অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাৰ্ল চাগান

কাৰ্ল এডৱাৰ্ড চাগান (Carl Sagan; ৯ নৱেম্বৰ, ১৯৩৪ – ২০ ডিচেম্বৰ, ১৯৯৬) এজন প্ৰখ্যাত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী, ব্ৰহ্মাণ্ডতত্ত্ববিদ, জ্যোতিৰ্পদাৰ্থবিদ আৰু সাহিত্যিক। তদুপৰি তেওঁ এগৰাকী বিজ্ঞান প্ৰচাৰক আৰু জ্যোতিৰ্বিজ্ঞানকে ধৰি প্ৰাকৃতিক বিজ্ঞানসমূহৰ সমন্বয়সাধক আছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৫২৮ শব্দ · ৩ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

কাৰ্ল এডৱাৰ্ড চাগান (Carl Sagan; ৯ নৱেম্বৰ, ১৯৩৪ – ২০ ডিচেম্বৰ, ১৯৯৬) এজন প্ৰখ্যাত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী, ব্ৰহ্মাণ্ডতত্ত্ববিদ, জ্যোতিৰ্পদাৰ্থবিদ আৰু সাহিত্যিক। তদুপৰি তেওঁ এগৰাকী বিজ্ঞান প্ৰচাৰক আৰু জ্যোতিৰ্বিজ্ঞানকে ধৰি প্ৰাকৃতিক বিজ্ঞানসমূহৰ সমন্বয়সাধক আছিল। প্ৰধানকৈ বিজ্ঞান জনপ্ৰিয়কৰণ আৰু সমন্বয়ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবেহে তেওঁ অধিক পৰিচিত। তেওঁৰ বৈজ্ঞানিক গৱেষণাৰ ভিতৰত বহিঃৰ্বিশ্বৰ প্ৰাণী সম্পৰ্কে কৰা গৱেষণা, বিকিৰণৰ সহায়ত প্ৰাথমিক ৰাসায়নিক পদাৰ্থৰ পৰা এমিন' এচিড উৎপাদনৰ পৰীক্ষামূলক ব্যাখ্যা ইত্যাদি উল্লেখনীয়। চাগানেই মহাকাশলৈ পোনপ্ৰথমবাৰৰ বাবে প্ৰেৰণ কৰা 'দ্য পায়'নিয়াৰ প্লে'ক' (the Pioneer plaque) আৰু 'দ্য ভয়েজাৰ গল্ডেন ৰেকৰ্ড' (the Voyager Golden Record) নামৰ ভৌতিক বাৰ্তা যুগুতাই উলিয়াইছিল। এনেধৰণৰ বিশ্বজনীন বাৰ্তাবোৰ যদি কেনেবাকৈ বহিঃৰ্গ্ৰহৰ প্ৰাণীৰ হাতত পৰে, সিহঁতেও নিশ্চয় ইয়াৰ অৰ্থ বুজিব পাৰিব। শুক্ৰ গ্ৰহৰ ভূপৃষ্ঠৰ উচ্চ উষ্ণতাৰ মূলতে সেউজ গৃহ প্ৰভাৱ বুলি চাগানেই প্ৰথম যুক্তি দৰ্শাইছিল। এই প্ৰাকল্পিকটো (hypothesis) বৰ্তমান সকলোৱে মানি লৈছে।১

কাৰ্ল চাগানে তেওঁৰ জীৱনকালত ৬০০তকৈও অধিক বৈজ্ঞানিক পত্ৰ আৰু প্ৰবন্ধ প্ৰকাশ কৰিছিল। লগতে তেওঁ ২০ খনতকৈও অধিক গ্ৰন্থৰ ৰচনাৰ লগত জড়িত। ইয়াৰে কেইখনমান কিতাপ তেওঁ নিজাববীয়াকৈ ৰচনা কৰাৰ বিপৰীতে আন কেইখনমান কিতাপৰ যুটীয়া ৰচক অথবা সম্পাদক। তেওঁ 'দ্য ড্ৰেগনছ্ অৱ ইডেন' (The Dragons of Eden), 'ব্ৰকাছ ব্ৰেইন' (Broca's Brain), 'পেল ব্লু ডট' (Pale Blue Dot) আদিৰ দৰে কেবাখনো জনপ্ৰিয় বিজ্ঞান কিতাপৰ স্ৰষ্টা। ১৯৮০ চনৰ দূৰদৰ্শন ধাৰাবাহিক 'কছমছ: এ পাৰ্ছনেল ভয়েজ' (Cosmos: A Personal Voyage) খনৰ তেৱেঁই বিৱৰণী আগবঢ়াইছিল। এই ধাৰাবাহিকখন তেওঁ যুটীয়াভাৱে ৰচনা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজহুৱা দূৰদৰ্শনৰ ইতিহাসত সৰ্বসাধাৰণ লোকে সবাতোকৈ বেছি চোৱা ধাৰাবাহিক 'কছমছ' (Cosmos)-ৰ আঁৰৰ ব্যক্তিজনো কাৰ্ল চাগানেই। সমগ্ৰ বিশ্বৰ প্ৰায় ৬০খন দেশৰ প্ৰায় ৫০ কোটি লোকে এই ধাৰাবাহিকখন উপভোগ কৰিছে।২ পিছত ধাৰাবাহিকখনৰ বিষয়বস্তুক ভিত্তি কৰিয়েই চাগানে তেওঁৰ বিখ্যাত আৰু বহুলপঠিত গ্ৰন্থ 'কছমছ' (Cosmos) প্ৰকাশ কৰে। তেওঁ 'কনটেক্ট' (Contact) নামৰ এখন কল্পবিজ্ঞানমূলক গ্ৰন্থও লিখিছিল। এই গ্ৰন্থখনৰ আলমত ১৯৯৭ চনত একে নামেৰে এখন চলচ্চিত্ৰও নিৰ্মিত হৈছিল।৩৪

চাগানে কৰ্নেল বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান বিভাগৰ অধ্যাপকৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। বিশ্ববিদ্যালয়খনত অৱস্থিত 'গ্ৰহ অধ্যয়নৰ গৱেষণাগাৰ'টো তেৱেঁই পৰিচালনা কৰিছিল। সমগ্ৰ জীৱনকালধৰি তেওঁ বৈজ্ঞানিক পদ্ধতি সম্প্ৰসাৰণৰ সপক্ষে মাত মাতি আহিছিল। পূৰ্বতে উল্লেখ কৰাৰ দৰে তেওঁ বহিৰ্বিশ্বত থাকিবপৰা বুদ্ধিমান প্ৰাণীৰ সন্ধানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিল। ইংৰাজী ভাষাত ইয়াক চমুকৈ 'চেটি' (Search for Extra-Terrestrial Intelligence, SETI) বুলি জনা যায়। বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে তেওঁ NASA Distinguished Public Service Medal, the National Academy of Sciences Public Welfare Medal আদিকে ধৰি অনেক বঁটা-সন্মান লাভ কৰিছে। তেওঁৰ 'দ্য ড্ৰেগনৃছ অৱ ইডেন' (The Dragons of Eden) শীৰ্ষক গ্ৰন্থখনৰ বাবে তেওঁ 'সাধাৰণ অকাহিনী' (General Non-Fiction) শাখাত পুলিৎজাৰ বঁটা লাভ কৰিছিল। তিনিবাৰকৈ বিবাহপাশত আৱদ্ধ হোৱা কাৰ্ল চাগান পাঁচটা সন্তানৰ পিতৃ। ১৯৬২ চনৰ ২০ ডিচেম্বৰত নিউম'নিয়াত আক্ৰান্ত হৈ মাত্ৰ ৬২ বছৰ বয়সতে চাগানৰ মৃত্যু হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Sagan, Carl; Head, Tom. (2006). Conversations with Carl Sagan. Univ. Press of Mississippi. পৃ. 14. ISBN 978-1-57806-736-7 Extract of page 14
  2. ↑ StarChild: Dr. Carl Sagan. StarChild. NASA
  3. ↑ (2013). The Seth MacFarlane Collection of the Carl Sagan and Ann Druyan Archive: A Finding Aid to the Collection in the Library of Congress. Manuscript Division, Library of Congress
  4. ↑ Lowensohn, Josh. (February 4, 2014). Massive Carl Sagan archive posted by Library of Congress. The Verge

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিজ্যোতিৰ্বিজ্ঞানীআমেৰিকান লেখকপুলিৎজাৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্ল চাগান” প্ৰবন্ধৰ সংশোধন ৬৩৬৯২২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।