বেঞ্জামিন ফ্ৰেংকলিন (১৭০৬–১৭৯০) আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠাপকসকলৰ এজন। তেওঁ এজন লেখক, প্ৰকাশক, ৰাজনৈতিক দাৰ্শনিক, ৰাজনীতিবিদৰ লগতে বিজ্ঞানী আৰু উদ্ভাৱকো আছিল। এজন বিজ্ঞানী হিচাপে তেওঁক বিদ্যুৎ সম্পৰ্কীয় আৱিষ্কাৰ আৰু তত্ত্বৰ বাবে জনা যায়। এজন উদ্ভাৱক হিচাপে তেওঁ অন্যান্য উদ্ভাৱনাৰ লগতে লাইটনিং ৰড, বাইফোকেল আৰু ফ্ৰেংকলিন ষ্টোভৰ উদ্ভাৱন কৰিছিল।১ তেওঁ বহুতো নাগৰিক সংগঠন প্ৰতিষ্ঠা কৰিছিল, যাৰ ভিতৰত আছে লাইব্ৰেৰী কোম্পানী, ফিলাডেলফিয়াৰ প্ৰথম অগ্নি নিৰ্বাপক বিভাগ২ আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়।৩
তথ্যসূত্ৰ
- ↑ Inventor. The Franklin Institute
- ↑ Burt, Nathaniel. (1999). The Perennial Philadelphians: The Anatomy of an American Aristocracy. University of Pennsylvania Press. পৃ. 142. ISBN 978-0-8122-1693-6
- ↑ Isaacson, Walter. (2003). Benjamin Franklin: An American Life. Simon & Schuster
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেঞ্জামিন ফ্ৰেংকলিন” প্ৰবন্ধৰ সংশোধন ৬৩২২৬৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।