অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এডৱিন হাবল

এডৱিন পাৱেল হাবল (Edwin Powell Hubble; ২০ নৱেম্বৰ, ১৮৮৯ - ২৮ ছেপ্টেম্বৰ, ১৯৫৩) এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আছিল। বহিঃতাৰকাৰাজ্যিক জ্যোতিৰ্বিজ্ঞান আৰু নিৰীক্ষণভিত্তিক ব্ৰহ্মাণ্ডবিজ্ঞানৰ ক্ষেত্ৰ দুখন গঢ় দিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

এডৱিন পাৱেল হাবল (Edwin Powell Hubble; ২০ নৱেম্বৰ, ১৮৮৯ - ২৮ ছেপ্টেম্বৰ, ১৯৫৩)১ এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আছিল। বহিঃতাৰকাৰাজ্যিক জ্যোতিৰ্বিজ্ঞান আৰু নিৰীক্ষণভিত্তিক ব্ৰহ্মাণ্ডবিজ্ঞানৰ ক্ষেত্ৰ দুখন গঢ় দিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। হাবলক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জ্যোতিৰ্বিজ্ঞানীসকলৰ এজন বুলি গণ্য কৰা হয়।২৩

হাবলে আৱিষ্কাৰ কৰিছিল যে পূৰ্বে ধূলি আৰু গেছৰ মেঘ বুলি ভবা বহু নীহাৰিকা দৰাচলতে আমাৰ হাতীপটি তাৰকাৰাজ্যৰ বাহিৰত থকা বেলেগ তাৰকাৰাজ্য।৪ হাতীপটিৰ ভিতৰুৱা অঞ্চল আৰু বহিঃতাৰকাৰাজ্যসমূহৰ মাপ জুখিবলৈ৫৬ তেওঁ ধ্ৰুপদী "পৰিৱৰ্তনশীল তৰা"ৰ (cepheid variables বুলি পৰিচিত) উজ্জ্বলতা আৰু ইহঁতৰ ধিপধিপনিৰ পৰ্য্যায়কালৰ মাজত থকা প্ৰত্যক্ষ সম্পৰ্কটো ব্যৱহাৰ কৰিছিল৭৮ (এই সম্পৰ্কটো ১৯০৮ চনত হেনৰিয়ে'টা স্বান লিভিটে আৱিষ্কাৰ কৰিছিল)৯)।

হাবলে প্ৰমাণসহকাৰে ব্যাখ্যা কৰে যে তাৰকাৰাজ্য এখন আমাৰ পৰা আঁতৰি যোৱাৰ বেগটো পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব বঢ়াৰ লগে লগে বাঢ়ি যায়। ইয়াৰ দুবছৰ পূৰ্বে জৰ্জ লেমাত্ৰে'ও এই কথাটো কোৱাৰ উপৰি নিৰীক্ষণভিত্তিক সাক্ষ্যও দাঙি ধৰিছিল। তথাপি এই ধৰ্মটো এতিয়া হাবলৰ সূত্ৰ বুলিহে জনা যায়।১০ হাবল-লেমাত্ৰে' সূত্ৰই ইংগিত দিয়ে যে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ প্ৰসাৰণ ঘটি আছে।১১ ইয়াৰ এটা দশক পূৰ্বে আমেৰিকান জ্যোতিৰ্বিজ্ঞানী ভেষ্ট' শ্লিফাৰে প্ৰথমবাৰৰ বাবে দেখুৱাইছিল যে বহুতো নীহাৰিকাৰ পৰা অহা পোহৰৰ অতি বেছি পৰিমাণে লোহিতবিচ্যুতি ঘটিছে। ইও দৰাচলতে ইয়াকে ইংগিত দিছিল যে এইবোৰ আমাৰ পৰা আঁতৰি গৈ আছে।১২১৩

হাবলৰ নামটো মানুহৰ মাজত সবাতোকৈ চিনাকি তেওঁৰ সন্মানত উৎসৰ্গিত হাবল মহাকাশ দূৰৱীণৰ জৰিয়তে। এই দূৰৱীণটোৰ ডাঙৰ আৰ্হি এটা তেওঁৰ গৃহচহৰ মাৰ্শ্বফিল্ড, মিজৌৰীত প্ৰদৰ্শনৰ বাবে ৰখা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Biography of Edwin Hubble (1889–1953). NASA
  2. ↑ Redd, Nola Taylor. Famous Astronomers · List of Great Scientists in Astronomy. SPACE.com. Perch
  3. ↑ Reese, Riley. Most Influential Astronomers of All Time. Futurism. Jerrick Ventures LLC
  4. ↑ Hubble, Edwin. (December 1926). Extragalactic nebulae. Astrophysical Journal. পৃ. 321–369
  5. ↑ Freedman, Wendy L.; Madore, Barry F.; Gibson, Brad K. (2001). Final Results from the Hubble Space Telescope Key Project to Measure the Hubble Constant. The Astrophysical Journal. পৃ. 47–72
  6. ↑ Freedman, Wendy L.; Madore, Barry F. (2010). The Hubble Constant. Annual Review of Astronomy and Astrophysics. পৃ. 673–710
  7. ↑ Udalski, A.; Soszynski, I.; Szymanski, M. (1999). The Optical Gravitational Lensing Experiment. Cepheids in the Magellanic Clouds. IV. Catalog of Cepheids from the Large Magellanic Cloud. Acta Astronomica. পৃ. 223–317
  8. ↑ Soszynski, I.; Poleski, R.; Udalski, A. (2008). The Optical Gravitational Lensing Experiment. The OGLE-III Catalog of Variable Stars. I. Classical Cepheids in the Large Magellanic Cloud. Acta Astronomica. পৃ. 163
  9. ↑ Leavitt, Henrietta S. (1908). 1777 variables in the Magellanic Clouds. Annals of Harvard College Observatory. পৃ. 87
  10. ↑ Astronomer Sleuth Solves Mystery of Big Cosmos Discovery by Nola Taylor Redd, Space.com, November 14, 2011
  11. ↑ Hubble, Edwin. (1929). A relation between distance and radial velocity among extra-galactic nebulae. PNAS. পৃ. 168–173
  12. ↑ Slipher, V.M. (1917). Proc. Am. Philos. Soc.. পৃ. 404–409
  13. ↑ Segal, I.E. (December 1993). Proc. Natl. Acad. Sci. USA. পৃ. 11114–11116

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিজ্যোতিৰ্বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডৱিন হাবল” প্ৰবন্ধৰ সংশোধন ৬২৪৫১৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।