অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ব্ৰুছ লী

ব্ৰুছ লী (Bruce Lee) লী জুন ফেন বা পেছাদাৰীগতভাৱে ব্ৰুছ লী নামেৰে পৰিচিত এগৰাকী হংকং আমেৰিকান সমৰ কলা শিল্পী, অভিনেতা, পৰিচালক, সমৰ কলা প্ৰশিক্ষক আৰু দাৰ্শনিক।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ব্ৰুছ লী (Bruce Lee) লী জুন ফেন বা পেছাদাৰীগতভাৱে ব্ৰুছ লী নামেৰে পৰিচিত এগৰাকী হংকং আমেৰিকান সমৰ কলা শিল্পী, অভিনেতা, পৰিচালক, সমৰ কলা প্ৰশিক্ষক আৰু দাৰ্শনিক।১ তেওঁ বিভিন্ন সমৰ কলা শাখাৰ পৰা আহৰণ কৰি অনা এক হাইব্ৰিড মাৰ্চিয়েল আৰ্ট দৰ্শন জিৎ কুনে ডোৰ প্ৰতিষ্ঠাপক আছিল যাক প্ৰায়ে আধুনিক মিশ্ৰিত সমৰ কলাৰ পথ প্ৰশস্ত কৰাৰো কৃতিত্ব দিয়া হয়। ব্ৰুছ লীক ভাষ্যকাৰ, সমালোচক, সংবাদ মাধ্যম আৰু অন্যান্য সমৰ কলা শিল্পীসকলে সৰ্বকালৰ আটাইতকৈ প্ৰভাৱশালী সমৰ কলা শিল্পী আৰু পূব আৰু পশ্চিমৰ মাজৰ ব্যৱধান দূৰ কৰা বিংশ শতিকাৰ পপ সংস্কৃতিৰ আদৰ্শ ব্যক্তি বুলি গণ্য কৰে। আমেৰিকান চলচ্চিত্ৰত এছিয়ান লোকসকলৰ উপস্থাপনৰ শৈলী সলনি কৰাত সহায় কৰাৰ কৃতিত্বও তেওঁক দিয়া হয়।২

প্ৰাৰম্ভিক জীৱন

শিশু অৱস্থাত লীয়ে পিতৃ-মাতৃ গ্ৰেচ হো আৰু লি হোই-চুয়েনৰ সৈতে
শিশু অৱস্থাত লীয়ে পিতৃ-মাতৃ গ্ৰেচ হো আৰু লি হোই-চুয়েনৰ সৈতেছবি: Unknown author · Public domain

লীৰ জন্মৰ নাম আছিল লী জুন-ফেন। ৩ তেওঁৰ পিতৃ লি হোই-চুয়েন আছিল হংকঙৰ কেণ্টনীজ অপেৰাৰ গায়ক আছিল। তেওঁৰ মাতৃ গ্ৰেচ হোৰ জন্ম হৈছিল চীনৰ চাংহাইত। ৪ ১৯৩৯ চনৰ ডিচেম্বৰ মাহত এই দম্পতীহালে ছান ফ্ৰান্সিস্কোৰ চাইনাটাউন অঞ্চলত আন্তঃৰাষ্ট্ৰীয় অপেৰা ভ্ৰমণৰ বাবে কেলিফৰ্ণিয়ালৈ যায়।৫ ১৯৪০ চনৰ ২৭ নৱেম্বৰত তাতেই লীৰ জন্ম হয়।৬ দেশখনৰ জন্মগত নাগৰিকত্ব আইনখনৰ বাবে তেওঁক জন্মৰপৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব দাবী কৰিবলৈ অনুমতি দিয়া হৈছিল।৭ যেতিয়া তেওঁৰ চাৰি মাহ বয়সত (১৯৪১ চনৰ এপ্ৰিল মাহত) পৰিয়ালটো হংকঙলৈ উভতি যায়। ইয়াৰ কিছুসময়ৰ পাছতে তেওঁলোকে অভাৱনীয় কষ্টৰ সন্মুখীন হয় কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে ১৯৪১ চনৰ ডিচেম্বৰ মাহত হংকঙত আকস্মিক আক্ৰমণ চলায় আৰু পৰৱৰ্তী চাৰি বছৰ চহৰখন শাসন কৰে।

গ্ৰেচৰ জাতিগত পৰিচয় বিতৰ্কিত। গতানুগতিক জ্ঞানটো হ’ল যে তেওঁৰ পিতৃ এজন জাৰ্মান অনুপ্ৰৱেশকাৰী আৰু মাতৃ চীনা,৮ জীৱনীকাৰ ৰবাৰ্ট ক্লাউছ আৰু ব্ৰুচ থমাছে লক্ষ্য কৰিছে। লীৰ পত্নী লিণ্ডা লি কেডৱেলে লিখিছে যে গ্ৰেচৰ পিতৃ এজন জাৰ্মান কেথলিক আছিল।

এটা নতুন বিকল্প তত্ত্বই প্ৰকাশ কৰে যে গ্ৰেচৰ পিতৃ আচলতে এজন ডাচ ইহুদী চাৰ্লছ মৰিছ ব'জমেন আৰু তেওঁৰ চীনা মিষ্ট্ৰেছৰ পুত্ৰ আছিল। চাৰ্লছ ৰুছ'ৱে এই উৎপত্তিৰ কাহিনীটোক সম্পূৰ্ণৰূপে প্ৰশ্ন কৰিছে আৰু গ্ৰেচৰ পিতৃ চীনা বা মিশ্ৰিত চীনা আৰু মাতৃ ইংৰাজ হ'ব পাৰে বুলি মত প্ৰকাশ কৰিছে। মেথিউ পলিয়ে স্বীকাৰ কৰে যে গ্ৰেচৰ পিতৃৰ ফালৰ ককাদেউতাক এজন ডাচ ইহুদী আছিল, কিন্তু একেদৰেই তেওঁৰ মাতৃ ইংৰাজ আছিল বুলি জোৰ দিয়ে।

কিন্তু ডাগ পামৰৰ মতে গ্ৰেচৰ মাতৃ ইংৰাজ আছিল বুলি কৰা দাবীটো বিশুদ্ধ জল্পনা-কল্পনাৰ। তেওঁ এইটোও লক্ষ্য কৰে যে পৰিয়ালৰ ৰেকৰ্ড অনুসৰি ডাচ-ইহুদী ব'জমেন পৰিয়ালৰ উৎপত্তি জাৰ্মানীত হৈছিল, যাৰ ফলত গ্ৰেচ জাৰ্মান বংশৰ বুলি ধাৰণা কৰা হ'ব পাৰে।৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Jun Fan Jeet Kune Do. Bruce Lee Foundation
  2. ↑ Stein, Joel. (June 14, 1999). Bruce Lee: With nothing but his hands, feet and a lot of attitude, he turned the little guy into a tough guy. The Time 100
  3. ↑ Do you know Bruce Lee?. Seattle Times
  4. ↑ Polly 2018, পৃ. 14
  5. ↑ Polly 2018, পৃ. 18–19
  6. ↑ Polly 2018, পৃ. 21
  7. ↑ Maeda, Daryl Joji. (August 9, 2016). Like Water: A Cultural History of Bruce Lee. NYU Press
  8. ↑ Palmer, Doug. (September 21, 2020). Bruce Lee: Sifu, Friend and Big Brother. Chin Music Press. পৃ. 31. ISBN 978-1-63405-982-4
  9. ↑ Palmer, Doug. (September 21, 2020). Bruce Lee: Sifu, Friend and Big Brother. Chin Music Press. পৃ. 31. ISBN 978-1-63405-982-4 "Matthew Polly asserts that her father was indeed half Chinese and half Dutch-Jewish, and that her mother was 100% English. See pp. 13-14 and chapter notes thereto. But from the notes, it is clear that he is speculating. His notes also mention that the Dutch-Jewish Bosman family could be traced to Germany several generations before, which could explain the origin of the claim that Grace was part German."

সম্পৰ্কিত শ্ৰেণী

সমৰ কলা শিল্পীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিচীনৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰুছ লী” প্ৰবন্ধৰ সংশোধন ৬৩৭৫৬১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।