অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টনি মৰিছন

টনি মৰিছন (Toni Morrison; জন্ম নাম: ক্লই আৰ্ডেলিয়া ৱ'ফোৰ্ড; ১৮ ফেব্ৰুৱাৰী ১৯৩১ – ৫ আগষ্ট ২০১৯) এগৰাকী আমেৰিকান ঔপন্যাসিক, সাহিত্যিক, সম্পাদক, শিক্ষক আৰু অধ্যাপক। তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক আছিল। ১৯৭০ চনত তেওঁৰ প্ৰথম উপন্যাস "দা ব্লুৱেষ্ট আই" প্ৰকাশিত হৈছিল।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৬ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

টনি মৰিছন (Toni Morrison; জন্ম নাম: ক্লই আৰ্ডেলিয়া ৱ'ফোৰ্ড;১ ১৮ ফেব্ৰুৱাৰী ১৯৩১ – ৫ আগষ্ট ২০১৯) এগৰাকী আমেৰিকান ঔপন্যাসিক, সাহিত্যিক, সম্পাদক, শিক্ষক আৰু অধ্যাপক। তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক আছিল। ১৯৭০ চনত তেওঁৰ প্ৰথম উপন্যাস "দা ব্লুৱেষ্ট আই" প্ৰকাশিত হৈছিল। তাৰপিছত ১৯৭৭ চনত প্ৰকাশিত হোৱা উপন্যাস "চং অফ চ'ল'মন"ৰ বাবে তেওঁ নেচনেল বুক ক্ৰিটিক্স চাৰকেল বঁটা লাভ কৰিছিল। ১৯৮৮ চনত "বিলাভড" উপন্যাসৰ বাবে তেওঁ আমেৰিকান বুক এৱাৰ্ড আৰু কল্পসাহিত্যৰ পুলিৎজাৰ বঁটা লাভ কৰিছিল।

১৯৩১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে অহাইঅ'ৰ লৰেইনত জন্ম গ্ৰহণ কৰা টনি মৰিছনে ১৯৫৩ চনত হোৱাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। পিছলৈ তেওঁ কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ হোৱাৰ্ড বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপনা কৰি থাকোঁতে হাৰল্ড মৰিছনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। দুটা সন্তান জন্ম হোৱাৰ পিছত ১৯৬৪ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ১৯৬০ৰ দশকৰ শেষৰ ফালে তেওঁ "ৰেণ্ডম হাউচ"ৰ প্ৰথম কৃষ্ণাংগ সম্পাদক হিচাপে নিযুক্তি লাভ কৰিছিল। মৰিছনে ১৯৭০ আৰু ১৯৮০ৰ দশকত তেওঁ নিজৰ সুকীয়া লিখনশৈলীৰে এগৰাকী প্ৰতিষ্ঠিত লেখিকা হিচাপে পৰিগণিত হৈছিল। তেওঁৰ বিখ্যাত উপন্যাস "বিলাভড"ৰ আধাৰিত ১৯৯৮ চনত অপ‌্‌ৰাহ ৱিনফ্ৰেয়ে একে নামেৰে চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।

১৯৯৩ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।২ ১৯৯৬ চনত নেচনেল এণ্ডৱমেণ্ট ফৰ দা হিউমেনিটিছে তেওঁক আমেৰিকাৰ সৰ্বোচ্চ মানৱীকি উপলব্ধি জেফাৰছন বক্তৃতাৰ বাবে বাছনি কৰে। একে বছৰে তেওঁ নেচনেল বুক ফাউণ্ডেচনৰ আমেৰিকান সাহিত্যলৈ অসাধাৰণ অৱদান পদক লাভ কৰিছিল। তেওঁ নতুন অপেৰাৰ বাবে লিব্ৰেটো লিখিছিল আৰু ২০০৫ চনত ইয়াক প্ৰথমবাৰৰ বাবে পৰিবেশন কৰা হৈছিল। ২০১২ চনৰ ২৯ মে' তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক অ'বামায়ে তেওঁক আমেৰিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান "প্ৰেচিডেন্সিয়েল মেডেল অফ ফ্ৰীডম" প্ৰদান কৰিছিল। ২০১৬ চনত তেওঁ আমেৰিকান কল্পসাহিত্যৰ পেন/চাউল বেল' বঁটা লাভ কৰিছিল।

২০১৯ চনৰ ৫ আগষ্ট তাৰিখে নিউয়ৰ্ক মহানগৰৰ মন্তেফিয়ৰে মেডিকেল চেণ্টাৰত নিউম'নিয়া ৰোগত আক্ৰান্ত হৈ ৮৮ বছৰ বয়সত টনি মৰিছনৰ মৃত্যু হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Duvall, John N. (2000). The Identifying Fictions of Toni Morrison: Modernist Authenticity and Postmodern Blackness. Palgrave Macmillan. পৃ. 38. ISBN 978-0-312-23402-7
  2. ↑ Fox, Margalit. (6 August 2019). Toni Morrison, Towering Novelist of the Black Experience, Dies at 88. The New York Times

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান লেখকপুলিৎজাৰ বঁটা বিজয়ীসাহিত্যৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টনি মৰিছন” প্ৰবন্ধৰ সংশোধন ৫৮২৬১৪ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।