অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জন ক্লাৰ্ক

জন ক্লাৰ্ক এফ আৰ এছ (John Clarke: FRS; জন্ম: ১০ ফেব্ৰুৱাৰী, ১৯৪২) এজন ব্ৰিটিছ পদাৰ্থবিজ্ঞানী আৰু বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক এমেৰিটাছ। ১৯৮০ চনত ক্লাৰ্কে এটা গৱেষণা দলৰ নেতৃত্ব দিয়ে, য'ত জন এম মাৰ্টিনিছ আৰু মিচেল ডেভ'ৰেট আছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩৮২ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জন ক্লাৰ্ক এফ আৰ এছ (John Clarke: FRS; জন্ম: ১০ ফেব্ৰুৱাৰী, ১৯৪২) এজন ব্ৰিটিছ পদাৰ্থবিজ্ঞানী আৰু বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক এমেৰিটাছ।১

১৯৮০ চনত ক্লাৰ্কে এটা গৱেষণা দলৰ নেতৃত্ব দিয়ে, য'ত জন এম মাৰ্টিনিছ আৰু মিচেল ডেভ'ৰেট আছিল।২ অতিপৰিবাহীত মেক্ৰ'স্কোপিক কোৱাণ্টাম পৰিঘটনা-সম্পৰ্কীয় তেওঁলোকৰ আৱিষ্কাৰৰ জৰিয়তে ২০২৫ চনত তেওঁলোকে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।২

জীৱন

১৯৪২ চনৰ ১০ ফেব্ৰুৱাৰীত কেম্ব্ৰিজত জন ক্লাৰ্কৰ জন্ম হৈছিল।৩৪ তেওঁ পাৰ্চে স্কুলত পঢ়িছিল, তাৰ পিছত তেওঁ কেম্ব্ৰিজৰ ক্ৰাইষ্ট কলেজত প্ৰাকৃতিক বিজ্ঞানৰ ডিগ্ৰী লাভ কৰিছিল।৫ ১৯৬৪ চনত তেওঁ পদাৰ্থ বিজ্ঞানত বি এ ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰয়েল ছ'চাইটি মণ্ড লেবৰেটৰীত পদাৰ্থ বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে।৬

১৯৬৫ চনত ক্লাৰ্ক কেম্ব্ৰিজৰ নতুনকৈ গঠন হোৱা ডাৰউইন কলেজত যোগদান কৰা প্ৰথম ছাত্ৰসকলৰ ভিতৰত অন্যতম হয় আৰু ডাৰউইন কলেজৰ ছাত্ৰ সংস্থাৰ প্ৰথম সভাপতি হয়।৭ ব্ৰায়ান পিপাৰ্ডৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্ৰীৰ কামৰ সময়ত ক্লাৰ্কে "ছুপাৰকণ্ডাক্টিং লো-ইণ্ডাক্টেন্স আণ্ডুলেটৰী গেলভানোমিটাৰ"ৰ বাবে এটা অতি সংবেদনশীল ভল্টমিটাৰ নিৰ্মাণ কৰিছিল, যাক তেওঁ পিছলৈ এছএলইউজি বুলি কয়।৫৬ ১৯৬৮ চনত তেওঁ পি এইচ ডি লাভ কৰে।৬

ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত ক্লাৰ্কে বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰ পিছৰ গৱেষণাৰ পদ লাভ কৰে আৰু তাৰ পিছত বাৰ্কলেত তেওঁৰ শৈক্ষিক কেৰিয়াৰ আৰম্ভ হয়, য'ত তেওঁ সহকাৰী অধ্যাপক (১৯৬৯), সহযোগী অধ্যাপক (১৯৭১) আৰু পদাৰ্থ বিজ্ঞানৰ অধ্যাপক (১৯৭৩ৰপৰা ২০১০) হিচাপে কাম কৰে।৮

ক্লাৰ্কৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ সৈতে তেওঁৰ সম্পৰ্ক চলি থাকিল৷৮ ১৯৭২ চনত ক্লাৰ্ক ক্ৰাইষ্ট কলেজৰ ফেলো নিৰ্বাচিত হয়; ১৯৮৯ চনত তেওঁ কেম্ব্ৰিজৰ ক্লেয়াৰ হলত অতিথি ফেলো আছিল আৰু ১৯৯৮ চনত কেম্ব্ৰিজৰ চাৰ্চিল কলেজৰ উপ-ফেলো নিৰ্বাচিত হয়।৮ ২০০৩ চনত ক্লাৰ্কে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা এছচিডি ডিগ্ৰী লাভ কৰে।৮ ১৯৯৭ চনত তেওঁ ক্ৰাইষ্ট কলেজৰ সন্মানীয় ফেলো নিৰ্বাচিত হয় আৰু ২০২৩ চনত ডাৰউইন কলেজৰ সন্মানীয় ফেলো নিৰ্বাচিত হয়।৮

গৱেষণা

তেওঁৰ গৱেষণাই অতিপৰিবাহীতা আৰু অতিপৰিবাহী ইলেক্ট্ৰনিক্সৰ ওপৰত গুৰুত্ব আৰোপ কৰে, বিশেষকৈ অতিপৰিবাহী কোৱাণ্টাম ইণ্টাৰফেৰেন্স ডিভাইচ (SQUID)ৰ বিকাশ আৰু প্ৰয়োগত, যিবোৰ চুম্বকীয় প্ৰৱাহৰ অতি সংবেদনশীল ডিটেক্টৰ।৯১০১১

১৯৮৫ চনত ক্লাৰ্কে তেওঁৰ পি এইচ ডি ছাত্ৰ জন এম মাৰ্টিনিছ আৰু সেই সময়ৰ পোষ্ট ডক্টৰেট গৱেষক মিচেল ডেভ'ৰেটৰ সৈতে জোচেফছন জংচনৰ কোৱাণ্টাম আচৰণ প্ৰদৰ্শন কৰে।২১২ এই কাম পিছলৈ অতিপৰিবাহী কোৱাণ্টাম কম্পিউটিঙৰ ভিত্তি হৈ পৰে।১২

তেওঁ কোৱাণ্টাম-শব্দ সীমিত এম্প্লিফায়াৰ হিচাপে সংজ্ঞায়িত কৰা SQUID সমূহৰ প্ৰয়োগতো কাম কৰি কৃষ্ণ পদাৰ্থৰ এটা সম্ভাৱ্য উপাদান এক্সিয়ান বিচাৰিছে।৯

ক্লাৰ্কে SQUID সমূহৰ ওপৰত দুখন খণ্ডৰ এখন হাতপুথি সহ-সম্পাদনা কৰিছিল, য'ত ই কেনেকৈ কাম কৰে, ইয়াক কেনেকৈ তৈয়াৰ কৰা হয় আৰু ইয়াক চিকিৎসা, বিজ্ঞান আৰু অভিযান্ত্ৰিকীকে ধৰি বিভিন্ন ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ কৰা হয় সেই বিষয়ে আলোচনা কৰা হৈছিল।১৩

বঁটা আৰু সন্মান

ক্লাৰ্কে নিজৰ গৱেষণামূলক কামৰ বাবে একাধিক বঁটা-সন্মান লাভ কৰিবলৈ সক্ষম হৈছে-

  • আলফ্ৰেড পি স্ল'ন ফেল'শ্বিপ (১৯৭০)১৪
  • গুগেনহাইম ফেল'শ্বিপ (১৯৭৭)১৫
  • ১৯৮৬ চনত ৰয়েল ছ'চাইটিৰ ফেলো।৯
  • ১৯৯৮ চনত জোচেফ এফ কিথলী বঁটা ফৰ এডভান্সেছ ইন মেজাৰমেণ্ট ছায়েন্স১৬
  • ১৯৯৯ চনত পদাৰ্থ বিজ্ঞানত কমষ্টক বঁটা১৭
  • ২০০৪ চনত হিউজেছ মেডেল৯ আৰু অলি ভি লৌনাছমা মেম'ৰিয়েল প্ৰাইজ লাভ কৰে।১৮
  • ২০১২ চনৰ মে' মাহত তেওঁ আমেৰিকাৰ নেচনেল একাডেমী অৱ চাইন্সৰ বিদেশী সহযোগী নিৰ্বাচিত হয়।১৯
  • ২০১৭ চনত তেওঁ আমেৰিকান ফিল'চফিকেল ছ'চাইটিলৈ নিৰ্বাচিত হয়।২০
  • ২০২১ চনত ক্লাৰ্ক, মিচেল ডেভ'ৰেট আৰু ইয়াছুনোবু নাকামুৰাক যৌথভাৱে মাইচিয়াছ কোৱাণ্টাম বঁটা প্ৰদান কৰা হয়।২১
  • ক্লাৰ্ক, ডেভ'ৰেট আৰু জন এম মাৰ্টিনিছ সৈতে ২০২৫ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা।২২

নিৰ্বাচিত গ্ৰন্থপুঞ্জী

বাহ্যিক সংযোগ

উৎস: www.nobelprize.org/prizes/about/prize-announceme

তথ্যসূত্ৰ

  1. ↑ John Clarke, Professor Emeritus of the Graduate School · Physics. physics.berkeley.edu
  2. ↑ (2025-10-07). AIP Congratulates 2025 Nobel Prize Winners in Physics - AIP.ORG. AIP
  3. ↑ (7 October 2025). John Clarke. nobelprize.org
  4. ↑ Clarke, John, 1942-. AIP
  5. ↑ (7 October 2025). Cambridge Celebrates Its 126th Nobel Laureate as Alumnus John Clarke Wins 2025 Physics Prize. Times Now
  6. ↑ John Clarke (E) | UC Berkeley Physics
  7. ↑ (July 2024). John Clarke: DCSA President 1966-67. darwin.cam.ac.uk
  8. ↑ Professor John Clarke FRS. christs.cam.ac.uk
  9. ↑ (7 October 2025). John Clarke. Royal Society
  10. ↑ Ford, P. J.; Saunders, G. A. (2005). The Rise of the Superconductors. CRC Press. পৃ. 169. ISBN 978-0-203-64631-1
  11. ↑ Lakhani, Nikhil. (2025). Solid-State Physics: Core Principles. Educohack Press. পৃ. 138. ISBN 978-93-6152-073-0
  12. ↑ Hassinger, Sebastian. (2024-09-11). The New Quantum Era. "O'Reilly Media, Inc.". ISBN 978-1-0981-4938-3
  13. ↑ Srinath, S. (1 August 2006). A Review of: “The SQUID Handbook: Fundamentals and Technology of SQUIDS and SQUID Systems”: John Clarke and Alex I. Braginski (editors), Vol. 1.. Materials and Manufacturing Processes. পৃ. 583–583
  14. ↑ Fellows Database · Alfred P. Sloan Foundation. sloan.org
  15. ↑ Guggenheim Fellowships: Supporting Artists, Scholars, & Scientists. www.gf.org
  16. ↑ (22 April 1998). Awards - John Clarke. Berkeleyan
  17. ↑ Comstock Prize in Physics. National Academy of Sciences
  18. ↑ Olli V. Lounasmaa Memorial Prize. Aalto University
  19. ↑ (May 1, 2012). National Academy of Sciences Members and Foreign Associates Elected. National Academy of Sciences
  20. ↑ American Philosophical Society: Newly Elected - April 2017
  21. ↑ John Clarke Is A Co-Recipient Of The Micius Quantum Prize · Physics. physics.berkeley.edu
  22. ↑ Nobel Prize. (2025-09-15). Announcement of the 2025 Nobel Prize in Physics

সম্পৰ্কিত শ্ৰেণী

পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ীন’বেল বঁটা বিজয়ীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন ক্লাৰ্ক” প্ৰবন্ধৰ সংশোধন ৬৩৭১৩৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।