অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এণ্ড্ৰিয়া এম. ঘেজ

এণ্ড্ৰিয়া মিয়া ঘেজ (Andrea Mia Ghez; জন্ম: ১৬ জুন ১৯৬৫) এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আৰু বৰ্তমান লছ এঞ্জেলেছত অৱস্থিত কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁক আমাৰ তাৰকাৰাজ্য হাতীপটিৰ কেন্দ্ৰৰ বিষয়ে কৰা অধ্যয়নৰ বাবে জনাজাত।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৭৯ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

এণ্ড্ৰিয়া মিয়া ঘেজ (Andrea Mia Ghez; জন্ম: ১৬ জুন ১৯৬৫) এগৰাকী আমেৰিকান জ্যোতিৰ্বিজ্ঞানী আৰু বৰ্তমান লছ এঞ্জেলেছত অৱস্থিত কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ অধ্যাপক।১ তেওঁক আমাৰ তাৰকাৰাজ্য হাতীপটিৰ কেন্দ্ৰৰ বিষয়ে কৰা অধ্যয়নৰ বাবে জনাজাত। ২০০৪ চনত 'ডিস্ক'ভাৰ' আলোচনীখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংশ্লিষ্ট ক্ষেত্ৰত উচ্চ মাত্ৰা বুজাবুজি দেখুৱা শীৰ্ষ ২০ গৰাকী বিজ্ঞানী হিচাপে তেওঁক তালিকাভুক্ত কৰিছিল।১ ২০২০ চনত তেওঁ ৰেইনহাৰ্ড গেনজেলৰ সৈতে যুটীয়াভাবে "আমাৰ তাৰকাৰাজ্যৰ কেন্দ্ৰত এটা অতিভৰযুক্ত সংকোচন বস্তু আৱিষ্কাৰৰ বাবে" পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটাৰ আধা অংশ লাভ কৰে।২ নোবেল বঁটাৰ বাকী আধা অংশ ৰ'জাৰ পেনৰ'জে "কৃষ্ণগহ্বৰ গঠন আপেক্ষিকতাবাদ তত্ত্বৰ সাধাৰণ তত্ত্বৰ এক শক্তিশালী পূৰ্বানুমান" আৱিষ্কাৰৰ বাবে লাভ কৰে। পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা এন্দ্ৰিয়া এম. ঘেজ চতুৰ্থ গৰাকী মহিলা।৩

প্ৰাৰম্ভিক জীৱন

১৯৬৫ চনৰ ১৬ জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক মহানগৰত এন্দ্ৰিয়া মিয়া ঘেজৰ জন্ম হৈছিল। তেওঁৰ পিতৃ গিলবাৰ্ট ঘেজ আৰু মাতৃ চুজেন (গায়টন)।৪৫ তেওঁৰ পিতৃৰ জন্ম ইটালীৰ ৰোমৰ ইহুদী পৰিয়ালত হৈছিল। তেওঁলোক মূলতঃ টুনিছিয়া আৰু জাৰ্মানীৰ ফ্ৰেংকফুৰ্টৰ পৰা আছিল।৬৭তেওঁৰ মাতৃ মেছাচুচেটছৰ উত্তৰ এটলেবৰাফ আইৰিছ কেথোলিক পৰিয়ালৰ আছিল।৮

ঘেজে চিকাগোত শৈশৱকাল কটাইছিল আৰু চিকাগো লেব স্কুল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল।৯ এপ'ল' প্ৰগ্ৰামৰ চন্দ্ৰ অভিযানে ঘেজক প্ৰথমতে মহাকাশচাৰী হ'বলৈ অনুপ্ৰাণিত কৰিছিল আৰু তেওঁৰ মাতৃয়ে তেওঁৰ লক্ষ্যৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল।১০ তেওঁৰ জীৱনৰ আটাইতকৈ প্ৰভাৱশালী মহিলা ৰল মডেল আছিল তেওঁৰ উচ্চ বিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ শিক্ষয়িত্ৰী।১১ তেওঁ গণিতক মুখ্য বিষয় হিচাপে লৈ মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও পিছলৈ পদাৰ্থ বিজ্ঞানলৈ সলনি কৰি লৈছিল।১২ তেওঁ ১৯৮৭ চনত মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা পদাৰ্থ বিজ্ঞানৰ বিএছ আৰু ১৯৯২ চনত গেৰি নিউগেবাউৰৰ তত্ত্বাৱধানত কেলিফোৰ্নিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰিছিল।১৩

কৰ্মজীৱন

তেওঁ বৰ্তমান উচ্চ মহাজাগতিক স্পষ্টতাযুক্ত প্ৰতিচ্ছবিকৰণ পদ্ধতিৰ ওপৰত গৱেষণাৰত। তেনে এক পদ্ধতি অভিযোজিত আলোকবিজ্ঞান তন্ত্ৰ অৱলম্বন কৰি কেক দুৰবীক্ষণ যন্ত্ৰ নিৰ্মাণ কৰা হৈছে।১৪ এই দুৰবীক্ষণ যন্ত্ৰৰে আমাৰ তাৰকাৰাজ্য হাতীপটিৰ কেন্দ্ৰত চাগিটেৰিয়াছ এ* নামৰ অতিভৰযুক্ত কৃষ্ণগহ্বৰৰ অধ্যয়নত ব্যৱহৃত হৈছিল।১৫ তেওঁ এই অঞ্চলৰ অনুসন্ধানৰ বাবে হাতীপটিৰ কেন্দ্ৰৰ ওচৰৰ তৰাসমূহৰ গতিবিজ্ঞান প্ৰণালী ব্যৱহাৰ কৰিছিল।১৬ কেক দুৰবীক্ষণ যন্ত্ৰ উচ্চ স্পষ্টতাৰ বাবে১৭ ৰেইনহাৰ্ড গেনজেলৰ গোটৰ দ্বাৰা গেলেক্টিকে কেন্দ্ৰৰ গতিবিজ্ঞান অধ্যয়নত এক গুৰুত্বপূৰ্ণ উন্নতি প্ৰদান কৰিছিল।১৮

২০০৪ চনত ঘেজ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীলৈ সভ্য১৯আৰু ২০১৯ চনত তেওঁ আমেৰিকান ভৌতিক সমাজৰ সভ্য হিচাপে নিৰ্বাচিত হয়।২০

তেওঁক কেইবাটাও উল্লেখযোগ্য মিডিয়া প্ৰেজেণ্টেচনৰ লগত জড়িত। বিবিচি, ডিস্ক'ভাৰী চেনেল আৰু হিষ্ট্ৰি টিভিয়ে প্ৰযোজনা কৰা তথ্যচিত্ৰ এণ্ড্ৰিয়া ঘেজে উপস্থাপন কৰিছে। ২০০৯ চনৰ পিবিএছ টেলিভিছন ধাৰাবাহিক 'নভা'ত তেওঁক দেখা গৈছিল।২১ তেওঁ 'মাই হিৰ'প্ৰজেক্ট'ৰ দ্বাৰা বিজ্ঞান হিৰ' হিচাপে চিনাক্ত কৰা হৈছিল।১০ ২০০৪ চনত 'ডিস্ক'ভাৰ' আলোচনীখনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংশ্লিষ্ট ক্ষেত্ৰত উচ্চ মাত্ৰা বুজাবুজি দেখুৱা শীৰ্ষ ২০ গৰাকী বিজ্ঞানী হিচাপে তেওঁক তালিকাভুক্ত কৰিছিল।১

গেলেক্টিক কেন্দ্ৰৰ কৃষ্ণগহ্বৰ

অৱলোহিত তৰংগদৈৰ্ঘ্যৰ প্ৰতিচ্ছবিকৰণ প্ৰক্ৰিয়াৰে ঘেজ আৰু তেওঁৰ সহকৰ্মীসকলে প্ৰবল ধূলিৰ মাজেৰে মহাজাগতিক গেলেক্টিক কেন্দ্ৰৰ দৃশ্যায়ন সক্ষম হৈছে। হাতীপটিৰ কেন্দ্ৰত থকা ধূলিৰ ডাৱৰে দৃশ্যমান পোহৰ অবৰুদ্ধ কৰা সত্ত্বেও তেওঁলোকে কেন্দ্ৰৰ আলোকচিত্ৰ লবলৈ সক্ষম হৈছিল। ১০ মিটাৰ ব্যাসাৰ্ধযুক্ত কেক দুৰবীক্ষণ যন্ত্ৰৰ অভিযোজিত আলোকবিজ্ঞান ব্যৱহাৰৰ সহায়ত বায়ুমণ্ডলীয় অস্পষ্টতা ন্যূনতম কৰি গেলেক্টিক কেন্দ্ৰসমূহৰ উচ্চ মহাজাগতিক স্পষ্টতাৰে প্ৰতিচ্ছবিকৰণৰ ফলত কৃষ্ণগহ্বৰৰ চাৰিওফালে তাৰকাসকলৰ কক্ষপথ অনুসৰণ কৰা সম্ভৱ হৈ উঠিছে। হাতীপটিৰ কেন্দ্ৰত অৱস্থিত এই বিশালকায় কৃষ্ণগহ্বৰটোক চাগিটেৰিয়াছ এ* বোলে। এই কেন্দ্ৰৰ প্ৰদক্ষিণ কৰা কেইবাটাও তৰাৰ আংশিক কক্ষপথ নিৰীক্ষণ কৰা হৈছে। ১৯৯৫ চনৰ পৰা নিৰীক্ষণ কৰা এটা তৰা এছ২য়ে বৰ্তমানলৈকে নিজৰ উপবৃত্তাকাৰ কক্ষপথ সম্পূৰ্ণ কৰিছে। এই গোটেই নক্ষত্ৰ সমূহৰ কক্ষপথৰ তথ্য সংগ্ৰহ কৰিবলৈ কেইবাদশকৰ প্ৰয়োজন হব আৰু এই তথ্য সমূহে আপেক্ষিকতাবাদৰ সাধাৰণ সূত্ৰক পৰীক্ষণত সহায়ক হব। ২০১২ চনৰ অক্টোবৰ মাহত আন এটি তৰা এছ০-১০২য়ে গেলেক্টিক কেন্দ্ৰত উপনীত হোৱা চিনাক্ত কৰা হৈছে।২২ কেপলাৰৰ তৃতীয় সূত্ৰ অৱলম্বন কৰে ঘেজ আৰু তেওঁৰ দলে চাগিটেৰিয়াছ এ*ৰ ভৰ ৪.১±০.৬ মিলিয়ন সৌৰ ভৰ হিচাপে নিৰ্ণয় কৰিছে।২৩ এই গেলেক্টিক কেন্দ্ৰ এণ্ড্ৰমিডা তাৰকাৰাজ্যৰ কেন্দ্ৰত অৱস্থিত এম৩১ কৃষ্ণগহ্বৰৰ তুলনামূলকভাৱে ওচৰত অৱস্থিত।২৪ ই এতিয়া অতিবিশাল কৃষ্ণগহ্বৰৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ঘটনাবোৰৰ এটা।২৫২৬

ব্যক্তিগত জীৱন

ঘেজ টম লাটুৰেটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁ এগৰাকী ভূবিজ্ঞানী আৰু আৰএএণ্ডডি নিগমৰ গৱেষণা বিজ্ঞানী। তেওঁলোকৰ দুগৰাকী সন্তান আছে।২৭ ঘেজ মাষ্টাৰ চুইম ক্লাৱৰ এগৰাকী সক্ৰিয় সাঁতোৰবিদ।২৮

বঁটা আৰু সন্মান

  • জ্যোতিৰ্বিজ্ঞানৰ এনি জে. কেনন বঁটা (১৯৯৪)২৯
  • পেকাৰ্ড ফেল'শ্বিপ বঁটা (১৯৯৬)৩০
  • আমেৰিকান জ্যোতিৰ্বিজ্ঞান সমাজৰ নিউটন লেচি পিয়াৰ্চ বঁটা (১৯৯৮)২৯
  • আমেৰিকান ভৌতিক সমাজৰ মাৰীয়া জিঅ'পাৰ্ট মায়েৰ বঁটা (১৯৯৯)৩১
  • চেকলাৰ বঁটা (২০০৪)৩২
  • শৈক্ষিক উৎকৰ্ষৰ বাবে গোল্ড শ্বিল্ড ফেকাল্টি পুৰস্কাৰ (২০০৪)৩৩
  • মাৰ্ক আৰনচন মেমৰীয়েল লেক্সাৰশ্বিপ (২০০৭)
  • মেকআৰ্থাৰ ফেল'শ্বিপ (২০০৮)৩৪
  • জ্যোতিৰ্বিজ্ঞানৰ ক্ৰাফুৰ্ড বঁটা (২০১২)৩৫
  • ৰয়েল চুইডিছ একাডেমী অফ চায়েন্স (২০১২)৩৬
  • ৰয়েল ছ'চাইটি বেকাৰীয়ান পদক (২০১৫)৩৭
  • অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় বিজ্ঞানৰ ডক্টৰেট (২০১৯)৩৮
  • আমেৰিকান ভৌতিক সমাজৰ নিৰ্বাচিত সভ্য (২০১৯)২০
  • আমেৰিকান জ্যোতিৰ্বিজ্ঞান সমাজৰ নিৰ্বাচিত সভ্য (২০২০)৩৯
  • পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা (২০২০)২

তথ্যসূত্ৰ

  1. ↑ 20 Young Scientists to Watch. Discover Magazine
  2. ↑ Press release: The Nobel Prize in Physics 2020. Nobel Foundation
  3. ↑ Facts on the Nobel Prize in Physics. Nobel Foundation
  4. ↑ Yasuda, Anita. (August 17, 2015). Astronomy: Cool Women in Space. Nomad Press. ISBN 9781619303270
  5. ↑ (October 6, 2004). Who's who in the West. Marquis-Who's Who. ISBN 9780837909356
  6. ↑ Gilbert Ghez (1938 - 2015) - Obituary. www.legacy.com
  7. ↑ আৰ্কাইভ কপি
  8. ↑ Oral history interview with Susanne Ghez, 2011 Jan. 25-26. www.aaa.si.edu
  9. ↑ (2013-05-16). Alumni Award Winners Announced. University of Chicago
  10. ↑ Jennifer Lauren Lee. Science Hero:Andrea Mia Ghez. The My Hero Project
  11. ↑ Susan Lewis. (2006-10-31). Galactic Explorer Andrea Ghez. NOVA
  12. ↑ Linda Copman. Zeroing in on Black Holes. W. M. Keck Observatory
  13. ↑ Changing Faces of Astronomy. Science (journal)
  14. ↑ Supermassive Black Holes. BBC
  15. ↑ Milky Way Monster Stars in Cosmic Reality Show. Harvard-Smithsonian Center for Astrophysics
  16. ↑ CELT Science Working Group Meeting. celt.ucolick.org
  17. ↑ @sciencemusicart.com, Liz Jensen. UCLA Galactic Center Group. www.astro.ucla.edu
  18. ↑ Eckart, A.; Genzel, R. (1996). Observations of stellar proper motions near the Galactic Centre. Nature. পৃ. 415–417
  19. ↑ Andrea Ghez Elected to National Academy of Sciences. NASA
  20. ↑ APS Fellow Archive
  21. ↑ Andrea M. Ghez. UCLA
  22. ↑ Wolpert, Stuart. UCLA astronomers discover star racing around black hole at center of our galaxy. UCLA Newsroom
  23. ↑ Ghez, A. M.; Salim, S.; Weinberg, N. N. (December 20, 2008). Measuring Distance and Properties of the Milky Way's Central Supermassive Black Hole with Stellar Orbits. The Astrophysical Journal. পৃ. 1044–1062
  24. ↑ Eckart, Andreas; Schödel, Rainer; Meyer, Leonhard. (September 2006). The Galactic Centre: The Flare Activity of SgrA* and High-Resolution Explorations of Dusty Stars. The Messenger. European Southern Observatory. পৃ. 2–5
  25. ↑ The Supermassive Black Hole at the Galactic Center. www.astro.ucla.edu
  26. ↑ Boen, Brooke. (2015-05-20). Supermassive Black Hole Sagittarius A*. NASA
  27. ↑ Stuart Wolpert. (September 23, 2008). UCLA astronomer Andrea Ghez named MacArthur Fellow. UCLA
  28. ↑ Poster Project, Biographies. www.math.sunysb.edu
  29. ↑ Annie J. Cannon Award in Astronomy. American Astronomical Society
  30. ↑ Packard Fellows – Sorted by Award Year: 1996. University of Virginia
  31. ↑ Maria Goeppert Mayer Award. www.aps.org
  32. ↑ Honors and Awards received by IGPP/UCLA Faculty and Research Staff. UCLA
  33. ↑ Astronomer Andrea Ghez awarded Gold Shield prize. University of California, Santa Cruz
  34. ↑ UCLA astronomer Andrea Ghez named a 2008 MacArthur Fellow. UCLA
  35. ↑ The Crafoord Prize in Mathematics 2012 and The Crafoord Prize in Astronomy 2012. Crafoord Prize
  36. ↑ Newsroom
  37. ↑ Andrea Ghez to receive Royal Society's Bakerian Medal
  38. ↑ Honorary degree recipients for 2019 announced. The University of Oxford
  39. ↑ AAS Fellows. AAS

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিপদাৰ্থ বিজ্ঞানীশিক্ষাবিদমহিলা পদাৰ্থ বিজ্ঞানীপদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এণ্ড্ৰিয়া এম. ঘেজ” প্ৰবন্ধৰ সংশোধন ৬২৪৯১৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।