অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টেইলৰ ছুইফ্ট

টেইলৰ এলিছন ছুইফ্ট (Taylor Alison Swift, জন্ম: ১৩ ডিচেম্বৰ, ১৯৮৯) হৈছে এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ। কাউণ্ট্ৰী সংগীতত শিক্ষা গ্ৰহণ কৰি তেওঁ "বিগ মেচিন ৰেকৰ্ডছ" ৰ লগত চুক্তিবদ্ধ হয় আৰু চ'নি/এটিভি মিউজিক পাব্লিছিং হাউচএ নিযুক্ত কৰা সৰ্বকনিষ্ঠ গীতিকাৰ হয়।

হালনাগাদ: ৮ অক্টোবৰ ২০২০ ৪৫৮ শব্দ · ৩ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

টেইলৰ এলিছন ছুইফ্ট (Taylor Alison Swift, জন্ম: ১৩ ডিচেম্বৰ, ১৯৮৯) হৈছে এগৰাকী আমেৰিকান গায়িকা, গীতিকাৰ। কাউণ্ট্ৰী সংগীতত শিক্ষা গ্ৰহণ কৰি তেওঁ "বিগ মেচিন ৰেকৰ্ডছ" ৰ লগত চুক্তিবদ্ধ হয় আৰু চ'নি/এটিভি মিউজিক পাব্লিছিং হাউচএ নিযুক্ত কৰা সৰ্বকনিষ্ঠ গীতিকাৰ হয়। ২০০৬ চনত তেওঁৰ প্ৰথম এলবাম 'টেইলৰ ছুইফ্ট' মুকলি হয় যিয়ে তেওঁক কাউণ্ট্ৰী সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠিত কৰে। ইয়াৰে "আৱাৰ চং" শীৰ্ষক তৃতীয় একক গীতটোৰ দ্বাৰা তেওঁ কাউণ্ট্ৰী চাৰ্টৰ শীৰ্ষস্থান পোৱা সৰ্বকনিষ্ঠ কাউণ্ট্ৰী শিল্পী হয়। ২০০৮ চনৰ গ্ৰেমী বঁটা প্ৰদানত তেওঁ শ্ৰেষ্ঠ নবীন শিল্পীৰ মনোনয়ন লাভ কৰে।

২০০৮ ৰ শেষৰ ফালে তেওঁৰ দ্বিতীয় এলবাম 'ফিয়েৰলেছ' (Fearless) মুকলি হয়। 'লাভ ষ্ট'ৰী' (Love Story), 'য়ু বিলং ৱিথ মি' আদি গান সম্বলিত ফিয়াৰলেছ ২০০৯ চন সৰ্বাধিক বিক্ৰী হো ৱা এলবাম হিচাপে পৰিগণিত হয় আৰু ই চাৰিটাকৈ গ্ৰেমী বঁটা পায়। তদুপৰি ফিয়াৰলেছে American Music Awards, একাডেমী অফ কাউণ্ট্ৰী মিউজিক এৱাৰ্ডছ আৰু কাউণ্ট্ৰী মিউজিক এছ'ছিয়েচন এৱাৰ্ডছত Album of the Year plaudits আদিও লাভ কৰে। ২০১০ চনত ছুইফ্টৰ তৃতীয় এলবাম 'স্পীক নাউ' বজাৰত ওলাই যাৰ প্ৰথম সপ্তাহতে এক মিলিয়নতকৈও অধিক কপি বিক্ৰী হয়। ইয়াৰে 'মীন' গানটোবে শ্ৰেষ্ঠ কাউণ্ট্ৰী গান আৰু শ্ৰেষ্ঠ কাউণ্ট্ৰী একক প্ৰদৰ্শন শিতানত দুটাকৈ গ্ৰেমী পায়। তেওঁৰ চতুৰ্থ এলবাম 'ৰেড'-এ ২২ অক্টোবৰ, ২০১২ মুক্তি লাভ কৰিব।

আমেৰিকাৰ অতি জনপ্ৰিয় তাৰকা টেইলৰ ছুইফ্ট তেওঁৰ কৈশোৰ তথা বয়স্ক জীৱনৰ অভিজ্ঞতাৰ সুৰ ফুটি উঠা সংগীতশৈলীৰ বাবে জনাজাত। এগৰাকী গীতিকাৰ হিচাপে তেওঁ "নাছভিল চংগ ৰাইটাৰছ এছ'ছিয়েছন" আৰু "চংগ ৰাইটাৰছ হল অফ ফেম" ৰ দ্বাৰাও সন্মানিত হৈছে। .ইয়াৰ উপৰিও ছুইফ্টে ছয়টাকৈ গ্ৰেমী বঁটা, দহটাকৈ 'আমেৰিকান মিউজিক এৱাৰ্ড',সাতটাকৈ কাউণ্ট্ৰী মিউজিক এছোচিয়েচন এৱাৰ্ড, ছটাকৈ একাডেমী অৱ কাউণ্ট্ৰী মিউজিক এৱাৰ্ড আৰু তেৰটাকৈ বিএমআই বঁটা লাভ কৰিবলৈসক্ষম হৈছে। সমগ্ৰ বিশ্বজুৰি তেওঁৰ প্ৰায় ২২ মিলিয়নতকৈও অধিক এলবাম বিক্ৰী হৈছে আৰু ৫o মিলিয়নতকৈও অধিক গান ডাউনল'ড কৰা হৈছে। নিজৰ সংগীতময় কেৰিয়াৰৰ লগতে ছুইফ্টে ছি.এচ.আই: ক্ৰাইম ছিন ইনভেষ্টিগেচন (২০০৯), ভেলেণ্টাইনচ ডে (২০১০), দ্য লোৰাক্স (২০১২) আদি চলচ্চিত্ৰত অভিনেত্ৰী হিচাপেও ভূমুকি মাৰিছে। এগৰাকী মানৱতাবাদী শিল্পী হিচাপে তেওঁ কলা, শিক্ষা, শিশুশিক্ষা, প্ৰাকৃতিক­ দুৰ্যোগত সহায়কাৰী পুঁজি, ৰুগীয়া শিশু সহায়কাৰী পুঁজি আদি সম্বন্ধীয় বিষয়ত সমৰ্থন জনাই আহিছে।

ব্যক্তিগত জীৱন

ছুইফ্টৰ মুখ্য বাসভৱন হল মিড টাউন, টেনেছি ত থকা এটা দুপ্লেক্স পেণ্টহাউছ। ইয়াৰ উপৰিও বেভাৰলি হিল্ছ, কেলিফ'ৰ্ণিয়াটো তেওঁৰ অন্য এটা ঘৰ আছে। মাক দেউতাকৰ ব্যৱহাৰৰ বাবে ব্ৰেণ্টউড, টেনেছিত তেওঁ অন্য এটা বাসভৱন ক্ৰয় কৰিছে। প্ৰতিবছৰে মে' মাহত ওলোৱা ফ'ৰ্বছ ৰ চেলিব্ৰেটী ১০০ লিষ্ট মতে ছুইফ্টে ২০০৯ চনত ১৮ মিলিয়ন ডলাৰ,২০১০ চনত ৪৫ মিলিয়ন ডলাৰ, ২০১১ চনত ৪৫ মিলিয়ন ডলাৰ আৰু ২০১২ চনত ৫৭ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে।

বঁটা আৰু সন্মান

মূল প্ৰবন্ধ: En:List of awards and nominations received by Taylor Swift

টেইলৰ ছুইফ্টে ছটা গ্ৰেমী বঁটা, দহটা 'আমেৰিকান মিউজিক এৱাৰ্ড', সাতটা কাউণ্ট্ৰী মিউজিক এছোচিয়েচন এৱাৰ্ড, ছটা একাডেমী অৱ কাউণ্ট্ৰী মিউজিক এৱাৰ্ড আৰু তেৰটা বিএমআই বঁটা লাভ কৰিবলৈসক্ষম হৈছে। এগৰাকী গীতিকাৰ হিচাপে 'নাছভিলে চংগ ৰাইটাৰছ এছ'ছিয়েছন" আৰু "চংগ ৰাইটাৰছ হল অফ ফেম" ৰ দ্বাৰাও সন্মানিত হৈছে।

এলবাম

  • 'টেইলৰ ছুইফ্ট' (Taylor Swift) (২০০৬)
  • 'ফিয়েৰলেচ' (Fearless)' (২০০৮)
  • 'স্পীক নাউ' (২০১০)
  • 'ৰেড' (Red) (২০১২)

কনচাৰ্ট ভ্ৰমণ

  • 'ফিয়েৰলেচ ট'ৰ' (২০০৯-১০)
  • 'স্পীক নাউ ৱৰ্ল্ড ট'ৰ' (২০১১-১২)

চলচ্চিত্ৰ

+ দূৰদৰ্শন
বৰ্ষনামচৰিত্ৰতথ্য
২০০৯'ছি.এচ.আই: ক্ৰাইম ছিন ইনভেষ্টিগেচন'হেলী জ'নছখণ্ড: "টাৰ্ণ, টাৰ্ণ, টাৰ্ণ"
২০০৯'চেটাৰডে নাইট লাইভ'হ'ষ্টমিউজিকেল অতিথি হিচাবে
+ চলচ্চিত্ৰ
বৰ্ষনামচৰিত্ৰতথ্য
২০০৯'জ'নাছ ব্ৰাডাৰ্ছ: দা থ্ৰী ডি কনচাৰ্ট এক্সপেৰিয়েঞ্চ'নিজৰ চৰিত্ৰকেমিঅ' চৰিত্ৰ
২০০৯'হান্নাহ মণ্টানা: দা মু'ভি'নিজৰ চৰিত্ৰকেমিঅ' চৰিত্ৰ
২০১০'ভেলেণ্টাইনচ ডে' (Valentine's Day)ফেলিচিয়াচলচ্চিত্ৰত অভিষক
২০১২' দ্য ল'ৰাক্স' (The Lorax)অড্ৰীকণ্ঠস্বৰ

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেইলৰ ছুইফ্ট” প্ৰবন্ধৰ সংশোধন ২৪৮৪৯৩ (৮ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।