অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেকছন পোলক

জেকছন পোলক (২৮ জানুৱাৰী, ১৯১২ – ১১ আগষ্ট, ১৯৫৬) এজন আমেৰিকান চিত্ৰশিল্পী আৰু বিমূৰ্ত অভিব্যক্তিবাদ বিপ্লৱৰ এজন অন্যতম হোতা। অদ্বিতীয় ড্ৰিপ্‌ পেইণ্টিং কৌশলৰ বাবে তেখেত জনাজাত আছিল। জীৱনকালত পোলকে যথেষ্ট সুখ্যাতি আৰু কুখ্যাতি আৰ্জিছিল। তেখেত সেই প্ৰজন্মৰ এজন প্ৰভাৱশালী চিত্ৰকৰ আছিল।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

জেকছন পোলক (২৮ জানুৱাৰী, ১৯১২ – ১১ আগষ্ট, ১৯৫৬) এজন আমেৰিকান চিত্ৰশিল্পী আৰু বিমূৰ্ত অভিব্যক্তিবাদ বিপ্লৱৰ এজন অন্যতম হোতা। অদ্বিতীয় ড্ৰিপ্‌ পেইণ্টিং কৌশলৰ বাবে তেখেত জনাজাত আছিল।

জীৱনকালত পোলকে যথেষ্ট সুখ্যাতি আৰু কুখ্যাতি আৰ্জিছিল। তেখেত সেই প্ৰজন্মৰ এজন প্ৰভাৱশালী চিত্ৰকৰ আছিল। নিঃসঙ্গ পোলক খঙাল স্বভাৱৰআৰু সুৰাসক্ত আছিল। ১৯৪৫ চনত তেখেতে চিত্ৰশিল্পী লী ক্ৰাছনাৰক বিয়া কৰায়। ক্ৰাছনাৰে তেখেতৰ বৃত্তি আৰু ঐতিহ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।১

৪৪ বছৰ বয়সত মদ্যপান কৰি গাড়ী চলাওঁতে দুৰ্ঘটনাত পোলকৰ মৃত্যু ঘটে। মৃত্যুৰ চাৰি মাহৰ পাছত ১৯৫৬ চনৰ ডিচেম্বৰত নিউ য়ৰ্ক চিটীৰ মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট্‌ছত (MoMA) পোলকৰ চিত্ৰসমূহৰ এখন পৰ্যালোচনামূলক প্ৰদৰ্শনী অনুষ্ঠিত হয়। ১৯৬৭ চনত আন এখন প্ৰদৰ্শনী ডাঙৰকৈ অনুষ্ঠিত কৰা হয়। ১৯৯৮ আৰু ১৯৯৯ চনত (MoMA) অৰু লণ্ডনৰ টেইটত ৰ্তেখেতৰ চিত্ৰৰ প্ৰদৰ্শনীৰে সন্মান যঁচা হয়।২৩

তথ্যসূত্ৰ

  1. ↑ Naifeh, Steven W.; Smith, Gregory White. (24 December 1989). Jackson Pollock: an American saga. C.N. Potter. ISBN 978-0-517-56084-6
  2. ↑ Varnedoe, Kirk; Karmel, Pepe. (1998). Jackson Pollock: Essays, Chronology, and Bibliography. Exhibition catalog. The Museum of Modern Art. পৃ. 315–329. ISBN 0-87070-069-3
  3. ↑ Horsley, Carter B., Mud Pies, Jackson Pollock, Museum of Modern Art, November 1, 1998 to February 2, 1999, The Tate Gallery, London, March 11 to June 6, 1999: "While it is de rigueur to concentrate on the signature works that define an artist’s "style," it is very important to understand its evolution..."

সম্পৰ্কিত শ্ৰেণী

চিত্ৰশিল্পীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেকছন পোলক” প্ৰবন্ধৰ সংশোধন ৬৩২৭৬৬ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।