উইলিয়াম বিল জি. কেলিন জুনিয়ৰ (জন্ম: ২৩ নৱেম্বৰ ১৯৫৭) হাৰ্ভাড বিশ্ববিদ্যালয় আৰু ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউটত মেডিচিন বিভাগৰ অধ্যাপক। তেওঁৰ পৰীক্ষাগাৰত টিউমাৰ ছাপ্ৰেছৰ প্ৰটিনৰ ওপৰত গৱেষণা কৰিছিল। তেওঁ ২০১৬ চনত চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা লাভ কৰিছিল।১২তেওঁ পিটাৰ জন ৰেটক্লিফ আৰু গ্ৰেগ লিয়নাৰ্ড চেমেনজাৰ সৈতে "অক্সিজেনৰ উপলব্ধতাৰ ওপৰত কোষ সমূহে কেনেকৈ সংবেদন লাভ কৰে আৰু নিজকে সেই পৰিৱেশৰ উপযোগী কৰি লয় আৱিষ্কাৰ"ৰ বাবে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।৩৪
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫৭ চনৰ ২৩ নৱেম্বৰ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক মহানগৰত উইলিয়াম কেলিন জুনিয়ৰৰ জন্ম হৈছিল। তেওঁ ডিউক বিশ্ববিদ্যালয়ৰ পৰা গণিত আৰু ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ তাৰপৰা ১৯৮২ চনত এম.ডি. ডিগ্ৰী লাভ কৰে আৰু জনছ হপকিন্স বিশ্ববিদ্যালয়ত অভ্যন্তৰীণ চিকিৎসা পদ্ধতিত চিকিৎসক হিচাপে সেৱা আগবঢ়ায়। তেওঁ ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউটত কৰ্কট ৰোগৰ ফেল'শ্বিপ লাভ কৰে। তাৰপিছত তেওঁ ডেভিড লিভিংষ্টনৰ পৰীক্ষাগাৰত ৰেটিন'ব্লাষ্টমা ওপৰত হয় গৱেষণা কৰিছিল। ১৯৯২ চনত তেওঁ নিজৰ পৰীক্ষাগাৰ স্থাপন কৰে আৰু আনুবংশীক কৰ্কট যোগ যেনে ভন হিপ্পেল লিণ্ডাউৰ ওপৰত গৱেষণা কৰিছিল। ২০০২ চনত তেওঁ হাৰ্ভাড মেডিকেল স্কুলত অধ্যাপক হিচাপে যোগদান কৰে।৫
কৰ্মজীৱন
তেওঁ ২০০৮ চনত ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউটত মৌলিক বিজ্ঞানৰ সহকাৰী নিৰ্দেশক হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ ইয়াত কৰ্কট ৰোগৰ টিউমাৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰা জিনৰ উৎপৰিবৰ্তনৰ ওপৰত গৱেষণা কৰিছিল। তেওঁৰ গৱেষণাৰ মুখ্য বিষয় আছিল ৰেটিন'ব্লাষ্টমা, ভন হিপ্পেল লিণ্ডাউ আৰু পি৫৩ টিউমাৰৰ বৃদ্ধি নিয়ন্ত্ৰণ জিন।
তেওঁক গৱেষণাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠান, আমেৰিকান কৰ্কট ৰোগ সমাজ, ডৰিচ ডিউক চেৰিটেবেল ফাউণ্ডেচন আৰু অন্যান্যয়ে পুঁজি আগবঢ়াইছিল।৬
তেওঁ এলি লিলীৰ বৰ্ড অফ ডাইৰেক্টৰ৫ আৰু "ষ্টেণ্ড আপ কেন্সাৰ"ৰ বৈজ্ঞানিক উপদেষ্টা কমিটিৰ সদস্য আছিল।৭
ব্যক্তিগত জীৱম
তেওঁ স্তনৰ কৰ্কট ৰোগৰ শল্য চিকিৎসক কেৰোলিন কেলিনৰ লগত ১৯৮৮ চনত বিবাহপাশত আবদ্ধ হৈছিল। ২০১৫ চনত তেখেতৰ কৰ্কট ৰোগত মৃত্যু হয়। তেওঁলোকৰ দুগৰাকী সন্তান আছে।৮
তথ্যসূত্ৰ
- ↑ (26 May 2016). Dr. William G. Kaelin, Jr., to Receive 2016 Science of Oncology Award. asco.org
- ↑ About William Kaelin. harvard.edu
- ↑ The Nobel Prize in Physiology or Medicine 2019. NobelPrize.org
- ↑ Kolata, Gina; Specia, Megan. (7 October 2019). Nobel Prize in Medicine Awarded for Research on How Cells Manage Oxygen - The prize was awarded to William G. Kaelin Jr., Peter J. Ratcliffe and Gregg L. Semenza for discoveries about how cells sense and adapt to oxygen availability.. The New York Times
- ↑ William G. Kaelin, Jr., M.D.. lilly.com
- ↑ Home page kaelin lab. harvard.edu
- ↑ William G. Kaelin Jr., MD. aacr.org
- ↑ Grady, Denise. (9 August 2015). Carolyn Kaelin, Breast Cancer Surgeon, Patient Advocate and Patient, Dies at 54
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উইলিয়াম কেলিন জুনিয়ৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৫৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।