কট ৰোগৰ নতুন চিকিৎসা পদ্ধতিৰ নতুন দিশ সূচনা কৰিছে। তেওঁ কেঞ্চাৰ ৰিচাৰ্ছ ইনষ্টিটিউটৰৰ বৈজ্ঞানিক উপদেশ পৰিষদৰ সঞ্চালক। তেওঁ টি-চেলৰ ওপৰত গৱেষণা কৰি ইয়াৰ গঠন, বিকাশ, সক্ৰিয়কৰণ আৰু ইয়াৰ দ্বাৰা কৰ্কট ৰোগৰ চিকিৎসাৰ পদ্ধতি উদ্ভাৱন কৰিছিল।১ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰা বিজ্ঞানী এলিচনে ২০১৮ চনত টাচুকু হঞ্জ'ৰ সৈতে যুটীয়ভাৱে "কৰ্কট ৰোগৰ চিকিৎসা পদ্ধতি উদ্ভাৱন আৰু ঋণাত্মক ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে" চিকিৎসা আৰু শৰীৰতত্ত্ব বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।২৩

প্ৰাৰম্ভিক জীৱন

তিনি ভায়েকৰ ভিতৰত আটাইতকৈ সৰু জেমছ পি. এলিচনে ১৯৪৮ চনৰ ৭ আগষ্ট তাৰিখে এলিচ, টেক্সাছত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ এলবাৰ্ট মৰ্ফি এলিচন আৰু মাতৃ কনষ্টেন্স কালুলা। অষ্টম শ্ৰেণীত থাকোঁতে তেওঁ তেওঁৰ গণিত শিক্ষকৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হয়।৪ ১৯৬৯ চনত এলিচনে সূক্ষ্মজীৱবিজ্ঞান (Microbiology) বিষয়ত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাত তেওঁ ডেল্টা কাপ্পা এপচিলন সন্মানৰ সদস্য আছিল। ১৯৭৩ চনত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ জীৱবিজ্ঞানৰ পিএইচডি ডিগ্ৰী লাভ কৰে। তেওঁৰ পিএইচডিৰ উপদেষ্টা আছিল জি. ব্ৰেৰী কিটো।

কৰ্ম-জীৱন

১৯৮৫ চনত তেওঁ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত কৰ্কট ৰোগৰ গৱেষণা পৰীক্ষাগাৰৰ সঞ্চালক তথা ৰোগ প্ৰতিৰোধ বিভাগৰ অধ্যাপক হিচাপে নিয়োজিত হয়। ২০০৪ চনত তেওঁ নিউৱৰ্ক চহৰৰ মেমৰীয়েল শ্লোন কেটাৰিং কেঞ্চাৰ চেণ্টাৰলৈ যায় আৰু লুইডগ চেণ্টাৰ ফৰ কেঞ্চাৰ ইমিউন'থেৰাপিৰ পৰিচালক আৰু ইমিউন'লজি প্ৰগামৰ সঞ্চালক পদত নিযুক্তি লাভ কৰে। তেওঁ ২০১২ চনলৈ হোৱাৰ্ড হুগেছ মেডিকেল ইনষ্টিটিউটত অনুসন্ধানকাৰী আছিল আৰু পিছলৈ এম.ডি এণ্ডাৰচন কেঞ্চাৰ চেণ্টাৰত যোগদান কৰে। বৰ্তমান তেওঁ এই প্ৰতিষ্ঠানৰ ৰোগ প্ৰতিৰোধ বিজ্ঞান বিভাগৰ মুৰব্বী।৫

তেওঁ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ইনষ্টিটিউট অফ মেডিচিন,আমেৰিকান একাডেমী অফ মাইক্ৰবায়লজিৰ সদস্য আৰু আমেৰিকান এছচিয়েচন ফৰ দা এডভান্সমেণ্ট অফ চায়েন্সৰ সন্মানীয় ফেল'। তেওঁ পূৰ্বতে কেঞ্চাৰ গৱেষণা প্ৰতিষ্ঠানৰ বৈজ্ঞানিক উপদেষ্টা পৰিষদৰ পৰিচালক আছিল আৰু আমেৰিকান ৰোগ প্ৰতিৰোধবিদ সংস্থাৰ সভাপতি আছিল।

বঁটা আৰু সন্মান

  • জীৱ বিজ্ঞানৰ ব্ৰেকথ্ৰো' প্ৰাইজ (২০১৪)
  • টাং প্ৰাইজ (২০১৪)
  • লুইছ গ্ৰছ হৰৱিটজ্ প্ৰাইজ (২০১৪)
  • হাৰভে প্ৰাইজ (২০১৪)
  • গ্ৰিণ্ডনাৰ ফাউণ্ডেচন আন্তঃৰাষ্ট্ৰীয় বঁটা (২০১৪)
  • লাস্কাৰ ডে-বাকে ক্লিনিকেল মেডিকেল গৱেষণা বঁটা (২০১৫)
  • ব্লফ প্ৰাইজ (২০১৭)
  • বালজান প্ৰাইজ (২০১৭, ৰবাৰ্ট ডি. স্কৰেইবাৰৰ সৈতে যুটীয়া ভাবে)
  • দা জবাৰ্গ প্ৰাইজ (২০১৭, এন্থনি আৰ. হাণ্টাৰৰ সৈতে যুটীয়ভাৱে)
  • কিং ফেইজেল আন্তঃৰাষ্ট্ৰীয় বঁটা (২০১৮)
  • আলবাণী মেডিকেল চেণ্টাৰ প্ৰাইজ (২০১৮)
  • জৈৱৰসায়নৰ ড॰ পাল জানছেন বঁটা (২০১৮)৬
  • টাচুকু হঞ্জ'ৰ সৈতে চিকিৎসা আৰু শৰীৰতত্ত্ব বিজ্ঞানৰ ন'বেল বঁটা (২০১৮)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ James Allison. Cancer Research Institute
  2. ↑ 2014 Tang Prize in Biopharmaceutical Science
  3. ↑ Devlin, Hannah. (2018-10-01). James P Allison and Tasuku Honjo win Nobel prize for medicine. the Guardian
  4. ↑ Cavallo, Jo. (15 September 2014). Immunotherapy Research of James P. Allison, PhD, Has Led to a Paradigm Shift in the Treatment of Cancer - The ASCO Post. www.ascopost.com. ASCO Post
  5. ↑ James P. Allison, Ph.D. - Immunology - Faculty - MD Anderson Cancer Center. faculty.mdanderson.org
  6. ↑ James Allison wins 2018 Dr. Paul Janssen Award for Biomedical Research

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিবিজ্ঞানীচিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেমছ পি. এলিচন” প্ৰবন্ধৰ সংশোধন ৫১৬৯৭৯ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।