চাৰ আলফ্ৰেড জোচেফ হিচকক (Alfred Hitchcock; জন্ম: ১৩ আগষ্ট, ১৮৯৯ - মৃত্যু: ২৯ এপ্ৰিল, ১৯৮০)১ এজন ইংৰাজ চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। যুক্তৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগত তেওঁ নিৰ্বাক আৰু সবাক দুই ধৰণৰ ছবি নিৰ্মাণ কৰি তেওঁ সফলতা অৰ্জন কৰিছিল। তেওঁ ইংলেণ্ডৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ পৰিচালক হিচাপে সফলতা পোৱাৰ পিছত হলিউডলৈ গুচি আহে। আৰু ১৯৫৫ চনত তেওঁ যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰে।২
হিচককে ৫০ বছৰতকৈও অধিক চলচ্চিত্ৰ পৰিচালনা জীৱনত পৰিচালনাৰ এক সম্পূৰ্ণ স্বতন্ত্ৰ আৰু জনপ্ৰিয় ধাৰাৰ সৃষ্টি কৰিছে, যিটো হিচককিয়ান বুলি উল্লেখ হয়।৩ ঊদ্বেগ, ভয়, কল্পনা অথবা সহানুভূতিৰ অভিব্যক্তিক গাঢ় কৰি তেওঁ শ্বটবোৰক এনেকৈ দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰে যে ইয়ে ছবিখনক এক অন্যন্য মাত্ৰা প্ৰদান কৰে।৪ তেওঁৰ ছবিসমূহৰ অধিকাংশতে নাৰী চৰিত্ৰ পোৱা যায়, যিয়ে পুলিচৰ পৰা সকলো সময়তে পলাই থাকে।৫
জীৱনী
আলফ্ৰেড হিচককে ১৮৯৯ চনৰ ১৩ আগষ্টত লণ্ডনৰ এক ৰোমান কেথ'লিক পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁ মাক-দেউতাকৰ দ্বিতীয় সন্তান আছিল। তেওঁ পঢ়া-শুনা জিচুইট ক্লাচিক স্কুল, ইগনাটিয়াচ কলেজ৬ আৰু চালেচিয়ান কলেজত৭ কৰিছিল। তেওঁৰ মাক আৰু আইতাক আছিল আইৰিচ বংশীয়।৮
প্ৰায় পাঁচবছৰ বয়সত বেয়া ব্যৱহাৰৰ বাবে তেওঁক দেউতাকে ওচৰৰ পুলিচ থানালৈ পাঁচমিনিট সময় বন্দী কৰি ৰখাৰ বাবে পঠিয়াইছিল আৰু এই সৰু বয়সৰ ভয়ঙ্কৰ অভিজ্ঞতাই পিছলৈ তেওঁ ভয়, আতঙ্ক, চাচপেঞ্চ আদি বিষয়ক ছবিৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল।৮
১৫ বছৰ বয়সত দেউতাৰ মৃত্যুৰ পিছত তেওঁ ইগনাটিচ কলেজ এৰি কাউণ্টি স্কুল অফ ইঞ্জিনিয়াৰি এণ্ড নেভিগেচনলৈ যায়। সিক্ষাজীৱনৰ সমাপ্তিত তেওঁ ড্ৰাফচমেন আৰু এডভাৰ্টাইজিং ডিজানাইৰ হিচাপে কেব'ল কোম্পানী হেনলিত আংশগ্ৰহণ কৰে।৮
১৯১৯ চনত হেনলি টেলিগ্ৰাফ পত্ৰিকা আৰম্ভ হয়। ইয়াৰ প্ৰথম সংখ্যাতে তেওঁৰ এগৰাকী কম বয়সীয়া নাৰীক কেন্দ্ৰ কৰি লিখা গেচ শীৰ্ষক ৰচনা প্ৰকাশিত হয়। সেই একে বছৰতে একেখন পত্ৰিকাতে তেওঁৰ পৰৱৰ্তী লেখা দ্য অ'মেন পাৰ্ট ওলায়। ইয়াত এহাল স্বামী আৰু স্ত্ৰীৰ সংঘাতপূৰ্ণ জীৱনৰ কথা ফুটি উঠে। ইয়াৰ বাদেও চৰদিদ, এণ্ড দেয়াৰ ৱাজ নো ৰেইনব' ৰ দৰে ৰচনাও লিখে। তেওঁৰ সৰ্বশেষ লেখা আছিল ফেডোৰা, য'ত তেওঁ ভাবীপত্নী কেনে হ'ব তাৰ বৰ্ণনা আছিল।৮
১৯২০ চনৰ শেহৰ পিনে হিচকক ফটোগ্ৰাফী আৰু চলচ্চিত্ৰৰ প্ৰতি আগ্ৰহী হৈ উঠে। তেওঁ লণ্ডনৰ ফিল্ম প্ৰডাকচনত কাম আৰম্ভ কৰে। পেৰামাউণ্ট পিকচাৰৰ লণ্ডন শাখাত তেওঁ কিছুদিন টাইটেল কাৰ্ড ডিজাইনাৰ হিচাপে কিছুদিন কাম কৰে। তেওঁ ইংলিচটন ষ্টুডিঅ'তো কাম কৰে। এনেকৈ টাইটেল কাৰ্ড ডিজাইনাৰ হিচাপে কাম কৰি কৰি চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।৯
আন্তঃ যুদ্ধ কৰ্মজীৱন (১৯১৯-১৯৩৯)
১৯২২ চনত নাম্বাৰ থাৰ্টিন নামৰ এখন ছবিৰ কাম আৰম্ভ কৰে।১০ কিন্তু তেওঁৰ জীৱনৰ প্ৰথমখন ছবিয়ে অসম্পূৰ্ণ হৈ থাকি যায়। ইয়াৰ পিছত এখনৰ পিছত এথন ছবি নিৰ্মাণ কৰি যায়; য'ত আছিল ছাচপেঞ্চ,খ্ৰিলিং, ৰোমাঞ্চ। ১৯২৫ত নিৰ্মাণ কৰে দ্য প্লেজাৰ গাৰ্ডেন। ১৯২৭ত মুক্তি পায় দ্য লডজাৰ। সেই বছৰে তেওঁ আলমা ৰিভিলক বিয়া কৰায়। দ্য লেডী ভেনিচেচ্ আৰু জামাইকা ইনৰ দৰে ছবি নিৰ্মাণ কৰাৰ পিছত তেওঁৰ খ্যাতি যুক্তৰাষ্ট্ৰতো বিয়পি পৰে। ১১১২১৩
হলিউড
১৯৪০ত সপৰিয়ালে হিচককে হলিউডলৈ যায়। ১৯৪০ত ডেভিড ও চেলজ্নিকৰ প্ৰযোজনাত হিচকক পৰিচালিত ৰেবেকা ছবিখন মুক্তি পায়। ছবিখনে শ্ৰেষ্ঠ ছবিৰ অস্কাৰ বঁটা (ত্ৰয়োদশ একাডেমী বঁটা) লাভ কৰে।১৪ ১৯৪২ত চাব'টিউৰ মুক্তি পায়। ইয়াৰ পিছত এখনৰ পিছত এখন ক্লাচিক ছবি মুক্তি পায়। ইয়াৰ ভিতৰত অন্যতম হ'ল, লাইফবোট (১৯৪৪), স্পেলবাউণ্ড (১৯৪৫), নট'ৰিয়াচ (১৯৪৬), ৰোপ (১৯৪৮), ষ্টেঞ্জাৰচ্ অন এ ট্ৰেইন (১৯৫১), ডায়েল এম ফৰ মাৰ্ডাৰ (১৯৫৪) আৰু ৰিয়াৰ উইণ্ডো (১৯৫৪)।১২
১৯৫৮ আৰু ১৯৫৯ত যথাক্ৰমে মুক্তি পায় ভাৰ্টিগো আৰু নৰ্থ বাই নৰ্থৱেষ্ট। ১৯৬০ হিচককৰ চলচ্চিত্ৰিয় জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ সময়। এই বছৰে মুক্তি পোৱা চাইকোৰ ব্যৱসায়িক সফলতা চলচ্চিত্ৰ ইতিহাসৰ মাইলৰ খুটী।১২
১৯৬৩ চনত মুক্তি পায় আৰু এখন শিহৰণকাৰী ছবি দ্য বাৰ্ডচ্। ফেমিলি প্লট (১৯৭৬) তেওঁৰ পৰিচালিত শেষ ছবি। হিচককৰ কৰ্মজীৱনৰ আৰু এক উজ্জ্বল অধ্যায় আছিল ১৯৫৫ চনত প্ৰচাৰিত এক টিভি শ্বো আলফ্ৰেড হিচকক প্ৰেডেণ্টচ্। প্ৰতিটো শ্বোৰ দৈৰ্ঘ্য আছিল ২৫ মিনিট আৰু যিখন ১৯৬১ চনলৈ চলিছিল।১২
১৯৭৯ৰ ৭ মাৰ্চত হিচককে আমেৰিকান ফিল্ম ইঞ্চিটিউট লাইভ এচিভমেণ্ট এৱাৰ্ড পায়। বঁটা প্ৰদান অনুষ্ঠানত তেওঁ চাৰিজন মানুহৰ নামোল্লেখ কৰে, সেইকেইজন হ'ল- সম্পাদক, লেখক, জীয়ৰী পেট আৰু পত্নী আলমা ৰিভিলি; যাৰ উংসাহ, স্নেহ আৰু ভালপোৱা অবিহনে তেওঁ ইমান দূৰ আগবঢ়িব নোৱাৰিলেহেঁতেন।১২
এণ্টাৰেটেইমেণ্ট উইকলি আলোচনীত বিশ্ব ১০০ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ভিতৰত তেওঁৰ চাইকো, ভাৰ্টিগো, নৰ্খ বাই নৰ্থৱেষ্ট আৰু নট'ৰিয়াচেও স্থান পায়। ব্ৰিটেইনৰ বিখ্যাত এম্পায়াৰ আলোচনীৰ সকলো যুগৰ সৰ্বশ্ৰেষ্ঠ পৰিচালকৰ তালিকাত তেওঁ দ্বিতীয় স্থান অৰ্জন কৰে। আমেৰিকান ফিল্ম ইঞ্চিটিউটৰ সৰ্বাধিক শিহৰণকাৰী ছবিৰ (Most Heart Pounding Movie) তালিকাৰ প্ৰথমত চাইকোৱে ঠাই পোৱাৰ উপৰিও তেওঁৰ আন ৮খন ছবিও তাত আছে।১২
তেওঁক গোল্ডেন গ্লোৱ, চিনেমা জাম্প' বঁটা, লৰিয়াল বঁটা, ডিৰেক্টৰ গিফ্ট অৱ আমেৰিকান বঁটা, আমেৰিকান ফিল্ম ইঞ্চিটিউট বঁটা, একাডেমী বঁটা আদি অসংখ্য বঁটা-বাহেনেৰে সন্মানিত কৰা হৈছে।১২
চলচ্চিত্ৰপঞ্জী
নিৰ্বাক ছবি
- Number 13 (1922, unfinished)
- Always Tell Your Wife (1923, short)
- The Pleasure Garden (1925)
- The Mountain Eagle (1926, lost)
- The Lodger: A Story of the London Fog (1927)
- The Ring (1927)
- Downhill (1927)
- The Farmer's Wife (1928)
- Easy Virtue (1928)
- Champagne (1928)
- The Manxman (1929)
সবাক ছবি
- Blackmail (1929)
- Juno and the Paycock (1930)
- Murder! (1930)
- Elstree Calling (1930)
- The Skin Game (1931)
- Mary (1931)
- Rich and Strange (1931)
- Number Seventeen (1932)
- Waltzes from Vienna (1934)
- The Man Who Knew Too Much (1934)
- The 39 Steps (1935)
- Secret Agent (1936)
- Sabotage (1936)
- ''' (1937)
- ''' (1938)
- Jamaica Inn (1939)
- Rebecca (1940)
- Foreign Correspondent (1940)
- Mr. & Mrs. Smith (1941)
- Suspicion (1941)
- Saboteur (1942)
- Shadow of a Doubt (1943)
- Lifeboat (1944)
- Aventure Malgache (1944, short)
- Bon Voyage (1944, short)
- Spellbound (1945)
- Notorious (1946)
- The Paradine Case (1947)
- Rope (1948)
- Under Capricorn (1949)
- Stage Fright (1950)
- Strangers on a Train (1951)
- I Confess (1953)
- Dial M for Murder (1954)
- Rear Window (1954)
- To Catch a Thief (1955)
- The Trouble with Harry (1955)
- The Man Who Knew Too Much (1956)
- The Wrong Man (1956)
- Vertigo (1958)
- North by Northwest (1959)
- Psycho (1960)
- The Birds (1963)
- Marnie (1964)
- Torn Curtain (1966)
- Topaz (1969)
- Frenzy (1972)
- Family Plot (1976)
তথ্যসূত্ৰ
- ↑ Mogg, Ken. Alfred Hitchcock. Senses of Cinema. Sensesofcinema.com
- ↑ Life (magazine), 19 June 1939, p. 66: Alfred Hitchcock: England's Best Director starts work in Hollywood. Retrieved 26 May, 2013
- ↑ alfred hitchcock englands best director starts work in hollywood
- ↑ Alfred Hitchcock’s America By David Lehman
- ↑ NOTORIOUS! (Hitchcock and his icy blondes)
- ↑ Alfred Hitchcock - Director
- ↑ Death and the Master
- ↑ The Dark Side of Genius: The Life of Alfred Hitchcock by Patrick McGilligan
- ↑ Hitchcock had Link to Santa Cruz by Ross Eric Gibson
- ↑ Donald Spoto. The Art of Alfred Hitchcock. New York: Anchor Books, 1976–1992. p. 3
- ↑ Truffaut 1983, পৃ. 44
- ↑ Alfred Hitchcock Collectors' Guide: The Lodger: A Story of the London Fog (1926). Brenton Film
- ↑ Truffaut 1983, পৃ. 49
- ↑ Awards
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলফ্ৰেড হিচকক” প্ৰবন্ধৰ সংশোধন ৩৮৩৬৩৯ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।